অসমলৈ মুছলমানৰ প্ৰব্ৰজন আৰু ভাষিক দিশটো

Mirnal Gogoi
13 Min Read

এটা বৃহৎ প্ৰব্ৰজনকাৰী জন সম্প্রদায়ে নিজৰ ভাষা এনেদৰে আৰু ইমান সহজতে কিয় পৰিৱৰ্তন কৰিলে? তেওঁলোককতো ইউৰোপৰ দেশবোৰত এসময়ত কৰাৰ দৰে আইন-কানুনৰ ধাৰা জাপি দি বাধ্য কৰা হোৱা নাছিল? হয়তো এইক্ষেত্ৰত নেতাসকলৰ এটা ভূমিকা আছিল, কিন্তু কিছুমান ৰাজনৈতিক নেতাই ক’লে বুলিয়েই ইমান ডাঙৰ এটা পৰিৱৰ্তন হ’ব সেইটো বিশ্বাস কৰিবলৈ টান। আগতেই উল্লেখ কৰি অহা হৈছে যে যোৱা ১০০ বছৰৰ ওপৰকাল ধৰি পূৰ্ববংগৰ (পূর্ব পাকিস্তান/ বাংলাদেশ) পৰা অসমলৈ বিভিন্ন ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক কাৰণত মুছলমান লোকসকলৰ প্ৰব্ৰজন ঘটিছে। একে ঠাইৰ পৰা দেশ বিভাজনৰ সময়ত আৰু পাছতো হিন্দু ধর্মাৱলম্বী লোকসকলো ইয়ালৈ আহিছে। পূর্ববংগৰ পৰা ব্ৰহ্মহ্মপুত্র উপত্যকালৈ অহা দৰিদ্ৰ মুছলমান লোকসকলে দ্ব্যর্থহীনভাবে আৰু দৰিদ্ৰ হিন্দু তলৰ জাতৰ বুলি বিবেচিত লোকসকলে বহুদূৰলৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্রহণ কৰিছে। এই গ্রহণ শিক্ষাৰ মাধ্যম, ভাব প্রকাশৰ ভাষা, সাহিত্যিক-সাংস্কৃতিক আৰু ব্যৱহাৰিক সকলো দিশৰ পৰা সম্পূৰ্ণ হৈছে। নিজৰ পূৰ্বৰ কথিত ভাষাটো কেরল ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্রতহে বর্তি আছেগৈ। বহুক্ষেত্রত হয়তো সিও নাই। ভাষাৰ প্ৰকৃত মালিক (owner) কোন- এই শিৰোনামেৰে আন এটা আলোচনাত আমি উদাহৰণসহ দেখুৱাবলৈ যত্ন কৰিছিলোঁ যে ভাষা এটা কোন ঐতিহাসিক বা নৃগোষ্ঠীগত সূত্ৰৰ পৰা গ্ৰহণ কৰা হ’ল সেইটো আটাইতকৈ ডাঙৰ কথা নহয়, ডাঙৰ কথা হ’ল ভাষাটো কোনে ব্যৱহাৰ কৰিছে সেইটোহে। এই দিশৰ পৰা অসমলৈ প্রব্রজন কৰা পূর্ববংগ মূলৰ মুছলমান আৰু তলজাতৰ হিন্দু প্ৰব্ৰজনকাৰীসকলে অসমীয়া ভাষাটোক কোৱাত, পঢ়াৰ মাধ্যম হিচাপে আৰু সাক্ষৰসকলে লেখা-মেলাত, ব্যৱহাৰিক জীৱনত আৰু শিল্পী-সাহিত্যিক, সাংবাদিকসকলে সাংবাদিকতা, সাহিত্য সৃষ্টি আৰু কলা শিল্পত এদনীয়াভাবে ব্যৱহাৰ কৰিছে। বৰঞ্চ পুৰণাসকলতকৈ বেছি ভালকৈহে, শুদ্ধকৈহে কৰিছে। গতিকে ভাষাৰ- অসমীয়া ভাষাটোৰ নতুন মালিক পুৰণাসকলৰ লগতে এওঁলোকো।

ভাষা এনেকুৱা এটা সম্পদ য’ত যিমানেই মালিক ওলায় সিমানেই সি ডাঙৰ হয়, নুটুটেও, নুঢুকায়ো, বাঢ়েহে। ভাষাটোৰ ওপৰত এওঁলোকৰো অধিকাৰ সমান। এইক্ষেত্রত এই বৃহৎ ভাষিক পৰিৱৰ্তনৰ কাৰণ আমি সমাজৰ আৰু গভীৰত বিচাৰি চাব লাগিব। আজি কিছুদিনৰ পৰা কিছু লোকে এওঁলোকক এতিয়াও বাংলাভাষী বুলি প্রতিপন্ন কৰিব খোজে আৰু সময়ে সময়ে এই লৈ ভাবুকি আদিও দিয়ে- যেনেদবে এটা সময়ত বহুতে গোৱালপৰীয়াসকলকো বাঙালী কৰিব খুজিছিল। সেয়ে এই মানুহখিনিৰ বাংলা ভাষাৰ লগত সম্পৰ্কৰ বিষয়ে অকণমান বিচাৰ কৰি চোৱা যাওক। মানুহৰ মাজত যিবোৰ কথা ভাষারূপে প্রচলিত হৈ থাকে সেইবোৰ ওচৰা-উচৰি হ’লে সিবোৰৰ মাজত বহু সাদৃশ্য আৰু নিকট সম্পর্ক থাকে। একপ্ৰকাৰ চাবলৈ গ’লে অসমৰ উজনীয়া, নগএগ, নলবৰীয়া, বৰপেটীয়া, গোৱালপৰীয়া, বংপুৰীয়া আৰু গৈ গৈ মৈমনছিভীয়া, চিলেঠিয়া- এই কথ্য ভাষা ৰূপবোৰৰ মাজত এটা জৈৱিক সম্পর্ক তথা ভাষিক সাদৃশ্য নথকা নহয়। বিহাৰৰ মিথিলা আৰু উৰিষ্যালৈকে কথ্য ৰূপবোৰৰ মাজত এনে সম্পর্ক আছে। এই সম্পর্কিত অথচ সুকীয়া সুকীয়া ভাষা-ৰূপবোৰৰ মাজত বাজনৈতিক, সামাজিক, অর্থনৈতিক কাৰণত ব্যৱহৃত ভাষা ৰূপৰ পৰিৱৰ্তন সহজ আৰু স্বাভাৱিকো হৈ পৰে। কিন্তু অকল এইটোৱেই কাৰণ নহয়। ভাষিক পৰিৱৰ্তনৰ এক গভীৰ সামাজিক, সাংস্কৃতিক কাৰণ থাকে, যাৰ লগত ধর্মও বহুত ক্ষেত্ৰত জড়িত হৈ পৰে। এইক্ষেত্ৰত বংগদেশত বাঙালী ভাষা সম্পর্কে বিখ্যাত ঐতিহাসিক E. J. Hobsbawmৰ এটা আলোচনাৰ উদ্ধৃতি ইয়াত তুলি ধৰিব বিচাৰিছোঁ। ভাৰতীয় ভার্নেকুলাৰ ভাষাবোৰৰ বিকাশৰ প্ৰক্ৰিয়া সম্পর্কীয় আলোচনাত তেখেতে বাংলা ভাষাৰ উদাহৰণ দি লিখিছিল-

The deliberate Sanskritization of the literary Bengali which emerged in the nineteenth century as cultural language, not only separated the literary upper classes from the popular masses, but also Hinduized Bengali high culture, thus demoting the Bengali Muslim masses; in return a certain de-Sanskritization has been noted in the language of Bangladesh (East Bengal) since partition (National and Nationalism Since 1780, pp.111)

বংগদেশৰ জাতীয় ভাষা হিচাপে গঢ়ি তোলা আধুনিক বাংলা ভাষাৰ সংস্কৃতকৰণ আৰু হিন্দুভৱনে অশিক্ষিত বা কমশিক্ষিত বাংলাভাষী মুছলমান সমাজক বৰ আকৰ্ষণতো কৰা নাছিলেই, বৰঞ্চ বিকৰ্ষণহে কৰিছিল। আধুনিক সংস্কৃতগন্ধী বাংলা ভাষাক তেওঁলোকে কোনোদিনে নিজৰ ভাষা বুলি আন্তৰিকভাৱে গ্রহণ কৰা বা কৰিব পৰা নাছিল। তাৰ ফলত অসমৰ ব্ৰহ্মহ্মপুত্র উপত্যকালৈ প্ৰব্ৰজন কৰাৰ পাছত সেয়ে অসমীয়া ভাষাক গ্রহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ দ্বিধা বা অসুবিধা হোৱা নাছিল। অসমলৈ আহি বাংলাভাষী মূলৰ ভাষিক পৰিৱৰ্তনৰ অন্তৰালত শৈক্ষিক, প্রশাসনিক আৰু অর্থনৈতিক দিশৰ লগতে এনেধৰণৰ গভীৰ সামাজিক-সাংস্কৃতিক দিশো জড়িত হৈ আছিল। ভাষা পৰিৱৰ্তনৰ ফল কি হ’ব। নতুনকৈ অসমীয়া ভাষা গ্রহণ কৰা বাংলা ভাষিক মূলৰ ইছলামধর্মী লোকসকলৰ লগত অসমীয়া ভাষাৰ কেনেধৰণৰ সম্পর্ক গঢ় লৈ উঠিল আৰু এনে সম্পৰ্কৰ ফলত এই মানুহখিনিৰ অসমীয়া ভাষাৰ ওপৰত কেনেধৰণৰ অধিকাৰৰ জন্ম হ’ল তাৰ বিচাৰ

ভাষাৰ মালিক কোন ?

আইডিয়া বা ধাৰণাটোৰ বিষয়ে মোক কৈছিল প্রখ্যাত সাংবাদিক, ‘হিন্দু’ কাকতৰ এসময়ৰ আৰু ‘ফ্রন্টলাইন’ আলোচনীৰ গুৱাহাটীত থকা সাংবাদিক এম এছ প্রভাকৰে। সুদীর্ঘদিন ধৰি অসমক নিজৰ কৰ্মক্ষেত্ৰ আৰু ঘৰ কৰি লোৱা এই প্রবীণ চিন্তাবিদ-লেখকজন মাজতে কেইবাবছৰো দক্ষিণ আফ্রিকাত আছিল। আৰু দক্ষিণ আফ্রিকাৰ অভিজ্ঞতাৰ ভিত্তিত ভাষা সম্পর্কীয় এই কথাখিনি কৈছিল, যিখিনি আজি অসমৰ প্রেক্ষাপটত আলোচনা কবি চাব বিচাৰোঁ। মূল কথাটো হ’ল এটা ভাষাৰ মালিক কোন? Who is the owner of a languge ? প্রশ্নটোৰ বিষয়ে অধিক আলোচনা কৰাৰ আগতে প্রভাকৰৰ দক্ষিণ আফ্রিকাৰ অভিজ্ঞতাৰ কথাটো চমুকৈ কৈ লোৱা ভাল হ’ব। দক্ষিণ আফ্রিকালৈ বিভিন্ন সময়ত বিভিন্ন ইউৰোপীয় ব্যক্তি আহি ইয়াত উপনিবেশ প্রতিষ্ঠা কৰিছিলেহি। ডাচ বা ওলগুাজসকল নৌশক্তি আৰু সামুদ্রিক বাণিজ্যত অতি প্রবল হৈ থকাৰ যুগত তেওঁবিলাকে জাহাজেৰে সমুদ্র পথেদি আহি আফ্রিকার উত্তমাশা অন্তৰীপ ঘূৰি ভাৰত মহাসাগৰ ওলাইছিলহি। ভাৰত আৰু বিশেষকৈ ভাৰত মহাসাগৰ পাৰ হৈ ইণ্ডোনেছিয়া অঞ্চলত ডাচ ইষ্ট ইন্ডিজ উপনিৱেশ আৰম্ভ কৰি পৃথিবীজুৰি মছলাৰ একচেটিয়া বেপাৰ কৰিছিলেহি। তেওঁলোকে সমুদ্রগামী জাহাজবোৰক খোৱাপানী, তাতকা শাক-পাচলি যোগান আৰু বিশেষকৈ সাগৰত স্কার্ভি ৰোগ প্ৰতিৰোধ কৰা টেঙাজাতীয় ফল উৎপাদনৰ বাবে দক্ষিণ আফ্রিকাত এটা ঘাটি আৰু পাম গঢ়ি তুলিছিল। দক্ষিণ আফ্রিকাৰ উপনিবেশৰ সূত্রপাত সেয়েই। এসময়ত হলেও, বেলজিয়াম, উত্তৰ ফ্ৰান্সৰ ফ্রেণ্ডাৰ্ছ আৰু কাষৰীয়া জার্মানীৰ পামৰণীয়া অঞ্চলৰ মূলতে জার্মান বংশোদ্ভব এচাম লোকে দক্ষিণ আফ্রিকাত মাটি ভাঙি, পাম পাতি খেতি-বাতি আৰু বসতি কৰিবলৈ আহিল। এওঁলোকেই হ’ল দক্ষিণ আফ্রিকাৰ বিখ্যাত বা কুখ্যাত ব’য়েৰসকল। এওঁলোক আহি বসতি কৰি দক্ষিণ আফ্রিকাক সমৃদ্ধিশালী দেশ হিচাপে গঢ়ি তুলিলে, কিন্তু এই কাম তেওঁলোকে কৰিলে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ অধিবাসীসকলক সম্পূর্ণভাবে দাসলৈ ৰূপান্তৰ কৰি। এই শোষণ আৰু দমনৰ ইতিহাস আছিল ভয়াবহ। সৌ সিদিনালৈকে চলি থকা কুখ্যাত বর্ণবাদী ব্যবস্থা- ‘এপাৰথেইড’ব জন্মদাতা আছিল এওঁলোক। এই অত্যাচাৰী ব’য়েৰসকলক ইংগব’য়েৰ যুদ্ধত পৰাস্ত কৰি দক্ষিণ আফ্রিকাক ব্রিটেইনে দখল কৰি লোৱাৰ পাছতো বেপাৰী ব্রিটেইনে কিন্তু বর্ণবাদৰ অৱসান ঘটোৱা নাছিল। দক্ষিণ আফ্রিকাৰ শ্বেতাংগসকলৰ ভিতৰত এই আঢ্যৱন্ত ব’য়েৰসকলৰ সতি-সন্ততিয়েই আছিল আটাইতকৈ বৃহৎ গোট। এই শ্বেতাংগ প্রভুসকলে দক্ষিণ আফ্রিকাত এটা নতুন ভাষাৰ প্ৰৱৰ্তন কৰিলেহি। উত্তৰ ইউৰোপৰ বন্দৰ-পোতাশ্রয়, কল-কাৰখানা আৰু বজাৰত চলাধৰণৰ মৌখিক ভাষা এটাক আধাৰ কৰি যিটো নতুন ভাষাৰ দক্ষিণ আফ্রিকাত জন্ম হ’ল, সেই ভাষাটো কালক্ৰমত লিখিত রূপ লৈ ‘আফ্রিকানছ’ ভাষা বুলি প্রখ্যাত হৈ পৰিল। এই ভাষাই হৈ পৰিল আফ্রিকাত শ্বেতাংগ প্রভুত্ব, ভাব বিনিময়, বেহা-বেপাৰ, যোগাযোগ আৰু কৃষ্ণাংগসকলক অৱদমনৰ ভাষা, বৰ্ণবাদৰ ভাষা। ইংৰাজ অহাৰ পাছত ইংৰাজী ভাষা চলিল যদিও সি হৈ থাকিল সীমাবদ্ধ- উচ্চ শিক্ষা আৰু কেন্দ্রীয় প্রশাসনৰ পৰ্যায়ত। দেশৰ মূল ভাষা হ’ল ‘আফ্রিকানছ’। দেশৰ কৃষ্ণাংগ লোকসকলে যিহেতু নিজা নিজা স্থানীয় ভাষা নিজা নিজা ট্রাইব বা গোটৰ মাজত ব্যৱহাৰ কৰিছিল, ইংৰাজী ভাষাও তেওঁলোকে নাজানিছিলে, গতিকে এই ভাষাটোৱেই হ’ল দেশৰ সংযোগী ভাষা। যেতিয়া দক্ষিণ আফ্রিকাত বর্ণবাদবিৰোধী সংগ্রামে দানাবান্ধি উঠিবলৈ ধৰিলে, তেতিয়া শ্বেতাংগ প্রভুত্ব আৰু বৰ্ণবাদৰ লগত পৰিচিত এই ভাষাৰ বিৰুদ্ধে প্রবল বিৰোধিতা আৰু ঘৃণাও মূৰ দাঙি উঠিছিলে। কিন্তু দক্ষিণ আফ্রিকাৰ সমাজ বাস্তৱ এনেকুৱা আছিল যে তাত মানুহৰ মাজত, বিভিন্ন কৃষ্ণাংগ গোটবোৰৰ মাজত, ভাৰতীয় বংশোদ্ভৱ লোকসকলৰ লগত, আনকি শ্বেতাংগসকলব লগতো যোগাযোগ, বেহা-বেপাৰ তথা সংগঠনৰ বাবে এই ভাষা অপৰিহাৰ্য হৈ পৰিল। যিমানেই আন্দোলন আৰু সংগঠন বাঢ়ি আহিল, সিমানেই এই ভাষাৰ প্রয়োজনীয়তাও বাঢ়ি আহিল। এটা সময়ত গৈ দক্ষিণ আফ্ৰিকাৰ সমগ্র কৃষ্ণাংগ সমাজে, বিশেষকৈ বৰ্ণবাদৰ অৱসানৰ পাছত, এসময়ৰ শ্বেতাংগ প্রভুসকলৰ এই ‘আফ্রিকানছ’ ভাষাটো সম্পূর্ণভাবে নিজৰ কৰি ল’লে, দখল কৰি ল’লে। এই ভাষাটো তেওঁলোকৰ সম্পত্তি হৈ পৰিল। তেওঁলোক হৈ পৰিল ভাষাটোৰ মালিক। যি লোকে যি ভাষাটোক এটা নির্দিষ্ট এলেকাত দৈনন্দিন কাম-কাজ, যোগাযোগ, শিক্ষা, প্রশাসন আদিৰ কাম-কাজত ব্যৱহাৰ কৰে, সেই ভাষাত ভাব প্রকাশ কৰে, সাহিত্য বচনা কৰে- সিয়েই দৰাচলতে সেই ভাষাটোৰ প্রকৃত মালিক। আজি দক্ষিণ আফ্রিকাত ‘আফ্রিকানছ’ ভাষাটোৰ প্ৰকৃত মালিক হ’ল সংখ্যাগুক কৃষ্ণাংগসকল, ভাষাটো সৃষ্টি কৰা শ্বেতাংগসকল নহয়।

১। যোৱা এশটা বছৰত অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা সাংঘাতিকভাবে বাঢ়িছে।

২। এই বৃদ্ধি সম্ভৱ হৈছে বিভিন্ন ঐতিহাসিক কাৰণত, এই অঞ্চললৈ প্ৰব্ৰজন কৰা অন্য ভাষিক জনসমষ্টিয়ে এই অঞ্চলত বসবাস কৰি ইয়াৰ সমাজ বাস্তৱৰ বশত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ লোৱাত।

৩। এটা সময়ত গোৱালপৰীয়া নামৰ অসমীয়া ভাষাৰ উপ-ভাষাৰ বা যাক ৰাজবংশী ভাষা বুলিও নামকৰণ কৰিব খোজা হৈছে, উপস্থিতি সত্ত্বেও গোৱালপাৰা (অবিভক্ত) মূলতে বাংলাভাষী আছিল। কিন্তু ব্রিটিছে গোৱালপাৰা জিলাক অসমৰ লগত যুক্ত কৰা আৰু ৰাজ্য পুনৰ গঠনৰ পাছতো এইসকল অসমত থাকি যোৱাত এই জিলাৰ বাসিন্দাসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ধৰিলে।

৪। কুৰি শতিকাৰ আৰম্ভণিৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা পূব বংগৰ কৃষকসকলে বিভিন্ন সামাজিক, ৰাজনৈতিক, অর্থনৈতিক কাৰণত দৃঢ়ভাৱে অসমীয়া ভাষাক নিজৰ শিক্ষা, যোগাযোগ আৰু ভাব প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিলে। ফলত অসমীয়া ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা বহুগুণে বাঢ়ি আহিল।

৫। অসমলৈ ঔপনিৱেশিক প্রশাসনে চাহ বাগানত কাম কৰিবলৈ লৈ অনা বিভিন্ন ঠাইৰ বিভিন্ন ভাষা-ভাষী, বিভিন্ন নৃগোষ্ঠীয় মূলৰ লোকসকলে ক্রমান্বয়ে ব্যৱহাৰিক, শৈক্ষিক আৰু ভাব প্রকাশৰ কাম-কাজত অসমীয়া ভাষাকেই ব্যৱহাৰ কৰিবলৈ ল’লে।

৬। স্বাধীনতাৰ সময়লৈকে অসমৰ বৃহৎ জনজাতীয় সমাজখনৰ বৃহৎ অংশই কিন্তু আজিৰ দৰে সণ্টালনিকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰা নাছিল। অসমীয়াভাষীৰ প্ৰত্যক্ষ সংস্পর্শত থকা লোকসকলৰ বাহিৰে ভিতৰুৱা অঞ্চলৰ বেছিভাগ জনজাতীয় লোকে নিজা নিজা ভাষাকেই ব্যৱহাৰ কৰিছিল। কিন্তু ক্ৰমে শিক্ষাৰ বিস্তাৰ, যোগাযোগৰ বিকাশ আদি হ’বলৈ ধৰাত বেছিভাগ জনজাতীয় লোকে অসমীয়া ভাষাকেই ব্যৱহাৰ কৰিবলৈ ধৰিলে। আনকি জনজাতীয় লোকসকলৰ নিজস্ব কাম-কাজ, সংগঠন, ৰাজনৈতিক ভাব প্রকাশ আৰু সাহিত্য চর্চাৰো মূল মাধ্যম হৈ পৰিল অসমীয়া।

ভাৰতৰ আন ঠাইৰ বিভিন্ন ভাষা-ভাষী লোক আছেই যি জীৱন-জীৱিকাৰ তাড়নাত ব্যৱহাৰিক, শৈক্ষিক আৰু আনকি সাহিত্যিক ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰে বা কৰিছে। জনসমষ্টিক যদি যোগ কৰা হয়, তেনেহ’লে দেখা যাব যে তেওঁবিলাকৰ সংখ্যা হয়তো একেবাৰে খিলঞ্জীয়া ভাষিক অসমীয়া লোকতকৈ বেছি নহ’লেও ওচৰে-পাঁজৰেই হ’ব। তেওঁলোকেই অসমীয়া ভাষাৰ পৰিপুষ্টি, বিস্তাৰ আৰু বিকাশ ঘটাইছে। অসমীয়া ভাষাৰ নতুন মালিক তেওঁলোকো। ই কেবল ভাষিক অসমীয়াৰ সম্পত্তি নহয়। এই ভাষা ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে নিজৰ কৰি ল’লে। এই কথাটো নুবুজিলে অসমীয়া কোন তাৰ সংজ্ঞা কিন্তু নির্ণয় কৰা নাযায়। আৰু এই আলোচনাৰ পৰা এই কথাটোও স্বতঃসিদ্ধভাবে প্রমাণিত হৈ পৰে যে যিকোনো এটা জাতি গঠনৰ ক্ষেত্ৰত আন সকলো উপাদানৰ ভিতৰত প্ৰধানতম উপাদান দুটা- এটা হ’ল ভাষা আৰু আনটো হ’ল ভূগোল- অর্থাৎ এক উমৈহতীযা বাজ্যক্ষেত্র- ভৌগোলিক, ৰাজনৈতিক এলেকা। এই দুয়োটাৰ ভিতৰত ভাষাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ ই এটা জাতিৰ বাবে প্রাথমিক পৰিচয়সূচক। ভাষা নোহোৱাকৈ কোনো জাতি হ’ব নোৱাৰে, আৱাসক্ষেত্র নোহোৱাকৈও পাৰে। পৃথিৱীত বহু জাতি আছিল আৰু আছে যাব নির্দিষ্ট ভৌগোলিক প্রশাসনিক এলেকা নাই- বহু যুগ ইহুদীসকলৰ নাছিল, বর্তমান ভাৰতত কংকানী, মৈথিলী, সিন্ধী, চাওতালসকলৰ ভাষা, ভাষিক পৰিচয়, জাতীয় পৰিচয় আছে কিন্তু বাজ্যক্ষেত্র নাই। এই জাতিকেইটা ভাষাৰেই পৰিচিত। তেওঁলোকৰ সাহিত্য আছে, ভাষাটোৰো ৰাষ্ট্ৰীয় স্বীকৃতি আছে।

এটা জাতিৰ লোকসকল বিভিন্ন ধৰ্মৰ অনুগামী হ’ব পাৰে, কিন্তু ভাষা আৰু আন সকলো দিশৰ পৰা তেওঁলোক সম্পর্কিত। এই ভাষাটোহে তেওঁলোকৰ জাতি হিচাপে প্রধান পৰিচায়ক, ধর্ম একেবাৰেই নহয়। অসমৰ ক্ষেত্ৰত আমি সেয়ে এই নির্ণয় দ্ব্যর্থহীনভৱে গ্ৰহণ কৰিব লাগিব যে অসমীয়া মানুহৰ, অসমীয়া জাতিৰ, পৰিচয়ৰ, জাতীয়তাবাদৰ মূল আধাৰ হ’ল অসমীয়া ভাষা। ধর্ম নহয় আৰু হ’ব নোৱাৰে। যি ধর্মীয় দিশটোৰ কথা, হিন্দু-মুছলমানব কথা উত্থাপন কৰে, সি দৰাচলতে অসম-অসমীয়াৰ ভয়াৱহ ক্ষতি কবে। তেনে প্রচেষ্টাৰ বিৰুদ্ধে আমি সচেতন হ’ব লাগিব।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *