চাৰি হাজাৰ বছৰীয়া এই স্বাভিমান ভুলুণ্ঠিত হৈছিল দুশ বছৰ আগৰ এটা পুরাত, ইৰাৱতী নদীৰ পাৰৰ এখন সৰু, নীৰৱ গাঁৱৰ এটা সৰু জুপুৰিত। এতিয়া সৰু চহৰত পৰিণত হোৱা সেই গাঁওখনৰ সেই জুপুৰিটোত স্বাক্ষৰিত হৈছিল যোৱা দুশ বছৰ জুৰি অসমীয়াৰ জাতীয স্বাভিমানক জোকাৰি থকা ঘটনাটি, ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰ। সময় ১৮২৬ চনৰ ২৪ ফ্রেব্ৰুৱাৰী। এই স্বাভিমান উদ্ধাৰৰ প্ৰথমটো অভিযানৰ নাম গমধৰ কোঁৱৰৰ বিদ্ৰোহ বুলি ইতিহাসবিদে ৰাখিছে। ইয়াণ্ডাবুত সেই ঘৰটো এতিযাও আছে, খুব কম অসমীয়াই দেখিছে সেই ঘৰটো। ঘৰটোৰ দৰেই অৱহেলিত অসমীয়াৰ জাতীয় স্বাভিমানো, বৰ কমেই বুজে এই স্বাভিমানৰ পৰিসৰ, তাৎপর্য আৰু গুৰুত্ব। ১৮২৮ চনত গমধৰ কোঁৱৰে বিদ্ৰোহ কৰাৰে পৰা, যোৱা দুশটা বছৰেই ‘অসমীয়া ‘ই ‘জাতীয় স্বাভিমান’ ৰক্ষাৰ সংগ্ৰাম কৰি আছে। কেতিয়াবা ইয়াৰ নাম ভাষাৰ পুনৰ প্রতিষ্ঠা, কেতিয়াবা মাধ্যমৰ প্রতিষ্ঠা, কেতিয়াবা বিদেশী বহিষ্কাব। সফলতা আহিল বুলি ক’ব পৰা হোৱা নাই এতিয়াও। মহাকাব্যৰ প্রাগজ্যোতিষপুৰ আৰু ইতিহাসৰ কামৰূপ আছিল দুখন প্রতাপী আৰু ঐশ্বর্যময় দেশ। প্রথম সহস্রাব্দৰ শেষলৈকে থকা সেই প্রতাপ দ্বিতীয় সহস্রাব্দৰ আৰম্ভণিতে খণ্ডিত হ’বলৈ লৈছিল, এখন ‘দেশ’ বহুতো স্বতন্ত্র ৰাজ্যত পৰিণত হৈছিল। প্রাগজ্যোতিষপুৰ অথবা কামৰূপ হৈ থকা দিনতে এই ভূ-খণ্ডত এটা ভাষাৰ মাধ্যমত এটা জাতি গঢ়ি উঠিবলৈ লৈছিল, সেই ‘দেশ’খন খণ্ডিত হোৱাৰ পিছতো ভাষাটোৰ আধাৰত সেই জাতি গঠন প্রক্রিয়াটোৰ অন্ত পৰা নাছিল, চুতীয়া, কছাৰী, আহোম, কমতা, কোচ, জয়ন্তীয়া, খাচি, কাৰ্বি, ৰাভা, গাৰো আদি বিভিন্ন সৰু-বৰ ৰাজ্য গঠনৰ মাজেদিও প্রক্রিয়াটো অব্যাহত আছিল-যি অনন্ত প্ৰক্ৰিয়াটোৰ নাম আধুনিক ইতিহাসবিদে ৰাখিছে ‘অসমীয়া জাতি গঠন প্রক্রিয়া’ বুলি। প্রায় চাৰি হাজাৰ বছৰজোৰা এই প্ৰক্ৰিয়াটোৰ মাজেদি বহু পিছত- আধুনিক ইতিহাসবিদে নাম দিয়া, ‘অসমীয়া জাতি’ বুলি কিছু স্বাভিমান গঢ় লৈ ‘ঠিছিল। মধ্যযুগত, ১৭টাকৈ বিদেশী আক্রমণ ওফৰাই দিবৰ পৰত, এই স্বাভিমানেই চানি কা শক্তিৰ কাম কৰিছিল। এই স্বাভিমানৰ নাম আমি দিব পাৰো ‘অসমীয়াৰ জাতীয় স্বা। সমান’ বুলি।
অসম ভাৱনা
‘অসম’ শব্দৰ ব্যুৎপত্তিৰ ব্যাখ্যা বহুত। সেইবোৰলৈ নগৈ ‘অসম’ ধাৰণাটোৰ ব্যাখ্যাৰ বাবে আমি ওচৰ চাপো সুধাকণ্ঠৰ। ‘অসম আমাৰ ৰূপহী গুণৰো শেষ নাই’ বুলি ভূপেন হাজৰিকাই গীতৰ কথাবে কৈছিল প্রায় ৫০ বছৰৰ আগেয়েই। ভূপেন হাজৰিকাৰ ধাৰণাৰ ‘অসম’খননো কোনখন? কি তাৰ পৰিসৰ? গীতেৰে, গদ্যৰে হাজৰিকাই আজীবন এই কথাকে ক’বলৈ বিচাৰিছিল যে বহ্নিমান লুইতৰ পাৰে পাৰে যিসকলে বসবাস কৰে, সেইসকলেই অসমীয়া, অর্থাৎ লুইতৰ দুপাৰেই অসম। ২০০৬ চনৰ বা ১৯৭৬ চনৰ অথবা ১৯৫২ চনৰ ৰাজনৈতিক অসমখনেই কেৱল নহয়, তেওঁৰ অসমখন সাংস্কৃতিক অসম তেওঁৰ গুৰু স্বরূপ জ্যোতিপ্রসাদ আগৰৱালাই যোৱা শতিকাৰ তৃতীয় দশকতে আঁকি দিয়া যিখন অসমৰ ছবি, ভূপেন হাজৰিকাৰ অসমখনো সেইখনেই- ‘মই খাচিয়া/মই জয়ন্তীয়া মিজো আংগামী বীৰ।’ ব্ৰহ্মহ্মপুত্ৰৰ দুপাৰৰ এই অসমখনৰ মহিমাই চিৰদিনেই ভূপেন হাজৰিকাক মুগ্ধ কবে।
তেওঁৰ বৰ্ণনাত অসমৰ মহিমা এনে- এই ব্রহ্মপুত্ৰৰ দুটি পাৰ যুগে যুগে মহাসমন্বয়ৰ পীঠস্থান বুলিয়েই পৃথিৱীয়ে নাজানে জানো? বুৰঞ্জীয়ে নাজানে জানো এই ব্রহ্মপুত্রব পাৰতে সুদূৰ কানাকুজৰ বাৰভূঞাৰ বংশধৰ শ্ৰীমন্তশংকৰদেৱে আহি মানৱ ধৰ্মৰ সৌধ গঢ়ি অসমীয়া ভাষা-কৃষ্টিক স্থায়ী কৰে। মধ্য প্ৰাচাৰ পৰা আহি মহাত্মা আজান ফকীৰে অসমীয়া ভাষা-কৃষ্টিক চহকী কৰা নাছিল জানো? দিল্লীৰ পৰা আহি শিল্পী দিলবৰে সাঁচিপতীয়া ‘হস্তীবিদ্যার্ণর’ পুথি হেঙুল-হাইতালেৰে আঁকি অসমীয়া চিত্র পদ্ধতিক স্বকীয় ৰূপ দিয়া নাছিল জানো?’ প্রশ্ন যদিও, ইয়াৰ আঁৰৰ সত্যটো হ’ল বিশ্বাস। যিবোৰ প্রশ্ন কৰিছে ভূপেন হাজৰিকাই, সেইবোৰ সঁচাকৈয়ে ঘটিছিল লুইতৰ দুপাৰত আৰু সেয়েই লুইতৰো মহিমা! তেওঁ আকৌ কয়-‘অতীত’ এই ব্রহ্মহ্মপুত্রৰ দুটি পাৰে কতজনক আশ্রয় দিলে। কত ধৰণৰ সুন্দৰ জনজাতিয়ে বাহু মেলি আতিথ্য দিলে মোগলক, পাঠানক, আর্যক, নিগ্রোয়ডক, মংগোলীয়াক, অস্ট্রিকক, চাওতাল-ওৰাং-মুণ্ডা আৰু কতজনক।’ গীতৰ ভাষাৰে তেওঁ কৈছে-‘নানা জাতি উপজাতিৰ বহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি-এই মোৰ অসম দেশ।’ স্বাভাবিক প্রব্রজনেৰেই কেৱল নহয়, অস্বাভাৱিক প্ৰব্ৰজনেৰেও লুইতৰ দুপাৰলৈ আহিছে মানুহ আৰু লুইতৰে দুবাহু মেলি আশ্রয় দিছে সকলোকে- ‘সময়ে সময়ে পদ্মা নৈৰ ভয়াৱহ ৰাজনৈতিক, সমাজনৈতিক দুর্যোগ কিম্বা প্রাকৃতিক ধুমুহাই কত হিন্দুক, মুছলিমক, বৌদ্ধক, চাংমাক, হাজঙক উটুৱাই আনি ব্রহ্মহ্মপুত্ৰৰ পাৰ পোৱালেহি।’
১৯৭২ চনলৈকে ‘নেফা’ নামেৰে অসমৰে এটা প্রশাসনীয় গোটত আছিল অৰুণাচল প্রদেশ। ‘পূর্ব ভাৰতৰ শেষ সীমাত ৮২৫৭৮ বর্গ কিলোমিটাৰৰ এই ৰাজ্য হিমালয়ৰ গাত আউজী থকা (পাঁচটি ফুলৰ থোপাৰূপে) কামেং, চিয়াং, লোহিত, টিৰাপ আৰু সোৱণশিৰি শোভি আছে মানস সৰোবৰৰ পৰা তিব্বতৰ মাজেদি চাংপো নামেৰে বৈ আহি এই ৰাজ্যৰ মাজেৰে চিয়াং নামেৰে বৈ আহোতে বাটতে লগ লাগিছে দিবং আৰু লোহিত নদী। এই মহা সংগমেই হৈ উঠিছে ভৈয়ামত মহাবাহু ব্রহ্মপুত্র।’ এই অৰুণাচল প্রদেশত আছে- ‘মনপা, মিৰি, অকা, খোৱা, শ্বেৰডুকপেন, বাগনি, আপাতানি, নিচি, চুলুং, হিলমিৰি, তাগিন, আদি, মেম্বা, খাম্বা, মিচিমি, খামতি, চিংফৌ, নকটে, বাংচু, টাংচা।’ ইমানবোৰ মানুহ, ইমানবোৰ কৃষ্টি। হাজৰিকাই নাভাবে যে অসমৰ প্ৰশাসনীয় বান্ধোনৰ পৰা ওলাই গ’লেও এওঁলোক পৰ হৈ গৈছে। তেওঁ কয়-ইয়াৰ নৈ-নিজবা সকলো যেনেকৈ অসমৰ বৰলুইতত পৰেহি, তেনেকৈ এই ৰাজ্যৰ সবল সুস্থ নাগৰিকসকলে ভৈয়ামলৈ নানা কাৰণত নামে।’ তেওঁ আৰু কয়, ‘অৰুণাচল আৰু অসমৰ মাজৰ প্রধান এনাজয়ী সংস্কৃতিহে’। তেওঁৰ আবেদন ‘অসমৰ মানুহে যেন সকলো সময়তে এওঁলোকৰ লগত প্রতিবেশীৰূপে সুন্দৰ ব্যৱহাৰ কৰে। আমি যেতিয়া আলঙৰ মপিন উৎসৱলৈ যাওঁ অতিথিরূপে, তেওঁলোকে আপোন মানুহ বুলি যেনেকৈ সাবটি ধৰে, আমাৰ বিহু উৎসৱতো যেন সঘনাই মাতি আনি এই ৰাজ্যৰ লোকক, নেতাক, সাংস্কৃতিক দলক আমি সসম্মানে গলত মৰমৰ গামোচা দি সাবটি ধৰো’। হাজৰিকাই এই একেই দৃষ্টিৰে চাষ মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ থলুৱা লোক আৰু তেওঁলোকৰ নিজস্ব কৃষ্টিকো। কাৰণ, তেওঁৰ দৃষ্টিত এওঁলোকো অসমীয়াই। এই সংজ্ঞাৰ পৰিসৰত তেওঁ আনকি সুমুৱাই ল’ব বিচাৰে মণিপুৰ আৰু ত্ৰিপুৰাৰ থলুৱা লোককো। পদ্মাৰ ধুমুহাই উৰুৱাই আনি তাহানিতেই লুইতৰ চৰত থিতাপি লগোৱা অভিবাসী মুছলমানসকলো তেওঁৰ দৃষ্টিত অসমীয়াই- ‘নানা জাতি-উপজাতি, নানা ৰহণীয়া কৃষ্টি, আঁকোৱালি লৈ সৃষ্টি হৈছে এই আমাৰ অসম দেশ। দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক ‘মাতৃ’ বোলা প্রতিভা ভাৰতীয় হ’ল নর-ৰূপান্তৰিত অসমৰ ৰাইজ। অর্থাৎ অসমক আপোন বোলা, অসমৰ বশ কৰা, অসমৰ সুখ-দুখৰ সৈতে identify কৰা সকলো লোকেই অসমৰ ৰাইজ।’
প্রথমে অসমীয়া পিছতহে অসম
জাতীয়তাবাদ ভাষাৰ আধাৰহে গঢ়ি উঠে, ধর্ম বা বর্ণ বা গোষ্ঠীপৰিচয়ৰ আধাৰত নহয়। পৃথিৱীত থকা জাতিবোৰৰ ইতিহাসে তাকেই কয়। অসমীয়া জাতিও গঢ়ি উঠিছে ভাষাৰ আধাৰতহে। অসমীয়া জাতিৰ ধাৰণাটো অসমতকৈ প্রাচীন। কেনেকৈ? বর্মন বংশী দুজন ৰজা-সমুদ্রগুপ্ত আৰু ভাস্কৰ বৰ্মনৰ বাহিৰে কামৰূপ-অসমৰ কোনো শাসকে বহিঃশত্ৰৰ বিৰুদ্ধে যুদ্ধাভিযান চলোৱাৰ কথা বুৰঞ্জীয়ে নকয়। কোচ ৰজা নৰনাৰায়ণৰ শাসন কালত তেওঁৰ সেনাপতি চিলাৰায়ে বেছকেইখনমান আক্রমণাত্মক যুদ্ধ কৰিছিল, এখনৰ বাদে আনবোৰত জয়লাভো কৰিছিল। সেই সময়ৰ প্ৰতাপী শক্তি আহোমকো তেওঁ পৰাভূত কৰিছিল। ৰণকৌশল আৰু বাহুবলেৰে চিলাৰায়ে এখন ডাঙৰ সাম্রাজ্য গঠন কৰি তেওঁৰ জ্যেষ্ঠ ভাতৃ নৰনাৰায়ণক দিছিল। তেওঁৰ মৃত্যুৰ পিছত ভাতৃবিৰোধে সেই সাম্রাজ্য টুকুৰা-টুকুৰ কৰি পেলালে, পৰিণতি এনেকুৱা হ’ল গৈ যে চিলাৰায়ৰ সেই বৃহৎ সাম্ৰাজ্যখনৰ ক্ষুদ্ৰ এটা অংশহে ‘অসম’ত ৰ’ল। এই ক্ষেত্রতো মন কৰিবলগীয়া কথাটো হ’ল-বিভাজিত কোচ সাম্ৰাজ্যৰ চিলাৰায়ৰ পুত্ৰসকলৰ ভাগত পৰা অংশটোহে ‘অসম’ত ৰ’ল, নৰনাৰায়ণৰ পুত্ৰসকলৰ অংশটো নৰ’ল। আহোমসকল যদিও প্রতাপী আছিল, বহিঃশত্রুব বিপক্ষে আক্রমণাত্মক যুদ্ধ বেছি কৰা নাছিল এই বাজশক্তিটোরে। চুতীয়া, কছাৰী, কমতা আৰু কোচৰ বিৰুদ্ধে কেইখনমান নির্ণায়ক আক্রমণাত্মক যুদ্ধ আহোমে কৰিছিল আৰু ‘অসম’ৰ আধাৰশিলা স্থাপন কৰিছিল। এই ঘটনাবোৰৰ সমান্তৰালভাৱেই বৰ্তমানৰ অসমে সামৰাতকৈ ডাঙৰ ভূখণ্ড এটাত ‘অসমীয়া’ নামৰ ভাষাভিত্তিক ঐক্যবোধ গঢ়ি উঠিছিল। তেতিয়া তাৰ নাম ‘অসমীয়া’ নাছিল, এইটো এটা অর্বাচীন অভিধা। এই প্রক্রিয়াটোৰ উমান লোৱা হও।
অসমীয়া সমাজ
আলোচনাৰ সুবিধাৰ বাবে এই ভূখণ্ডত অসম নামৰ ৰাজনৈতিক বা সাংস্কৃতিক গোট এটা অনাদিকালৰে পৰা আছিল বুলি আমি যদি ধৰি লওঁ, তেন্তে একেই সুবিধাৰ বাধে এই সময়ছোৱাক আদি, মধ্য আৰু আধুনিক যুগ বুলি ভাগ কৰি ল’ব পাৰোঁ। ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা চুকাফাৰ অসম পদার্পণলৈ আমি আদিযুগ, চুকাফাৰ পদার্পণৰ পৰা ব্ৰিটিছৰ আগমনলৈ মধ্যযুগ আৰু তাৰ পিছৰ সময়খিনিক আমি আধুনিক যুগ বুলি ধৰি লৈছোঁ। এই হিচাপত নামঘৰৰ প্ৰতিষ্ঠাকাল আৰু নামঘৰৰ প্ৰতিষ্ঠাপক-পৰিকল্পক শ্রীমন্ত শঙ্কৰদেৱৰ সময় মধ্যযুগত পৰে। শঙ্কৰদেৱৰ জন্ম, শিক্ষালাভ আৰু প্রাপ্তবয়স্কতা অৰ্জনৰ স্থান তেতিয়াৰ কালৰো মধ্য অসমত। অঞ্চলটো তেতিয়া স্বাধীন : ভূঞাসকলৰ সৰু-বৰ ভালেমান ‘বাজ্য’ এই অঞ্চলত আছে। ভূঞা অধিকৃত মধ্য অসমৰ পৰা ভালেখিনি নিলগৰ পূবত তেতিয়া আহোমসকলে লাহে লাহে শক্তি বৃদ্ধি কৰি ৰাজ্যৰ সীমা পশ্চিমলৈ বহলাই আনিছে, একে সময়তে পশ্চিমত কমতা ৰাজ্যই উত্থান আৰু পতনৰ মাজেদি যাত্রা কৰিছে। কমতা ৰাজ্যৰ ৰাজভাষা তেতিয়াই ‘অসমীয়া’ : এই কমতা ৰাজ্যৰে দুই সভাকবি হৰিবৰ বিপ্ৰ আৰু হেম সৰস্বতীয়ে তেতিয়া বাজ নির্দেশত এই ভাষাত কাব্য ৰচনা কৰিছে। মধ্য অসমৰ ৰাজভাষাও তেতিয়া অসমীয়া’-এই মধ্য অসমৰে বৰাহী বাজ্যৰজা মহামাণিক্যৰ সভাকবি মাধৱ কন্দলিয়ে এই ভাষাতে ৰামায়ণ লিখিছে। পূবত বাজা পতাৰ পিছত আহোমসকলেও অসমীয়া ভাষা গ্ৰহণ কৰিছে, অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছে। অর্থাৎ আমি পালোঁ যে মধ্য যুগত অসম অঞ্চলত তিনিখন পৃথক আৰু স্বাধীন বাজ্য আছিল- পূবত আহোম ৰাজ্য, পশ্চিমত কমতা বাজ্য, যি পিছলৈ কমতাপুৰ, কোচ ৰাজ্য আৰু কোচবেহাৰ নামে প্রসিদ্ধ হৈছিল আৰু মাজত আন এখন বাজ্য। মাজৰ এই বাজ্যখন বহুসংখ্যক সৰু সৰু শাসকৰ অধীনত শাসিত হৈছিল। আলোচনাৰ সুবিধাৰ বাবে এই সমগ্র মধ্যবর্তী অঞ্চলটোক কামরূপ নাম দিলোঁ। চৰিত পুথিয়ে শঙ্কৰদেৱে পঢ়াশালিত পঢা বুলি কোৱা পুথিৰ যিখন তালিকা দিচ্ছে তালৈ চালে ক’বলৈ মন যায় যে মধ্য অসম শিক্ষা-দীক্ষাবে যথেষ্ট আগ বঢা আছিল। মহেন্দ্র কন্দলিব ছাত্রশালত শংকবেই অকল পঢ়া নাছিল, তাত আন বহুতো ছাত্রই পঢ়িছিল। আকৌ এই ছাত্রশালখন কেৱল শঙ্কবৰ পঢ়াশুনার সুবিধাৰ বাবেই প্রতিষ্ঠা কৰা হোৱা নাছিল, শঙ্কৰ তালৈ পঢ়িবলৈ যোৱাৰ আগৰে পৰাই এইখন তাত আছিল। মহেন্দ্র কন্দলিক জবাবদিহি কৰিব পৰাকৈ বাঘৱাচার্য নামৰ এগৰাকী পণ্ডিত তাত আছিল- তাৰ মানে মহেন্দ্র কন্দলিতকৈ জনা-শুনা কর্তৃত্বশীল ব্যক্তি বা ডাঙৰ ছাত্ৰশাল চলোৱা লোক অঞ্চলটোত আছিল। আৰু এটা কথ্য লক্ষ্য কৰিব পাৰি- শংকৰে যিমানবোৰ গ্ৰন্থ পঢ়া বুলি কোৱা হৈছে- সেইবোৰ মহেন্দ্র কন্দলিয়ে অকলেই নিশ্চয় পড়ুৱাব নোৱাৰে। তাৰ মানে তেওঁৰ ছাত্রশালখনত আন ভালেসংখ্যক অধ্যাপকো আছিল। মধ্যযুগৰ মধ্য অসমৰ এই শৈক্ষিক সমৃদ্ধিৰ কথা এতিয়ালৈ আলোচনালৈ অহা নাই যেন লাগে। শঙ্কৰদেৱে গীত-কাব্য-নাট লিখিবলৈও ‘অসমীয়া’ ভাষা ব্যৱহাৰ কৰিছিল। এই ক্ষেত্রত লক্ষাণীয় দিশটো হ’ল- শঙ্কৰদেৱ এটা বহিৰাগত পৰিয়ালৰ এই ভূখণ্ডত জন্মা তৃতীয়টো প্ৰজন্মৰ সন্তান। তেওঁৰ উপৰি চতুর্থ পুৰুষ চণ্ডীবৰ ইয়ালৈ সপত্নীক আহিছিল, চণ্ডীবৰৰ পুত্ৰ ৰাজধৰৰ জন্ম এই ভূখণ্ডত হ’লেও তেওঁ বিয়া কৰাইছিল চণ্ডীৰৰ সৈতে একেলগে প্রব্রজন কৰা এটা পৰিয়ালৰ জীয়ৰীক, কুসুম্বৰৰ বিবাহৰ ক্ষেত্ৰতো সেই একেই অবস্থা। তাৰ পিছতো শঙ্কৰদেৱে লিখাৰ মাধ্যম হিচাপে লৈছিল অসমীয়া ভাষাক। এতিয়া আমি গোটেই কথাখিনি লগ লগার্ড: সুদূর পশ্চিমৰ কমতা ৰাজ্যৰ ৰজাই দিয়া নির্দেশ মানি তেওঁ সভাকবিয়ে অসমীয়াত লিখিছে ‘প্রহ্লাদ চৰিত’ আৰু ‘বক্ৰবাহনৰ যুদ্ধ’ নামৰ কাব্য। আকৌ আন এখন দেশৰ পৰা আহি এই ভূখণ্ডত বাজ্য পতা আহোমসকলেও বুৰঞ্জী লিখিবলৈ বাছি ল’লে এইটো ভাষাকে। মধ্য অসমৰ সংস্কৃত পণ্ডিত শঙ্কৰদেৱেও প্রকাশৰ মাধ্যম কৰি ল’লে এইটো ভাষা। তেওঁৰে সময়ৰ মধ্য অসমৰে আন এজন সংস্কৃত পণ্ডিত, সংস্কৃতত
কাব্য লিখাৰ যাৰ অৰ্হতা আছিল, সেই অনন্ত কন্দলিয়েও অসমীয়াতেই কাব্য লিখিলে। শঙ্কৰদেৱৰ অপ্রমাদী পূর্বকবি মাধৱ কন্দলিয়েও ৰাজ নির্দেশত অসমীয়ালৈ অনুবাদ কৰিছিল ৰামায়ণ। ইয়াৰ অৰ্থ আমি এটাই পাওঁ। সেই ত্রয়োদশ শতিকামানতে অসমীয়া এটা প্রতিষ্ঠিত গণভাষাত পৰিণত হৈছিল। এই ভাষা কওঁতা, এই ভাষা পঢ়োতা নিশ্চয় বহুত আছিল- নহ’লেনো কিয় ইমানসংখ্যক ৰজাই এই ভাষাটোতেই কাব্য ৰচনাৰ নির্দেশ দিয়ে? ইয়াব অর্থ এইটোৱেই নহয় জানো যে এই ভূখণ্ডই ‘অসম’ নাম পোৱাৰ বহু আগৰ পৰাই ইয়াত অসমীয়া ভাষা চলিছিল, সণ্টালনিকৈয়ে চলিছিল। এয়ে যদি সত্য হয়, তেন্তে ক’ব পাৰি- ‘অসম’তকৈ ‘অসমীয়া’ প্রাচীন। ‘অসমীয়া’ ভাষা যদি আছিলেই, তেন্তে পূবে দিখৌ-ডিক্ৰঙৰ পাৰৰ পৰা পশ্চিমে কৰতোৱাৰ পাৰলৈকে ব্যাপ্ত বৃহৎ অঞ্চলটোত একেটা ভাষাই সামৰি লোৱা এখন সমাজো আছিল। এইখন সমাজক নিশ্চয় আমি ‘অসমীয়া সমাজ’ নাম দিব পাৰোঁ। অলপ দকৈ ভাবি চালে অসমীয়া সমাজৰ জন্মৰ সময় মাধৱ কন্দলি-হৰিবৰ বিপ্ৰৰ সময়তকৈ আৰু এহেজাৰ বছৰ পিছুৱাই দিব পাৰি।
৩৫৫ খ্ৰীষ্টাব্দমানৰ পৰা ১২২৮ খ্রীষ্টাব্দমানলৈ এই প্রায় এহেজাৰ বছৰ আজিৰ ‘অসম’ বোলা অঞ্চলটো বিভিন্ন কছাৰী গোষ্ঠীয় শাসকৰ অধীনত আছিল- সৰু সৰুক বাজাত বিভক্ত আৰু বহুক্ষেত্রত বিচ্ছিন্ন হৈ। ‘অসমীয়া ভাষা’ আৰু ‘অসমীয়া জাতি’ৰ ভেটি স্থাপন হৈছিল এইছোৱা সময়তেই। কছাৰী মূলৰ শাসনৰ প্ৰভাৱতে অসমীয়া সংস্কৃতিৰ মূল আধাবো কছাৰীমূলীয়ই হ’ল। তাত উপৰিসৌধৰ ৰূপত থাকিল আহোম, মিচিং, কোচ, কলিতা তথা আর্য জাতি বিশেষৰ সাংস্কৃতিক বৈশিষ্ট্য। পিছে, হয়তো প্রথম সাম্রাজ্য প্রতিষ্ঠাতা হিচাপেই, এই মুলুকত আর্য সভ্যতা বা সৰ্বভাৰতীয় বৈদিক সভ্যতাৰো প্ৰভাৱত প্রথমেই পৰিছিল কছাৰীসকল। ইতিহাসে কয়, গুপ্তসম্রাট সমুদ্রগুপ্তই বৈদিক ধৰ্মৰ উৎসাহী প্রচাৰক আছিল, এতেকে এজন গুপ্ত সম্রাটে তেওঁৰ প্ৰতিনিধি কামৰূপ জয় কৰিছিল; কিন্তু ইযাত প্রত্যক্ষ গুপ্ত শাসন নচলাই কছাৰী মূলৰ সেই সময়ৰ শক্তিশালী আৰু সুচতুৰ গোষ্ঠীনেতা পুষ্য বর্মা বা পূষ্য বৰ্মনক ইয়াৰ শাসক পাতিছিল। পুষ্য বর্মা বা বর্মন নামটোত বৈদিক আর্য প্রভাৱ লক্ষ্য কৰিব পাৰি। গুপ্ত সম্রাটসকল হিচাপে এখন বাজ্যৰ শাসকজন নির্বাচন কৰোঁতে বৈদিক ধৰ্মৰ প্রতি আনুগত্য বিচাৰিবই সেয়া । এনেদৰেই কছাৰীসকলৰ জৰিয়তেই কামরূপ-অসমত বৈদিক হিন্দুধর্মব প্রভাৱ পৰিছিল, মন্দিব-দৌল-দেৱালয় নির্মাণ আৰু এনে ধর্মীয় স্থানবোৰৰ কর্তৃত্ব ভূ-জন-সম্পত্তি প্রদানেৰে ব্ৰাহ্মহ্মণক দিয়াৰ পৰম্পৰা প্রতিষ্ঠিত হৈছিল। বা ক’ব পাৰি-এই ভাৰতীয় পৰম্পৰাটো এই ভূখণ্ডলৈ সম্প্ৰসাৰিত হৈছিল। মন্দিৰৰ অপৰিহাৰ্য অংগ আছিল নাটঘৰবোৰ, যিবোৰ আছিল ধর্মীয়, সাংস্কৃতিক আৰু সামাজিক চিন্তাচর্চাৰ কেন্দ্রস্থল। প্রাক্-শঙ্কৰ যুগত এই মন্দিৰ আৰু নাটঘৰবোৰত হোৱা চিন্তা-চৰ্চাবোৰ ব্যাপক সমাজখনলৈ বিয়পি গৈছি, আৰু অসমীয়া সমাজ এখন গঢ় লোৱাৰ ভেটি স্থাপন হৈছিল।
অসমৰ প্ৰথমখন কৃষক সমাজ গঢ়ি তুলিছিল কলিতা সম্প্রদায়টোরে। এই কামব আৰম্ভণি খ্ৰীষ্টীয় সময় গণনা আৰম্ভ হোৱাৰ বহু আগৰ। অসমৰ নৈপৰীয়া সমভূমি
অঞ্চলৰ ভূমিপুত্র আখ্যা দিব পাৰি এই সম্প্রদায়টোক। সম্রাট অশোকৰ বৌদ্ধধর্ম বিস্তাৰৰ সময়ছোৱাত কলিতাসকল বৌদ্ধধর্মী হৈ পৰিছিল আৰু সেই ধর্মটো লৈয়ে তেওঁলোক তেতিয়াৰ প্ৰাগজ্যোতিষপূৰলৈ প্ৰব্ৰজন কৰিছিল। ডঃ বাণীকান্ত কাকতিয়ে কলিতাসকলক বর্তমানৰ হিমাচল অর্থাৎ নামনি হিমালয় অঞ্চলৰ পৰা আৰু ডঃ বাজমোহন নাথে দক্ষিণ ভাৰতৰ পৰা প্ৰব্ৰজন কৰা বুলি কৈছে। তেওঁলোকৰ আদিভূমি যিয়েই নহওক, এইটো ঠিক যে তেওঁলোকে বৌদ্ধধর্ম এই অঞ্চললৈ লৈ আহিছিল আৰু তেওঁলোকৰ নিজৰ ভাষাৰ সৈতে খলুবা ভাষা আৰু সংস্কৃতি মিলি অসমীয়া ভাষাৰ জন্ম হৈছিল। এই নরজাত ভাষাতে পুষ্য বৰ্মাৰ দিনৰে পৰা শিলালিপি-তাম্রলিপি লিখা হৈছিল, এইটো ভাষাতে চর্যাপদ লিখা হৈছিল।