সোমবাৰৰ পৰা শনিবাৰ- আজি ছয়দিন পাৰ হৈ গ’ল। অসীম স্কুললৈ যোৱা নাই। মাকক যেতিয়া অসীমে স্কুল বাদ দিয়াৰ কথাটো কৈছিল মাক হতভম্ব হৈ গৈছিল। কান্দিছিল। তাক বুজাইছিল। কৈছিল- সি যদি যোৱাটো বছৰত কিতাপ-কাগজ কিনাত অসুবিধা পাইছিল তেনেহ’লে এই বছৰটোত মাকে নতুনকৈ দুখনমান ঘৰত কাম কৰি অলপ বেছিকৈ উপার্জন কৰিবলৈ চেষ্টা কৰিব। কিন্তু নাই। অসীমৰ সংক্ষিপ্ত অথচ স্পষ্ট উত্তৰ- সি আৰু নপঢ়ে। তাৰ এই অভাৱনীয় সিদ্ধান্তৰ বাবে মাকে অসীমৰ দেউতাককে দোষী বুলি ধৰি লৈছিল। বাপেকক খুব গালি পাৰিছিল মাকে। অসীমে কোনো মন্তব্য দিয়া নাছিল। তার বাপেকে মাত্র কৈছিল- ‘নপঢ়ে যদি নালাগে পঢ়িব। পঢ়া-শুনা কৰি সিনো কি লাট চাহেবটো হ’ব?’ প্রায় স্বাভাবিকভাবেই, কোনো বিশেষ আলোড়ন নোহোৱাকৈ অসীমৰ ছাত্ৰ জীৱনৰ অকাল সমাপ্তি ঘটিল। অসীমৰ হাতত এতিযা বহুত সময়। স্কুল বাদ দি কি কৰিব সেয়াও সি ঠিক কৰি থৈছিল। যোৱা ছয়দিন ধৰি সিহঁতৰ গাঁৱৰে দিবাকৰ দাদাকৰ শিলৰ কুৱেৰীত সি শিল ভাঙিছে। মিঠাতেলৰ টিনেৰে এটিং শিল ভাঙিলে বিশ টকা পায়। ৰাতিপুৱা ৮ বজাতে সি পাহাৰখনৰ তলিলৈ যায়। লগত অলপ জলপান লৈ যায়। মাজতে সেইখিনি খাই গছৰ তলতে গামোচা এখন পাৰি লৈ দীঘল দি অলপ জিৰণি লয়। তাৰ পিছত সি আকৌ শিল ভঙা কামত লাগি যায়। গধূলি ৫ মান বজাত সি ঘৰলৈ ওভতে। দিনটোত সি মাত্র তিনি টিনহে শিল ভাঙিব পাৰে। টিনে প্রতি বিশ টকাকৈ যাঠি টকা তাৰ উপাৰ্জন হয়। ঘৰলৈ আহি টকাখিনি সি মাকৰ হাতত জমা দিয়ে। প্রতিদিনে মাকে দুখ কৰি কিবা এষাৰ কয়। পুতেকৰ কষ্ট দেখি মাকৰ বুকুখন ভাগি যাব খোজে। অসমীৰ মন কিন্তু একধৰণৰ সন্তুষ্টিৰ ভাবেৰে উপচি পৰে।
কষ্ট হয়। হাতুৰী দাঙি একেৰাহে কেইবাঘণ্টাজুৰি শিল ভঙা কামটো সুখৰ মুঠেই নহয়। গাত বল লাগে, মনত ধৈর্য লাগে। কেতিয়াবা ভাগৰত সি ফোঁপাই থাকে। কান্ধ বিষাই যায়। আঙুলিত জলা বান্ধে। গালে-মুখে-চকুৱে শিলৰ গুড়ি জোৰেৰে ছিটিকি পৰে। বুকুৰ বিষত ৰাতি টোপনি নাহে ভালকৈ। হাতৰ তলুৱাৰ কোমল ছালবোৰ ৰঙা পৰি পৰি ডাঠ হৈ গৈছে। পুৰণি ছাল এৰাই গৈছে। হাতখন খহটা হৈ গৈছে। কষ্ট হয়। বৰ কষ্ট হয়। একো নাই। অভ্যাস হ’লে এসময়ত সহজ হৈ যাব। অসীমে ভাবে।
আজি অসীমৰ ভাগৰটো অলপ বেছিকৈ লাগিছে। গাটো বেয়া লাগিছে। মূৰটো ঘূৰাইছে। হয়তো সেইবাবেই দুবাৰমান আঙুলিতো হাতুৰীৰ কোব পৰিছে। এটা আঙুলি ফাটি তেজ ওলাই গৈছে। হয়তো আজি অলপ খৰকৈ শিল ভাঙিব খুজিছিল। দুই হাতৰ তাল নিমিলাত কোব পৰিলগৈ বাঁওহাতৰ আঙুলিত। আগতে হাতত অলপ কটা-ছিঙা হৈ তেজ ওলালেই সি বৰ ভয় খাইছিল। আজি সি সিমান ভয় খোৱা নাই। টান টান শিলবোৰ ভাঙি তাৰ মনটোও তেনেহ’লে অলপ টান হৈছে- অসীমে ভাবে। কিন্তু থেতেলা খোৱা আঙুলিটো বৰকৈ বিষাইছিল। গতিকে সাতে-সোতৰই মিলি সি সোনকালে ঘৰলৈ উভতিল। সোনকালে মানে ৫ বজাৰ ঠাইত ৪ বজাত।
ঘৰত সোমায়েই সি টকা ষাঠিটা মাকৰ হাতত দিলে। লগে লগে মাকৰ চকু তাৰ বাঁওহাতৰ আঙুলিটোত পৰিল। মাকে হুলস্থুল লগাই দিলে-
‘কি হ’ল তোৰ আঙুলিত?’
‘একো হোৱা নাই।’- অসীমে লুকুবাব খুজিলে। কিন্তু মাকক ফাঁকি দিয়া ইমান সহজ নাছিল। আঙুলিত বন্ধা ফটা কাপোৰখন তেজত তিতি আছিল। মাক ফেকুৰি উঠিল।
‘ঠিক হৈ যাব। বন শেউলিৰ পাতৰ ৰস দিছো।’- অসীমে মাকক সান্ত্বনা দিবলৈ চেষ্টা কৰিলে।
‘একো নহয় দে। কাইলৈকে শুকাই যাব।’- কর্কশ মাতেৰে নির্দয়ভাবে বাপেকে কৈ উঠে। অসীমৰ বুকুখন বিষাই উঠিব খোজে।
তীব্র দৃষ্টিৰে মাকে বাপেকৰ চকুলৈ চাই থাকিল। এইবাৰ বাপেকে মাকলৈ চাই ক’লে-
‘দে টকাকেইটা মোক দে-‘
প্রচণ্ড ক্ৰোধৰ দৃষ্টিৰে মাকে বাপেকৰ ফালে একেথিৰে চায়েই থাকিল। তালৈ ভ্রূক্ষেপকে নকৰি বাপেকে পুনৰ ক’লে- ‘দে টকাকেইটা মোক দে
এইবাৰ মাকৰ ধৈৰ্যৰ বান্ধ খুলি গ’ল। খঙত মাক থক্সক্কৈ কঁপিছে। এসময়ত মাক গর্জি উঠিল-
‘কিয় লাগে টকা আপোনাক? সেই মদসোপা গিলিবলৈ?’
‘মদ খাওঁ, কি খাওঁ সেয়া মোৰ কথা’- চিঞৰি উঠিল বাপেক।
সমানেই চিঞৰি উঠিল মাক- ‘সেই ল’ৰাটোৱে গাৰ তেজ-ঘাম মাটিত পেলাই অর্জা টকাকেইটাও আপোনাক মদ খাবলৈ দিব লাগে?’
‘পেটৰ পোৱালিয়ে মাক-বাপেকক চায়েই নির্লিপ্ত সুৰত কয় বাপেকে।
‘আপোনাৰ কু-স্বভাৱৰ বাবেই সি পঢ়া এৰিলে। আৰু এতিযা সি আপোনাক মদ খোৱাৰ টকাও দিব লাগিব ?
‘আলবৎ দিব লাগিব।’
‘লাজ নালাগে আপোনাৰ ?’
অসীমক আচৰিত কৰি দি বাপেকে মাকক প্রচণ্ড চৰ এটা শোধাই দিলে। তাৰ পিছত এটা বন্য জন্তুবে কেঁচা মাংস থাপ মাৰি কাটি লোৱাৰ দৰে বাপেকে মাকৰ হাতৰ পৰা টকাকেইটা চোঁ মাৰি কাঢ়ি লৈ গ’ল। হতবাক হৈ সেই দৃশ্য চাই ৰ’ল অসীমে। খং, দুখ, লাজ আৰু অপমানত অস্থিৰ হৈ পৰিছিল অসীমৰ মাক। মাটিত বাগৰি বাগৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে মাকে। মাক-বাপেকৰ চিঞৰ-বাখৰ শুনি ভনীয়েক আজলী ইতিমধ্যে ক’ৰবাৰ পৰা দৌৰি আহিছিল। মাকক সেই ৰূপত দেখি
তায়ো চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ইপিনে বাপেকৰ জিভাই কেতিয়াবাই লেকাম ছিঙিলে। অবাইচ মাতেৰে তেওঁ ঘৈণীয়েক আৰু অসীমকো গালি পাৰি থাকিল।
এনেকুৱা ঘটনা আজিয়েই প্রথম নহয়। অসীমৰ বাবে এই দৃশ্য তেনেই চিনাকি।
প্রতিটো গধূলিতেই এই ঘটনা ঘটি আহিছে। মাকক ডকা-হকা দি, দৰকাৰ হ’লে মাৰপিট কৰি মাকৰ দিনটোৰ কষ্টৰ আৰ্জনখিনি বাপেকে এনেকৈ কঢ়ি লৈ যায়। সেই পইচাৰে ক’ৰবাত মদ এসোপা গিলি আহি ৰাতিলৈ আৰু এখন কুৰুক্ষেত্ৰ কৰিব।
অসীমৰ কিতাপ-বহী দলিয়াব, মাকক মাৰিব। তর্জন-গর্জন কৰি এসময়ত ভাগৰত লবেজান হৈ খাটখনত দীঘল দি পৰি যাব। অলপ পিছত টোপনিত লালকাল দি মানুহজন শৰ দৰে লাং খাই পৰি থাকিব। নেকুৱা ঘটনাৰ সৃষ্টি হ’লে সি কি কৰিব লাগে অসীমে নাজানে। ভয় আৰু উত্তেজনাত কেতিয়াবা তাৰ উশাহ বন্ধ হৈ যাব খোজে। বুকুখনৰ ধপ্ ধপ্ শব্দ সি যেন নিজেই শুনিবলৈ পায়। তাৰ ভয় লাগে। দুখ লাগে। খং উঠে। বিৰক্তি লাগে। ক’ৰবালৈ গুচি যাবলৈ মন যায়। মুকলি মনেৰে দীঘলকৈ উশাহ ল’বলৈ মন যায়। এই দুখ-যন্ত্রণা আৰু বিৰক্তিৰ পৰা বহুত বহুত দূৰলৈ গুচি যাবলৈ তাৰ মন যায়। আজিও তেনে ইচ্ছাই হ’ল তাৰ। ঘৰৰ বাহিৰ হৈ কাঁথিত ভৰি দিলে অসীমে। দেখিলে চোতালত গধূলিৰ আন্ধাৰত কোনোবা এজন থিয় হৈ আছে। ভালকৈ মন কৰি দেখিলে- নির্মল। নিৰ্মলৰ কাষেৰেই প্রায় দৌৰাৰ দৰে অসীম গুচি গ’ল। নির্মলক মাত এষাবো নিদিয়াকৈ। নির্মলেও অসীমৰ মুখৰ ফালে চাব নোৱাৰিলে। সি অসীমক লগ পাবলৈ আহিছিল। তাৰ লগত কথা পাতিবলৈ আহিছিল। জানিবলৈ আহিছিল- কি হৈছে অসীমৰ। নির্মলে জানিলে- কি হৈছে অসীমৰ। অসীমে নোকোৱাকৈয়ে। নির্মলে মূৰটো ঘূৰাই পদুলিৰ ফালে চালে। ইতিমধ্যে অসীম পদূলিৰ আন্ধাৰৰ মাজত অদৃশ্য হৈ গৈছিল।
অসীমৰ আঙুলিৰ বিষটো অলপ কমিছে যদিও সম্পূর্ণকৈ ভাল পোৱা নাই। এতিয়াও আঙুলিটো ফুলি আছে। তথাপি আজিও সি শিল ভাঙিবলৈ ওলাইছে। তাৰ মনটো বৰ দুৰ্বল হৈ পৰিছে। মনটো দুর্বল হোৱা বাবেই চাগৈ শৰীৰটোও অবশ অৱশ লাগিছে। কালিৰ ঘটনাটোৱে তাৰ মনৰ মাজত ক্ষীণকৈ হ’লেও জ্বলি থকা আশাৰ চাকিগছি নুমুৱাই পেলাইছে। এক নিৰাশাৰ মাজতো অকণমান আশা সি বুকুত সাঁচি বাখিছিল। সি ভাবিছিল- সি স্কুল বাদ দিয়া কথাটোরে বাপেকক অলপ হ’লেও পৰিৱর্তন কৰিব। পঢ়া-শুনা বাদ দি ঘৰখনৰ বাবে সি শিল ভঙা কথাটোৱে বাপেকৰ কঠিন অন্তৰখন অলপহ’লেও গলাই দিব। কিন্তু সেই সকলো আশাই মিছা হ’ল। সি স্কুল বাদ দিয়া কথাটো বাপেকে যেন ভালহে পাইছে। আৰু এতিয়া দিনটো কষ্ট কৰি শিল ভাঙি পোৱা পইচাখিনিও বাপেকক লগা হ’ল মদ খাই স্ফূৰ্তি কৰিবলৈ। শিল ভাঙি থাকিলে, যেতিয়া ভঙা শিলৰ দ’মটো ক্রমান্বয়ে ডাঙৰ হৈ গৈ থাকে তাৰ ভাগৰবোৰ বাঢ়ি গৈ থাকে, গাটো দুর্বল হৈ গৈ থাকে, কিন্তু মনটো ভাল লাগি গৈ থাকে। যিমানেই বেছি শিল ভাঙিব পাৰিব সিমানেই বেছি পইচা পাব। কিন্তু এতিয়া সেইখিনিও নিৰৰ্থক যেন হৈ পৰিল। বাপেকৰ এনেকুৱা অন্যায় দাবীত সি কি কৰা উচিত? ইমান দিনে সি নীৰবেই আছে। ভয় আৰু ভক্তিত। কিন্তু সি বাপেকক ভয় কৰা বাবে, প্রতিবাদ নকৰা বাবে বাপেকৰ দাবীবোৰ বাঢ়ি গৈ আছে। মাকৰ ওপৰত জোৰ-জুলুম, মাৰপিট বাঢ়ি গৈ আছে। মাকক এই কষ্টৰ পৰা উদ্ধাৰ কৰাৰ বাবে সি প্রতিবাদ কৰাই ঠিক নহ’বনে? কিন্তু তেতিয়া বাপেকে নির্ঘাত তাৰ ওপৰত হাত তুলিব। তেতিয়া সি কি কৰিব? দেউতাকৰ লগত মাৰপিট কৰিব? ছিঃ ছিঃ। সি এনে কথা কেনেকৈ ভাবিব পাৰিলে? তেনেহ’লে সি কি কৰিব? কথাবোৰ তাৰ জট লাগি যায়। তাৰ মূৰে কাম নকৰা হয়। নিজৰ বাপেকক অন্তৰেৰে শ্রদ্ধা কৰিব নোপোৱাটো সন্তানৰ বাবে এটা ডাঙৰ দুখ। অসীমে ভাবে। এই দুখৰ কথা কাকো ক’ব নোৱাৰি। মাককো। নির্মলকো।
সঁচাকৈয়ে নির্মলকো ক’ব নোৱাৰিনে। কালি গধূলি সি বাৰু কিয় তাৰ ঘৰলৈ আহিছিল? আগতেতো কেতিয়াও সি তাৰ ঘৰলৈ অহা নাই। আৰু যে সিদিনা সি তাক সুধিছিল- ‘তোৰ কি হৈছে মোক ক’বি অসীম?’ তাৰ খুব ক্ষীণ কণ্ঠেৰে অথচ গভীৰভাৱে কোৱা শব্দকেইটা এতিয়াও যেন তাৰ কাণত বাজি আছে। আপোন কাৰোবাক, অন্তৰংগ কাৰোবাকহে তেনেদৰে কথা ক’ব পাৰি। নির্মলে তাক নিজৰ বুলি ভাবে? অথচ সিতো পঢ়াত তাৰ প্ৰতিদ্বন্দ্বী আছিল। সিদিনা সি নির্মলৰ ওচৰৰ পৰা দৌৰি পলাইছিল। আনকি কালিও। অথচ নির্মলৰ কথাষাৰ মনলৈ আহিলে সি যেন দুর্বল হৈ যাব খোজে। বুকুখনত আৱেগবোৰে যেন ঢৌ তুলি সংযমৰ পাৰ বাগৰি যাব খোজে। ডিঙিত কিবা এসোপাই হেঁচা মাৰি ধৰে। চকুদুটা তিতি আহিব খোজে। বুকুত জমা হৈ থকা, কাকো ক’ব নোৱৰা কথাবোৰ ওঁঠলৈ আহিব খোজে। বহুত, বহুত কথা ক’বলৈ মন যায়। কিন্তু কথাবোৰ কেনেকৈ ক’ব? এইবোৰ কথা কেনেকৈ ক’ব লাগে সি নাজানে। আম ফর্মুটিয়াবলৈ যোৱাৰ কথা, বৰশী বাবলৈ যোৱাৰ কথা বা পুজাত যাত্রা পার্টি চোৱাৰ কথা পাতিবলৈ সমস্যা নাই। কিন্তু এইবোৰ কথা।
কথাবোৰ ভাবি ভাবি আহি অসীমে কেতিয়া যে স্কুলৰ সন্মুখ পাইছে তাৰ খেয়ালেই নাছিল। সি স্কুলৰ গেটৰ ওচৰত ব’ল। ল’ৰা-ছোৱালীবোৰ স্কুললৈ আহিবলৈ এতিয়াও বহুত সময় বাকী। সদায়েই সি যেতিয়া ৰাতিপুৱা শিল ভাঙিবলৈ যায়, স্কুল চৌহদটো নির্জন হৈ থাকে। আৰু শিল ভাঙি অহালৈকে আন্ধাৰ হ’বলৈ আৰম্ভ কৰে। তেতিযাও স্কুল চৌহদটো নির্জন হৈ থাকে। সি নিজেও স্কুল আৰম্ভহোৱাৰ আগত ঠাইখিনি পাৰ হৈ যাবলৈ বিচাৰে। আৰু শিল ভাঙি উভতি আহিব বিচাৰে স্কুল ছুটীৰ পিছত। সি লগৰ কাকো লগ পাবলৈ নিবিচাৰে। তাৰ লাজ লাগিব। মনটোও বেয়া লাগিব। কিন্তু তথাপি তাৰ মনটো বেয়া লাগেই। স্কুলৰ ওচৰ পালেই একধৰণৰ দুখৰ অনুভৱে তাক দুর্বল কৰি পেলায়। তাৰ খোজবোৰৰ বেগ কমি যায়। গোটেই চৌহদটো অসীমে ভালকৈ চালে। চৌহদটো এতিয়াও কুঁৱলীয়ে আৱৰি ৰাখিছে। অসীমে বকুলজোপলৈ চালে। খুব যেন অন্তৰঙ্গ বন্ধু এজনক সি স্কুলৰ ভিতৰত এৰি থৈ আহিল- এনে লাগিল তাৰ। সি নিজেই যেতিয়া সমনীয়াৰ সঙ্গৰপৰা আঁতৰি ফুৰিবলৈ আৰম্ভ কৰিছিল, এই বকুলজোপাই তাৰ আপোন হৈ পৰিছিল। বকুলজোপাৰ তলতে বহি বহি সি নিজৰ কথাবোৰ ভাবিছিল। আনকি পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখনো এটা বেলা বকুলজোপাৰ তলতেই বহি বহি পাৰ কৰি দিছিল। বকুলজোপালৈ তাৰ বৰ দুখ লাগিল। বহুত কথা তাৰ মনত পৰিল। সি পঞ্চম শ্রেণীত যেতিয়া নাম লগাইছিল, কেইদিনমানৰ ভিতৰতে সি সকলোৰে মন জয় কৰি পেলাইছিল। বিশেষকৈ গণিতত খুব চোকা বুলি সকলোৱে তাক প্রশংসা কৰিছিল। গণিতৰ শিক্ষক মহেন্দ্ৰ মাষ্টৰে এদিন সকলোৰে সন্মুখতে মৰমেৰে তাৰ পিঠিত চপৰিয়াই কৈছিল- ‘জুবেল- ই আমাৰ স্কুলৰ জুবেল।’ সি বুৰ্বকৰ দৰে মুখ মেলি মহেন্দ্ৰ মাষ্টৰৰ ফালে চাই ৰৈছিল। ‘জুৱেল’ শব্দৰ অৰ্থ সি নাজানিছিল। মহেন্দ্র মাষ্টৰে হাঁহি মাৰি ধমক দি কৈছিল-‘জুৱেল মানে মুকুতা গাধ।’ তাৰ লাজ লাগি গৈছিল। সেই মহেন্দ্ৰ মাষ্টৰেই সিদিনা তাক কাণতলীয়া চৰ এটা শোধাই চিঞৰি কৈছিল- ‘তই অধঃপাতে গ’লি।’ অসীমে অনুভৱ কৰিলে তাৰ চকুদুটা যেন সেমেকি উঠিব খুজিছে। এই যে চকুদুটা। বিৰক্তিৰে খুব জোৰেৰে চকুদুটা মোহাৰি দিলে অসীমে। তাৰ পিছত পাহাৰৰ তলিলৈ বুলি সি দৌৰিবলৈ ধৰিলে। অসীমৰ বহুত পলম হৈছিল। ইতিমধ্যেই শিল ভঙা সকলো ল’ৰা পাহাৰৰ তলি আহি পাইছিল। অসীম উপস্থিত হোৱাৰ লগে লগেই ৰমেনে তাক জোকালে-
‘কি অ’ অসীম? এদিন হাতৰ আঙুলিত হাতুৰীৰ কোব এটা পৰোঁতেই ইমান দেৰি কৰিলি?’ ‘বোপা ৰাজকোঁৱৰ। ইমান ঢিলা হ’লে শিল ভাঙিব নোৱাৰিবি।’- দীপকে যোগ দিলে। ‘অ’ হাতুৰীয়ে তোৰ আঙুলিহে ভাঙি গুড়ি কৰি দিব বেটা-‘ ৰতনে কথাষাৰ কৈ এটা অশ্লীল শব্দ উচ্চাৰণ কৰিলে। প্রথমতে এনে অবাইচ মাত শুনোতে অসীমৰ লাজত কাণ-মূৰ গৰম হৈ গৈছিল। আজি তাৰ তেনে হোৱা নাই। বৰং সিও ওলোটাই এটা অশ্লীল শব্দেৰে প্ৰত্যুত্তৰ দিলে। কিন্তু তেনে শব্দ উচ্চাৰণ কৰাৰ যি সুৰ আৰু ভঙ্গিমাৰ দৰকাৰ, সেয়া সি এতিয়াও আযত্ত কৰিব পৰা নাই। গতিকে শব্দটো শুনিবলৈ ‘অদ্ভুত’ লাগিল। শিল ভাঙি থকা গোটেইমখা ল’ৰা হাঁহিত ফাটি পৰিল। অসীম কিন্তু অকণো নার্ভাছ নহ’ল। সিও হাঁহি দিলে। ‘ই বেটাই সোনকালেই আমাৰ লাইনত খাৰা হৈ যাব অ’।’- বতনে অসীমব তাৰিফ কৰিলে। ‘জুবেলতো। ৰমেনে মন্তব্য কৰিলে। অসীম চক খাই উঠিল। হঠাৎ সি দমি গ’ল। ৰমেন তাৰ সহপাঠী আছিল। অংকত একদম গাধা আছিল সি। মহেন্দ্ৰ মাষ্টাৰৰ হাতত সি সদায়েই বাঁহৰ গধপা স্কেলৰ কোব খাব লগা হৈছিল। তিষ্ঠিব নোৱাৰি সি স্কুলেই বাদ দিছিল। বহুত বছৰ আগতেই, ষষ্ঠ শ্রেণীত থাকোঁতেই। তেতিয়া অসীম শ্ৰেণীটোৰ এক নম্বৰ আছিল। মহেন্দ্র মাষ্টবে অসীমক ‘জুৱেল’ বোলা কথাষাৰ তাৰমানে ৰমেনৰো এতিয়াও মনত আছে। অসীমৰ বৰ অশান্তি লাগিল। এইবোৰ কথা সি কাৰো মনত থকাটো নিবিচাৰে। নিজেও সি এইবোৰ কথা পাহৰি যাব খোজে।
বাকীবিলাকে ৰমেনৰ কথাৰ অৰ্থ বুজিব নোৱাৰি তাৰ ফালে চাইছিল। ৰমেনে সিহঁতক তাৰ কথাৰ অৰ্থটো বুজাই দিলে- ‘মহেন্দ্র তপাই অসীমক তাৰ স্কুলৰ জুৱেল বুলি কৈছিল। জুবেল। মুকুতা। আৰু মোক কৈছিল বলধ। আৰু এতিয়া চাল্লা জুৱেলে বলধে একেলগে শিল ভাঙিব লাগিছো।’- এটা বিকৃত স্বৰত ৰমেনে হাঁহিবলৈ ধৰিলে।
মহেন্দ্র তপা মানে মহেন্দ্র মাষ্টৰ। মহেন্দ্র মাষ্টৰৰ ওপৰত তাৰ খং তাৰমানে এতিয়াও আছে। আৰু আজি যে সুযোগ বুজি সি অসীমক এইবোৰ কৈছে, তাৰমানে অসীমৰ প্ৰতিও তাৰ একপ্ৰকাৰৰ খং আছে। মহেন্দ্র মাষ্টৰে তাক জুৱেল বুলি কৈ ৰমেনক বলধ বুলি কওঁতে ৰমেনৰ নিশ্চয় খুব বেয়া লাগিছিল। তেতিয়া অসীম সৰু আছিল, এইবোৰ কথা বুজি পোৱা নাছিল। আজি অসীমে নিজৰ অভিজ্ঞতাবে এই কথাবোৰ অনুভৱ কৰিব পাৰে। ৰমেনলৈ তাৰ বৰ সংকোচ লাগিল। হ’ব- একেলগে আৰু কিছুদিন শিল ভাঙিলে বমেনে তাক সহজভাবে ল’বলৈ আৰম্ভ কৰিব। ‘দুদিন আগ-পিছ। মই আগতে স্কুল এৰিলো। তই জুৱেল আছিলি বাবে দুদিন পিছত এবিলি। বচ।’- ৰমেনৰ ভিতৰত অতদিনে সোমাই থকা ক্ষোভবোৰ যেন জোৰেৰে ওলাই আহিব লাগিছে। অসীমে নিজব নির্দিষ্ট ঠাইটুকুৰাত বহিল। ৰমেনক সি একো নক’লে। সিহঁত একেলগে সাতজন ল’বাই শিল ভাঙে। ৰমেনে যদি মহেন্দ্ৰ মাষ্টৰৰ মাৰ খাই স্কুল এৰিলে, দীপকে বা কাৰো মাৰ নোখোৱাকৈয়ে বাদ দিলে। বতনে আকৌ কোনোদিন স্কুলৰ মুখকে নেদেখিলে। সিহঁত গোটেইকেইটাৰ ঘৰৰ অৱস্থা বেয়া। শিলৰ দৰেই সিহঁতৰ জীৱনবোৰো কঠিন। মাত-কথাও কর্কশ। খাৰাংখাচ। এইখন এখন বেলেগ পৃথিৱী। কঠিন। শিলাময় পৃথিবী। বেছি ভাবি, দুখ কৰি থকাৰ সময় ইয়াত নাই। অসীমে হাতুৰীটো তুলি লৈ প্রচণ্ড জোৰেৰে শিল এটাত কোব মাৰি দিলে। শিলটো দুটুকুৰা হৈ দুটা বিপৰীত দিশত ছিটিকি পৰিল।
বাকীবোৰ লগৰীয়া গ’লগৈ। শিলবোৰ মিঠাতেলৰ টিনেৰে হিচাপ কৰি দিবাকৰ বোলা মানুহজনে সকলোকে প্রাপ্য টকাখিনি দি দিলে। দিবাকৰক এই কুৱেৰীটোৰ মালিক পৰেশ বোলা মানুজনে চোৱা-চিতা কৰিবলৈ ৰাখিছে। মালিক সাধাৰণতে কুৱেৰীটোলৈ নাহে। দিবাকৰক কুৱেৰীটো চাবলৈ দি মালিকে নিশ্চিন্ত হৈ লৈছে। মালিকে ৰাস্তা-ঘাটৰ ঠিকাৰ কাম কৰে। কেইবাঠাইতো আন ব্যবসায়ো আছে। অসীমে ইমানবোৰ খবৰ লোৱাৰ বাবে কোনো আগ্রহ অনুভৱ নকৰে। বহুত কথা সি বুজিও নাপায়। সি মাত্র এটা কথাই জানে তাৰ মালিক এজন খুব টকা থকা মানুহ। ডাঙৰ মানুহ। মানুহবোৰে মালিকক খুব ভয় কৰে। বিছরে-পূজাই মানুহজনক কমিটীবোৰে আদব-সাদৰ কৰে, মঞ্চত গামোচা পিন্ধায়। অসীমহঁত সৰু ল’ৰা, সক কাম কৰে। মানুহজনৰ লগত মুখামুখি হোৱাৰ প্রয়োজন নহয়। সিহঁতৰ সম্পর্ক দিবাকৰ দাদাকৰ লগত। অসীমে তাৰ পাব লগা টকাখিনি ল’লে। কিন্তু সি এতিয়াও ঘৰলৈ যোৱা নাই। যোৱাৰ কোনো ইচ্ছা হোৱা নাই তাৰ। এতিয়া ঘৰত বাপেকে নিশ্চয় তালৈ অপেক্ষা কবি আছে। এতিয়াই ঘৰলৈ গ’লে তাৰ দিনটোৰ কষ্টৰ উপাৰ্জনখিনি পানীত পৰিব। মদ খাবলৈ সেই পইচাখিনি বাপেকে গাৰ বলেৰে কাঢ়ি লৈ যাব। তাৰ বৰ ভাগৰ লাগিছে। ঘৰলৈ গৈ খাটত শুব পাৰিলে অলপ আৰাম পালেহেঁতেন। সেই আশা সদ্যহতে সি বাদ দিলে। এছটা বহল শিলত অসীম শুই পৰিল। অলপ অলপকৈ আন্ধাৰ জমিবলৈ আৰম্ভ কৰিছে। পাহাৰৰ খোৰোংবোৰত ইতিমধ্যে বেছিকৈয়ে আন্ধাৰ জমা হৈছে।
দেউতাক কিয় এনেকুৱা হ’ল? আগতে দেউতাকে মদ নাখাইছিল। আজি কেইবছৰমানৰ পৰাহে দেউতাকে মদ খাবলৈ লৈছে। গাঁৱত মদ খোৱা মানুহবোৰক কোনেও ভাল চকুৰে নাচায়। মদ খোৱা মানুহক সিও ভাল নাপায়। তেনেকুৱা মানুহক খুব ভয় কৰে সি। প্রথম যিদিনা ৰাতি মদ খাই দেউতাকে ঘৰ সোমাইছিল, তাৰ বৰ ভয় লাগিছিল। দেউতাকৰ মুখৰ পৰা সেইদিনা যেতিয়া অচিনাকি তীব্ৰ গোন্ধ এটা তাৰ নাকত লাগিছিল। তাৰ বমি বমি লাগি গৈছিল। দোৰোল খোৱা জিভাৰ শব্দবোৰ অস্পষ্ট হৈ ওলাইছিল। অকাৰণতে মানুহজনে উচ্চস্বৰে হাঁহিছিল। চিঞৰি চিঞৰি কান্দিছিল। লাগ-বান্ধ নোহোৱা কথা এসোপা মানুহজনে অন্তহীনভাবে বকি গৈছিল। গোটেই দৃশ্যটো তাৰ বৰ আচহুৱা লাগিছিল। তাৰ বাপকো তাৰমানে মদপী হৈ গ’ল। তাকো তাৰমানে মানুহে এতিয়াৰ পৰা মদপীৰ পুতেক বুলি ক’ব? তাৰ বৰ দুখ লাগিছিল। তাৰ বাপেকে মদ খোৱা কথাটো গাঁৱত লাহে লাহে সকলোৱে গম পাব। তাৰ স্কুলৰ শিক্ষকবোৰেও গম পাব। লগৰীয়াবোৰেও গম পাব। কোনোবাদিনা হয়তো বাপেকে মদ খাই ৰাস্তাত লাং খাই পৰি থাকিব বা ৰাস্তাই ৰাস্তাই প্রলাপ বকি বকি বেসুৰা মাতেৰে গান গাই গাই ঢলং-পলংকৈ গৈ থাকিব। পিছে পিছে এজাক ল’ৰা-ছোৱালীয়ে কিৰিলি পাৰি গৈ থাকিব। জাকটোত হয়তো তাৰ সমনীয়াবোৰো থাকিব। কথাবোৰ ভাবি, অদূৰ ভৱিষ্যতে ঘটিবলগীয়া ঘটনাবোৰৰ কথা ভাবি সেইদিনা সি বৰ আতংকগ্রস্ত হৈ পৰিছিল। সি কান্দিবও পৰা নাছিল। অথচ তাৰ বিৰাট দুখ লাগিছিল। মাকে কান্দিছিল। মনে মনে। ওচৰ-চুবুৰীয়াই নুশুনাকৈ। মাকক কন্দা দেখি ভনীয়েক আজলীয়েও কান্দিছিল। প্রথমে লাহে লাহে। পিছত জোৰে জোৰে। বাপেকে খঙত তাইক গঁতা মাৰি দি চিঞৰি উঠিছিল- ‘মনে মনে থাক।’ প্রচণ্ড ত্রাসত মুহূর্ততে তাইৰ কান্দোন বন্ধ হৈ গৈছিল। কিন্তু দুখবোৰ পাতলি যোৱা নাছিল। বৰং নতুন দুখ এসোপা হুৰমূৰকৈ তাইৰ কণমানি বুকুখনত সোমাই গৈছিল। মাজে মাজে ডিঙিৰ পৰা হিকটিৰ দৰে শব্দ এটা বাহিৰ ওলাইছিল। খুব ঘনকৈ তাই ফোঁপাইছিল। বুকুখন খুব জোৰেৰে উঠা-নমা কৰিছিল। মুখখন নীলা পৰিছিল। তাইৰ অৱস্থা দেখি ভয়তে মাক চিঞৰি উঠিছিল। আৰু আজলী এসময়ত অচেতন হৈ পৰি গৈছিল। মৰমিয়াল বাপেকৰ আচম্বিত পৰিবৰ্তনে, প্রথমবাৰৰ বাবে বাপেকৰ পৰা পোৱা কঠোৰ ব্যৱহাৰে বুকুত তোলা আৱেগৰ প্রচণ্ড ঢৌ চম্ভালিব নোৱাৰি আজলী অচেতন হৈ গৈছিল। এসময়ত ঘৰখনত যেন মৃত্যুৰ পিছৰ অস্বাভাৱিক নীৰৱ পৰিৱেশ বিৰাজ কৰিছিল। কিহৰ মৃত্যু? কাৰ মৃত্যু? ভাবি ভাবি এসময়ত অসীমে উপলব্ধি কৰিছিল- সঁচাকৈয়ে সিহঁতৰ ঘৰত কাৰোবাৰ মৃত্যু হৈছে। সেই ৰাতিয়েই যেন সিহঁতৰ মৰমিয়াল বাপেকজন মৰি থাকিল। মৃত্যু শোকে নির্বাক কৰিছিল তাক। মৃতকৰ ঘৰৰ চৌকাৰ জুই নজ্বলাৰ দৰে সিহঁতৰ ঘৰৰো চৌকাৰ জুই জ্বলা নাছিল সেইদিনা। সকলো লঘোণে আছিল। আনকি কণমানি আজলীও।
ৰাতি দেউতাকৰ লগত একেখন খাটত শুবলৈ ভয় লাগিছিল তাৰ। বাপেকৰ টোপনি অহাৰ পিছত ভয়ে ভয়ে সি খাটত উঠিছিল। টিপচাকিৰ ম্লান পোহৰত সি দেউতাকৰ ঘুমন্ত মুখখন চাইছিল। মানুহজনক ম্লান পোহৰৰ দৰেই ৰহস্যময় যেন লাগিছিল। অচিনাকি লাগিছিল। অথচ মানুহজন তাৰ বাবে তেনেই চিনাকি আছিল। মানুহজনে তাৰ চকুৰ আগত পৃথিৱীখনৰেই ৰহস্যৰ দুৱাৰবোৰ এখন এখনকৈ খুলি দিছিল। খুব মৰমেৰে। বাপেকক তাব এজোপা অতিকায় গছ যেন লাগিছিল। বাপেকৰ ওচৰত খুব নিৰাপদ অনুভৱ কৰিছিল সি। ঘটনাটো এটা ধুমুহাৰ দৰেই হঠাৎ আহিছিল। প্রচণ্ড শক্তি লৈ আহিছিল। মনে মনে আহিছিল। অতিকায় গছজোপা মাটিৰ খামোচ এৰি বাগৰি পৰিছিল। ওচৰৰ মানুহজন দূৰলৈ গুচি গৈছিল। বহু দূৰলৈ। সকলোৰে পৰা।