১৭৭৩ৰ নিয়ন্ত্রিতকৰণ আইনৰ দোষ-গুণ Regulating Act 1773

Nipusaikia
13 Min Read

১৭৭৩ চনত নিয়ন্ত্রিতকৰণ আইন

১৭৭৩ চনত নিয়ন্ত্রিতকৰণ(Regulating Act, 1773) আইনখন বলবৎ কৰি ভাৰতবৰ্ষত ন্যায় বিচাৰ ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন আনিলে। এই পৰিবৰ্তন বিশেষকৈ পৰিলক্ষিত হয় যেতিয়া এইখন আইনৰ অধীনত কলিকতাত উচ্চতম ন্যায়ালয়খন প্রতিষ্ঠা কৰে।

আইনখনে পৰিবৰ্তন আনিলে ভাৰতবৰ্ষত কোম্পানীৰ কাৰ্য্যকাৰী চৰকাৰৰ কাৰ্য্যপন্থা, সংগঠন আৰু বেঙ্গল, বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ ন্যাষিয়ক প্রশাসন প্রাণালীত।

এই আইনখৰৰ জৰিয়তে ভৰতবৰ্ষত আৰু ইংলণ্ডত কোম্পানীৰ সংগঠন শক্তিশালী কৰি গঢ়ি তুলিলে। কোম্পানীৰ ডিৰেক্টৰসকলৰ কাৰ্য্যকালৰ ম্যাদ বঢ়াই এবছৰৰ পৰা চাৰিবছৰ কৰা হ’ল।

গৱৰ্ণল জেনেৰেল আৰু চাৰিজন কাউন্সিলৰ সদস্যক লৈ কলিকতাত উচ্চতম কাউন্সিল গঠন কৰি কেন্দ্ৰীয় প্ৰাধিকাৰ দিয়া হ’ল।

কলিকতাৰ প্রেসিডেন্সিৰ সকলো অ-সামৰিক আৰু সামৰিক ক্ষমতা উচ্চতম কাউন্সিলৰ ওপৰতে অর্পণ কৰা হয়। ইয়াৰোপৰি, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰা উদ্দেশ্য আগত ৰাখি বোম্বাই আৰু মাদ্রাজৰ প্রেসিডেন্সি দুখনক উচ্চতম কাউন্সিলৰ অধীনলৈ আনিলে।

১৭৭৩ৰ নিয়ন্ত্ৰণ আইন কি ?

নিয়ন্ত্রণ আইনখন ১৭৭৩ চনত পাছ কৰি কোম্পানী ওপৰত বৃটিছ সংসদৰ নিয়ন্ত্রণ অতি কটকটীয়া কৰা পৰিলক্ষিত হয়। সামৰিক আৰু অসামৰিক বিষয়সমূহৰ ওপৰত সকলো খবৰ-বাৰ্তা নিয়মিয়াকৈ কোম্পানীয়ে ইংলেণ্ডৰ ৰাজ্য সচিবক দিয়াটো বাধ্যতামূলক কৰিলে।

আইনখনে কলিকতাৰ উচ্চতম কাউন্সিলক আইন-প্ৰণয়ন কৰা ক্ষমতা প্রদান কৰে। গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলে যাতে জাধে মধে নিয়ম-নীতি আৰু বিধি আদি প্রণয়ন কৰিব নোৱাৰে সেই কৰণে আইনখনে ব্যৱস্থা দিয়ে যে যি বিধি-বিধান বা নিয়ম-নীতি ৰচনা কৰে তাক প্রথমতে উচ্চতম ন্যায়ালয়ত পঞ্জীভূত কৰিব লাগিব আৰু উচ্চতম কাউন্সিলৰ অনুমোদন পাব লাগিব তেতিয়াহে সেই বিধি-বিধান বা নিয়ম-নীতি প্রযোজ্য হ’ব।

উচ্চতম নায়ালয়ৰ যিসকল ন্যায়াধীশ বেৰিষ্টাৰ তেওঁলোকে আইন পঞ্জীয়ন কৰোতে চালি জাৰি চাব লাগিব যাতে আইন ভাল আৰু ফলপ্রসূ হয়।

নিয়ন্ত্রণ আইনখনে বৃটিছ চৰকাৰক কলিকতাত উচ্চতম ন্যায়ালয় স্থাপন কৰিবৰ বাবে চনদ জাৰী কৰা ক্ষমতা প্রদান কৰে। এনে আইনী ব্যৱস্থাৰ পাছত ১৭৭৪ চনত ৰজাই এখন চনদ জাৰী কৰে আৰু ইয়াৰ আধাৰত কলিকতাত উচ্চতম ন্যায়ালয় স্থাপন হয়। এই আদালতৰ ন্যায়াধীশসকল বৃত্তিগত আর্হতাসম্পন্ন হ’ব লাগিব।

তেওঁলোকক বজাই নিযুক্তি দিব, কিন্তু কোম্পানীয়ে নহয়। ৰজাই যিমান দিন বিচাৰে সিমান দিনলৈকে তেওঁলোকে কার্য্যনির্বাহ কৰিব পাৰিব। এইদৰেই কোম্পানীৰ কবলৰ পৰা আনি উচ্চতম ন্যায়ালয়ক স্বতন্তৰীয়া কৰি গঢ়ি তুলিলে। উচ্চতম ন্যায়ালয়ৰ ওপৰত

উচ্চতম কাউন্সিলৰ কোনো ধৰণৰ এক্তিয়াৰ নাই। আগৰ তুলনাত এই ন্যয়ালয়খনৰ এক্তিয়াৰ আৰু ক্ষমতা বহুগুণে বৃদ্ধি হ’ল। উচ্চতম ন্যায়ালয়ে হুকুম জাৰী কৰা অধিকাৰ পায়।

গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ সদস্যৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ অস্পষ্টতা

গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ সদস্যক গুৰুতৰ অপৰাধ কৰা বাহিৰে যিকোনো অপৰাধত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। এই আইনখনৰ দিশটো হ’ল- এই যে, ন্যায়াধীশসকলে উপহাৰ, দান, পুৰস্কাৰ আদি লোৱা আইনখনে বন্ধ কৰি দিলে যাতে ন্যায্য প্রদানত দুর্নীতি হ’ব নোৱাৰে।

দোষসমূহ

১৭৭৩ব নিয়ন্ত্রণ আইনখনত ভুল-ত্রুটি থকা দেখা যায়। আইনখন অস্পষ্ট হোৱাত আৰু ত্রুটি থকাৰ কাৰণে উচ্চতম কাউন্সিল আৰু উচ্চতম ন্যায়ালয়ৰ মাজত সঘনে সংঘর্ষ হোৱা দেখা যায়। ওৱাৰেণ হেষ্টিংচৰ কাৰ্য্যকালত কাউন্সিলৰ সদস্য আৰু গৱৰ্ণৰ জেনেৰেলৰ মাজত হোৱা বাদ-বিবাদ উল্লেখযোগ্য। আইনখন বিশ্লেষণ কৰিলে প্রধান দোষসমূহ দেখা যায় যে-

গৱৰ্ণৰ জেনেৰেল আৰু চাৰিজন কাউন্সিলৰ সদস্যক লৈ কাৰ্য্যকৰী সভাখন (Governor General in Council) গঠিত হৈছে। ই কাৰ্য্যকৰী (Executive) অৰ্থাৎ চৰকাৰ।

সংখ্যাগুৰু সদস্যৰ মতামতেৰে সভাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। যদি কোনো সিদ্ধান্ত গ্রহণ কৰাত মত বিৰোধ হৈ বিভাজন হয় আৰু এই বিভাজন যদি সমান সমান হয় তেনে পৰিস্থতিত গৱৰ্ণৰ জেনেৰেলে তেওঁৰ নিজৰ ভোট দি সিদ্ধান্ত ল’ব পাৰে।

গৱৰ্ণৰ জেনেৰেল কাউন্সিলৰ সদস্যৰ নাম নিয়ন্ত্রণ আইনখনতে উল্লেখ কৰা হৈছে। গৱৰ্ণৰ জেনেৰেল আৰু কোম্পনীৰ বিষয়া ৰিচাৰ্ড বাৱেলক (কোম্পানীৰ প্ৰতিনিধি) নিযুক্তি দিয়ে।

বাকী তিনিজন ক্লেভাৰিং, মনচন আৰু ফ্রোন্সিক সভাৰ সদস্য হিচাপে ইংলেন্ডে পঠায়। এই ইংলেণ্ডৰ পৰা অহা সদস্যকেইগৰাকীয়ে ভাৰতত কোম্পানীৰ আদব কাইদা, আৱাহাৱা জনা নাছিল আৰু তেওঁলোকে পোনে পোনে ইংলেণ্ডৰ পৰা অহা বাবে উৎকৃষ্ট মনোভাৱ ৰোগত ভুগি আছিল।

এনে মানসিকতাৰ কাৰণে কালক্ৰমত গৱৰ্ণৰ জেনেৰেল ওৱাৰেণ হেষ্টিংচ আৰু সদস্যৰ মাজত প্ৰৱল মতবিৰোধিতাই গা কৰি উঠিল। উল্লেখযোগ্য যে আইনখনে গৱৰ্ণৰ জেনেৰেলক প্রতিষেধ (Veto) ক্ষমতা দিয়া নাই।

গৱৰ্ণল জেনেৰেল ওৱাৰেণ হেষ্টিংচৰ বিৰুদ্ধে যায় তেতিয়া তেওঁ সিদ্ধান্ত গ্রহণ কৰাত বহুতো অসুবিধাৰ সন্মুখীন হয়। এনে ধৰণৰ সংঘাতে কাৰ্য্যকৰী চৰকাৰখনৰ দক্ষতা আৰু গৰিমা বহুখিনি হ্রাস কৰি পেলালে।

কাউন্সিলৰসদস্য আৰু গৱৰ্ণৰ জেনেৰেল ওৱাৰেণ হেষ্টিংচৰ মাজত সংঘাত ইমান শীর্ষ স্থান পাইছিলগৈ যে তাক ৰাজানন্দকুমাৰ গোচৰৰ বিচাৰত স্পষ্টৰুপে প্রতিফলিত হ’ল কাউন্সিলৰ সদস্য ক্লেভাৰিং, মনচন আৰু ফ্রেন্সিচে ওৱাৰেণ হেষ্টিংচক আঁতৰাই তেওঁলোকৰ এজনক গৱৰ্ণৰ জেনেৰেল পাতিব বিচাৰিলে।

তেওঁলোকে প্রমাণ কৰিব বিচাৰিলে যে ওৱাৰেণ হেষ্টিংচ এজন অকর্মণ্য, দক্ষতাহীন আৰু সফলহীন শাসক। ইয়াকে প্রমাণ কৰিবলৈ তেওঁলোকে অসৎ,

অন্যায় আৰু ভাবিব নোৱাৰা কৌশল অৱলম্বন কৰিবলৈ ধৰিলে। ১৭৭৭ চনত এই সংঘাত অন্তিম বিন্দু পালেগৈ যেতিয়া ক্লেভাৰিঙে এই ঘোষণাৰ কাৰণ দর্শাইক’লে যে ওৱাৰেণ হেষ্টিংচে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই পদত্যাগ পত্ৰ কৰা গ্ৰহণ কৰা হৈছে।

ওৱাৰেণ হেষ্টিংচ

১৭৭৩ৰ নিয়ন্ত্রিতকৰণ আইনৰ দোষ-গুণ Regulating Act 1773

ওৱাৰেণ হেষ্টিংচে অস্বীকাৰ কৰি ঘোষণা কৰিলে যে, তেওঁ কেতিয়াও কোনো সময়তে কাৰোলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই আৰু পদত্যাগো কৰা নাই। ইয়াৰ ফলত সভা দুভাগ হ’ল।

এভাগ ক্লেভাৰিঙৰ নেতৃত্বত আৰু এভাগ ওৱাৰেণ হেষ্টিংচৰ নেতৃত্বত কাৰ্যৰ্যনিৰ্বাহ কৰিবলৈ ধৰিলে। দুয়োখন সভাই শীর্ষ ক্ষমতাসম্পন্ন চৰকাৰ বুলি দাবী কৰিলে। এনে এক পৰিস্থিতিয়ে সকলোকে বিবুদ্ধিত পেলালে আৰু প্রশাসনত খেলি-মেলি লগালে।

অৱশেষত, ইয়াক বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা হ’ল আৰু উচ্চতম ন্যায়ালয়ে বিচাৰ কৰি ওৱাৰেণ হেষ্টিংচৰ পক্ষে ৰায় দিয়ে। সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল চাৰ ইলিজা ইস্পে। সমালোচকসকলে ক’ব খোজে যে ইলিজা ইস্পে ওৱাৰেণ হেষ্টিংচৰ ভাল বন্ধু আছিল। সেই কৰণেই হয়তো তেওঁ ওৱাৰেণ হেষ্টিংচৰ পক্ষে ৰায়দান কৰে।

নিয়ন্ত্রণ আইনখনে গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলক দিয়া আইন-প্ৰণযনৰ ক্ষমতা স্পষ্ট আৰু দৃঢ় নাছিল। যিহেতুকে কলিকতা বৃটিছ কোম্পানীৰ সাৰ্বভৌমত্বৰ অধীনত, গতিকে কলিকতা প্রেচিডেন্সিৰ বাবে আইন প্রণয়ন কৰা অধিকাৰ আছে।

বেঙ্গল, বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ বাবে গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলে প্রণয়ন কৰা বিধি-বিধান প্রযোজ্য কৰাত বিবাদমূলক বৈধতাৰ প্ৰশ্ন আহি পৰে। কাৰণ, বেঙ্গল, বিহাৰ আৰু উৰিষ্যা প্রদেশ মোগল সম্রাটৰ সাৰ্বভৌমত্বৰ অধীনত।

গতিকেই এই অঞ্চলৰবাবে বৃটিছ সংসদ আৰু কোম্পানীযে শাসন কৰাৰ কোনো এক্তিয়াৰ নাই।

কিন্তু এটা কথা মন কৰিবলগীয়া যে, এই অঞ্চলত মোগল সম্রাট নামমাত্র সার্বভৌম আছিল আৰু কোম্পানী কাৰ্য্যতঃ (De-fecto) এই অঞ্চলৰ সার্বভৌম ক্ষমতা প্রাপ্ত। বৃটিছ সংসদ সম্ভৱতঃ এই বিষয়ে সজাগ নাছিল। সেয়েহে আইনখনৰ ব্যৱস্থাসমূহ দ্বি-অৰ্থক আৰু অস্পষ্ট কৰি ৰাখিছিল।

কাউন্সিলৰ সদস্যবর্গ, মাদ্রাজ আৰু বোম্বাইৰ প্ৰেচিডেন্সিৰ লগত গৱৰ্ণৰ জেনেৰেলৰ সম্বন্ধ কেনেধৰণৰ হ’ব বা হোৱা উচিত সেই বিষয়ে নিয়ন্ত্রণ আইনখনে কোনো নির্দেশনা দিয়া নাই।

মাদ্রাজ আৰু বোম্বাইৰ প্ৰেচিডেন্সিৰ গৱৰ্ণৰ মৰ্যাদা বা স্থান কলিকতা প্ৰেডেন্সিৰ গৱৰ্ণৰৰ সমপৰ্য্যায়লৈ অনা হ’ল যদিও যুদ্ধ আৰু শাস্তি স্থাপনৰ ক্ষেত্ৰত বোম্বাই আৰু মাদ্রাজ কলিকতা প্রেচেডেন্সি তলতলীয়া হৈ থাকিব।

কিন্তু অতি জৰুৰী অৱস্থাত এই দুখন প্রেচিডেন্সিৰ গৱৰ্ণৰে নোলোৱাকৈ যুদ্ধ ঘোষণা বা শান্তি স্থাপনৰ বাবে চুক্তি কৰিব পাৰিব।

আইনখনৰ এই ব্যৱস্থা মাদ্রাজ আৰু বোম্বাইৰ গৱৰ্ণৰে নিজা পক্ষৰ ব্যাখ্যা কৰি ল’লে। এইটো স্পষ্ট হৈ পৰিল যে, যেতিয়া জৰুৰী অৱস্থাৰ দোহাই দি মাদ্রাজৰ গৱৰ্ণৰে মাৰাঠা আৰু হাইদৰ আলিৰ বিপক্ষে গৱৰ্ণৰ জেনেৰেলৰ অনুমোদন নোলোৱাকৈ যুদ্ধ ঘোষণা কৰিছিল।

এনেবোৰ কাৰণত বোম্বাই, মাদ্রাজৰ গৱৰ্ণৰৰ লগত কলিকতা গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ আইনগত সমন্ধত ভাঙোন ধৰিলে।

ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে ১৭৭৩ৰ নিয়ন্ত্রণ আইনখন বলবৎ হোৱা আগলৈকে কলিকতা, মাদ্রাজ আৰু বোম্বাই এই তিনিওখনৰ স্থান সমপৰ্য্যায়ৰ আছিল। কিন্তু নিয়ন্ত্রণ আইনখন বলবৎ কৰি মাদ্রাজ আৰু বোম্বাইক কলিকতাৰ তলতলীয়া কৰা হ’ল।

সেই হেতুকেই এই দুয়োখন প্রেচিডেন্সিয়ে কলিকতাৰ ওপৰত বৈৰী মনোভাৱ পোষণ কৰা পৰিলক্ষিত হয়।

উচ্চতম ন্যায়ালয়ৰ মৰ্যাদা, স্থান, ক্ষমতা আৰু এলেকা বা এক্তিয়াৰ আৰু গৱৰ্ণৰ জেনেৰেল কাউন্সিল আৰু কোম্পানীৰ আদালতৰ লগত সম্বন্ধ সম্পর্কে আইনখনে দিয়া ব্যৱস্থাসমূহ অতি আউল লগা আৰু অনিশ্চয়তা দেখা যায়।

মুঠতে নিয়ন্ত্রণ আইন, ১৭৭৩ আৰু ১৭৭৪ৰ চনদ দুয়োখনে উচ্চতম ন্যায়ালয়ৰ মর্যাদা, স্থান, ক্ষমতা আৰু এলেকা আৰু ইয়াৰ লগত উচ্চতম কাউন্সিল আৰু কোম্পানী আদালতৰ সম্বন্ধ স্পষ্ট ৰূপে ব্যৱস্থা দিয়াত ব্যর্থ হৈছে।

আইনখনৰ এই ব্যৰ্থতাৰ কাৰণেই গৱৰ্ণৰ জেনেৰেল কাউন্সিল অর্থাৎ উচ্চতম কাউন্সিল আৰু উচ্চতম ন্যায়ালয়ৰ মাজত প্ৰৱল সংঘর্ষ হ’বলৈ ধৰিলে। এই সংঘৰ্ষৰ কাৰণ বা আইনখনৰ ত্রুটিসমূহ (বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা, এক্তিয়াৰ বা এলেকা সম্পর্কত)

১৭৭৩ৰ নিয়ন্ত্ৰণ আইনৰ গুৰুত্ব

গৱৰ্ণৰ জেনেৰেল আৰু উচ্চতম কাউন্সিল

দেৱানী ন্যায়িক প্রশাসনৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কিছুমান বিশেষ বিশেষ মানুহৰ ওপৰত এক্তিয়াৰ থকা কথা আইনখনত উল্লেখ কৰিছে। কিন্তু কোনবিলাক বৃটিছৰ মানুহ, কোন বিলাক ৰজাঘৰীয়া মানুহ তাক স্পষ্টভারে আইনখনে নিৰ্দ্ধাৰণ কৰি দিয়া নাই।

বেঙ্গল, বিহাৰ আৰু উৰিষ্যা এতিয়াও মোগলৰ সার্বভৌমত্বৰ অধীনত। সেই কাৰণে উচ্চতম ন্যায়ালয় ইংৰাজী আদালত হিচাপে এই প্রদেশকেইখনৰ ওপৰত এক্তিয়াৰ প্ৰয়োগ কৰা উচিত নহয়।

কিন্তু ১৭৭৩ৰ নিয়ন্ত্রণ আইনখনে এই অঞ্চলৰ কিছুমান বিশেষ মানুহৰ ওপৰত উচ্চতম ন্যায়ালয়ক এক্তিয়াৰ প্ৰদান কৰিছে। ই ইংৰাজী আইন বিৰোধী কথা।

দেৱানী ক্ষমতাপ্রাপ্ত কোম্পানী উচ্চতম ন্যায়ালয়ৰ এক্তিযাৰৰ ভিতৰত পৰিব নে নাই সেই বিষয়ে ১৭৭৩ৰ নিয়ন্ত্রণ আইনখনে স্পষ্টকৈ কোৱা নাই। সেই হেতুকে, কোম্পানী আৰু উচ্চতম ন্যায়ালয়ৰ মাজত সঘনে সংঘর্ষ হোৱা দেখা যায়।

বেঙ্গল, বিহাৰ আৰু উৰিষ্যাৰ দেৱান হিচাপে কোম্পানীয়ে উচ্চতম ন্যায়ালয়ৰ এক্তিয়াৰৰ পৰা মুক্ত বুলি বিবেচনা কৰি লৈছে। ইফালে উচ্চতম ন্যাযালয়ে ইয়াৰ বিপৰীত স্থিতি গ্রহণ কৰিছে।

ইয়াৰোপৰি ৰাজহ সংগ্ৰহ কৰা বিষয়ত কোম্পানীৰ কেনে কার্য্যপন্থাত। উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব পাৰিব সেই বিষয়েও আইনত স্পষ্টকৈ কোনো ব্যৱস্থা দিয়া নাই। প্ৰৰোচনাত পৰি যেতিয়া কোম্পানীৰ বিষয়া কৰ্মচাৰী দুর্নীতি, কু-কর্ম, অনাচাৰ কাৰ্য্যত লিপ্ত হয়, তেনে অৱস্থাত উচ্চতম ন্যায়ালয়ে ক্ষমতা প্রয়োগ কৰিব পাৰিব নে নাই তাকো আইনখনে স্পষ্টকৈ কোৱা নাই।

অর্থাৎ এই বিষয়ত আইনখন সম্পূর্ণ নিমাত। এইবিলাক বিষয়ত উচ্চতম কাউন্সিল আৰু উচ্চতম ন্যায়ালয়ৰ মাজত মতানৈক্য হ’ল আৰু এই মতানৈক্য গভীৰ হৈ পৰিল চৰকাৰৰ দুটা অনুষ্ঠানৰ মাজত অর্থাৎ ন্যায়পালিকা আৰু কাৰ্যাকাৰীৰ মাজত। (between judiciary and Excutive)

জমিদাৰে কোম্পানীৰ হৈ ৰাজহ সংগ্ৰহ কৰে আৰু তাৰ বাবদ তেওঁক কমিচন দিয়া হয়। এই জমিনদাৰ গৰাকী কোম্পানীৰ কৰ্মচাৰী হয় নে নহয় তাক নিয়ন্ত্রণ আইনখনে একো কোৱা নাই। উচ্চতম কাউন্সিলে দাবী কৰে যে জমিদাৰসকল উচ্চতম ন্যায়ালয়ৰ এক্তিয়াৰৰ পৰা মুক্ত।

ইফালে উচ্চতম ন্যায়ালয়ে মত পোষণ কৰে যে তেওঁলোক এই আদালতৰ এলেকাৰ ভিতৰত অৰ্থাৎ তেওঁলোকৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ এক্তিয়াৰ আছে।

১৭৭২ চনৰ ন্যায়িক আঁচনি অধীনত কলিকতাত উচ্চ স্তৰৰ দেৱানী আদালত প্রতিষ্ঠা কৰা হ’ল। ইয়াৰ পাছত নিয়ন্ত্রণ আইনৰ আধাৰত উচ্চতম ন্যায়ালয় স্থাপন কৰা হয়।

কাৰ্য্যতঃ সমান্তৰাল আৰু স্বতন্তৰীয়াভাৱে দুয়োখন আদালতে কাৰ্যৰ্যনিৰ্বাহ কৰোতে ন্যায়িক ব্যৱস্থাত বহুতো খেলি-মেলিৰ সৃষ্টি হ’ল, যিহেতুকে নিয়ন্ত্রণ আইনখন এই বিষয়ত নিমাত।

উচ্চতম ন্যায়ালয়খন ১৭৫৩ৰ মেয়ৰ আদালতৰ দৰে গঢ়ি তোলা হ’ল।

উচ্চতম ন্যায়ালয়ত কি আইন প্রযোজ্য হ’ব তাক নিয়ন্ত্রণ আইনখনেকোৱা নাই অর্থাৎ এই বিষয়ত আইনখন সম্পূর্ণ নিমাত। মেয়ৰ আদালতৰ দৰেই উচ্চতম ন্যায়ালয়ে ইংৰাজী আইনকে অনুসৰণ কৰিলে। ফলত স্থানীয় ভাৰতীয় লোকসকল মহা অন্যায়ৰ বশৱৰ্তী হ’ব লগাত পৰিল।

ভাৰতীয়ৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বহুতো মস্কিল কৰিলে। ফৌজদাৰী গোচৰত সাধাৰণ চমন জাৰী নকৰি হুকুমনামা (writ) জাৰী কৰোতে আদালতে গ্রেপ্তাৰী পৰোৱান জাৰী কৰে। কোনো ব্যক্তি হুকুমনামাৰ অধীনত গ্ৰেপ্তাৰ হ’লে তেওঁক আটক কৰি ৰখা হয়, যেতিয়ালৈকে গোচৰ নিস্পত্তি নহয়।

জামিনত আহিব পাৰে। কিন্তু জামিন ধন অতিপাত বেছি কৰি ধাৰ্য কৰি দিছে। এনে ব্যৱস্থাই ভাৰতীয়ক আর্থিক শাস্তি দিছে। মূল কথা হ’ল যে স্থানীয় ভাৰতীয়ই জামিনৰ নিয়ম-নীতি সম্পর্কে ভালদৰে জ্ঞাত নহয়।

আইন প্ৰণয়নৰ ক্ষমতা

অপৰাধ সংক্ৰান্তৰ গোচৰ ন্যায় বিচাৰ কৰোতে উচ্চতম ন্যায়ালয়ে নিজৰ কাৰ্য্যপ্রণালী প্রয়োগ কৰিছিল। তেওঁলোকে প্রযোগ কৰা কাৰ্য্যপ্রণালীবিলাক আছিল ইংৰাজী আইনৰ অধীনত আৰু সেইবিলাক কেতিযাও প্রকাশ কৰা নই।

এনে বিচাৰ ব্যৱস্থাই বহু অপৰাধীক মৃত্যুদণ্ড বিহা হৈছিল। ই প্ৰমাণ কৰে যে ইংৰাজে ভাৰতবাসীৰ ওপৰত দমন নীতি গ্রহণ কৰিছিল।

কলিকতাত উচ্চতম ন্যায়ালয়

ৰাজকীয় চনদখনৰ অধীনত কলিকতাত উচ্চতম ন্যায়ালয়খন প্রতিষ্ঠা কৰা হয়। গৱৰ্ণৰ জেনেৰেল বা কাউন্সিলৰ কোনো সদস্যই বেঙ্গল, বিহাৰ আৰু উৰিষ্যা প্রদেশত ৰাজদ্রোহ বা গুৰুত্ব অপৰাধ কৰা বাহিৰে আন যিকোনো অপৰাধ কৰিলে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উচ্চতম ন্যায়ালয়ে গ্রহণ কৰা ক্ষমতা নিয়ন্ত্রণ আইনখনে দিয়া নাই।

কিন্তু আইনখনত ক’তো উল্লেখ কৰা নাই যে কেনেধৰণৰ কাৰ্য্য কৰিলে তেওঁলোক অপৰাধীকৰণ হ’ব আৰু গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ সদস্যই কি কি কাম কৰিলে তেওঁলোকৰ ব্যক্তিগত ক্ষমতাৰ গণ্ডীৰ ভিতৰত বুলি ধৰি লোৱা হ’ব।

এইদৰেই ১৭৭৩ৰ নিয়ন্ত্রণ আইনখনে অস্পষ্ট ব্যৱস্থা দিয়া কাৰণেই উচ্চতম ন্যায়ালয় আৰু উচ্চতম কাউন্সিলৰ মাজত সংঘাত, প্রবল উদ্বেগ আৰু আতঙ্কৰ সৃষ্টি হ’বলৈ ধৰিলে।

নিয়ন্ত্রণ আইনখনৰ দোষ আৰু আসোৱাসমূহ আঁতৰ কৰিবৰ বাবে ১৭৮১ চনত স্থিৰীকৰণ আইন (settlement Act, 1781) গৃহীত কৰে।

Share This Article
Follow:
Nipu Saikia is a writer and contributor to AXOMORKOTHA, writing on Assamese literature, culture, history, society, religion and various topics of knowledge and information. Explore articles and stories by Nipu Saikia published on AXOMORKOTHA.
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *