জোনাকী যুগৰ ত্রিমূর্তি বুলি ক’লে বেজবৰুৱাৰ বাহিৰে চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ নাম মনলৈ আহে। পূর্বপুৰুষসকল ৰাজস্থানৰ পৰা আহিছিল যদিও প্ৰায় প্ৰথম পুৰুষৰ পৰাই আগৰৱালা পৰিয়াল অসমীয়া সত্ত্বাটোৰ লগত জীণ গৈছিল। জ্যোতিপ্রসাদ আগৰৱালাৰ ককাদেউতাক তথা চন্দ্ৰকুমাৰৰ পিতৃ হৰিবিলাস আগৰৱালাই পোন প্ৰথমবাৰৰ বাবে কীৰ্তনঘোষা আৰু নামঘোষা ছপা কৰি উলিয়ায়। কবি চন্দ্ৰকুমাৰে ব্যৱসায়-বাণিজ্যৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি গৈছে। হেমচন্দ্র গোস্বামীয়ে দুটা ডাঙৰ কাম সম্পাদন কৰিছিল। প্ৰথমটো হ’ল ব্রিটিছ শাসকৰ সহযোগিতা লৈ হেমচন্দ্র বৰুৱাৰ অমৰ সৃষ্টি হেমকোষৰ প্ৰকাশ। উল্লেখযোগ্য হেমকোষ প্রকাশ হোৱাৰ আগতেই হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়। গোস্বামীয়ে সম্পন্ন কৰা দ্বিতীয় কামটো হৈছে ‘Descriptive Catalogue of Assamese Manuscripts’ ৰ প্ৰণয়ন। কঠোৰ পৰিশ্ৰমৰ ফলশ্রুতিত সৃষ্টি হোৱা এই কর্মই অসমীয়া ভাষাৰ স্বকীয়তা দাঙি ধৰে আৰু কলিকতা বিশ্ববিদ্যালয়ত ‘অসমীয়া’ বিভাগটো খোলাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচার্য ছাৰ আশুতোষ মুখার্জীয়ে হেমচন্দ্র গোস্বামীক এইক্ষেত্ৰত বহুত সহায় কৰে। কিন্তু বিশ্ববিদ্যালয়ৰ হাতত পৰ্য্যাপ্ত পুঁজি নথকাত ‘অসমীয়া’ বিভাগটো খোলাৰ ক্ষেত্ৰত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ পৰা সাহায্য ল’ব লগা হয়। বৈধ উপায়ে সমাজত সম্পদ সৃষ্টি কৰা মানুহেও জাতিৰ স্বাভিমান বৃদ্ধি কৰিব পাৰে। অসমীয়া সমাজখন ব্যৱসায়-বাণিজ্যত পিছপৰা হোৱাৰ উপৰিও ব্যৱসায়-বাণিজ্য কৰি সম্পদশালী হোৱা মানুহক স্বীকৃতি দিব নোখোজে। সেইবাবেই লক্ষ্মীনাথ বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ ব্যৱসায়িক মনোমালিন্যৰ কথা যিদৰে প্ৰকাশ পায়, সেই মনোমালিন্যৰ পাছতো ভোলানাথ বৰুৱাৰ অৰ্থসাহায্যতে যে বেজবৰুৱাই ‘শ্রীশ্রীশংকৰদেৱ আৰু শ্রীশ্রীমাধৱদের’ গ্রন্থখন লিখি উলিয়াইছিল সেই কথা যথোচিত ৰূপত প্রকাশ নহয়। ভোলানাথ বৰুৱাই যোৰহাটত ‘প্রিন্স অৱ বেলস্’ প্ৰতিষ্ঠা কৰাৰ সময়তো এক লাখ টকা দান দিছিল। ভোলানাথ বৰুৱাৰ উপৰিও মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱায়ো বৈধভাৱে সম্পদ সৃষ্টি কৰি অসমীয়াৰ সন্মান বৃদ্ধি কৰি গৈছে।
কুৰি শতিকাৰ প্ৰথমটো গুৰুত্বপূর্ণ বৌদ্ধিক বিতৰ্কত বৰপেটাৰ এজন যুবকে বিশেষ ভূমিকা লৈ অসমীয়াৰ স্বাভিমানক তথ্য আৰু যুক্তিৰ আধাৰত নিকপকপীয়াকৈ বান্ধি পেলাইছিল। বেজবৰুৱা সম্পাদিত ‘বাঁহী’ আৰু ৰজনীকান্ত বৰদলৈ সম্পাদিত ‘অসম প্রদীপিকা’ৰ পাতত সেই বিতর্কটো চলিছিল। বিতর্কটো হৈছিল মধ্যযুগৰ দুজন সন্ত পুৰুষক লৈ। তেওঁলোক আছিল শংকৰদেৱ আৰু দামোদৰদেৱ। বর্ণবাদী সমাজৰ গোড়া আৰু বক্ষণশীল কেইজনমান লোকে দামোদৰদেৱক শংকৰদেৱৰ সমকক্ষ হিচাপে দেখুৱাবলৈ যত্ন কৰিছিল। বৰদলৈ সম্পাদিত ‘অসম প্রদীপিকা’ই এই মতটো প্রতিষ্ঠা কৰিবলৈ বিচাৰিছিল। তেওঁলোকৰ মনৰ আচল কথাটো বুজিবলৈ বেছি কঠিন নহয়। শংকৰদেৱ যিহেতু জন্মসূত্রে ব্রাহ্মণ নহয়, গতিকে তেওঁক দিব লগা প্রাপ্যখিনি যেনে-তেনে কমাই দামোদৰদেৱৰ ওপৰত অধিক মহত্ত্ব আৰোপ কৰিব লাগে। কিন্তু বেজবৰুৱা সম্পদিত ‘বাঁহী’ত ভৱানন্দ পাঠক ছদ্মনামত যিজন ডেকাই শানিত যুক্তি আগবঢ়ালে, তাৰ ফলত শংকৰদেৱৰ মহত্ত্ব আৰু বৰঙনি কাৰো লগত যে তুলনা নহয় সেই কথা প্রমাণিত হ’ল। বহু কাল ধৰি চলা এই বিতৰ্কত লক্ষ্মীনাথ বেজবৰুৱায়ো সেই ডেকা যুৱকজনক সহায় কৰিছিল। যুৱকজনৰ আচল নাম আছিল বাণীকান্ত কাকতি আৰু বিশ্বৰ বিদ্বৎ সমাজৰ দ্বাৰা উচ্চ প্রশংসিত তেওঁৰ গবেষণা গ্রন্থ “Assamese – Its Formation and Development”য়ে অসমীয়া ভাষাৰ স্বকীয়তাক এক এটা অত্যন্ত শক্তিশালী ৰূপ দিয়ে। অসমীয়া ভাষাৰ সমৃদ্ধিশালী ৰূপটোৰ আঁৰত যে হাজাৰ বছৰতকৈও অধিক দীঘলীয়া ইতিহাস আছে আৰু লগতে ভাষাটোৱে সংস্কৃতৰ সমান্তৰালভাৱে বিভিন্ন থলুৱা জনগোষ্ঠীৰ ভাষাৰ পৰাও প্রাণশক্তি আহৰণ কৰি বৰ্তমানৰ চহকী ৰূপটো পাইছে, সেই কথা বৌদ্ধিকভাৱে প্ৰমাণ কৰে বাণীকান্ত কাকতিয়ে। আধুনিক সময়ত অসমীয়া ভাষাৰ স্বকীয়তাৰ কথা ওলালেই সেয়েহে তেওঁৰ কথাও সকলোৰে মনলৈ আহে।
বেজবৰুৱাৰ সৰ্ববৃহৎ কৃতিত্ব আৰু সফলতা হ’ল মহাপুৰুষ শংকৰদেৱক নামঘৰৰ মণিকূটৰ মাজৰ পৰা উলিয়াই আনি অসমীয়া মানুহৰ হৃদয়ৰ মণিকোঠাত সম্ৰাটৰূপে স্থাপন কৰা। তাৰ আগলৈকে শংকৰদেৱ বন্দী হৈ আছিল কেবল ধর্মীয় আবেষ্টনীৰ মাজত। বেজবৰুৱাই শংকৰদেৱৰ বিষয়ে দুখনকৈ গ্রন্থ ৰচনা কৰি, বিভিন্ন ঠাইত বক্তৃতা দি আৰু ব্যক্তিগত জীৱনত শংকৰদেৱৰ তিথি তথা জন্মোৎসৱত নিজে খোল বজাই আৰু নাম গাই তেওঁৰ শ্রদ্ধা প্রকাশ কৰি গৈছে। তেওঁ শংকৰদেৱক বাহিৰলৈ উলিয়াই অনা বাবে পাছৰ কালত ড° বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ, ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্রনাথ শৰ্মাৰ দৰে পণ্ডিতে বিদ্যায়তনিক দিশত বহু নতুন কাম কৰিবলৈ এখন উৰ্বৰা ক্ষেত্র পালে। ফলত শংকৰদেৱ চৰ্চাৰ আন বহু গুৰুত্বপূর্ণ দিশ মুকলি হৈ পৰিল। তেনে সকলোবোৰ বাখ্যা-বিশ্লেষণ আৰু সাধাৰণ লোকৰ শ্রদ্ধা-ভক্তিৰ ভাবৰ সমন্বয়ে অসমীয়া জাতিৰ মনলৈ এটা অভূতপূর্ব গৌৰৱৰ ভাব আনিলে। সেই গৌৰৱৰ কেন্দ্রবিন্দু আছিস শংকৰদেৱ আৰু তেনে গৌৰৱক আমন্ত্ৰণ কৰি অনা ব্যক্তিজন আছিল বেজবকরা। সেইটো বেজবৰুৱাৰ জীৱনৰ অন্যতম বৃহৎ সফলতা। আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা কলিকতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জোঁৱাই। তেওঁলোকৰ পৰিয়ালটোবে ব্রাহ্মধৰ্মত বিশ্বাস কৰিছিল বাবে মনৰ দিগন্তও কিছু মুকলি আছিল। অসমীয়া বুলি লক্ষ্মীনাথে খুব বেছি হতাশ হ’বলগীয়া পৰিস্থিতিৰো উদ্ভৱ সততে হোৱা নাছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ‘আছিল বেজবৰুৱাৰ খুৰা শহুৰ। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ স্বকীয়তাৰ প্ৰতি ৰবীন্দ্ৰনাথ খুব বেছি শ্রদ্ধাশীল নাছিল। কিন্তু অসমীয়াৰ বৌদ্ধিক আৰু সাংস্কৃতিক উত্তৰণক জীৱনৰ মুখ্য পণ কৰি লোৱা বেজবৰুৱাই সেই কথা কাহানিও সহ্য কৰা নাছিল। ৰবীন্দ্রনাথে ইতিমধ্যে নোবেল বঁটা লাভকৰি অত্যন্ত বিখ্যাত আৰু প্ৰভাৱশালী হৈ উঠিছিল। কিন্তু সেইবোৰ কথালৈ কেৰেপ নকৰি লক্ষ্মীনাথে একাধিকবাৰ কবিগুৰুৰ লগত তৰ্ক কৰাৰ খবৰ ইতিহাসত পোৱা যায়। ইয়াৰ আঁৰত কেৱল এটাই কথা আছিল। জাতিৰ স্বাভিমান। সেইবাবেই আধুনিক কালত অসমীয়া স্বাভিমানৰ আটাইতকৈ ডাঙৰ আৰু মহৎ কাণ্ডাৰী বুলি ক’লে বেজবৰুৱাৰ নামটোৱেই মনলৈ আহে। তেওঁৰ আত্মসম্মানবোধ আছিল অত্যন্ত গভীৰ। ওৰেতো জীৱন ব্যৱসায়ত লাগি থকা বেজবৰুৱাই সময়ে সময়ে আর্থিক অনাটনতো ভুগিছিল। এবাৰ তেওঁৰ তেনে অৱস্থা দেখি ডাঙৰ জোঁৱায়েক সত্যব্রত মুখার্জীয়ে চৰকাৰলৈ পেন্সনৰ বাবে আৱেদন কৰাৰ কথা উলিয়াইছিল। কথাটো শুনিয়েই তেওঁ জোঁবায়েকক যিটো উত্তৰ দিছিল তাতেই নিহিত আছে বেজবৰুৱাৰ প্ৰবল আত্মসন্মানবোধ। কোনো পৰিস্থিতিতে তেওঁ চৰকাৰক আবেদন কৰি সাহায্য বা পেন্সন লোৱা কথাটোৰ প্ৰতি সঁহাৰি জনোৱা নাছিল। বেজবৰুৱাৰ ব্যক্তিগত জীৱনৰ আন এটা ঘটনাই প্রমাণ কৰে তেওঁ কিমান উদাৰ আৰু যুক্তিবাদী মানুহ আছিল। তেওঁলোকৰ পৰিয়ালটো আছিল কমলাবাৰী সত্ৰৰ শিষ্য আৰু সেয়েহে মহাপুৰুষীয়া ধৰ্মৰ ভাবাদর্শসমূহ তেওঁলোকৰ দেহৰ কোঁহে কোঁহে সোমাই আছিল। সেই বেজবৰুৱাৰ চতুৰ্থ কন্যা দীপিকাই খ্রীষ্টান ধৰ্ম গ্ৰহণ কৰি চিষ্টাৰ দীপিকা নামেৰে পৰিচিত হয়। বেজবৰুৱাৰ সৰু জীয়াৰীৰ সিদ্ধান্তটোরে বজ্রাঘাত দিছিল যদিও কিছু দিনব ভিতৰতে নিজৰ মনটোক প্রকৃতিস্থ কৰিবলৈ সক্ষম হৈছিল। নিজৰ কন্যা হ’লেও তেওঁৰ ব্যক্তিগত অধিকাৰৰ কথাটোত দেউতাকে প্রয়োজনাধিকভাৱে হস্তক্ষেপ কৰিব নাপায় বুলি বেজবৰুৱাই নিজকে বুজনি দিছিল। ইয়াতেই প্রকাশ পাইছে তেওঁৰ চিন্তাৰ আঁৰৰ যুক্তি আৰু উদাৰতা। এনে উদাৰতা সেই সময়ৰ ভাৰতীয় সমাজত আছিল অত্যন্ত বিৰল। সেয়েহে সাহিত্যৰৰ্থীৰ উদাৰ চিন্তা অসমীয়া বৌদ্ধিক ঐতিহ্যৰ মাজত থকা অন্যতম যোগাত্মক এটা সম্পদ।
অসমীয়া মানুহৰ চেতনাহীন স্বভাবক তীব্রভাবে সমালোচনা কৰা অগ্নিকবি কমলাকান্ত ভট্টাচার্যও আছিল বর্ণনাতীতভাবে প্রগতিশীল মনৰ ব্যক্তি। ব্রাহ্ম ধর্মত দীক্ষা লোৱা আৰু ব্রাহ্মণ বিধৱাক বিয়া কৰোৱা কমলাকান্ত আছিল এজন প্রথাগত চিন্তাৰ উর্ধ্বলৈ যাব পৰা লোক। বর্তমান সময়ত আমি অগ্নিকবি বা মহর্ষি আখ্যা দিলেও তদানীন্তন সমাজে বিশেষকৈ নৈষ্ঠিক ব্রাহ্মণ সমাজে তেওঁক প্রবলভাবে বিৰোধিতা কৰিছিল। ইয়াৰ কাৰণ আছিল হিন্দু ধৰ্মৰ গোড়া পৰম্পৰাৰ প্ৰতি জেহাদ ঘোষণা কৰি তেওঁ গাৰ লগুণ ছিঙি পেলাইছিল, হালৰ মুঠিত ধৰিছিল আৰু শালগ্রামক কাগজ চেপি তথা পেপাৰ ৱেইট্ হিচাপে ব্যৱহাৰ কৰিছিল। প্রথাগত চিন্তাৰ বিৰোধিতা কৰিছিল বাবেই আমি তেওঁক অসমীয়া স্বাভিমানৰ প্ৰতীক বুলি ক’ব নোৱাৰোঁ। কিন্তু অসম আৰু অসমীয়াৰ মানসিক উত্তৰণৰ বাবে তেওঁ লিখি যোৱা কথাবোৰ আছিল হিয়াৰ তেজেৰে লিখা। অসমীয়া স্বাভিমানৰ উন্নতিৰ ‘যজ্ঞ’ত তেওঁৰ ৰচনাৱলী হ’ব পাৰে ‘মন্ত্ৰ’ৰ দৰে। মহাত্মা গান্ধীৰ অনুৰাগী যোৰহাটৰ কৃষ্ণনাথ শৰ্মায়ো ১৯৩৪ চনৰ ১৮ এপ্রিলত এটা অকল্পনীয় কাৰ্য সমাধা কৰে। গান্ধীৰ উপস্থিতিতে তেওঁৰ ঘৰৰ গোসাঁইঘৰত দুৱাৰ হৰিজনসকলৰ বাবেও মুকলি কৰি দিয়া হয়। এই বৈপ্লৱিক কাৰ্য সম্পাদন হোৱাৰ সময়ত গড়মূৰীয়া অধিকাৰ পীতাম্বৰ দেৱগোস্বামীও উপস্থিত আছিল। গান্ধীয়ে এই ঘটনাটোৰ বিষয়ে ‘হৰিজন’ কাকতত বিস্তৃতভাৱে লিখিছিল। কৃষ্ণনাথ শৰ্মাৰ সেই সিদ্ধান্তৰ বাবে একাংশ উচ্চ বৰ্ণৰ হিন্দুয়ে তেওঁক বৰ্জন কৰিছিল। গোড়া আৰু ৰক্ষণশীল সমাজৰ মাজতো কৃষ্ণনাথ শৰ্মাৰ দৰে ব্যক্তিৰ সবল উপস্থিতিয়ে প্ৰমাণ কৰে অসমীয়া স্বকীয় চিন্তা-চেতনাৰ বহল পৰিধি। অসমৰ আন এক সুযোগ্য সন্তান শিৱসাগৰৰ ড° মইদুল ইছলাম বৰা নিজৰ ৰাজ্য আৰু দেশীয় পৰিচয় লৈ ইমানেই সচেতন আছিল যে কাহানিও তেওঁ এই পৰিচয়ৰ ওপৰত লেখমানো নেতিবাচক প্ৰভাৱ পৰিবলৈ দিয়া নাছিল। আনকি মহম্মদ আলি জিন্নাৰ দৰে অত্যন্ত প্রভাবশালী নেতাই অশেষ চেষ্টা কৰাৰ পাছতো ড° বৰাক মুছলীম লীগৰ সদস্য কৰিব নোৱাৰিলে। আনহে নালাগে বহু অসমীয়া মানুহে এতিয়াও ভুল বুজা চৈয়দ মহম্মদ ছাদুল্লাই লীগৰ ৰাজনীতি কৰিও ভিতৰি ভিতৰি কংগ্ৰেছক সহায় কৰিছিল। কথিত আছে জিন্নাই ছাদুল্লাক পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) বাজ্যপালৰ পদবীটো যচাৰ পাছতো তেওঁ নিজৰ দেশতে অর্থাৎ ভাৰতত সাধাৰণ নাগৰিক ৰূপে থকাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ অৰ্থ এইটো নহয় যে ছাদুল্লাই অসমক পূব পাকিস্তানৰ লগত সংযুক্ত কৰিব বিচৰা নাছিল। কৰিব বিচাৰিছিল। কিন্তু যেতিয়া দেখিলে মহাত্মা গান্ধীৰ সহায়ত আৰু গোপীনাথ বৰদলৈ আৰু ভীমবৰ দেউৰীৰ দৰে নেতাৰ শক্তিশালী ভূমিকাৰ বাবে অসম ভাৰতৰ লগতে থকাতো নিশ্চিত হ’ল, তেতিয়া ছাদুল্লাই নিজব অসমীয়াত্ব বিসর্জন দি লোভনীয় পদবী আঁকোৱালি লোৱা নাছিল। আজান ফকীৰৰ বংশৰ সুসন্তান ছৈয়দ মহম্মদ ছাদুল্লাকো কিন্তু অসমীয়া স্বাভিমানী সত্বাটোৰ পৰা নিলগাই ৰাখিব নোৱাৰি।
প্রচলিত উচ্চ-নীচ, স্পৃশ্য-অস্পৃশ্য আৰু জাত্যভিমানৰ কথাক অজ্ঞানতা, শাস্ত্রজ্ঞানহীনতা আৰু দম্ভৰ চিহ্ন বুলি কোৱা দেৱগোস্বামীয়ে সত্ৰাধিকাৰে দোলাত উঠি যোৱা প্ৰথাৰো বিৰোধিতা কৰিছিল। ব্রিটিছ ভক্তিত গদ্ গদ্ হৈ থকা আন সত্ৰাধিকাৰসকলৰ বাবে চকুৰ কুটা দাঁতৰ শাল হৈ পৰা এইজনা সত্ৰাধিকাৰে স্বাধীনতা সংগ্রামত যোগদান কৰা বাবে দুবছৰ জে’লো খাটিবলগীয়া হৈছিল। অসমৰ বিদেশী নাগৰিকত্বৰ অনুপ্ৰৱেশৰ সমস্যাটোৰ বিষয়ে ১৯৬২ চনতে ভাৰতৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুলৈ এখন পত্র প্ৰেৰণ কৰি তেওঁৰ দূৰদৰ্শী চিন্তাৰ আভাস দাঙি ধৰিছিল। কাৰবি আংলঙৰ বহু দুর্গম ঠাইত প্রাথমিক বিদ্যালয় স্থাপন কৰি তেওঁ শিক্ষাৰ পোহৰ বিয়পাবলৈ চেষ্টা কৰিছিল। আমাৰ দাঁতিকাষৰীয়া বংগৰ দুই সুযোগ্য সন্তান ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰক তেওঁলোকৰ গুণ আৰু অৱদানৰ লগতে বাঙালীসকলৰ প্ৰবল জাতীয়তাবোধ আৰু শিপাৰ লগতে গভীৰ সম্পৰ্ক ৰাখিবলৈ খোজা মনটোৰ বাবে সমগ্ৰ ভাৰতে চিনি পালে। কিন্তু আমাৰ একাংশ মানুহৰ স্বাভিমানী মনটো দুর্বল বাবেও আমি পীতাম্বৰ দেৱ গোস্বামী বা চন্দ্রনাথ শৰ্মাৰ দৰে মানুহৰ জীৱনৰ কথা বাহিৰৰ জগতকো জনাব পৰা নাই আৰু নিজেও অনুপ্ৰেৰণা লভিব পৰা নাই।
ড° কাকতিৰ দৰে ড° সূর্য কুমাৰ ভূঞা, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ দৰে পণ্ডিত সাহিত্যিকে অসমীয়া সাহিত্য, ইতিহাস, শংকৰী সংস্কৃতি আদি বিভিন্ন বিষয়ত জাকতজিলিকা বৌদ্ধিক কাম সম্পাদন কৰি জাতিটোৰ নাম উজলাই গৈছে। ওপৰত উল্লিখিত মহান ব্যক্তিসকলৰ উপৰিও সময়ৰ জোখেৰে আগে বা পিছে আন বহু লোকে আমাৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ভঁৰালটো চহকী কৰি গৈছে। তেনে কেইটামান নাম হৈছে সত্যনাথ বৰা, লক্ষ্মীৰাম বৰুৱা, ৰজনীকান্ত বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞিবৰুৱা, মফিজুদ্দিন আহমদ হাজৰিকা, চন্দ্ৰধৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, কালিৰাম মেধি, কনকলাল বৰুৱা, ৰঘুনাথ চৌধাৰী, যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ ফুকন, মিত্ৰদেৱ মহন্ত, বেণুধৰ শৰ্মা, নলিনীবালা দেবী, প্রসন্নলাল চৌধুৰী, লক্ষ্মীধৰ শৰ্মা, অতুলচন্দ্ৰ হাজৰিকা, পার্বতিপ্ৰসাদ বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, ত্রৈলোক্যনাথ গোস্বামী, যজ্ঞেশ্বৰ শৰ্মা, দেৱকান্ত বৰুৱা, লক্ষ্যধৰ চৌধুৰী, আইদেউ সন্দিকৈ, চন্দ্রপ্রভা শইকীয়ানী, অমলপ্রভা দাস, পুষ্পলতা দাস, ইন্দিৰা মিৰি, ৰাজবালা দাস, ফণী শৰ্মা, নৱকান্ত বৰুৱা, ৰাধাগোবিন্দ বৰুৱা, পুৰুষোত্তম দাস, ড° প্রফুল্লদত্ত গোস্বামী, চৈয়দ আব্দুল মালিক, নলিনীধৰ ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ফুকন, তফজ্জ্বল আলি, হেমাংগ বিশ্বাস, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যোগেশ দাস, ড° ভবেন্দ্র নাথ শইকীয়া, চন্দ্রপ্রসাদ শইকীয়া, শীলভদ্র, মহিম বৰা, ড° মহেন্দ্ৰ বৰা, আনন্দ চন্দ্র বৰুৱা, বিনন্দ চন্দ্ৰ বৰুৱা, ৰমা দাশ, তছদ্দুক ইউচুফ, বিজয় শংকৰ, ভবানন্দ দত্ত, ড° ভুবনমোহন দাস, পদ্ম বৰকটকী, কীর্তিনাথ হাজৰিকা, ডাঃ ভূৱনেশ্বৰ বৰুৱা, ডাঃ কনক চন্দ্ৰ বৰুৱা, মেদিনী চৌধুৰী, ড° লীলা গগৈ, ড° নির্মলপ্ৰভা বৰদলৈ, ড° মামণি ৰয়ছম গোস্বামী, হীৰেন ভট্টাচার্য, হেমন্ত মিশ্ৰ, ৰসেশ্বৰ শইকীয়া বৰবায়ন, খগেন মহন্ত, কেশর মহন্ত, দিলীপ শর্মা, সৌৰভ কুমাৰ চলিহা, অৰুণ শৰ্মা, পদুম বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, প্রতিমা বৰুৱা পাণ্ডে, জয়ন্ত হাজৰিকা, ৰুদ্ৰ বৰুৱা, মঘাই ওজা, ড° অমলেন্দু গুহ, উপেন্দ্র চন্দ্ৰ লেখাৰু, অমূল্য বৰুৱা, ড° দেৱপ্ৰসাদ বৰুৱা, পৰাগধৰ চলিহা, তাৰিকুদ্দিন আহমেদ, এম ইব্রাহীম আলী, ককা নীলমণি ফুকন, হলধৰ ভূঞা, ৰমাকান্ত মুক্তিয়াৰ, শিব প্রসাদ বৰুৱা, যুগল দাস, জিতেন্দ্রনাথ দাস, ড° মুকুন্দ মাধৱ শৰ্মা, ড° হিৰণ্য কুমাৰ ভূঞা, ড’ জ্যোতিপ্রকাশ মেধি, ড° পবন চন্দ্র মহন্ত, বজনীকান্ত দেব শর্মা, শবৎ চন্দ্র গোস্বামী, সীতানাথ ব্রহ্মচৌধুৰী, প্রসন্ন কুমাৰ ঘোষ, গংগা গোবিন্দ ফুকন, নয়নানন্দ বৰঠাকুৰ, পদ্মধৰ চলিহা, মণিৰাম মুক্তিয়াৰ বায়ন, হবেন্দ্র নাথ বৰুৱা, প্রফুল্ল চন্দ্ৰ বৰুৱা, নিবোদ চৌধুৰী, অচ্যুৎ লহকৰ, বিজু ফুকন, ৰতন লহকৰ, যতীন্দ্ৰনাথ বৰগোহাঞি আদি। পুনৰ দোহাৰিব বিচাৰিছোঁ এইখন তালিকা সম্পূর্ণ নহয়, হ’ব নোৱাৰে। থাউকতে মনলৈ অহা নামকেইটাহে লিখিবলৈ চাইছোঁ। কিন্তু তালিকাখন যিটো ধৰণে অসম্পূর্ণ হৈ আছে, সিয়ে প্রত্যয় নিয়াইছে অসমীয়া স্বাভিমানী সত্বাটোৰ হকে কিমানবোৰ মানুহে বিভিন্ন সময়ত সংগ্রাম চলাই নিছে। বিখ্যাত মানুহবোৰৰ বাহিৰেও বহু নামবিহীন লোকে জনচক্ষুৰ অলক্ষিতে জাতিটোৰ ভালৰ বাবে বিভিন্ন কামত নিমজ্জিত হৈ আছে। সেই নামবিহীন সন্মানীয় ব্যক্তিসকলেও আমাৰ স্বাভিমানক একেই শক্তিৰে প্রতিনিধিত্ব কৰি মহীয়ান কৰিছে। বহু মানুহে সততে ভুল বুজা অসমীয়া স্বাভিমানৰ আন এজন অতি শক্তিশালী কাণ্ডাৰী হৈছে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী। ভাবতীয় জাতীয় কংগ্রেছ জন্ম হোৱাৰ বছৰটোতে (১৮৮৫) অম্বিকাগিৰীৰো জন্ম। বংগ * ভংগ আন্দোলনৰ সময়ত সন্ত্রাসবাদী কৰ্মৰ লগত জড়িত হৈ পৰা অম্বিকাগিৰী ১৯০৭ চনৰ পৰা ১৯১৫ চনলৈকে বৰপেটাত গৃহবন্দী হৈ থাকিবলগীয়া হৈছিল। এইছোৱা সময়ত তেওঁ বহু গীত, কবিতা ৰচনা কৰি অসমীয়া সাহিত্যৰ বৰপেৰাটো টনকিয়াল কৰিছিল। উল্লেখযোগ্য যে ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত কংগ্রেছ অধিৱেশন তেওঁ ৰচা ‘আজি বন্দো কি ছন্দেবে’ গীতটিৰে আৰম্ভ হৈছিল। ১৯২০-৩০ৰ দশকটোতে পূর্ববংগৰ পৰা অহা পমুৱা মুছলমানসকলৰ বাবে অসমৰ জনগাঁথনিৰ অস্বাভাবিকভাবে পৰিৱর্তন ঘটিছিল। ১৯৩১ চনৰ লোকপিয়লৰ পাছত মোলান চাহাবৰ বক্তব্যটোৱেও বহু খিলঞ্জীয়া লোকক সন্ত্রাসিত কৰি তোলে। সেইটো পটভূমিতে অম্বিকাগিৰী অসমীয়া জাতীয়তাবাদ, ভাৰতীয় মহাজাতীয়তাবাদ আৰু বিশ্বমানৱতাবাদৰ ৰূপৰেখা নির্ণয় কৰিবলৈ চেষ্টা চলাইছিল বাবে বহু মানুহ তেওঁৰ মনটোক বুজি পোৱাত অসুবিধা পাইছিল। সেয়েহে তেওঁক কোনোরে ‘বঙাল খেদা’, কোনোরে ‘উগ্রজাতীয়তাবাদী’ আৰু আন কোনোবে ‘উন্মাদ’ বুলিও অভিহিত কৰিব বিচাৰিছিল। কিন্তু দৰাচলতে সকলো মানুহৰ প্রতি সম্মান ৰাখি তেওঁ অসমত অসমীয়াৰ বাবে এটা মর্যাদাপূর্ণ স্থান সুনিশ্চিত কৰিবৰ নিমিত্তেহে ওৰেতো জীবন সংগ্রাম চলাইছিল। আঞ্চলিক চেতনা আৰু ভাৰতীয় চেতনাই ইটোৱে সিটোৰ পৰিপূৰক ৰূপে কাম কৰিব পাৰে বুলি তেওঁ গভীৰভাবে বিশ্বাস কৰিছিল। তেওঁৰ দ্বাৰা সম্পাদিত ‘ডেকা অসম’ আৰু ‘চেতনা’ দুয়োখন সংবাদ পত্রতে তেনে মনোভাবৰ প্রতিফলন ঘাইকৈ দেখা পোৱা যায়। উজনি আৰু নামনি অসমৰ ভাষাক লৈ চলি থকা বহুদিনীয়া বিতর্কটো ওৰ পেলাবলৈ তেওঁ লোৱা ভূমিকা সঁচাকৈ প্রশংসনীয়।
গুণাভিৰাম বৰুৱাৰ সুযোগ্য পুত্র জ্ঞানদাভিৰাম বৰুৱাই ব্ৰিটিছবিৰোধী সংগ্রামত লিপ্ত হোৱা নাছিল। কিন্তু কিছু ব্যতিক্রমী ধৰণে তেওঁ অসমীয়াৰ আত্মসম্মানক ৰক্ষণাবেক্ষণ দিছিল। মহাত্মা গান্ধীয়ে অসমলৈ অহাৰ আগতে অসম আৰু অসমীয়াৰ সম্বন্ধে খুব বিৰূপ মন্তব্য কৰিছিল। অসমীয়া মানুহক চোৰ-ডকাইতৰ লগতো বিজাইছিল। সেই সময়ত অসমত শিক্ষিত মানুহ বহু আছিল যদিও কোনেও গান্ধীৰ বিৰোধিতা কৰা নাছিল। একমাত্র জ্ঞানদাভিৰাম বৰুৱাই মহাত্মা গান্ধীৰ ভিত্তিহীন আৰু চূড়ান্ত অবজ্ঞাসূচক মন্তব্য খণ্ডন কৰি বাতৰিকাকতত প্রবন্ধ লিখিছিল। অসমলৈ অহাৰ পিছত অৱশ্যে গান্ধীৰ ভুল ভাঙিল আৰু তেওঁ অসমবাসীৰ ওচৰত পূৰ্বৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে। জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে কেতিয়াবা বহু মানুহৰ দৰকাৰ নহয়। এজন বা দুজন মানুহৰ সাহসী ভূমিকায়ে জাতিটোৰ মনত প্রাণ সঞ্চাৰ কৰিব পাৰে। জ্ঞানদাভিৰাম বৰুৱায়ো তেওঁৰ সাহসী ভূমিকাৰে তাকে প্রমাণ কৰিছিল।
ভূপেন হাজৰিকাই ‘কুৰি শতিকাৰ শংকৰ’ বুলি অভিহিত কৰা গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ বিপ্লবী পুৰুষ পীতাম্বৰ দেৱগোস্বামীৰ প্ৰগতিশীল আৰু উদাৰ চিন্তা আৰু কমই অসমীয়া স্বাভিমানৰ মান বহু ওপৰলৈ লৈ গৈছে। হিন্দু ধর্মত এটা বিশেষ ঘটনাই অম্বিকাগিৰী ৰায়চৌধুৰীক ভালদৰে বুজিবলৈ সহায় কৰিব বুলি মই ভাবোঁ। বিষয়টো কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ লগত জড়িত। এবাৰ ববীন্দ্রনাথ গুৱাহাটীলৈ আহি জ্ঞানদাভিৰাম বৰুৱাৰ ঘৰত আলহী হৈছিলহি। বৰুৱাৰ ‘অনুৰোধত ৰায়চৌধুৰীয়ে ৰবীন্দ্ৰনাথৰ সন্মুখত দুটাকৈ বৰগীত পৰিৱেশন কৰিছিল। অর্থাৎ অম্বিকাগিৰীৰ কেৱল জ্ঞানদাভিৰাম বৰুৱাৰ লগতে সুসম্পর্ক নাছিল, কবিগুৰুকো তেওঁ গভীৰভাৱে সন্মান কৰিছিল। নহ’লে তেওঁ যিকোনো ব্যক্তিব সন্মুখত শংকৰ-মাধৱ সৃষ্ট বৰগীত পৰিৱেশন নকৰিলেহেঁতেন। কিন্তু সেই ৰবীন্দ্রনাথে যেতিয়া ‘জন গণ মন’ গীতটিত অসমক সম্পূর্ণরূপে আওকাণ কৰিলে, তেতিয়া অম্বিকাগিৰী গৰজি উঠিছিল। সেই গর্জন কিন্তু ৰুচিশীল আছিল, সেই গর্জন তেওঁ কবিতাৰ মাধ্যমেৰেহে কৰিছিল। অসমকেশৰীয়ে কবিতাটিৰ জৰিয়তে কৈছে এনে মোক আজি কৰে উপেক্ষা জাতীয় গীতত নিদিয়ে ঠাই, মই ভাৰতৰ পুণ্য সন্তান আছোঁ মাতৃৰ বন্দনা গাই। স্বীকাৰ কৰিম মই কিয় তাক যেয়ে মোক কৰে অস্বীকাৰ, মোৰ শিৰ কিয় নত হ’ব তাত সত্যৰ য’ত নাই বিচাৰ। এয়াই অম্বিকাগিৰীৰ স্বাভিমান। আৰু বহুক্ষেত্রত এয়াই আজিৰ অসমীয়াৰো স্বাভিমান। অম্বিকাগিৰী সমালোচনাৰ উর্ধ্বত নহয়, নহয় অসমীয়া জাতিও। কিন্তু অসমীয়া জাতিৰ মূল মর্মস্থলক কোনোবাই আক্ৰমণ কৰিলে কিদৰে ইয়াক ওফৰাই পেলাব লাগে, তাৰ শিকনি তেওঁৰ লিখনিত আছে। সেয়ে অম্বিকাগিৰী অন্য, অনন্য।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া স্বাভিমানী সত্ত্বাটোৰ হৃদপিণ্ডৰ দৰে। জাতীয় সংগীতেই হওক বা অসম সংগীতেই হওক বা আন কোনো সৃষ্টিকর্মই হওক, সকলোতে ফুটি উঠিছে তেওঁৰ জাগ্রত স্বদেশানুৰাগ। আৰু কেৱল জাতিপ্রেম বা অনুৰাগ প্ৰদৰ্শন কৰিয়েই তেওঁ ক্ষান্ত থকা নাই। অসমীয়া সাহিত্যৰ এনে এটা শাখা নাই যিটো সাহিত্যৰথীয়ে নিজৰ উচ্চ চিন্তা আৰু অনবদ্য শৈলীৰে সমৃদ্ধ কৰা নাই। আমাৰ এই গ্ৰন্থৰ প্ৰথম বাক্যটিতে বেজবৰুৱাৰ প্ৰতি থকা আমাৰ সন্মানৰ লগতে জাতিটোক প্রাণসঞ্চাৰ কৰিবলৈ তেওঁ লোৱা বিশাল ভূমিকাৰ কথা সংক্ষেপে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ। অসমীয়া সাহিত্যৰ ওপৰত বেজবৰুৱাৰ এই গভীৰ প্ৰভাৱৰ বাবে ড° মহেশ্বৰ নেওগে উনবিংশ শতিকাৰ শেহৰ পৰা বেজবৰুৱাৰ বিযোগ ঘটা ১৯৩৮ চনলৈ বিস্তৃত হৈ থকা সময়ছোৱা ‘বেজবৰুৱা যুগ’ বুলি অভিহিত কৰিছে। জাতিৰ স্বাভিমান বৃদ্ধি কৰিব পৰা অলেখ কাম এইজনা বৰেণ্য ব্যক্তিয়ে কৰি গৈছে। আমি তাৰ মাজৰ পৰা কেৱল চাৰিটাহে উল্লেখ কৰিব বিচাৰিছোঁ।
তেজপুৰত আহি আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে শংকৰদেৱ-মাধৱদেৱ-ভট্টদেৱৰ সৃষ্টিকর্মক ভূয়সী প্রশংসা কৰা কথাটো কম-বেছি পৰিমাণে মানুহে জানে। কিন্তু বহু অসমীয়াই নাজানে যে ৰায়ে চন্দ্ৰনাথ শৰ্মাৰ বিষয়েও কৈ গৈছে। তেওঁৰ কর্মকুশলতা, কষ্টসহিষ্ণুতা, দেশপ্রেম, ধৈর্য আৰু নেতৃত্বপ্রদানকাৰী গুণসমূহ দেখি আচাৰ্য ৰায়ে সকলো অসমীয়া ছাত্রকে ক’লে- ‘তোমালোকে চন্দ্রনাথক অনুকৰণ কৰা’। চন্দ্ৰনাথৰ তেজস্বী আৰু জ্বালাময়ী বক্তৃতা শুনি হাজাৰ হাজাৰ মানুহ দেশৰ বাবে যুঁজিবলৈ ওলাই আহিছিল। কু-সংস্কাৰৰ ঘৃণনীয় মকৰাজালখন ফালিবলৈ চন্দ্রনাথ শর্মাই সমগ্র ভাৰতৰ কোনো ঠাইত নোহোৱা এটা কাম অসমত সম্পাদন কৰে। কংগ্ৰেছৰ সেৱা দলত ৰান্ধিবলৈ বহু ব্রাহ্মণ ৰান্ধনি ল’ৰা পোৱা সত্ত্বেও চন্দ্রনাথে কেৱল অব্রাহ্মণ ৰান্ধনিৰ হাতেদি বন্ধাই সকলোকে খাবলৈ বাধ্য কৰিছিল। নিজৰ মাতৃ, পত্নী আৰু কন্যা গুৰুতৰভাৱে অসুস্থ হৈ থকা অৱস্থাতো তেওঁ দেশৰ কামতহে দিন-বাতি একাকাৰ কৰি ঘূৰি ফুৰিছিল। যক্ষ্মাৰোগত পৰি, মৃত্যুশয্যাত পৰি থকা অৱস্থাতো কংগ্ৰেছ দলৰপৰা চিকিৎসাৰ বাবে ধন-টকা-পইচা ন’লৈ তেওঁ সেইবোৰ টকা সাংগঠনিক কামত ব্যয় কৰাৰহে পৰামৰ্শ দিয়ে। ৰাজহুৱা ধন ব্যয় কৰাতকৈ নিজৰ মৃত্যু কামনা কৰা চন্দ্ৰনাথৰ দৰে ব্যক্তি অসম বা ভাৰততে নহয় বৰং সমগ্র পৃথিবীতে বিৰল। তেওঁৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি। ৩১ বছৰীয়া জীৱনটোতে তেওঁ অসমীয়া জাতিৰ স্বাভিমান বৃদ্ধি কৰাৰ বাবে ইমান কাম কৰি গ’ল, সেয়া ভাবিলে আজিও স্তম্ভিত হৈ পৰিবলগীয়া হয়।
কুৰি শতিকাৰ আৰম্ভণিতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মাজত অসমৰ বাবে মর্যাদাপূর্ণ স্থান উলিয়াই দিবলৈ সক্ষম হোৱা মানুহজনেই আছিল কর্মবীৰ চন্দ্ৰনাথ শর্মা। শোণিতপুৰ জিলাৰ বিহগুৰিৰ এই যুৱকজন দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত ২২ ঘণ্টাই জাতিৰ নামত খটুৱাই তিনিটাকৈ অনুষ্ঠানৰ আধাৰ নিৰ্মাণ কৰিছিল। সেই অনুষ্ঠান তিনিটা হ’ল অসম কংগ্রেছ, অসম সাহিত্য সভা আৰু সদৌ অসম ছাত্র সন্থা। ক্ষীণকায় চুটি-মুটি মানুহজন আছিল একুৰা জুইৰ দৰে। সেই জুইৰ ভিন্নৰঙী শিখাবোৰে সমাজৰ বিভিন্ন দিশ পোহৰাই তুলিছিল। ১৯১৯ চনত অসম এছ’চিয়েশ্যনৰ হৈ পুঁজি সংগ্ৰহ কৰি নবীন চন্দ্ৰ বৰদলৈক বিলাতলৈ পঠাই অসমত ব্রিটিছ শাসন সংস্কাৰৰ বাবে কৰিবলগীয়া সকলো কাম কৰিছিল চন্দ্রনাথে। মহাত্মা গান্ধীক প্রথম অসমলৈ নিমন্ত্ৰণ কৰি আনিছিল চন্দ্ৰনাথে। শৰীৰত তীব্র জ্বৰ থকাৰ পাছতো গান্ধী অসম আহি পোৱাৰ পাছত সকলো কথাৰ তদাৰক কৰিছিল তেওঁ। কিন্তু গান্ধীয়ে যেতিয়া চৌৰিচৰাৰ হিংসাৰ বাবে অসহযোগ আন্দোলন হঠাতে স্থগিত কৰে, তেতিয়া যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুশয্যাত থকা চন্দ্ৰনাথে গৰজি উঠিছিল। চন্দ্ৰনাথৰ সুস্পষ্ট বক্তব্য শুনিও গান্ধীয়ে তেওঁক ভুল বুজা নাছিল। চন্দ্রনাথে কৈছিল গান্ধীয়ে আন্দোলনটোক প্ৰতাৰণা কৰিলে। ধর্ম আৰু আধ্যাত্মিকতাত গান্ধীয়ে বেছি গুৰুত্ব দিয়া কথাটোৰো তেওঁ বিৰোধিতা কৰিছিল। তেওঁৰ বজ্রকঠোৰ দৃঢ়তা আৰু অতুলনীয় দেশপ্রেম দেখি গান্ধীয়ে মাথো এষাৰ কথা কৈছিল “চন্দ্ৰনাথৰ দেশহিতৈষিতা সদৌ দেশহিতৈষীৰ আদৰ্শ হোৱা উচিত।”