১৯৪০ৰ উজনি অসমৰলৈ যাত্ৰা

hazarikanikita465@gmail.com
15 Min Read

বাহিবাও দুই-চাৰি পইচা পায় নহয় চাগৈ। ঘূৰি ফুৰা কামত আচল দর্মহাতকৈ বাহিৰাহে সৰহ। ছোৱালী দি জোঁৱাই কৰি ল’ব পাৰিলে, ধৰণীক খুলি খুলি খাব। ছোৱালী বেছি খোৱা উজনীয়া মানুহক মই চিনি নেপাওঁনে? ইস্, ইস্ হোজা ল’ৰাটো ভাল ফান্দিবাজহঁতৰ হাতত পৰিলগৈ।” পুতেকৰ উদ্ধাৰৰ ভাব শুনদৰ হাতত সমর্পি আহিনী নিশ্চিন্ত হ’ল। বিয়া ভাঙিব নোৱাৰিলে, এঘৰীয়া হোৱাৰ ভয় এতিয়া নাই। শুনদেও ভাবিলে এই সুযোগতে টকাৰ লগতে মাটিখিনিবো কিবা এটা সুব্যৱস্থা কৰিব পাৰিব। ধৰণীক ঘৰলৈ ঘূৰাই আনিবৰ কাৰণে বৰ পুতেক মনোহৰকে মৰঙিলৈ পঠোৱাৰ ঠিক কৰিলে। নাওৰাম পণ্ডিতৰ চিনাকি মাষ্টৰ এজন গোলাঘাটত আছে। মনোহৰে প্রথমে গৈ তাতে উঠিব, তেওঁৰে সহায়তে মৰঙিলৈ গৈ বিয়া ভাঙি ধৰণীক ঘূৰাই লৈ আহিব। আন নহ’লেও মাকৰ টান নৰীয়া বুলি ক’লে, বিয়াৰ দিন পিছ হোহোঁকাই ধৰণী নিশ্চয় ঘৰলৈ আহিব। মনোহৰৰ অহা-যোৱা খৰচ একুৰি টকাৰে জোৰা নমৰিবগৈ। বাদ বাকী যি লাগে কুল গৌৰৱ ৰক্ষাৰ কাৰণে সদ্যহতে শুনদেই দিবলৈ গাত ল’লে। ধৰণী আহিলে পিছে পৰে যি হয় তাৰ ব্যৱস্থা হ’ব। সমাজৰ অপবাদ আৰু এঘৰীয়া হোৱা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবৰ আশা দেখি ধৰণীক মাকে স্বস্তিৰ নিশ্বাস টানিলে। উজনিলৈ যোৱাৰ কথা ওলোৱাৰ পৰা মনোহৰে গা তিনি নাচ কৰিবলৈ ধৰিলে। চহৰৰ ভিতৰত সি দেখিছে মাথোন নগাঁও। তাকো দুর্গাপূজাৰ গোসানী উটুওৱা চাবলৈ আহোঁতে আৰু কেতিয়াবা ঢাকাৱলীয়া গোলাৰ পৰা সূতা কিনিবলৈ আহোঁতে। সিয়ো দিনটিয়াকৈ দেখা; চহৰত ৰাতি খপি এসাঁজ খাবলৈ সৌভাগ্য ঘটা নাই। বেলত উঠিছে নগাঁৱৰ পৰা বহালৈ। ওৰে ৰাতি ৰেলত যোৱা কথাটো তাৰ কল্পনাৰো অতীত। যোৱাৰ দুদিনৰ আগৰে পৰা কানি-কাপোৰ ভৰাবলৈ মনোহৰে বেতৰ বাকচটোৰ গাঁথি-চাঠি বান্ধি মেৰামতি কৰি লৈছে। খাৰণিত সিজালে ভালকৈ নিকা নহ’ব বুলি কেঞা-গোলাৰ পৰা কাপোৰ ধোৱা চাবোন এডোখব আনি ভনীয়েকৰ হতুৱাই চোলা-চুৰিয়া আৰু গামোচাখন ধোৱাই জাপি-জুপি সুমুৱাইছে। শনিবৰীয়া ফুলগুৰি হাটৰ পৰা সৰু আর্চি-ফণি এযোবা আনিছে। ভায়েক-ভনীয়েকহঁতে আর্চি-ফণিযোৰা বাকচৰ পৰা উলিয়াই অনা দেখিলে মনোহৰ খঙত একো নাইকিয়া হয়। লৰালৰিকৈ কাঢ়ি-আজুৰি, মচি-কুচি বাকচৰ কাপোৰৰ জাপৰ মাজত সুমুৱায়গৈ। মনোহৰৰ বুধবাৰে যোৱা ঠিক হৈছে। নাওৰাম পণ্ডিতে পাঁজি-পুথি চাই বুধবাৰে আবেলি তিনি বাজি ওঠৰ মিনিটৰ পৰা শুভক্ষণ মিলিছে বুলি গণি-পঢ়ি দিছে। ক্ষণটো ভালেই হৈছে। চাপৰমুখৰ পৰা সন্ধিয়া ছয় বজাত উজনিলৈ বেল এবে, সেই গাড়ী ফৰকাটিং পায়গৈ পুরা দোকমোকালিতে। আবেলি পৰত বহা ষ্টেছনৰ পৰা চাপৰমুখৰ ফালে কোনো বেল নাই। মনোহবে সেই কাৰণে একেবাৰে চাপৰমুখ ষ্টেছনতে উঠিবগৈ লাগিব। পথৰুৱা পথ ধৰিলে গাঁৱৰ পৰা দুয়ো ষ্টেছনলৈকে সমান বাট। নাওৰাম পণ্ডিতে গোলাঘাটৰ তেওঁৰ পৰিচিত মাষ্টৰ ৰাধা কাকতিলৈ চিঠি এখন মনোহৰৰ হাতত দিছে। মনোহৰক সকলো সুবিধা কৰি ধৰণীৰ ওচৰলৈ যাতে পঠিয়াই দিয়ে, পণ্ডিতে তাকে দঢ়াই দঢ়াই লিখিছে। ওৰে ৰাতি শুনদে পুতেকক কেনেকৈ যাব, ধৰণীক কিদবে বঢ়াই-বুজাই আনিব, সেই সম্বন্ধে নানা উপদেশো দিলে। দুপৰীয়া খাই-বৈ জুৰাই-শতাই কান্ধত লোৱা গাঁথীয়া বাঁহৰ টোকোনডালৰ মূৰতে বেতৰ বাকচটো তুলি, ককায়েকৰ কলিতা কুল ৰক্ষা কৰিবলৈ মনোহৰে উজনিলৈ যাত্রা কৰিলে। তিনিআলিব মূৰলৈকে ভায়েক-ভনীয়েকহঁতে ককায়েকক আগবঢ়াই থৈ আহিলগৈ। গাঁৱৰ বোৱাৰী-জীয়াৰীহঁতে পদূলিলৈ ওলাই আহি হাঁহি মাৰি সুধিলে, “যাবলৈ ওলাই আহিলিয়েই হবলা?” “ওঁ, আহিলোঁ। থাকিবিহঁত দেই।” উলাহত মূৰ জোকাৰি দ্বিতীয় প্রশ্নলৈ অপেক্ষা নকুবি মানোহবে বেগাবেগিকৈ খোজ ল’লে। “ভালে-কুশলে যাগৈ বোপাই। কেনেবাকৈ পাৰ যদি ল’ৰাটোক বঢাই-বুজাই আনগৈ।” মনোহৰক অযাচিত আশীর্বাদ দি সকলোৱে নিজ নিজ কামলৈ উভতি গ’ল। উজনি-নামনিলৈ যোৱা দুয়োখন ৰেলগাড়ী সন্ধিয়া চাপৰমুখ জংছনত লগ লাগেহি। বেল ধৰিবলৈ অহা মানুহেবে ষ্টেছনৰ প্লেটফর্ম ভৰি পৰিছে। প্লেটফৰ্মৰ ভিতৰৰ ফালে থকা ভেণ্ডৰৰ দোকানত ভালেমান মানুহে হাঁহি-খিকিন্দালিৰে চাহ-মিঠাই খাই কোঢাল লগাইছে, লোহাব বেলিঙৰ মাজেদি বাহিৰৰ পৰা মনোহৰে তালৈ ডিঙি মেলি চাই মনে মনে ভাবিলে, “ওহোঁ, সেইখনলৈ যাব নোৱাৰি। গৰিয়া-মৰিয়া সোপাই একেলগে বহিছে।” মনোহবে এখোজ-দুখোজকৈ বাহিৰপিনে বাটব কাষত থকা চিলঠীয়া মিঠাই দোকানখনৰে ওচৰ চাপিল। টোকোনডালেবেৰ সৈতে বাকচটো দোকানৰ চোতালত থকা বাঁহৰ চাংখনৰ ওপৰত থৈ তাবে একাষে বহিল। দোকানীয়ে দুই-চাৰিজন গ্রাহকক ইটো-সিটো বেচিছে। তাবে আলেখলেখ বুজি মনোহৰৰ চকুৱে দোকানৰ মিঠাইৰ চৰৰ ওপৰত পিতপিতাই ফুৰিছে। পেটত ভোক নাই, তথাপি এঠাইলৈ ওলাইছে যেতিয়া কিবা-কিবি অকণমান মুখত দিয়া ভাল। পিয়াহ লাগিছে, মিঠা পানী এবটল খাবই লাগিব। কাঠব বাকচ এটাৰ ওপৰত সজাই থোৱা বঙা, নীলা বটলবোৰলৈ আঙুলিয়াই দাম কিমান সুধিলে। “এক অনা।” “মিঠা আছেনে নাইহে?” “খাই চোৱা, মিঠা নোপোৱা যদি দাম নিদিবা।” মিঠাপানী খাই দাম নিদিয়াকৈ যাবৰ যে গাঁৱলীয়া মানুহৰ তাগজ নাই সেই কথা চিলঠীয়া দোকানীয়ে বটিয়াকৈ জানে। মনোহৰৰ পৰা সমর্থন নৌপাওঁতেই দোকানীয়ে বঙা বটলটোৰ মুখব গুটিটো বুঢ়া আঙুলিৰে হেঁচুকি খুলি বটলটো তাৰ ফালে আগবঢ়াই দিলে। চাৰি পইচা খৰচ কৰি মিঠাপানী এবটল খাবনে নেখাব সেই চিন্তাৰ সহজ সমাধান দোকানীয়ে নিগিষতে কৰি দিলে। মনোহৰে বাধ্য হৈ বটলটো হাতত লৈ মুখখন ওপৰলৈ কৰি বটলটো ওঁঠত লগাই ঢক্ককৈ পিবলৈ ধৰিলে। ভিতৰৰ গুটিটোরে টলং-ভটং কৰি মাজে মাজে আহি বটলটোৰ মুখখন সোপা মাৰি ধৰেহি, বটলটো নমাই লৈ ঘূৰাই-পকাই মনোহৰে আকৌ মুখত দিয়ে।

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। ফেনেৰে সৈতে শেষ টোপাললৈকে পানীখিনি পি শেষ কৰি, বটলটো মাটিত থৈ মনোহৰে দোকানৰ ভিতৰৰ মিঠাইৰ আলমাৰিটোলৈ চকু দি চাৰি পইচাৰ জেলেপি বিচাৰিলে। জেলেপি খাই ৰস লগা আঙুলিকেইটা চুহিছেহে মাথোন, এনেতে ঘটং ঘটং ষ্টেছনত ঘণ্টা বাজিল। বেল আহিল ভাবি মনোহৰে যাবলৈ হুৰামূৰি লগালে। ৰেলত উঠিবলৈ খোজা যাত্ৰীয়ে লৰালৰি লগোৱা দৃশ্য চতুৰ চিলঠীয়া দোকানীয়ে দেখি আছে। পইচাকেইটা গণি লৈ তাচ্ছিল্যৰ ভাবেৰে দোকানীয়ে ক’লে, “সেয়া টিকট কটাৰ ঘণ্টিহে, বেল আহিবলৈ বহুত সময় আছে।” দোকানীৰ কথাত আশ্বস্ত হৈ মনোহৰে মেৰতলিৰ মোনাটোৰ পৰা আৰু চাৰিটা পইচা দোকানীৰ হাতত দি বেলেম্প চিগাৰেট এবাকচ কিনিলে। “আৰু এক পইচা লাগিব”- দোকানীয়ে পইচা চাৰিটাবে সৈতে মনোহৰৰ ফালে হাতখন আগবঢ়াই দিলে। “পাঁচ পইচা কিয় ল’বাহে? মোক কিবা নতুন মানুহ পাইছানে কি? চাৰি পইচাত সদায়ে কিনি খাবই লাগিছোঁ।” মুখখন দোকানৰ ভিতৰলৈ ঘূৰাই দোকানীয়ে গহীনাই উত্তৰ দিলে, “চাবি পইচা নেলাগে, এক পইচাত খাব পাৰা। ইয়াত পাঁচ পইচাৰ কমে নেপাবা।” চিলঠীয়া দোকানীৰ গাজত লগা কথা শুনি মনোহবে ভাবিলে, “এ ইহঁত ঢাকাৱলীয়া দোকানীৰ দৰে নহয়। ঢাকাৱলীয়াৰ লগত দাম-দৰ কৰিব পাৰি, চাৰি পইচাৰ বস্তুটো দুপইচাত আনিব পাৰি, তাহাঁতৰ লগত হাঁহি-তামাচাও কৰিব পাৰি। চিলঠীয়া দোকানীবোৰ কেনে গোথোৰামুৱা। যাওক, এটা পইচা ঠগি সবহকৈ নি সিনো কি বজাটো হ’ব?” দিও-নিদিওঁকৈ মোনাৰ পৰা পইচা এটা উলিয়াই দোকানীৰ হাতত দি মনোহৰে টিকট-কটা খিৰিকীলৈ খোজ ল’লে।

টিকট বাবুৰ লগত বহুত দাম-দৰ কৰিও কমাব নোৱাৰি অগত্যা দুটকা তেৰ আনা দুপইচা দি ফবকাটিং ষ্টেছনলৈ তৃতীয় শ্রেণীব টিকট এখন কিনি মনোহৰ প্লেটফৰ্মৰ ভিতৰ সোমাল। বেল লাইনৰ কাষত শাৰী পাতি থকা মানুহৰ লগত শাৰী পূবাই টোকোনডালৰ ওপৰতে তপিনাটো পেলাই একান্ত মনে বেডলেম্প চিগাৰেট এটা হুপিবলৈ লাগিল। ছিগলে পৰাত ৰঙা-নীলা লেম্প বাতি লৈ পইন্টমেনে লাইনৰ ওপৰত থকা মানুহবিলাকক “হাঠ যাও, হাঠ যাও” বুলি হাতেৰে হেঁচুকি আঁতৰাই দিছে। লৰালৰিকৈ ওপৰচকুৱা হৈ আহোঁতে মাটিত পৰি থকা মনোহৰৰ টোকোনডালৰ আগটোত উজুটি খাই পইন্টমেনে উগ্রমূর্তি ধৰিলে। হিন্দুস্থানী, বঙালী যি ভাষাই মুখত ওলাল তাবেই টোকোনৰ গৰাকীক গর্জিবলৈ ধৰিলে। বেলৰ নিমিত্তে উৎকণ্ঠিত হৈ বাট চাই থকা যাত্রীসকলৰ অকস্মাতে একাগ্রতা ভাঙিল, সকলোরে কি হৈছে বুলি মুখ ঘূৰাই সেই ফাললৈ চালে। সহস্র নৰ-নাৰীৰ চকু তাৰ পিনে অহাত আগন্তুক বিপদৰ আশংকাত মনোহবে ততাতৈয়াকৈ টোকোনডাল আৰু বাকচটো লৈ আঁতৰিল।

সন্ধিয়া লাগো লাগো হওঁতেই উজনি আৰু নামনিলৈ যোৱা দুয়োখন বেল প্রায় একে সময়তে ষ্টেছন পালেহি। ট্রেইন প্লেটফর্ম নৌ পাওঁতেই যাত্ৰীসকলৰ মাজত হৈ চৈ, লৰা-ঢপৰা, ঠেলাঠেলি, হুৰা-হুৰি, চিঞৰ-বাখৰৰ তুমুল কোলাহল আৰু বিশৃঙ্খলাৰ সৃষ্টি হ’ল। জানিবা, ভূইকপ, বানপানী দুয়োবে একেলগে আবিৰ্ভাৱ। লগৰসকলক পিছ পেলাই নিজে কেনেকৈ আগেয়ে গাড়ীত উঠিব পাবে যাত্রীসকলৰ মাজত তাবেই তুমুল অঁৰিয়াঅবি। উজনিৰ গাড়ী কোনখন বুলি সুধি হাবাথুবি খাই মনোহবে ফোঁপাই-জোপাই শেহান্তৰত আচল গাড়ীখনৰ কাষ চাপিলগৈ। কিন্তু গাড়ীত উঠে কেনেকৈ? প্রত্যেক কুঠৰীয়েই মানুহৰে ঠাহ খোৱা, যিখন দুৱাৰতে হাত দিয়ে, সেইখনেই বন্ধ। টানি-আজুৰি, হেঁচুকি ঠেলি মেলিবলৈ চেষ্টা কৰিলেও ভিতৰত উঠি থকা যাত্রীসকলে “ইয়াত ঠাই নাই, আগত বহুত খালি গাড়ী আছে- তালৈ যোৱা” বুলি চিঞৰ-বাখৰ লগাই ওভোতাই পঠিয়ায়। আগলৈ এবাৰ পিছলৈ এবাৰ লৰা-ঢপৰা কৰি, এটি কুঠৰীত মানুহ কম দেখি, মনোহৰে দুৱাৰখন হেঁচুকি টোকোনডালেৰে সৈতে বাকচটো ভিতৰলৈ ঠেলি দিছেহে মাথোন- এনেতে ভিতৰ বেঞ্চত বহি থকা এজনে হঠাতে দুৱাৰখন হেঁচা মাৰি ধৰিলেহি। টোকোনডাল তুলি লৈ মনোহবে খঙেবে ক’লে, “এইবোৰ কি কথাহে? আমাক উঠিবলৈ নিদিবানে কি?” দুবাৰত হেঁচামাৰি ধৰি থকা যাত্রীজনে ব্যংগ হাঁহি এটাৰে উত্তৰ দিলে, “এইখন তহঁতৰ গাড়ী নহয়। দেড়া গাৰী।” কথাৰ অৰ্থ নুবুজি তেওঁৰ মুখলৈ চাই থকা দেখি আকৌ ক’লে, “এইখন ইণ্টাৰ ক্লাচ, বঙা টিকটৰ গাড়ী। ইয়াত উঠিলে ভাৰা বেছি লাগিব। আগৰ গাড়ীত উঠ গৈ।” আগত ইঞ্জিনে ফোঁচ-ফোঁচাই আছে। কাজিয়া কৰিবৰ সময় নাই। “হেঃ বালক, মোৰো কপাল। এখন গাড়ীতো ঠাই নোহোৱা হ’ব পাইনে?” মনব দুখত বলকি মনোহৰে আন এটা কুঠৰীৰ সন্ধানত আগবাঢ়ি গ’ল। ইণ্টাৰ ক্লাচৰ বাকী যাত্রীকেইজনেও মূৰ উলিয়াই তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ দুৰ্দশালৈ লক্ষ্য কৰি বিদ্রূপাত্মক আভিজাত্যৰ হাঁহি মাৰিলে। বেল এৰিবৰ সময় হ’ল। তৃতীয় শ্ৰেণীৰ কুঠৰী এটাৰ দুৱাৰৰ হাতোৰাত ধৰি ভিতৰৰ যাত্ৰীসকলক দুৱাৰখন মেলি দিবলৈ মনোহৰ কাওবাওঁকৈ কাকৃতি কৰিছে। কুকুৰেই কুকুৰৰ ডাঙৰ শত্রু। মনোহৰৰ অসহায় অৱস্থাত তৃতীয় শ্ৰেণীৰ আৰোহীসকলে কিৰিলি পাৰি হাঁহি টিটকাৰি দিছে। গার্ডে হুইচেল দিয়াত টিকট কালেক্টৰ এজনে লৰালৰিকৈ আহি মনোহৰক বাহুত ধৰি হেঁচুকি ভিতৰলৈ ঠেলামাৰি দি দৰ্জা বন্ধ কৰি দিলে। লগে লগে ঘচ্ ঘচ্ শব্দ কৰি ট্রেইন এৰিলে। বেঞ্চৰ তলত বহি মনোহবে ভাগৰৰ দীঘল নিশ্বাস টানিলে। দ্রুতগতিত গাড়ী চলিল। কামপুৰ, যমুনামুখ, হোজাই এটা এটাকৈ স্টেছন পাব হৈ গ’ল। ইজন-সিজনকৈ কোঠালিৰ যাত্ৰীসকলৰ লগত মনোহৰে কথা-বার্তা আৰম্ভকৰিলে। কোন ক’ৰ পৰা আহিছে, ক’লৈ যাব, কিয় যায় সকলো খা-খবৰ মানোহৰে সংগ্ৰহ কৰিলে। লগে লগে নিজৰো সকলো বৃত্তান্তব আদি-অন্ত উনুকিয়াই গ’ল। ইমানদূৰ ৰেলগাড়ীত অহা তাৰ এয়ে প্রথম। গোলাঘাট চহৰৰ আও-ভাও সি একো বুজি নেপায়। ইফালে নাহিলেও নহয়। ককায়েকে জাত মাৰি আহোমনী এজনী বিয়া কৰাবলৈ ওলাইছে। যিকোনো প্রতিবন্ধক জন্মাই বিয়া ভাঙিবই লাগিব। নির্লিপ্তভাবে অপৰিচিত লোকৰ সুখ-দুখৰ কাহিনী শুনাৰ সমান আনন্দ নাই। যিমান অপৰিচয় তিমান আনন্দ, তিমান স্ফূর্তি। কাষত বহা যাত্রীসকলে মনোহৰৰ কথাত মন দি বেল যাত্ৰাৰ ভাগৰ-আমনি পাতলাবলৈ সুবিধা পালে। ৰেফ্লেম্প চিগাৰেটৰ বিনিময়ত, কেইজনমান যাত্রীৰ লগত মনোহৰে বঢ়িয়াকৈ মিতিৰালি পাতিলে। কাষৰ যাত্ৰীজনৰ হাতৰ পৰা তামোলখন হাত পাতি লৈ মনোহৰে ক’লে, “আপোনাৰ ঘৰ ক’ত বুলিলে? হোজাইত? চাই থাকিব ঈশ্বৰে কৰিলে, এই বছৰতে আপোনালোকৰ অঞ্চল ওলামগৈ।”

“ভাল, ভাল, যাব, যাব।” হাঁচতিৰ পৰা মলমলাই যোৱা চুঙা ধপাতকণ মুখত লৈ লগৰজনে উৎসাহেৰে শলাগিলে। “আমাৰ ফালৰ কেইবাঘৰো হোজাইলৈ উঠি আহিছে। আমাৰ অৱশ্যে গাঁৱতে যিখিনি মাটি-বাৰী আছে তাকে চলাই খাব পাৰিলেই বহুত। হয়নে, খগেশ্ববে বোলে তাত ভালেমান মাটি ভঙাইছে?” “কোন খগেশ্বৰৰ কথা বা কোৱা হৈছে?” “দীঘলদৰিব পৰা যোৱা বছৰ উঠি গৈছে। আমাৰ মৌজাত ইমানুদ্দিনে ময়মনচিঙীয়াই ভৰি দিব পৰা নাছিল। খগেশ্বৰেইহে নি সুমুৱালেগৈ। গাঁৱৰ মাটি-বাৰী সকলোবোৰ ময়মনচিভীয়াক বেচি সি বোলে এতিয়া হোজাইত পাম পাতিছেগৈ।” “হয়, হয়, বুজিছোঁ। খগেশ্বৰ বোলা এজনে ময়মনচিঙীয়া মানুহ লৈ নতুনকৈ মাটি ভঙাইছে। পিছে, কথাটো তেওঁ ভাল কৰা নাই। গোজেই গজালি মেলিবগৈ। ময়মনচিঙীয়া আৰু বিহমেটেকা একে বিধৰ। এবাৰ চপাই ল’লে, গোটেইখন বিষাক্ত হৈ পৰিব। পাছত জইন মৰা টান।” “এস্ ক’বহে লাগিছেনে? আমাৰ পিনে নিজ চকুৰে দেখিয়েই আছো নহয়। লাওখোৱা, লাহৰীঘাট দুয়ো মৌজাতে ফিৰিঙতি মাটি নোহোৱাই হ’ল। এতিয়া শুনিছো, চৰকাৰে চৰণীয়া পথাৰকেইখনো তাহাঁতলৈ মুকলি কৰি দিবহে খুজিছে।” “সেয়ে হ’লে দেখোন বাইজ নিগমেই মবিল। গৰু-গাই পোহা টানেই হ’ল। দল ঘাঁহ কাটি কেইটা গৰুক খুৱাব?” “ৰাইজ মৰকেই বা তৰকেই। চৰকাৰৰ খাজনা পালেই হ’ল। ময়মনচিন্ডীয়া অহাৰ পৰা আমাৰ মানুহৰ গৰু-ম’হৰ খুঁটি উঠিল বুলিবই লাগে।” “লাওখোৱা মৌজাতনো তাহাঁত কেনেকৈ বহিছে? ব্ৰহ্মপুত্ৰৰ পানীয়ে নেপায়হি জানো?” “এস্ নক’ব। আগেই সেইখন সাগৰ। কিন্তু কি ঈশ্বৰৰ ইচ্ছা- ময়মনচিভীয়া বহাৰ পৰা যোৱা চাৰি-পাঁচ বছৰে পানীৰ গোন্ধ-ভাপেই নাই। আগেয়ে যি অঞ্চলত বাবিষা নেলাগে, খৰালিতো নাও নহ’লে যাব নোৱাৰি, এতিয়া সেই জলাহ শুকাই তৰাং।” “এৰা, কলিকালত কতনো অঘটন নঘটিব?” হোজাইৰ যাত্ৰীয়ে হতাশৰ নিশ্বাস পেলালে। মনোহবে ক’লে, “চাওকচোন, সিহঁত অহাৰ পৰা ধানৰ দাম টকাৰ ওপৰলৈ উঠিব নেপায়নে? ইফালে মৰাপাটৰ দাম দিনক দিনে চবি একুৰি পালেগৈ।”

“একুৰিহে বুলিছে? আমাৰ পিনে তাতোকৈ চৰা। যমুনামুখৰ বজাৰত জহৰমল বাবুবে একুৰি চাৰি টকাকৈ কিনিছে।” “নেদেখিছে টকা-পইচাও তাহাঁতেই শুহিছে।”

বেল আহি লামডিং জংছনত ব’লহি। যাত্রীসকলৰ মাজত উঠ-নমাৰ হুবাহুবি লাগিল। প্লেটফর্মত বিজুলী চাকিৰ দিন যেন পোহৰ দেখি মনোহবে বিস্ময় মানিলে। লামডিং বেলব ৰাজ্য। ষ্টেছনতে ইমানবোৰ বেলগাড়ী পৰুৱাৰ দবে লানি লাগি আছে, কুঠৰীৰ পৰা নামিবলৈ সাহ নোহোৱাত মনোহৰে খিৰিকীয়েদি মূব উলিয়াই বিস্ময় পুলকিতভাৱে চাই ব’ল।

লামডিঙত কেবাজনো যাত্রী নামিল। নতুন যাত্রী উঠাব পূর্বেই কোনো কোনোজনে নিজৰ বিছনা বহলাই ল’লে। মনোহৰৰ কিন্তু শুই শুই যাবলৈ ইচ্ছা নগ’ল। খিৰিকীয়েদি মুখ উলিয়াই প্রতেকটো স্টেছন আৰু যাত্রীসকলৰ উঠা-নমাৰ আলেখ-লেখ চাই যোৱাব তাৰ প্ৰবল ইচ্ছা। ৰেলৰ যাত্ৰীসকলক মনোহবে সুকীয়া ৰাজ্যৰ প্রাণী বুলি বিবেচনা কৰিছে। ব্যস্ততা, ব্যাকুলতা, ভয় আৰু চিন্তাই বেলৰাজ্যৰ প্ৰাণীসকলৰ দেহ-মন আৱৰি থৈছে।

আঘা ঘণ্টা পৰ অচল অৱস্থাত থাকি গা জিকাৰি ৰেলখনে পুনৰ লৰিবলৈ আৰম্ভ কৰিলে। ডিটেন্স ছিগনেল পাৰ হোৱাৰ পাছত এজন বঙালী মানুহে হাতত কিছুমান সৰু সৰু বটল লৈ কুঠৰীৰ মাজত থিয় হৈ গীত জুবি বক্তৃতা আৰম্ভিলে। বক্তৃতা শেষ হোৱাৰ লগে লগে বটল এটাৰ পৰা ৰঙা ৰঙা বড়ি উলিয়াই প্রত্যেক যাত্রীব মাজত দুটা দুটাকৈ বিলাই দিলে। মনোহৰৰ ফাললৈ হাত আগবঢ়াওঁতে মনোহৰে ল’বলৈ সংকোচ কৰিছে। জানোচা তাৰ বাবে পাছত পইচা-কড়ি দিব লগা হয়। টেঙৰ বেপাৰীয়ে ভৱিষ্যৎ গ্ৰাহকৰ মনৰ পৰা অবিশ্বাসৰ ভাব দূৰ কৰিবলৈ ক’লে, “ধৰক, ধৰক, এটা মুখত লওক। জিন্তানৰ নিচিনা মুখৰোচক বস্তু দ্বিতীয় নাই। মুখত ল’লে মুখ ভাল লাগে, তামোলৰ লগত খালে তামোলত পাগ ধৰে। দাঁতৰ তেজ-পুঁজ ওলোৱা বন্ধ হয়, মুখৰ দুৰ্গন্ধ নাশ কৰে। লওক, লওক।” একে উশাহেই আটাইখিনি কথা শেষ কৰি জোৰেৰে মনোহৰৰ হাতত জিন্তানৰ বড়িকেইটা গুজি দিলে। বড়িকেইটা কেনেকৈ খায় জানিবৰ নিমিত্তে মনোহৰে যাত্রীসকলৰ মুখলৈ চাইছে। দুই-এজনক দেখি, সিও মুখত গুটি এটা পেলাই চুহিবলৈ ল’লে। জলা-মিঠা মিহলি, প্রথমতে মুখখন ফৰ-ফৰাই পিছত শাঁত লাগিল। সঁচাকৈয়ে মুখৰোচক। বড়িবোৰ বিলাই দিয়াৰ পাছত, হাতত আগতকৈ সৰহ সৰু-বৰ নানা তৰহৰ চিচা লৈ বেপাৰীয়ে পুনৰ বক্তৃতা জুৰিলে- “জিন্তান মুখৰোচক, মুখৰ দুৰ্গন্ধনাশক। পঁচিশটা বড়িৰ সৰু চিচিত দুই অনা, পঞ্চাশটা বড়িৰ মজলীয়া চিচিত তিনি অনা দু পইচা। এশটা বড়িৰ ডাঙৰ চিচিত ছয় অনা।” একেখিনি কথাকে উশাহ নোলোৱাকৈ কেইবাবাৰো চিঞৰি যাত্ৰীসকলৰ ফালে বটলবোৰ আগবঢ়াই দিলে। কিন্তু বটল কিনাৰ কোনেও

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *