আপোনাৰ কেউখন চিঠি যথাসময়ত পোৱা হৈছে। প্রস্তাৱটিৰ একো এটা মীমাংসা কৰিব নোৱাৰাতহে উত্তৰ দিয়া পলম হ’ল। বোপাৰ কাম-কাজৰ এতিয়ালৈকে একো সুবিধা হোৱা নাই, শীঘ্রে যে হ’ব তেনে আশাও দেখা নাই। তেনেস্থলত এতিয়াই বিয়াৰ প্রস্তাৱত নো মাড়ি হওঁ কেনেকৈ? এইবোৰ ভাবি-চিন্তি অন্য পাত্রতে ছোৱালী দিবলৈ আপোনাক অনুৰোধ কৰিলোঁ। ‘ভগৱন্ত সহায়, তেওঁৰ কৃপাত আপোনাৰ ছোৱালী নিশ্চয উপযুক্ত পাত্রতে পৰিব। কুশল মংগল জনাই সুখী কৰিব। আমাৰ নমস্কাৰ জনালোঁ।
ইতি- আপোনাৰ শুভাকাংক্ষী শ্রীমহীকান্ত বৰুৱা
চিঠিখন পঢ়াৰ লগে লগে বাপুৰামৰ চকুবে মুখে অশান্ত, উদ্বেগ গ্লানিকৰ বিৱক্তি ফুটি ওলাল। চকীখনৰ হাতোৰাত ধৰি ওঠ দুখন দাঁতেৰে চেপি থৰথৰকৈ কঁপিবলৈ ধৰিলে। লাঞ্ছনা, অপমান, ক্রোধত, উতল অহা ভাতৰ দৰে মগজু টবগ্ কৰিবলৈ ধৰিলে। কি কৰিব, কি নকৰিব- বিবেকবিহীন হৈ হাতত চিঠিখন লৈ উধাতু খাই মৌজাদাৰৰ ঘৰলৈ গ’ল। মৌজাদাৰৰ ঘৰৰ মধ্যস্থতাতে বিয়াৰ ঠিক হৈছিল, এতিয়া কিজানিবা বাপেক-পুতেকে মিলি কিবা এটা ব্যৱস্থা দিব পাৰেই। গুৰগুৰি টানি মৌজাদাৰক আগফালৰ চ’ৰাতে বহি থকা পালেগৈ। হাতত চিঠি এখন লৈ বাপুৰামক ব্যস্ত সমস্ত হৈ অহা দেখি মৌজাদাবে ঘটনাটো অনুমান কৰি ক’লে, “আহাঁ, আহাঁ, কি হ’ল?” চিঠিখন মৌজাদাৰৰ হাতত দি বাপুৰাম চকী এখনত ঘপহকৈ বহিল। চিঠিখন পঢ়ি, গুৰগুৰিব নলিচাত টোৰোক্ টোৰোককৈ দুটামান মৃত্যু টান দি মৌজাদাৰে গহীনাই ক’লে, “এইটো কথাতেই ইমান বিচলিত হ’বৰ কি কাৰণ হ’ল?” ছোৱালীজনীৰ কি গতি হ’ব?” সহানুভূতিৰ প্রার্থী হৈ মৌজাদাৰৰ মুখলৈ চালে। “অন্য ঠাইত সম্বন্ধ বিচাৰিব লাগিব। ছোৱালী থাকিলে মাকে-মাপেকে উপযুক্ত পাত্রত দিবলৈ বিচাবে- সি দেশ দম্ভব। কোনো ঘৰে কথা দি কথা ৰাখে, কোনোরে নেবাখে। তাৰ নিমিত্তে দুখ কৰিব লগা কি আছে? এইটো কেরল তোমাৰ ক্ষেত্ৰতেই হৈছেনে? ক’বা কেনেকৈ, কি জানিবা, ছোৱালীৰ মংগলৰ কাৰণেই সম্বন্ধ ভাগিছে?” বাপুৰামে নিৰাশাৰ দীঘল নিশ্বাস ল’লে। মৌজাদাৰে কৈ গ’ল, “বুজিছা, সমাজত বিবাহিত জীৱন দায়িত্বৰ জীৱন। মাক-বাপেক, ইষ্ট-কুটুম্ব সকলোৰে লগত মিলি-জুলি থাকিলেই জীৱন সুখব হয়। ল’ৰাৰ নিজ ইচ্ছাত বিয়া হ’লে, বহু সময়ত ঘৰ-ঘৰোৱাহৰ লগত মনোমালিন্য ঘটি ছোৱালীজনীৰ জীৱন অসুখী হৈ পৰে। তাতে নিচ লোকে উচ্চপদ পাই, তেৰিয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায়। সামান্য কেৰাণীৰ পুতেক, হাকিম হ’ব- তেওঁৰ লগত তুমি আমি ফেৰ মাৰিম কেনেকৈ। তোমাৰ ছোৱালীলৈ মহাপ্রভুরে কিজানি কমলাকান্ততকৈ ভাল ল’ৰা থৈছে। যাৰ কন্যা তাৰ বিবাহ। মিছাতে দুখ কবি কি লাভ? ‘কর্মণ্যে রাধিকাৰণ্ডে মা ফলেবু কদাচন।’ কৰ্মতহে তোমাৰ অধিকাৰ, ফললৈ আশা নকৰিবা।” বাপুৰামে আহি যেতিয়া মৃগী ৰোগীৰ দৰে চকীত বহেহি, মৌজাদাৰৰ লগুৱা গেৰেলাই পিৰালি ঢুৰুকি আছিল। ঘৈণীয়েক মৰাৰ পৰা বাপুৰামৰ চাল-চলনৰ পৰিৱৰ্তন মানুহে লক্ষ্য কৰিছে। গেৰেলাই বৰা ডাঙৰীয়াৰ কিবা অসুখ অনুমান কৰি লৰালৰিকৈ ভিতৰত মৌজাদাৰনীক খবৰ ক’লেগৈ। বাচিবলৈ লোৱা ডলাৰ আখৈকেইটা চালনীৰে ঢাকি মৌজাদাবনী বাজলৈ ওলাই আহিল। মৌজাদাৰে বাপুৰামক সান্ত্বনা দি তেতিয়া শাস্ত্ৰৰ বচন মাতিছে। ঘৈণীয়েকক মৌজাদাবে অদ্যোপান্ত সকলো ক’লে। উপায়ৰ আশাত বাপুৰামে মৌজাদাৰনীৰ মুখলৈ মিনতি চকুৰে চাই সুধিলে,- “কওকচোন, মইনো এতিয়া ছোৱালীজনীৰ ক’ত গতি লগাওঁ?” বাপুৰামৰ সঁচাকৈয়ে টান অসুখ হৈছে ভাবি হাতৰ বন পিছ পেলাই মৌজাদাৰনী উধাতু খাই আহিছিল। কিন্তু জীয়েকৰ সম্বন্ধ ভঙা সম্বাদটো পায়ে বাপুৰাম মূর্ছা যোৱা দেখি মৌজাদাৰনীৰ খং উঠিল। নিজৰ ছোৱালীক মাষ্টৰলৈ বিয়া দি বাপুৰামৰ ভাবি জোঁৱায়েক হাকিম হোৱা কথাটো মৌজাদাৰনীয়ে পেটে পেটে বৰ ভাল পোৱা নাছিল। মৌজাদাৰনীয়ে গহীনাই ক’লে, “এবা, হাকিম মনচুপৰ কথা ভাবিলে ছোৱালীৰ গতি লগোৱা টানেই। সকলোৱেনো আকৌ হাকিম-মুক্তিয়াব পায় ক’ত? পিছে, দুখীৰ দুখীভাৱে বিচাৰিলে- কাৰণো ছোৱালী আইবুঢ়ী হৈ পৰি আছে?” “সেইটো হয়। পিছে তাতে পৰিব বুলি ছোৱালীজনীয়েও ইমান দিন ভাবি আছিল।” মূৰে কপালে হাত দি বাপুৰামে ক’লে। “ভাবিছিল, ভাবিছিল, সিটোনো কি পা-পৰাচিতৰ কথা হ’ল। একে ঠাইতে সম্বন্ধ স্থিৰ হৈ কেইজনী ছোৱালীৰনো বিয়া হয়? তাই কিবা পার্বতীয়ে মহাদেৱক আৰাধনা কৰাৰ দৰে আৰাধনা কৰি আছেনে?” উশাহ সলাই পুনৰ ক’লে, “মাক-বাপেকে ভাল বুলি য’তে বিয়া দিয়ে ছোৱালীৰ ত’তে সন্তুষ্ট। আপুনিনো মূৰ ঘমাই মৰিব লাগিছে কিয়? হাততে দেখোন সেইটো ভাল ল’ৰা?” বাপুৰামে মূৰ তুলি উৎসুকভাবে নামটো শুনিবলৈ অপেক্ষা কৰিলে। “কিয়, ধৰণী মাষ্টৰ!” সমর্থনৰ বাবে মৌজাদাৰনীয়ে গিৰিয়েকৰ মুখলৈও চালে। মৌজাদাৰে মূৰ দুপিয়াই ক’লে, “এৰা ধৰণী ল’ৰাটো আমি হ’লে বেয়া নেদেখোঁ। দেখাই-শুনাই, জাতে-কুলে বেয়া বুলিবলৈ ল’ৰাটোৰ একো নাই। আপোনাৰো আগলৈও নাই পিছলৈও নাই। জী-জোঁৱায়ে তেও ঘৰখন ধৰি ৰাখিব পাৰিব।” “ছোৱালীজনীয়ে বা কি…?” ক্ষীণ স্বৰত বাপুৰামৰ মুখৰ পৰা হঠাতে ওলাল। কথাষাৰ শুনি অসহিষ্ণু হৈ মৌজাদাৰনীয়ে ক’লে, “আমিও ছোৱালী তুলিলোঁ তালিলোঁ, কিন্তু ছোৱালীক সুধি বিয়া-বাৰু দিয়া নাই। ছোৱালীক পড়ুৱাই-শুনুৱাই আপুনি কি কৰাইছে গাঁৱৰ দহজনে দেখি আছে। আপোন বুলি আমি দেখিও নেদেখা ভাও জুৰি আছোঁ। এদিনলৈকো আপোনাৰ ছোৱালীৰ কথা লৈ উচ্-বাইচ্ কৰা নাই। গাভৰু ছোৱালী থকা ঘৰলৈ ধৰণী মাষ্টৰৰ ইমান ঘন ঘন আহ-যাহ কিহৰ? তগৰৰো এতিয়া ডেকা ল’ৰাটোৰ পৰা ফুল তুলিবলৈ শিকিলেহে হয়? এইবোৰ কথা কওঁ কওঁ বুলিয়েই আছিলোঁ। এনেকৈ কিছুদিন চলিলে বাদ-অপবাদব ভয়হে আছে। সেইহে কৈছোঁ, মানুহে বি-বি-বা-বাখন নৌ লগাওঁতেই ভালে ভালে ছোৱালীজনী উলিয়াই দিয়ক।” ঘৈণীয়েকৰ কথা তল পেলাবলৈ মৌজাদাবে টোৰোক-ঠোৰোককৈ গুৰগুৰিত দীঘল হোপা টানিলে। কথা শুনি বাপুৰাম মৰা শৱৰ দৰে বিৱৰ্ণ পৰি নিশ্চল হৈ ব’ল। ইমানবোৰ চমকপ্রদ কথাই তেওঁৰ জীৱনত একেলগে কেতিয়াও জুমুৰি দি ধৰা নাছিল। বিস্ময় বিমূঢ়ভারে চকীৰ হাতোৰাত ধৰি বাপুৰাম স্তব্ধ হ’ল। চিনেমার পর্দাত ইটোব পাছত সিটো চিত্র প্রকাশ পোৱাৰ দৰে ধৰণী-তগৰৰ জড়িত নানা ঘটনাই নতুন অর্থেবে তেওঁৰ মনত দেখা দিলে। মৃত্যুৰ সময়ত ঘৈণীয়েকৰ্ক ধৰণী মাষ্টৰে নেখাই-নবই বাতি-দিন শুশ্রূষা কৰিছিল। তেতিয়াৰ পৰাই বাপুৰামে ধৰণীক নিজৰ পুতেকৰ দবে মৰম-চেনেহ কৰে, জীয়েকৰ লগত ধৰণীৰ অবাধ মিলন তেওঁ বিনা সন্দেহেই প্রশ্রয় দি আহিছে। তগৰ-ধৰণী সংক্রান্ত ঘটনাবোৰ মনৰ ভিতৰতে ইটোৰ পাছত সিটো ঔৰ বখলাৰ দৰে বখলিয়াওঁতে পিচল বিজলত বাপুৰামৰ হাত পৰিলগৈ।
দুখ অপমানত জৰ্জৰিত হৈ বাপুৰাম যেতিয়া ঘৰ সোমালহি, কাতিমহীয়া বেলি তেতিয়া পৰোঁ পৰোঁ। ঘৈণীয়েক ঢুকুৱাৰ পৰা কেও কিছু নোহোৱা সম্বন্ধীয় পেহীয়েক এগৰাকীয়ে বাপুৰামৰ ঘৰ ধৰিছেহি। সকলো কথা তপতে তপতে তেওঁক ক’বলৈ বাপুৰাম ভিতৰ চোতাল পালেগৈ। ইফালে-সিফালে চকু ফুৰাই তাঁতশাললৈ চাই চকু স্থিৰ। য’তে অটল বিশ্বাস, ত’তে নির্মম আঘাত। তগবে তলমূৰ কৰি ফুল বাচিছে, ফুলটোলৈ চাই ওচৰতে ধৰণী থিয় দি আছে। মাজৰ ব্যৱধান নোহোৱা হৈ দুয়োৰে গা-মূৰ লগ লাগি অর্ধনাৰীশ্বৰৰ ৰূপত পৰিণত হ’বৰ উপক্ৰম হৈছে। হাঁহি হাঁহি পতা কথাৰ দুই-চাৰিটাই বাপুৰামৰ কাণত ঠহৰ ঠহৰকৈ লাগিছেহি। যাক অলপ পৰৰ আগতে ওচৰ-চুবুৰীয়াৰ বিদ্বেষমূলক প্রচাৰ বুলি ভাবিছিল, যি কথাই ইমান পব সন্দেহ আৰু অবিশ্বাসৰ আকাৰত মেৰপাক খাই আছিল- হঠাতে এই দৃশ্যৰ পোহৰত সি ফটফটীয়া হৈ প্রকাশ পালে। কল্পনা-বিলাসী তথ্য অনুসন্ধিৎসুৱে পুৰণি লিপিৰ এটি শব্দৰ ওপৰতে অতীত বুৰঞ্জীৰ প্ৰামাণিক চিত্ৰ গঢ়িবলৈ যোৱাৰ দৰে, এই এটি দৃশ্যৰ সহায়তেই বাপুৰামে ধৰণী-তগৰৰ বীভৎস প্রেমাখ্যানৰ কল্পনা কৰিলে। কমলাকান্তৰ লগত জীয়েকৰ সম্বন্ধ বিচ্ছেদ নিশ্চয় মংগলময় বিধাতাৰ বিধান। সবজান্তা মানুহৰ বুদ্ধি-কল্পনাৰ তাৰিফ কৰি বিধাতাই কিন্তু অদৃশ্যতে ক্রুৰ হাঁহি মাৰিলে। তললৈ দোঁৱাই নিওঁতে নিওঁতে নিজব অজ্ঞাতেই ধৰণীৰ মূৰ তগৰৰ গালত লাগিল। সংকোচ আৰু লাজত তগবব গাল-মুখ আবিৰময় হৈ উঠিল। চকিত আৰু তাস্তভাবে তগবে মূৰ তুলি দেখিলে চোতালৰ পৰা বাপেকে নির্ণিমেষে চাই আছে। প্রাণহীন পাথৰৰ মূৰ্তিৰ দৰে বেচাৰী যেনেভাৱে আছিল তেনেভাবেই ব’ল। অজানিত ভয়ত দুই চকুৱেদি অসহায় শিশুৰ কৰুণ আর্তনাদ মূর্ত হৈ উঠিল। পাছ মুহূৰ্ততে ধৰণী মাষ্টৰে প্ৰকৃত অৱস্থাৰ উমান পালে। সস্ত্ৰস্ত আৰু অস্পষ্ট কণ্ঠেবে তগৰক মাত লগাই, তাতশালৰ পৰা আঁতৰিবলৈ উপক্ৰম কৰিলে। চোপ লৈ থকা বাঘৰ দৰে, বাপুৰাম ধৰণীৰ পিছে পিছে বাজলৈ ওলাল। ধৰণীয়ে বেগাবেগিকৈ আগ চ’ৰাৰ খটখটি পাৰ হ’বৰ চেষ্টা কৰা দেখি বাপুৰামে আদেশৰ সুৰত ক’লে, “ৰ’বা, ক’লৈ যাবলৈ ওলাইছা? কথা আছে।” তলৰ খঘটিত পেলাব খোজা ভৰিটো পিছলৈ টানি আনি বাপুৰামৰ সমুখত ধৰণীয়ে তলমূৰ কৰি হতভম্বৰ দবে থিয় দি ব’ল। অকস্মাত মান-সম্ভ্রমৰ অগ্নিপৰীক্ষাত থিয় দিব লগা হোৱাত গাৰ কঁপনি উঠিল, নিশ্বাস পেলাবলৈকো ভয় হ’ল। নিশ্বাসৰ বায়ু গোট খাই বুকুত ধুমুহাৰ সৃষ্টি কৰিলে। দুই চকুত অনিশ্চিত সংশয়, বিস্ময়, ভয় মূর্তমান হৈ উঠিল। “তুমি এনেভাবে মোৰ সৰ্বনাশ কৰিবা বুলি ভবা নাছিলোঁ।” কঠোৰ কণ্ঠস্বৰ আৰু কঠোৰ কৰি ক’লে, “নিজৰ ল’ৰাৰ দৰে তোমাক মৰম-চেনেহ কৰিছিলোঁ। তাৰ বেচ প্রতিদান দিলা।” লাজ-অপমানত ধৰণীৰ মাটিৰ লগত মিহলি হৈ যাব ইচ্ছা হ’ল। কপালৰ শিৰ ফুটি ঘাম ব’বলৈ ধৰিলে। মিছা অপবাদৰ প্ৰতিবাদ কৰিবলৈকো শক্তি নোহোৱা হ’ল। ঘোৰ খাব নোখোজা জিভাক অগত্যা জোৰ কৰি ঘোৰ খুৱাই ক’লে, “আপুনি মিছা সন্দেহ কৰিছে।” “মোৰ চকুৰ আগতে আজি যি দৃশ্য দেখিলোঁ, তাৰ পাছতো মিছা সন্দেহ বুলি কোৱানে?” বিদ্রূপৰ ভংগিমাবে ধৰণীলৈ চালে। “কি কুক্ষণতেই তোমাৰ লগত আমাৰ পৰিচয় ঘনিষ্ঠতা ঘটিছিল।” কান্দো কান্দো হৈ ধৰণীয়ে আকৌ ক’লে, “আপুনি মোক ভুল বুজিছে, মোৰ প্রতি অন্যায় বিচাৰ কৰিছে। তগৰৰ লগত মোৰ সম্বন্ধ নিষ্পাপ।” মুখৰ কথা মুখতেই অস্পষ্ট হৈ ৰ’ল। দুই-চকুৱেদি বাৰিষাৰ বানপানী ব’বলৈ ধৰিলে। ধৰণীৰ অসহায় কৰুণ চাৱনিত দয়া জন্মি বাপুৰামে আগৰ সুৰ সলাই কামলাই ক’লে, “ভুল কাৰ নহয়? মানুহ মাত্রবে ভুল হয়। কিন্তু ভুলৰ অস্বীকাৰ কৰি তাৰ পৰা হাত সাৰিব নোৱাৰি। ভুলক সংশোধন কৰাতহে পুৰুষৰ পুৰুষালি।” ধৰণীয়ে হাতেৰে চকুহাল মচি বাপুৰামলৈ মূৰ তুলি চালে। “ইমান দিনে যি কৰিলা, কৰিলা। এতিয়া আৰু তুমি তগৰক বিয়া কৰাব লাগিব। তগৰৰ দৰে ছোৱালী পোৱাটো তোমাৰ সৌভাগ্যহে বুলি ধৰিবা।”