বৈদিক যুগৰ আৰম্ভণিৰ পৰা খৃষ্টপূর্ব ষষ্ঠ শতিকালৈ ভাৰতৰ ইতিহাসৰ বিষয়ে আমাৰ জ্ঞান এতিয়াও সীমিত। বিভিন্ন ৰচনা আৰু তাৰ মাজৰ ঘটনাৰ উল্লেখ নাইবা সংকটৰ পৰা ইতিবৃত্তৰ অনুসন্ধান কৰিবলগীয়া হয়। এই ৰচনাবোৰৰ বহুখিনিয়েই বহু পাছতহে লিপিবদ্ধ কৰা হৈছিল। সেই হেতুকে সম্ভৱতঃ আচল তথ্যৰ কিছু পৰিবৰ্তন পৰিলক্ষিত হয়। পাৰ্জিটাৰ, মেকডোনেল, ভাণ্ডাৰকাৰ প্রমুখ্যে ঐতিহাসিকসকলে খৃষ্টপূর্ব নৱম শতিকাৰ পৰা আমাৰ দেশৰ ইতিহাস ৰচনা কৰা প্ৰচেষ্টা কৰা দেখা যায়।ইয়াৰ ফলস্বৰূপে খৃষ্টপূর্ব যষ্ঠ শতিকাৰ পৰা আমাৰ ইতিহাস আগৰ দৰে অন্ধকাৰ বৃত্ত নহয়। পুৰাণ, বৌদ্ধ, আৰু জৈন সাহিত্যই বিশেষকৈ এই শতিকাৰ পৰা আৰম্ভ কৰি কেবাশ বছৰৰ ইতিহাসৰ উপাদান আগবঢ়াইছে। সমসাময়িক জৈন আৰু বৌদ্ধ গ্ৰন্থৰ পৰা খৃষ্টপূর্ব ষষ্ঠ শতিকাৰ ষোলখন মহাজনপদ (ৰাষ্ট্ৰ) ৰ বিষয়ে অনেক তথ্য পোৱা যায়। পাণিনিয়ে বাইশখন জনপদৰ কথা উল্লেখ কৰিছে। এই ৰাষ্ট্ৰবোৰ সমগ্ৰ উত্তৰ ভাৰত আৰু দাক্ষিণাত্যৰ গোদাবৰী নদীৰ পাৰলৈকে বিস্তৃত হৈ আছিল। ইতিহাসৰ পৰা লুটিয়ালে দেখা যায় যে বৈদিক যুগৰ কালৰ পৰাই ভাৰতবৰ্ষত মহাজনপদ গঠনৰ আদর্শ অব্যাহত আছিল। পাছৰ দিনবোৰত একোজন ৰজাই ওচৰ-চুবুৰীয়া দুৰ্বল ৰজাক পৰাস্ত কৰি নিজে চক্ৰৱৰ্তী বুলি ঘোষনা কৰিছিল। কিন্তু খৃষ্টপূর্ব ষষ্ঠ শতিকাৰ পাছৰ পৰাই ভাৰতীয় ৰাজনীতিত এটা নতুন গতি পৰিলক্ষিত হয়। তেতিয়া উত্তৰ আৰু পূব ভাৰতত কেইবাখনো শক্তিশালী ৰাজ্য অভ্যুদয় হৈছিল। পাছলৈ অন্য ৰাজ্যকেইখন চলে-বলে-কৌশলে নিজৰ অধীনলৈ আনি মগধ নামৰ ৰাজ্যখন সুবিস্তৃত হৈ পৰিছিল। ষোড়শ মহাজনপদ যুগত শাসন ব্যৱস্থা আছিল বিভিন্ন ধৰণৰ। এই শাসন ব্যৱস্থাত ৰাষ্ট্ৰ পৰিচালকসকলৰ ওপৰত সম্পূর্ণ শাসন ক্ষমতা অর্পিত আছিল। ৰাষ্ট্ৰ পৰিচালসকলক সম্রাট, বিৰাট, স্বাৰাট ইত্যাদি আখ্যাৰে জনাজাত। দক্ষিনবিহাৰ, মালৱ, আযোধ্যা আৰু পাঞ্জার অঞ্চলৰ শাসকসকল শক্তিশালী ৰজা আছিল। ৰজাসকলে ওচৰ-চুবৰীয়া ৰাজ্যবোৰক পৰাজয় কৰি নিজ ৰাজ্যত অন্তর্ভুক্ত কৰি লৈছিল। সেই সময়ত ৰজাসকলৰ প্ৰধান উদ্দেশ্য আছিল কেৱল তেওঁলোকৰ ৰাজ্যৰ সীমা বঢ়োৱা। যাবতীয় শাসনকার্য্য একোখন সভাৰ ওপৰত অর্পন কৰি ৰজাসকলে নিজে যুদ্ধক্ষেত্রত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হয়। ৰাজপদবী বংশানুক্রমে চলিছিল। শাসনত অধিস্থিত ৰজাগৰাকীয়ে তেওঁৰ পাছত কোন ৰজা হ’ব তাকো স্থিৰ কৰিছিল। এই ক্ষেত্ৰত ব্যতিক্রমো দেখা যায়। কেতিয়াবা ৰাজপৰিয়ালৰ সকলো সদস্য লগ লাগি ৰাজ্যখনৰ ৰজাজনক নির্বাচিত কৰিছিল। গীক তথ্যৰ পৰা জনা যায় যে পাঞ্জাবত অতি ধুনীয়া লোকজনক ৰজা পাতিছিল। এটা যুগত ৰজাৰ ক্ষমতা আছিল অসীম আৰু স্বৈৰ। কিন্তু ৰজাসকলৰ মনোভাব গণতান্ত্রিক যে নাছিল এনে নহয়। কিয়নো ৰজাসকলে শাসনকার্য্য সম্পন্ন কৰাত মন্ত্রীবর্গ, ব্রাহ্মণ শ্ৰেণী ৰজাসভা আৰু গাঁওবাসীৰ মতামত গ্রহণ কৰা দেখা যায়। ৰাজ্যৰ পৰিসৰ বৃদ্ধি হোৱাত প্রাদেশিক শাসনকৰ্তাৰ প্ৰয়োজন হৈছিল। মহাপাত্র খিতাপ দি বিষয়া নিযুক্ত কৰি প্ৰদেশৰ শাসন কার্য্য অর্পণ কৰা দেখা যায়। বৈদিক যুগতো এনে বিষয়াৰ নাম পোৱা যায়। মহাপাত্রই শাসন কাৰ্য্য পৰিচালনা কৰা উপৰিও ন্যায় বিচাৰ কাৰ্য্য সম্পাদন কৰা দেখা যায়।
ৰজাসকল আছিল ক্ষত্রিয় আৰু মন্ত্ৰীসকল আছিল ব্রাহ্মণ। ৰজাই শাসন সংক্রান্তত যাৱতীয় সমস্যা সমাধান কৰাত মন্ত্ৰীসকলৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। ইয়াৰোপৰি ৰজাই ‘সমিতি’ নামৰ জনসাধাৰণৰ সভাৰ মতামতো গ্ৰহণ কৰা দেখা যায়। ৰাজনৈতিক ক্ষেত্ৰত জনসাধাৰণৰ সমিতিৰ মতামতৰ মূল্য আছিল অত্যাধিক। কোনো কোনো ক্ষেত্ৰত জনসাধাৰণৰ দ্বাৰা গঠিত সমিতিয়ে অত্যাচাৰী ৰজাক সিংহাসনচ্যুত কৰাও দেখা যায়। আনকি জনসাধাৰণৰ সভাই ৰজাক প্রাণদণ্ডৰে দণ্ডিত কৰা প্ৰমাণো বুৰঞ্জীত আছে ৰজাসকলে শাস্ত্ৰ আৰু বেদ অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিছিল যাতে শাসন কাৰ্য্য ন্যায় আৰু উচিত ভাৱে পৰিচালনা কৰিব পাৰে। বিচাৰ বিভাগৰ দায়িত্ব সম্পূৰ্ণ ৰজাৰ ওপৰতেহে ন্যাস্ত আছিল। ৰজাই ৰাজ্যৰ বিশেষ বিশেষ শ্ৰেণীৰ আৰু পৰিয়াল গোষ্ঠীৰ বিশেষ ৰীতি-নীতি মানি বিচাৰ কাৰ্য্য পৰিচালনা কৰিছিল।
মৌৰ্য্য বংশৰ ৰাজত্বকালত ন্যায়িক ব্যবস্থা (খৃষ্টপূর্ব ৩২২-১৮৪)
মৌৰ্য্যসকলৰ ৰাজত্বকালত ন্যায় ব্যৱস্থা উন্নত আৰু সুপৰিকল্পিত আছিল। ৰজা ন্যায় বিচাৰ ক্ষেত্রত আছিল উৎস। সকলো বিচাৰ ৰজাই নিজে কৰিব পৰা নাছিল কাৰণে বহুকেইজন বিতাৰপতি নিযোগ কৰিছিল। মৌৰ্য্য বংশৰ ৰাজত্বকালতে বিচাৰালয় দুটা ভাগ কৰে- দেবানী আৰু ফৌজদাৰী। দেৱানী ন্যয়লয় ধর্মাস্থিয়া আৰু আৰু ফৌজদাৰী ন্যায়লয় কণ্টকসোধনা বুলি নামকৰণ কৰে। প্ৰতিটো ন্যায়ালয়ত তিনিজনকৈ বিচাৰপতি নিয়োগ কৰা দেখা যায়। ন্যায়ালয়ত হিন্দুৰ ৰীতি-নীতি প্রযোজ্য হৈছিল আৰু সেই ৰীতি-নীতি নিয়ম অনুসৰি গোচৰসমূহ নিষ্পত্তি কৰে। ফৌজদাৰী গোচৰত দোষীক মৃত্যুদণ্ড দিয়া পৰিলক্ষিত হয়। মৌর্য্য সম্রাটসকল আছিল ধর্ম প্রবর্তক। আইন প্ৰৱৰ্তনৰ ক্ষেত্রত অধর্মই যাতে স্থান পাব নোৱাৰে সেই বিষয়ত ৰজাসকলে সদায় সর্তকতা অবলম্ব কৰিছিল। ৰজাৰ অনুশাসন নাইবা আদেশেই আছিল আইন। ধর্ম প্রবর্তক হিচাপে আইন প্রণয়ন কৰিবলৈ গৈ মৌর্য্য সম্রাটসকলে ‘পুৰণি প্রকৃতি’ অর্থাৎ প্রাচীন ৰীতি-নীতিৰ বিৰুদ্ধে যোৱা নাছিল। আইন প্রণয়নৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰংকুশ ক্ষমতা থাকিলেও কার্য্যক্ষেত্রত তেওঁলোকে প্রচলিত ৰীতি-নীতি আৰু নৈতিকতাক অবজ্ঞা কৰা দেখা নাযায়।
গুপ্ত বংশৰ ৰাজত্বকালত ন্যায়িক ব্যৱস্থা (৩২০ খৃষ্টাব্দৰ পৰা ১০০০ খৃষ্টাব্দলৈ)
গুপ্তবংশৰ ইতিবৃত্ত আলোচনা কৰিলে দেখা যায় যে কুশান বংশৰ পতনৰ পাছত উত্তৰ ভাৰতত কোনো শক্তিশালী ৰাজবংশই বাজক্ষমতা কেন্দ্রীভূত কৰিব পৰা নাছিল। সেই সময়ত উত্তৰ ভাৰতত বহুতো সৰু সৰু ৰাজ্য স্থাপন হোৱা দেখা যায়। ইয়াৰ ভিতৰত কিছুমান আছিল ৰাজতান্ত্রিক আৰু কিছুমান আছিল প্রজাতান্তিক। প্রাচীন পুৰণি পুথিত উল্লেখ আছে যে নাগবংশীয় ৰজাসকল আছিল বাজতান্ত্রিক। তেওঁলোকে বিদিশা, পদ্মাবতী, কান্তিপুৰি আৰু মথুৰাত ৰাজত্ব কৰিছিল। গুপ্তযুগৰ উত্থানৰ আগতে কিছুমান প্রজাতান্ত্রিক গোষ্ঠীয়ে উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত শাসনকার্য্য চলাইছিল। এই গোষ্ঠীবোৰ হ’ল-অর্জুনায়ন, মালৱ, যৌধয়, শিৰি, কুন্দিন আৰু কুলট। অর্জুনায়ন গোষ্ঠীয়ে বৰ্তমানৰ ৰাজস্থান অঞ্চলত ৰাজত্ব কৰিছিল। মালর গোষ্ঠীয়ে প্রথমতে পাঞ্জাবত শাসন কৰিছিল যদিও পাছলৈ বৰ্তমানৰ ৰাজস্থান অঞ্চলতহে থিতাপি লোৱা দেখা যায়। বর্তমান জয়পুৰৰ ওচৰৰ মালৱ নগৰ তেওঁলোকৰ ৰাজধানী আছিল। গুপ্তসকলৰ হাতত মালৱ গোষ্ঠীৰ পৰাজয় হয়। ইফালে যৌধেয় গোষ্ঠীয়ে পূব-পাঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ একোটা অঞ্চলত শাসন কৰিছিল। পাছত তেওঁলোকেও গুপ্তসকলৰ হাতত পৰাজয় বৰণ কৰে। কুন্দিন গোষ্ঠীয়ে যমুনা আৰু শতদ্রু নদীৰ মাজত প্রতিষ্ঠা লাভ কৰিছিল। কিন্তু গুপ্তসকলৰ হাতত কুন্দন গোষ্ঠীৰো পতন হয়। তেতিয়াৰ পৰিস্থিতি বিশ্লেষণ কৰিলে দেখা যায় যে, ৰাজনৈতিক অনৈক্য আৰু বিশৃংখলাৰ বাবে গুপ্তবংশৰ আবিৰ্ভাৱৰ আগে আগে ভাৰতবৰ্ষত এক অন্ধকাৰ যুগৰ সূত্রপাত হৈছিল। এই অন্ধকাৰ যুগ আঁতৰাই গুপ্তসকলে ভাৰতৰ ইতিহাসত এক সোণালী যুগৰ সূচনা কৰে। পুৰাণ সাহিত্যই গুপ্তসকলৰ ৰাজনৈতিক কাৰ্য্যকলাপ, সাংস্কৃতিক আৰু অর্থনৈতিক দিশৰ বহুতো ঐতিহাসিক উপাদান আগবঢ়ায়। ওঠৰখন মহা পূৰাণে গুপ্ত সম্রাটসকলৰ এক্তিয়াৰৰ প্ৰদেশবোৰৰ সীমা বেখা, গুপ্তৰজাসকলৰ তলতীয়া ৰজাসকলৰ লগত সম্পর্ক আৰু অন্যান্য বহুতো তথ্যৰ যোগান ধৰিছে। ধৰ্মসূত্ৰবোৰৰ অৱদানো অৱশ্যে কম নহয়। কামন্দক নীতিসাৰ নামৰ গ্ৰন্থখনতো গুপ্ত সাম্ৰাজ্যৰ বিশদ বিৰণ পোৱা যায়। সেতুকাৰ, কৌমুদী মহোৎসৱ, দেৱী চন্দ্রগুপ্তম আৰু মুদ্রাৰাক্ষস আদি নাটকবোৰতো গুপ্ত যুগৰ বহুতো সমল পাব পাৰি। ইয়াৰ বাহিৰেও চীনা পৰিব্রাজক ফাহিয়ানৰ ভ্ৰমণ টোকাৰ পৰাও গুপ্ত সাম্ৰাজ্যৰ বিশদ বিৱৰণ পোৱা যায়। ৩২০ খৃষ্টাব্দত প্রথম চন্দ্রগুপ্ত মৌর্য্য ৰজা হয়। সম্ভবতঃ প্রথম চন্দ্রগুপ্ত ঘটোৎকচৰ পুত্র। গুপ্তবংশৰ ৰজাসকলৰ ভিতৰত চন্দ্রগুপ্ত আছিল সর্বপ্রথম স্বাধীন ৰজা।
ন্যায়িক ব্যৱস্থা
গুপ্তৰজাসকলৰ ৰাজত্বকালৰত ন্যায়িক ব্যৱস্থা কেনে ধৰণৰ আছিল। গুপ্তৰজাসকলৰ শাসন কালত ন্যায়িক শাসন প্রাণালীত এক আমোল পৰিবৰ্তন পৰিলক্ষিত হয়। ভাৰতবৰ্ষৰ পূৰ্বৰ ৰজাসকলৰ শাসন ব্যৱস্থাৰ তুলনাত গুপ্তসকলৰ ন্যায়িক ব্যৱস্থা বহুতো উন্নত আছিল বুলি ক’ব পাৰি। এই যুগতেই বহুতো আইনৰ কিতাপ সংকলন (codify) কৰি উলিয়াই আৰু তেতিয়াই দেৱানী আৰু ফৌজদাৰী আইনৰ সূত্ৰ ভালদৰে নিৰ্ধাৰণ কৰে। গুপ্তবংশৰ পৰৱৰ্তী কালত প্রযোজ্য হোৱাকৈ বিশদভাবে বিধি-বিধান যুগুত কৰি উলিয়াই। ন্যায় বিচাৰৰ ক্ষেত্ৰত ৰজাই মেৰুকেন্দ্ৰীক স্থান অধিকাৰ কৰিছিল। তেওঁ আছিল প্রভুত্ব জ্ঞাপক। ৰজাৰ সিদ্ধান্তই আছিল শেষ সিদ্ধান্ত কিন্তু গুপ্তযুগৰ বিশাল ৰাজ্যখনত ৰজাই অকলেই সকলো গোচৰ নিষ্পত্তি কৰিব পৰা নাছিল। ন্যায় বিচাৰ ক্ষেত্ৰত ৰজাক সহায় কৰিবৰ বাবে বহুজন ন্যায়াধীশক নিযোগ কৰিছিল। ‘মহাদণ্ডানায়ক’ খিতাপত বিষয়া নিযোগ কৰা কথাও পোৱা যায়। মহাদণ্ডানায়কে ন্যায়াধীশৰ কাৰ্য্য পালন কৰাৰ লগতে সেনাপতিৰ দায়িত্বও পালন কৰা দেখা যায়। গাঁও অঞ্চলত ন্যায় বিচাৰৰ বাবে ন্যায়াধীশ নিয়োগ কৰিছিল। এই যুগত জুৰীৰ প্ৰথাও পোৱা যায়। দোষীক মৃত্যুদণ্ড দিয়াৰ প্ৰথা আছিল যদিও তাক বিৰলভাবেহে প্রযোজ্য কৰিছিল। ঠক-প্রবঞ্চকৰ সোঁহাত কাটি পেলাইছিল। কিছু কিছু বুৰঞ্জীবিদৰ মতে গুপ্ত যুগত শাস্তি বিধান আছিল অতি কোঠৰ। তেওঁলোকে বৈশাখাদত্তৰ মুদ্রাৰক্ষস ৰ কথা উনুকিয়াই কয় যে. গুপ্তযুগত দোষীক অত্যাচাৰভাবে শাক্তি দিয়া হৈছিল। চকুৰ কোটৰ পৰা চকু কঢ়া, হাতীৰ দ্বাৰা দোষীক গচকাই মৰা নিচিনা শাস্তি প্রদান কৰা কথাও পোৱা যায়। স্কন্দগুপ্ত দিনত পাপীক বিষ, জুই আৰু পানীৰ দ্বাৰা পৰীক্ষা কৰি শাস্তি দিয়া হৈছিল। এনে ধৰণৰ শাস্তি প্ৰদানৰ মুখ্য উদ্দেশ্য আছিল, যাতে ৰাজ্যৰ আন নাগৰিকে শিক্ষা পাই তেনে পাপ কাৰ্য্যৰ পৰা নিলগত থাকে। এনে শাসন ব্যৱস্থাৰ বাবেই গুপ্তযুগত শান্তি-শৃংখলা বিৰাজ কৰিছিল।
হর্ষবর্দ্ধনৰ শাসনকালত ন্যায়িক ব্যৱস্থা (৬০৬-৬৪৭ খৃষ্টাব্দ)
১৬ বছৰ বয়সত ৬০৬ খৃষ্টাব্দত হর্ষবর্দ্ধন ৰাজপাটত অধিষ্ঠিত হয়। এওঁ ভাৰতবৰ্ষৰ শেষ আৰু গুৰুত্বপূৰ্ণ হিন্দু ৰাজা আছিল। হর্ষবর্দ্ধন কেৱল বিজয়ী সম্রাটে হৈ যে আছিল এনে নহয়, তেওঁ এজন জ্ঞানী, গুণী, বিদ্যোৎসাহী লোক আছিল। তেওঁ বিদ্যা আৰু বিদ্যান লোকৰ পৃষ্ঠপোষকতা কৰিছিল। হৰ্ষবৰ্দ্ধৰ্দ্ধনৰ ৰাজসভাত বিদ্যান পণ্ডিতৰ সমাগম দেখা যায়। ৰজাগৰাকীৰ পৃষ্ঠপোষকতাতে বুদ্ধদেৱৰ আগৰ জীৱনক লৈ ৫০০ শ কবিতা ৰচনা কৰা হয়। এই কবিতামালা জাতকমালা বুলি অভিহিত। ইৎসিঙৰ বিৱৰণ মতে হর্ষবর্দ্ধনে বোধিসত্ব জিমুৎবাহনৰ গল্প লৈ কবিতা ৰচনা কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ ৰত্নাৱলী, প্রিয়দর্শিকা আৰু নাগানন্দ নামৰ সংস্কৃত নাটক তিনিখন ৰচনা কৰে। কবি জয়দেবে ‘গীত-গোবিন্দ’ত কোৱা মতে হর্ষবর্দ্ধন কালিদাস আৰু ভাসৰ নিচিনা কবি আছিল। হর্ষবর্দ্ধনৰ ৰাজত্বকালত ন্যায়িক শাসন ব্যৱস্থা অতি উন্নত ধৰণৰ আছিল বুলি ক’ব পাৰি। ৰজাই আছিল ৰাজ্যৰ সৰ্বেসর্বা। শাসন প্রণালীত আমোলাসকলৰ প্রাধান্য কম থকা দেখা যায়। ৰজাই নিজে শাসন কাৰ্য্য পৰিচালনা কৰিছিল। হিউৱেনচাঙৰ বিৱৰণীৰ মতে ৰাজ্যত দোষী আৰু বিদ্রোহীৰ সংখ্যা কম আছিল। আইন ভঙ্গকাৰীক শাস্তি বিহা হৈছিল। সৰু-সুৰা দোষীক সাধাৰণতে জৰিমণা কৰা হৈছিল মৌৰ্য্য আৰু গুপ্তসকলৰ দৰেই কঠোৰ পৰীক্ষাৰ দ্বাৰা বিচাৰ কৰা হৈছিল। উল্লেখ আছে যে গুপ্তৰজাসকলৰ সময়তকৈ হর্ষবর্দ্ধনৰ ৰজাত্বকালত ফৌজদাৰী পদ্ধতি অতি কঠোৰ আছিল। গুৰুতৰ অপৰাধত নাক, কাণ, হাত আদি কাটি পেলোৱা হৈছিল অর্থাৎ অঙ্গক্ষত কৰা প্ৰথা অৱলম্বনকৰা দেখা যায়।
প্রাচীন ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ উৎস
ইউৰোপত যিদৰে প্ৰাচীন ইউৰোপৰ ন্যায়িক ব্যৱস্থাৰ স্বতন্তৰীয়া গ্রন্থ পোৱা যায়, সেইদৰে ভাৰতবৰ্ষত প্রচীন কালৰ ন্যায়িক ব্যৱস্থাৰ স্বতন্তৰীয়া গ্রন্থ পোৱা নাযায়। যদিও, প্রাচীন কালৰ ন্যায়িক ব্যৱস্থাৰ স্বতন্তৰীয়া গ্ৰন্থ নাই তথাপিও, হিন্দু, বুদ্ধ আৰু জৈন ধর্মীয় গ্ৰন্থৰ পৰা প্ৰাচীন ভাৰতৰ ন্যায়িক শাসন প্রণালীৰ বহুতো তথ্য আমি পাওঁ। এই ধর্মগ্রন্থসমূহে প্রাচীন ভাৰতৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু ন্যায় শাসন ব্যৱস্থাৰ সম্যক জ্ঞান দিয়ে। মহাভাৰতৰ শক্তিপর্ব, আদি পৰ্ব আৰু বানপৰ্বৰ পৰা সেই যুগৰ ৰাজনৈতিক, সামাজিক আৰু ন্যায়ব্যৱস্থাৰ স্পষ্ট ছবি এখন আমি দেখিবলৈ পাওঁ। ঋকবেদ, অর্থববেদ, ব্রাহ্মণ আৰু যজুৰ বেদৰ পৰা তাহানিৰ ৰাজ অভিষেক অনুষ্ঠানৰ ৰীতি-নীতিৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰি। কৌটিল্যৰ অর্থশাস্ত্ৰৰ পাছত সম্ভৱতঃ গুপ্তবংশৰ ৰাজত্বকালত কামান্দৰৰ দ্বাৰা বিৰচিত নীতিসাৰ, শুক্ৰাচাৰ্যৰ শুক্ৰনীতি সাৰৰ পৰাও প্রাচীন ভাৰতৰ ন্যায় ব্যৱস্থা জানিব পাৰি। প্রাচীন ভাৰতৰ ন্যায়-শাসন প্ৰণালীৰ প্ৰধান উৎস হ’ল বেদ। যদিও বেদ মূলতঃ ধর্মীয়গ্রন্থ তথাপিও সেই সময়ৰ ন্যায়িক ব্যৱস্থাৰ বিষয়ে জানিব পাৰি। বেদৰ পৰা আমি জানিব পাৰো যে বৈদিক যুগত কোনো ক্ষমতাশালী সম্রাট নাছিল। মন্ত্রী-পৰিষদ, উপদেষ্টামণ্ডলীয়ে ৰজাক ৰজাকাৰ্য্য পৰিচলনা কৰাত সহায় কৰিছিল। ‘সভা আৰু সমিতি’ এই দুখন অনুষ্ঠানে সেই যুগত গুৰুত্ব ভূমিকা পালন কৰিছিল। মহাভাৰত শান্তিপর্বই সেই সময়ৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় দর্শন ভালদৰে দাঙি ধৰিছে। এই অধ্যায়ে ৰজাৰ উৎপত্তি, ৰজাৰ উৎসৰ বিভিন্ন মতবাদ আৰু তত্ত্ব আলোচনা কৰিছে। ৰজাৰ ধৰ্ম তথা ৰাজ্যৰ প্ৰতি ৰজাৰ মন্ত্ৰীবৰ্গৰ কৰ্তব্য আৰু দায়িত্ব সম্পর্কে শান্তিপৰ্বৰ পৰা যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰি। যুদ্ধ, শান্তি আৰু কুটনীতিৰ সম্যক জ্ঞান শান্তিপর্বত পোৱা যায়। ইয়াৰোপৰি শান্তিপর্বই ৰাজনীতিৰ বিশেষত্ব আৰু গুৰুত্ব বিষয়ে বিশদ আলোচনা কৰিছে। ইয়াত কোৱা হৈছে, (ড° এলটেকাৰৰ ভাষাত ক’বলৈ গ’লে-(Politics is the refuge of the whole world, virtue and wealth and desire, nay salvation itself depends upon it, O’ Son of Kuru. like the rein unto the steed, like the goad unto the elephants, is policis into the people.)
“পৃথিবী ৰাজনীতিৰ গাগৰি। নৈতিকতা, ধন-সম্পদ আৰু মনৰ আশা-আকাংক্ষায়েই নহয়, মুক্তি বা নিৰাপত্তা ৰাজনৈতিৰ ওপৰত নিৰ্ভশীল। হে কুৰুপুত্ৰ, যুদ্ধৰ তেজাৰ ঘোঁৰাৰ লাগামৰ দৰে, হাতী চলোৱা জোং ডালৰ দৰে ৰাজনীতিয়ে জনসাধাৰণক পৰিচালনা কৰে।” মহাভাৰতত ভাৰতীয় সমাজনীতি, ৰাজনীতি, অর্থনীতি আৰু ন্যায়িক-শাসন প্রণালীৰ বিষয়ে সবিশেষ জানিব পাৰি। অৰ্থাৎ ভাৰতীয় কৃষ্টি-সংস্কৃতি, পৰম্পৰা এই সকলোবিলাক জানিবলৈ হ’লে মহাভাৰত অধ্যয়নৰ দৰ্কাৰ। ভাৰতবৰ্ষৰ অস্তিত্ব মহাভাৰত। কথিত যে, যি নাই মহাভাৰতত সি নাই ভাৰতত। চন্দ্ৰগুপ্ত মৌৰ্য্যৰ মন্ত্ৰী কৌটিল্যই ৰচনা কৰা অৰ্থশাস্ত্ৰৰ পৰাও প্রাচীন ভাৰতৰ ন্যায়িক শাসন প্ৰণালীৰ বিষয়ে জানিব পাৰি। কৌটিল্যৰ অৰ্থশাস্ত্ৰই ৰাজপ্ৰভুত্বৰ উপৰিও অসামৰিক প্রশাসন, দেৱানী, ফৌজদাৰী আৰু জনসম্বন্ধীয় আইনৰ বিষয়ে আলোচনা কৰিছে। কূটনীতিৰ সমস্যা, যুদ্ধ আৰু শান্তিৰ সম্যক জ্ঞান কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা পোৱা যায় সভ্যতাই অগ্রগতি লাভ কৰাৰ লগে লগে প্রাচীন ভাৰতৰ শাসন ব্যৱস্থ্যৰ পৰিৱৰ্তন পৰিলক্ষিত হয়। বৈদিক যুগৰ প্ৰথম কালছোৱাত ন্যায়িক ব্যৱস্থাৰ কোনো সংগঠন বা অনুষ্ঠান-প্রতিষ্ঠানৰ তথ্য পোৱা নেযায়। সেই কালত ন্যায় আৰু অন্যায়ৰ মাজত পার্থক্য নাছিল। সেইবাবেই হয়তো ই ৰজাৰ বিষয়বস্তু বুলি অনুভৱ কৰা নাছিল। যদি কোনো মানুহে কাৰোবাৰ প্ৰতি অন্যায় বা অপকাৰ কৰে তেতিয়াহ’লে তেওঁ অপকাৰকাৰীৰ ঘৰলৈ গৈ ক্ষতিপূৰণ বা প্ৰতিকাৰৰ বাবে হেঁচা প্রয়োগ কৰে। যদি এনে কার্য্যত তেওঁ কৃতকার্য্যতা লাভকৰিব নোৱাৰে, তেতিয়াহ’লে তেওঁ তেওঁৰ বন্ধু-বান্ধৱৰ সহায় ল’ব পাৰে। এয়ে আছিল তেতিয়াৰ নীতি। মানুহক যদি উচিত ন্যায় প্রদান কৰিব পৰা নাযায় তেতিয়াহ’লে ৰাজ্যৰ জনসাধাৰণে ৰজাৰ প্ৰতি আস্থা হেৰুৱাব আৰু ওচৰৰ ৰাজ্যৰ ওচৰতো হেয় প্রতিপন্ন হ’ব। সেয়েহে বৈদিক যুগৰ শেষৰ ফালে ‘সভাপতি’ পদৰ বিষয়া নিযুক্তি দিয়া দেখা যায়। সভাপতিয়ে বিচাৰকাৰ্য্যও কৰিছিল। অর্থাৎ সভাপতি বিচাৰপতি আছিল। সময়ৰ গতিপথত বিচাৰ পদ্ধতি ভালদৰে বিকাশিত হোৱা পৰিলক্ষিত হয়।
ধর্মশাস্ত্ৰ আৰু অৰ্থশাস্ত্ৰৰ পৰা আমি জানিব পাৰো যে ৰাজ্যত ফলদায়ক বিচাৰালয় প্রতিষ্ঠিত হৈছিল। ৰজাক উচ্চতম বিচাৰপতি হিচাপে গণ্য কৰা হৈছিল। আৰু অপৰাধীক দণ্ড বিহা তেওঁৰ কৰ্তব্যৰ ভিতৰ ধৰা হৈছিল। এইটোও বিশ্বাস কৰা হৈছিল যে যদি ৰজাই উচিত কৰাত বিফল হয় তেতিয়া তেওঁ ৰৌ ৰৌ নৰকত বাস কৰিব লাগিব। সেয়েহে, ৰজাই অধিক সময় দোষী-নির্দোষী বিচাৰ কৰাত ব্যস্ত থকা দেখা যায়। যদিও ৰজা উচ্চতম বিচাৰপতি আছিল তথাপিও তেওঁ সকলো গোচৰ শুনা নাছিল। মুখ্য বিচাৰপতি আৰু বিষয়া নিযুক্তি দি গোচৰ নিস্পত্তি কৰি দোষীক দণ্ড বিহা দেখা যায়। ধর্মীয় ৰীতি-নীতি শ্রুতি-স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। এই ৰীতি-নীতি ৰজাই ভঙ্গ কৰিব নোৱাৰিছিল। কাৰণ ইয়াক ৰজাৰ ওপৰত ৰজা হিচাপে গণ্য কৰা হৈছিল।
প্রাচীন ভাৰতত ন্যায়িক ব্যৱস্থাৰ ক্ষেত্ৰৰ প্ৰাধন বৈশিষ্ট হ’ল বিচাৰকমণ্ডলী
নির্ণায়ক পৰিষদ গঠন কৰা। ৰজা আৰু মুখ্য বিচাৰপতিক বিচাৰকমণ্ডলীয়ে বিচাৰ পৰিচালনা কৰাত সহায় কৰিছিল। বিচাৰ কাৰ্য্য পৰিচালনা কৰোতে বিচাৰপতিসকলক সদায় বিজোৰীয় কৰি ৰাখিছিল। তিনিজন বা পাঁচজন বিচাৰপতি বহি গোচৰ শুনানি গ্রহণ কৰিছিল। বিচাৰপতিসকল সদায় স্বতন্তৰীয়া আছিল। আনকি বজাইয়ো তেওঁলোকক প্ৰভাৱিত কৰিব নোৱাৰিছিল। বিচাৰপতিয়ে গুচৰীয়াক ব্যক্তিগতভাৱে সাক্ষাৎ গ্রহণ কৰিব নোৱাৰিছিল। অর্থশাস্ত্ৰৰ বিধি অনুসৰি বিচাৰপতিসকলৰ নৈতিকতা, সাধুতা সময়ে সময়ে পৰীক্ষা কৰা হৈছিল- (তেওঁলোকক প্রলভিত কৰিবলৈ মানুহ পঠোৱা হৈছিল।) বিষ্ণু স্মৃতিৰ বিধি অনুসৰি ভ্ৰষ্ট, অনাচাৰী, দুর্নীতিকাৰী বিচাৰপতিক কঠোৰ শাস্তি দিয়া হৈছিল। তেনে বিচাৰপতিৰ সা-সম্পতি বাজেয়াপ্ত কৰি তেওঁলোকক দেশান্তৰ কৰা হৈছিল। বৈদিক যুগৰ ‘সভা’ সৰবৰহী বিচাৰালয় হিচাপে বিবেচিত হৈছিল। মাটিৰ সীমা বিবাদ, সা-সম্পত্তিৰ আদিৰ বিবাদসমূহ গাঁৱৰ মুখীয়ালে নিষ্পত্তি কৰিছিল। সভা বিচাৰালয়ৰ সিদ্ধান্তৰ ওপৰত যদি গোচৰকাৰী সন্তোষ নহয় তেতিয়াহ’লে চৰকাৰৰ ওচৰত আপিল কৰিব পাৰিছিল। উল্লেখযোগ্য যে সৰবৰাহী সভা বিচাৰলয়ে কেৱল দেৱানী গোচৰসমূহে গ্ৰহণ কৰিব পাৰিছিল। ফৌজদাৰী গোচৰৰ ওপৰত সভাৰ এক্তিয়াৰ নাছিল। বৈদিক যুগত ন্যায় শাসন প্ৰণালীৰ অন্যতম বৈশিষ্ট হ’ল ন্যায়পালিকা আৰু কাৰ্য্যপালিকাৰ কাৰ্য্য বিভাজন আৰু স্বতন্তৰীয়া কাৰ্য্যভাৰ অৰ্পণ হিন্দু ৰজাৰ ৰাজত্বকালত প্রাচীন ভাৰতত ন্যায়-বিচাৰ ব্যৱস্থা সদায় কাৰ্য্যপালিকাৰ পৰা পৃথকভাৱে ৰাখিছিল আৰু কাৰ্য্যতঃ স্বতন্তৰীয়া আছিল। বেদ আৰু শাস্ত্ৰৰ বিশেষভাৱে জ্ঞান থকা অভিজ্ঞ ব্রাহ্মণ পণ্ডিতক বিচাৰপতি হিচাপে নিযুক্তি দিয়া হৈছিল। ন্যায়-বিচাৰত ব্রাহ্মণসকলে এক বিশেষ ভূমিকা পালন কৰিছিল। ক্ষত্রিয় আৰু বৈশ্য সম্প্ৰদায়ৰ পৰাও বিচাৰক নিযুক্তি দিয়া দেখা যায়; কিন্তু মুখ্য বিচাৰক সদায় ব্রাহ্মণ আছিল। শূদ্রক কেতিয়াও বিচাৰক পতা হোৱা নাছিল। কাৰণ, তেতিয়া এইটো বিশ্বাস কৰা হৈছিল যে শূদ্রবিলাকৰ বেদ আৰু শাস্ত্রব জ্ঞান নাছিল। প্রাচীন কালত ন্যায় শাসন ব্যৱস্থাৰ অন্য এক বৈশিষ্ট হ’ল, সেই যুগত উকিল নিয়োগ কৰা প্ৰথা নাছিল। অর্থাৎ উকিল শ্রেণী হিচাপে বিশেষ ব্যক্তি বা সংগঠনৰ বিষয়ে একো জনা নাযায়। গোচৰীয়াই নিজে গোচৰ ৰুজু কৰিব লাগিছিল আৰু প্রতিবাদীয়ে ব্যক্তিগতভাৱে উত্তৰ দিব লাগিছিল। ৰাজহুৱাভাবে গোচৰৰ শুনানি লোৱা হৈছিল আৰু বিচাৰ পৰিচালনা সেই অনুপাতে কৰা হৈছিল। গোপন বিচাৰ ব্যৱস্থাৰ কোনো প্ৰথাৰ অস্তিত্ব বৈদিক যুগত পোৱা নাযায়। বিচাৰ খৰটকীয়াকৈ ধৰ্তব্য সময়ৰ ভিতৰত নিষ্পতি কৰা হৈছিল। বৈদিক যুগত ন্যায় শাসন প্ৰণালীৰ আৰু এক বৈশিষ্ট্য হ’ল সাক্ষী লোৱা প্রথা। গোচৰ বিচাৰ কৰোতে সাক্ষীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল।
গুৰুত্ব ফৌজদাৰী গোচৰত সকলোধৰণৰ সাক্ষী গ্ৰহণ কৰা হৈছিল। কিন্তু উচ্চ বৰ্গৰ ব্যক্তিৰ বিপক্ষে নিম্নবৰ্গৰ ব্যক্তিৰ সাক্ষী গ্রহণযোগ্য বুলি বিবেচনা কৰা নাছিল। মিছা সাক্ষী দিয়া জনক গুৰুতৰ শাস্তি প্রদান কৰা হৈছিল। সত্য উদঘাটনৰ বাবে দোষীক যন্ত্রণা দিয়া হৈছিল। সাধাৰণতে বেতেৰে কোবাই যন্ত্রণা দিয়া দেখা যায়। ব্রাহ্মণ, ল’ৰা-ছোৱালী, বৃদ্ধক আৰু গৰ্ভৱতী মহিলাক যন্ত্রণা দিয়া প্রথা আছিল। দোষীক অঙ্গচ্ছেদন, দেশান্তকৰণ, জেইল দিয়া, মৃত্যু দণ্ড আৰু জৰিয়মণা কৰা প্ৰথা দেখা যায়। ব্রাহ্মণ আৰু ক্ষত্রিয়ক লঘু শাস্তি প্রদান কৰিছিল। বৈদিক যুগৰ প্ৰথম কালছোৱাত দোষীক কেৱল জৰিমণা কৰাকে দেখা যায়; কিন্তু পাছলৈ দোষীক শাৰীৰিকভাৱে শাস্তি প্রদান কৰা প্ৰথা সৃষ্টি হয়। পহিলাভাগত দেখা যায় যে হত্যাকাৰীকো কেৱল জৰিমণাহে কৰিছিল। এজন ক্ষত্রিয়ক হত্যা কৰা অপৰাধত ১০০০ টা গৰু, এজন বৈশ্যক হত্যা কৰিলে ১০০ টা গৰু আৰু এজন শূদ্র বা মহিলাক হত্যা কৰা অপৰাধাত ১০ টা গৰু দিব লাগিছিল।
স্মৃতিলিখকসকলে যদিও দোষীক জেইল দিয়া প্রথা উনুকিওরা নাই তথাপিও প্রাচীন কালত দোষীক জেইল দিয়া প্রথা পোৱা যায়। শূদ্রকৰ নাটকত কাৰাগাৰৰ কথা পোৱা যায়। মৌৰ্য্য বংশৰ ৰাজত্ব কালত এই প্রথা পোৱা যায়। মহাৰাজ অশোকৰ ৰাজত্বত দোষীক জেইলত দিয়া এক সচৰাচৰ প্ৰথা বুলি জনজাত। সেই সময়ত দোষী প্রমাণীত হোৱা ব্যক্তিয়ে ৰাজহুৱাস্থানত আৰু ৰাজআলিত কাম কৰিব লাগিছিল, যুক্তিস্থল ৰাজ্যত বসবাস কৰা জনসাধাৰণে বুজি পায় যে অপৰাধ কৰিলে এনে শাস্তি ভোগ কৰিব লাগিব। গভীৰ অপৰাধীক হাত-কাণ কাটি শাস্তি দিয়া হৈছিল। ঠগ-প্রবঞ্চক, ডকাইতক, হত্যাকাৰীক মৃত্যুদণ্ড দিয়া হৈছিল।