পিতৃ-মাতৃত্ব জনপ্রিয়তাৰ প্ৰতিযোগিতা নহয়

Ahim saikia
12 Min Read

পিতৃ-মাতৃৰ এটাই চিন্তা যাতে ল’ৰা-ছোৱালীৰ জীৱনতো ভাল হঁওক, পিতৃ-মাতৃৰ তাৰ বাহিৰে একোকে প্ৰয়োজন নাই এগৰাকী বিচাৰপতিয়ে চুৰিৰ অপৰাধত এজন লোকৰ বিচাৰ কৰি থাকোতে প্রশ্ন কৰিলে ৰায়ৰ ওপৰত তেওঁৰ কিবা ক’ব লগা আছে নেকি? মানুহজনে ক’লে, “হয় আছে মহোদয়। মোৰ পিতৃ-মাতৃকো কাৰাবাসৰ আদেশ দিয়ক।” বিচাৰপতিয়ে প্রশ্ন কৰিলে, “কিয়?” আচামী গৰাকীয়ে উত্তৰ দিলে, “মই যেতিয়া সৰু ল’ৰা আছিলো, মই বিদ্যালয়ৰপৰা এডাল পেঞ্চিল চুৰি কৰিছিলো। মোৰ পিতৃ-মাতৃয়ে সেই কথা জানিলে যদিও মোক একো নক’লে। তাৰ পাছত মই কলম এটা চুৰি কৰিলো। এইবাৰো তেওঁলোকে জানিও একো নক’লে। এনেদৰে মই বিদ্যালয়ৰপৰা আৰু পাছলৈ মোৰ চুবুৰীয়াৰপৰা বস্তু চুৰি কৰাত লাগি গ’লো; পাছলৈ চুৰিটো মোৰ এটা নিচাৰ দৰে হৈ পৰিল। তেওঁলোকে এই কথাবোৰ জানিছিল। কিন্তু মোক কোনো কথা কোৱা নাছিল। গতিকে মোৰ লগত কাৰাবাস যদি কোনোৱে কৰিব লাগে, তেওঁলোকেই কৰিব লাগিব।” তেওঁ ঠিকেই কৈছে। নিজৰ দায়িত্ব পালন নকৰি তেওঁৰ মাক-দেউতাক জগৰীয়া হৈছে যদিও এই ক্ষেত্রত অভিভাৱকে তেওঁলোকৰ কামটো শুদ্ধভাৱে কৰিব পাৰিলেনে? নিশ্চয় নাই পৰা। ল’ৰা-ছোৱালীক এটা পচন্দৰ সুযোগ দিয়াটো প্রয়োজনীয় কথা, কিন্তু কোনো দিশ বিহীন পচন্দই পাছলৈ দুর্যোগ আনিব পাৰে। সম্পূৰ্ণ মানসিক আৰু শাৰীৰিক প্রস্তুতি হ’ল আত্মত্যাগ আৰু আত্ম সংযমৰ ফল। পিতৃ-মাতৃয়ে সপ্তাহত গড়ে ১৫ মিনিটমান সময় ল’ৰা-ছোৱালীৰ লগত “অর্থপূর্ণ সংলাপ”ত ব্যয় কৰে। আন সকলো সময়ত তেওঁলোকে সমনীয় আৰু টেলিভিশ্যনৰ পৰাই মূল্যবোধ আহৰণ কৰে (-আমেৰিকাৰ ফেমিলি এচ’চিয়েচনৰ আলোচনী)

আপুনি নিজকে প্রশ্ন কৰক: অনুশাসন অবিহনে

শুদ্ধ প্রমূল্য শিকোৱা

এটা ইতিবাচক আত্ম-নিষ্ঠা গঢ়ি তোলাৰ পদক্ষেপ সমূহ

নেতিবাচকক ইতিবাচক কৰক

বিলা কডল্ফৰ কাহিনী

অজ্ঞতাৰপৰা ভাল জ্ঞান লাভ কৰক

ভোমোৰা

টকাবে বা চেনেহেৰে আপোনাৰ ধাৰ সুজিব নোৱাৰা কাৰোবাৰ বাবে কিবা এটা কৰক

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *