পিতৃ-মাতৃৰ এটাই চিন্তা যাতে ল’ৰা-ছোৱালীৰ জীৱনতো ভাল হঁওক, পিতৃ-মাতৃৰ তাৰ বাহিৰে একোকে প্ৰয়োজন নাই এগৰাকী বিচাৰপতিয়ে চুৰিৰ অপৰাধত এজন লোকৰ বিচাৰ কৰি থাকোতে প্রশ্ন কৰিলে ৰায়ৰ ওপৰত তেওঁৰ কিবা ক’ব লগা আছে নেকি? মানুহজনে ক’লে, “হয় আছে মহোদয়। মোৰ পিতৃ-মাতৃকো কাৰাবাসৰ আদেশ দিয়ক।” বিচাৰপতিয়ে প্রশ্ন কৰিলে, “কিয়?” আচামী গৰাকীয়ে উত্তৰ দিলে, “মই যেতিয়া সৰু ল’ৰা আছিলো, মই বিদ্যালয়ৰপৰা এডাল পেঞ্চিল চুৰি কৰিছিলো। মোৰ পিতৃ-মাতৃয়ে সেই কথা জানিলে যদিও মোক একো নক’লে। তাৰ পাছত মই কলম এটা চুৰি কৰিলো। এইবাৰো তেওঁলোকে জানিও একো নক’লে। এনেদৰে মই বিদ্যালয়ৰপৰা আৰু পাছলৈ মোৰ চুবুৰীয়াৰপৰা বস্তু চুৰি কৰাত লাগি গ’লো; পাছলৈ চুৰিটো মোৰ এটা নিচাৰ দৰে হৈ পৰিল। তেওঁলোকে এই কথাবোৰ জানিছিল। কিন্তু মোক কোনো কথা কোৱা নাছিল। গতিকে মোৰ লগত কাৰাবাস যদি কোনোৱে কৰিব লাগে, তেওঁলোকেই কৰিব লাগিব।” তেওঁ ঠিকেই কৈছে। নিজৰ দায়িত্ব পালন নকৰি তেওঁৰ মাক-দেউতাক জগৰীয়া হৈছে যদিও এই ক্ষেত্রত অভিভাৱকে তেওঁলোকৰ কামটো শুদ্ধভাৱে কৰিব পাৰিলেনে? নিশ্চয় নাই পৰা। ল’ৰা-ছোৱালীক এটা পচন্দৰ সুযোগ দিয়াটো প্রয়োজনীয় কথা, কিন্তু কোনো দিশ বিহীন পচন্দই পাছলৈ দুর্যোগ আনিব পাৰে। সম্পূৰ্ণ মানসিক আৰু শাৰীৰিক প্রস্তুতি হ’ল আত্মত্যাগ আৰু আত্ম সংযমৰ ফল। পিতৃ-মাতৃয়ে সপ্তাহত গড়ে ১৫ মিনিটমান সময় ল’ৰা-ছোৱালীৰ লগত “অর্থপূর্ণ সংলাপ”ত ব্যয় কৰে। আন সকলো সময়ত তেওঁলোকে সমনীয় আৰু টেলিভিশ্যনৰ পৰাই মূল্যবোধ আহৰণ কৰে (-আমেৰিকাৰ ফেমিলি এচ’চিয়েচনৰ আলোচনী)
আপুনি নিজকে প্রশ্ন কৰক: অনুশাসন অবিহনে
- কেপ্তেইন এগৰাকীয়ে জাহাজখন ভালদৰে চলাব পাৰিবনে?
- খেলুৱৈ এগৰাকীয়ে এখন খেল জিকিব পাৰিবনে?
- বেহেলা বাদক এগৰাকীয়ে সুৰ সমলয় এটাত ভালকৈ বেহেলা বজাব পাৰিবনে?
উত্তৰটো হ’ল, “নিশ্চয় নোৱাৰে।” আমি তেন্তে কিয় আজি ব্যক্তিগত আচৰণ সম্পর্কে প্রশ্ন কৰিছো বা কিবা এটা মান প্রাপ্তিৰ বাবে অনুশাসনৰ প্রয়োজন সম্পর্কে প্রশ্ন কৰিছো? অনুশাসন অত্যন্ত প্রয়োজন। আজিৰ নীতি হ’ল: “যদি ভাল বুলি ভাবিছা কৰি পেলোৱা।” বহুতো পিতৃ-মাতৃয়ে এনেদৰে সহজভাবে কোৱা মই শুনিছো, “যদি মোৰ ল’ৰা-ছোৱালীয়ে কিবা কৰি আমোদ পাইছে কৰি থাকক, তাত মই ভাবিব লগা একো নাই। তেওঁলোকে আনন্দ পোৱাটোহে মোক লাগে।” মই প্রশ্ন কৰো, “সিহঁতক কিহে আনন্দ দিয়ে আপোনাৰ জানিবৰ মন নাযায় নে?” যদি কৰোবাক মাৰপিট কৰি বস্তু বাহানি কাঢ়ি ল’লে আনন্দ লাভ কৰা যায়, তেনে লোকক বিপথগামী বোলা হয়। আমি ক’ৰপৰা কেনেদৰে আনন্দ লাভ কৰিছো সেই কথাটো জনাৰ প্ৰয়োজন। ই আমাৰ প্ৰমূল্য, পিতৃ-মাতৃ অনুশাসন আৰু দায়িত্ববোধৰ ফল। আমি এনেদৰে কোৱা শুনো, “যি ভাল পায় কৰক।” তাৰ বিপৰীত কথাষাৰো সম্ভভৱপৰ হ’ব পাৰে। যি কৰে সেইটো ভাল পাওক। বহুসময়ত কৰণীয় কাৰণেই আমি কিছুমান কাম কৰিব লগা হয়, ভালেই পাওঁ বা বেয়াই পাওঁ। এগৰাকী মাতৃ দিনটো কাম কৰি ঘৰলৈ উভতিছে। আহিয়েই তেখেতে ঘৰৰ জঞ্জালবোৰ মাৰে, কেঁচুৱাৰ চোৱা-চিতা কৰে। আৰু শেষত ক্লান্ত হৈ শুবলৈ যায়। মাজনিশা শিশুটোৱে কান্দে। মাক গৰাকী উঠিবলৈ মন কৰে নে? নকৰে। কিন্তু তেখেত এই তিনিটা কাৰণত উঠি আহেঃ
- শিশুটোৰ প্রতি মৰমভাব
- কর্তব্য
- দায়িত্ব
আমি কেরল আবেগ লৈ জীয়াই থাকিব নোৱাৰো। আমাক অনুশাসনৰ প্রয়োজন হ’ব, আমাৰ বয়স যিয়েই নহওক লাগে। জীৱনত সাফল্য আহে যি কৰিবলৈ ভাল লাগে সেই কাম কৰিবলৈ নহয়, যি কাম কৰা উচিত সেই কাম কৰিহে। ইয়াৰ বাবে অনুশাসনৰ প্রয়োজন।
পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী বা নিৰীক্ষকৰ কাৰোবাৰ প্ৰতি অনীহা
কোনো কোনো পিতৃ-মাতৃকে ধেমালিতে বা মৰমতে নিজৰ ল’ৰা-ছোৱালীক “বুৰ্বক” বা “অকঁৰা” বুলি কোৱা নিশ্চয় শুনিছে। এনে নামকৰণ জীৱন-জুৰি থাকি যায়। যেতিয়া ল’ৰা-ছোৱালী ডাঙৰ হয়, তেতিয়া তেওঁলোকৰ আচৰণে পিতৃ-মাতৃৰ কথাষাৰৰ সত্যতা প্রতিপন্ন কৰে। এনে নামকৰণ কেতিয়াবা পুৰুষানুক্রমে থাকি যায়। ভাৰতৰ বৰ্ণ ব্যৱস্থা তাৰ সুন্দৰ উদাহৰণ। উচ্চ বর্ণ বা নিম্ন বর্ণ-এইবোৰ যদি একোটা ‘আখ্যা’ নহয়, তেন্তে এইবোৰনো কি?
সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সন্তানক এনেদৰে কয়:
- তই একো কাম ঠিক মতে কৰিব নোৱাৰ।
- তই একো কৰি খাব নোৱাৰিবি।
শুদ্ধ প্রমূল্য শিকোৱা
বহু সময়ত আমি ক’ব নোৱাৰাকৈয়ে বা অজ্ঞাতে নিজৰ পৰিয়ালক ভুল মূল্যবোধ শিকাই আছো। উদাহৰণ স্বৰূপে আমি আমাৰ সন্তানক বা আমাৰ সহকৰ্মীক এনেধৰণৰ মিছা কথা ক’বলৈ কওঁ:
- তেওঁলোকক জনাই দিয়া মই ঘৰত নাই।
- চেকখন ডাকত পঠাই দিয়া হ’ল।
বহু সময়ত আমি অসন্তুষ্ট হওঁ। এই মিছা কথাবোৰ বাৰে বাৰে ক’বলৈ শিকি নিজেই মিছলীয়া হৈ পৰো। আমি যেতিয়া আনক আমাৰ বাবে মিছা কথা ক’বলৈ শিকাওঁ, এটা দিন আহিব যেতিয়া তেওঁলোকে আমাক মিছা কথা ক’ব। উদাহৰণ স্বৰূপে কোনো এগৰাকী কৰ্মীয়ে নিজৰ অসুখ বুলি মিছা কথা কৈ বজাৰ কৰিবলৈ গ’ল। এনে হ’ব পাৰে যে বিষয়া গৰাকীয়ে তেওঁৰ বাবে মিছা মাতিবলৈ বহুত প্রশিক্ষণ দিছিল। এতিয়া কৰ্মচাৰী গৰাকী নিজেই মিছা কথা কোৱাত পাকৈত হৈ পৰিল।
এটা ইতিবাচক আত্ম-নিষ্ঠা গঢ়ি তোলাৰ পদক্ষেপ সমূহ
নেতিবাচকক ইতিবাচক কৰক
আমি এনে ব্যক্তিৰ জীৱন বুৰঞ্জী পঢ়িবলৈ পাওঁ যি নেতিবাচক পৰিস্থিতি একোটা ইতিবাচক কৰি তুলিছে, দুর্যোগ একোটা সুযোগ কৰিছে, হেঙাৰ বিলাকক প্ৰগতিৰ জখলা কৰি তুলিছে। এনে ব্যক্তিয়ে কোনো দিনে বিপদ বিঘিনিৰ ওচৰত হাৰ নামানে। বিশ্বৰ এগৰাকী শ্রেষ্ঠ সঙ্গীতজ্ঞ হ’ল বিথোভেন। তেখেতৰ অক্ষমতা কি আছিল? তেখেত আছিল বধিৰ। প্ৰকৃতি বিষয়ৰ কিছু শ্রেষ্ঠ কবিতাৰ ৰচয়িতা আছিল মিল্টন। তেখেতৰ অক্ষমতা কি আছিল? তেখেত অন্ধ আছিল। এগৰাকী বিশ্ব বৰেণ্য নেতা আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্রেঙ্কলিন রুজভেল্ট। তেখেতৰ অক্ষমতা কি আছিল? তেখেতে চকা লগা চকী এখনত বহি বহিয়েই নিজৰ কাম কৰিছিল।
বিলা কডল্ফৰ কাহিনী
বিলল্মা ঝডল্ফ টেনেচিৰ এটা দুখীয়া পৰিয়ালত জন্ম গ্রহণ কৰিছিল। চাৰি বছৰ বয়সত তেওঁ প্রচণ্ড নিউমোনিয়াৰ লগতে এক মাৰাত্মক ৰোগত আক্রান্ত হয় যাৰ ফলত তেওঁৰ প’লিঅ’ হয়। তেওঁ পেং লৈ ইফাল সিফাল কৰিবলৈ ল’লে। চিকিৎসকৰ মতে তেওঁ কাহানিও মাটিত ভৰি থৈ থিয় হ’ব নোৱাৰিব। কিন্তু মাকে তেওঁক অত্যন্ত উৎসাহ যোগাই থাকিল। তেওঁ বিলল্মাক কৈছিল যে ঈশ্বৰ প্ৰদত্ত যোগ্যতাখিনিৰ লগতে অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে তেওঁ যি ইচ্ছা তাকে কৰিব পাৰিব। বিল্যাই কয়, “মই বিশ্বৰ সৰ্বশ্রেষ্ঠ দৌৰ বীৰাঙ্গনা হ’ব খোজো।” তেওঁ ন বছৰ বয়সত, চিকিৎসকৰ বাধা নেওচি, পেং কেইডাল গুচালে আৰু চিকিৎসকৰ মতে সম্ভৱপৰ নোহোৱা তেওঁৰ প্ৰথম খোজটো দিলে। তেৰ বছৰ বয়সত তেওঁ জীৱনৰ প্ৰথম দৌৰ প্রতিযোগিতাত যোগদান কৰিলে আৰু প্ৰতিযোগী সকলৰ মাজত একেবাৰে শেষৰ গৰাকী হ’ল। এনেদৰে তেওঁ দৌৰ প্রতিযোগিতাত যোগদান কৰি থাকিল। এটা সময়ত তেওঁ দৌৰত প্ৰথম হ’ল। পোন্ধৰ বছৰ বয়সত তেওঁ টেনেচি ষ্টেট বিশ্ববিদ্যালয়ত ভর্তি হয় আৰু তাতেই তেওঁ এড টেম্পল নামৰ এগৰাকী প্রশিক্ষকক লগ পালে। তেওঁ প্রশিক্ষক গৰাকীক ক’লে, “মই শ্রেষ্ঠ দৌৰ বীৰাঙ্গনা হ’ব খোজো।” টেম্পলে তেওঁক ক’লে, “তোমাৰ যি উদ্যম তাত কোনেও তোমাক বাধা দিব নোৱাৰে। তদুপৰি তোমাক মই সহায় কৰিম।” এটা দিন আহিল যেতিয়া তেওঁ অলিম্পিকত যোগদান কৰিলে য’ত তেওঁ বিশ্বৰ শ্ৰেষ্ঠৰ মাজত শ্রেষ্ঠ সকলৰ বিৰুদ্ধে দৌৰিব লগা হ’ল। বিল্মাৰ সহ প্রতিযোগী আছিল জুটা হেইন নামৰ এগৰাকী মহিলা যাৰ কোনো দিনেই পৰাজয় হোৱা নাছিল। প্রথম দৌৰটো আছিল ১০০ মিটাৰৰ দৌৰ। বিস্মাই জুটা হেইনক পৰাজিত কৰি জীৱনৰ প্ৰথম স্বর্ণ পদকটো গ্রহণ কৰিলে। দ্বিতীয় দৌৰ আছিল ২০০ মিটাৰৰ দৌৰ। ৱিলমমাই পুনৰ জুটা হেইনক পৰাজিত কৰি দ্বিতীয়টো স্বর্ণ পদক গ্রহণ কৰিলে। তৃতীয় দৌৰটো আছিল ৪০০ মিটাৰৰ ৰিলে দৌৰ। এইবাৰো তেওঁৰ প্ৰতিযোগী আছিল জুটা। ৰিলে দৌৰত আটাইতকৈ বেগী প্রতিযোগী গৰাকীক শেষৰ বিলেত নিয়োগ কৰা হয়। প্রথম তিনি গৰাকী প্রতিযোগীয়ে সহজেই লাঠিডাল ইহাতৰপৰা সিহাত বগৰাই দৌৰা সম্পন্ন কৰিলে। যেতিয়া বিল্মাৰ পাল পৰিল, তেওঁ লাঠিডাল হাতৰপৰা পেলালে। বিলাই দেখিলে আনমূৰৰ পৰা জুটা জোৰেৰে আহি আছে। রিল্যাই লাঠিডাল তুলি ল’লে আৰু যন্ত্ৰৰ দৰে দৌৰা আৰম্ভ কৰি তৃতীয়বাৰৰ বাবে জুটাক পৰাজিত কৰি তৃতীয়টো স্বর্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। বিলাই খেল জগতত ইতিহাস ৰচনা কৰিলে। এগৰাকী পঙ্গু নাৰীয়ে ১৯৬০ চনৰ অলিম্পিকত বিশ্বৰ শ্ৰেষ্ঠ দৌৰ বীৰাঙ্গনা হ’ল। বিলমাৰপৰা আমি শিক্ষা লোৱা উচিত। আমি শিকো যে সফল ব্যক্তিয়ে সমস্যাৰ অবিহনে নহয়, সমস্যা সত্ত্বেও সাফল্য অর্জন কৰে। দুর্যোগক সুযোগলৈ ৰূপান্তৰ কৰা ব্যক্তিৰ জীৱন কাহিনী পঢ়ি আমি অনুপ্রাণিত নহওঁ নে? আমি যদি এনে ব্যক্তিৰ জীৱনী আৰু আত্মজীৱনী পঢ়া আৰম্ভ কৰো আমি অনুপ্ৰেৰণা নাপাম নে?
অজ্ঞতাৰপৰা ভাল জ্ঞান লাভ কৰক
শিক্ষাই আমাক আমি কি কৰিব পাৰো আৰু কি কৰিব নোৱাৰো সেই কথা শিকায়। মই এনে কিছু লোকৰ সন্ধানত আছো যিসকলৰ কি কাম কৰিব নোৱাৰি সেই কথা নজনাব এটা অসীম সামর্থ্য আছে। (-হেনৰি ফৰ্ড) হেনৰি ফ’ৰ্ডে বিশ্বক V8 ইঞ্জিনটো দিলে। ফ’ৰ্ডৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাছিল। দৰাচলতে তেওঁ ১৪ বছৰ বয়সৰ পাছত বিদ্যালয়লৈ যোৱা নাই। তেওঁৰ কিন্তু V8 নামৰ এটা ইঞ্জিনৰ ধাৰণা কৰাৰ বুদ্ধি-বৃত্তিখিনি আছিল। কিন্তু সেই ইঞ্জিনটো কেনেদৰে তৈয়াৰ কৰিব পাৰি সেই কথাটো তেওঁ নাজানিছিল। গতিকে তেওঁ উচ্চ শিক্ষিত সকলক তেওঁৰ বাবে সেই ইঞ্জিন তৈয়াৰ কৰিবলৈ ক’লে। কিন্তু সেই সকল লোকে তেওঁক জনালে কি কৰিব পৰা যায়, কি কৰিব পৰা নাযায়। তেওঁলোকৰ মতে V8 সৃষ্টি কৰাটো এটা অসম্ভব প্রস্তাৱ। কিন্তু হেনৰি ফ’ৰ্ডে জোৰ দি ক’লে তেওঁক V8 লাগিবই। কেইমাহমানৰ পাছত ফ’র্ডে তেওঁলোক সকলোকে পুনৰ V8 ৰ কথা ক’লে। পুনৰ তেওঁক জনোৱা হ’ল যে V8 তৈয়াৰ কৰা অসম্ভব। ফ’র্ডে কিন্তু এৰি নিদিলে। তেওঁ কৈয়েই থাকিল V8 তৈয়াৰ কৰিব পৰা যায়। তাৰ কিছুদিন পাছত যিসকল লোকে অসম্ভৱ বুলিছিল, সেই একেখিনি লোকে V8 ইঞ্জিনটো তৈয়াৰ কৰিলে। এইটো কেনেকৈ সম্ভৱ হ’ল? তেওঁলোকে শৈক্ষিক সীমাবদ্ধতাৰ পৰিধিৰ বাহিৰত কল্পনা কৰিবলৈ ধৰিলে। শিক্ষাই আমাক শিকায় আমি কি কৰিব পাৰো। লগতে আমাৰ সীমাবদ্ধতাৰ প্ৰতিও সচেতন কবে।
ভোমোৰা
অমি প্ৰকৃতিৰপৰা শিকিব পাৰো। বৈজ্ঞানিকৰ মতে ভোমোৰাৰ শৰীৰটো বেছি গধুৰ আৰু পাখীৰ পৰিসৰ বৰ কম বাবে ই উৰিবলৈ সক্ষম হ’ব নালাগে। বায়ু গতিৰ সূত্র মতে ভোমোৰাই প্ৰকৃততে উৰা সম্ভবপৰেই নহয়। কিন্তু ভোমোৰাটোৱে এই কথাটো নাজানে বাবে ই উৰিয়েই থাকে। যেতিয়া আমি আমাৰ সীমাবদ্ধতাৰ প্ৰতি জ্ঞাত নহওঁ, আমি কেতিয়াবা নিজেই নিজৰ কামত আচৰিত হওঁ। আমি মনতে ভাবো, আমাৰ কিবা সীমাবদ্ধতা আছে নেকি? ব্যক্তিৰ একমাত্ৰ সীমাবদ্ধতা হ’ল নিজে আনি লোৱা সীমাবদ্ধতা। শিক্ষাই আপোনাক সীমিত কৰিবলৈ নিদিব।
টকাবে বা চেনেহেৰে আপোনাৰ ধাৰ সুজিব নোৱাৰা কাৰোবাৰ বাবে কিবা এটা কৰক
বিশ্ব বিখ্যাত মনোবৈজ্ঞানিক ডঃ কার্ল মেনিংগাৰক এবাৰ সোধা হৈছিল, “কোনো এগৰাকী ব্যক্তিৰ স্নায়বিক অসুখ হ’ব বুলি আপুনি জানিব পাৰিলে আপুনি সেই ব্যক্তিক কি পৰামৰ্শ দিব?” শ্রোতামণ্ডলীয়ে আশা কৰিছিল যে ডঃ মেনিংগাবে ব্যক্তি গৰাকীক চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বিষয়ে ব’ব। কিন্তু তেখেতে নক’লে। তেওঁ বৰং ক’লে, “সেই ব্যক্তি গৰাকীক মাঁট কম ঘৰ বন্ধ কৰি চহৰখনৰ সিমূৰে বাস কৰা সাহাৰ্যৰ প্ৰয়োজন হোৱা কোনো লোকৰ ওচৰলৈ গৈ সেই লোকজনক সহায় কৰকগৈ। ইয়াৰ জৰিয়তে আমি এক প্রশান্তি অনুভব কৰিব পাৰো।” বহু ক্ষেত্ৰত আমি দেখো যে আমি যেন নিজেই নিজৰ প্রতিবন্ধক হৈ পৰিছো, নহয়নে বাৰু? আপুনি এগৰাকী স্বেচ্ছাসেৱক হওক। এই কর্মই আপোনাৰ আত্ম-মূল্য বিকশিত কৰিব। আপুনি যেনেদৰে আনৰপৰা সহায় আশা কৰে, তেনেদৰে আনকো সহায় কৰক। তেনে কর্ম তৃপ্তিদায়ক হোৱাৰ উপৰিও আত্ম-নিষ্ঠা অনাত সহায়ক হয়। প্রতিদানৰ আশা নকৰাকৈ কাৰোবাক কিবা প্ৰদান কৰা কার্যই আত্ম-নিষ্ঠা বৃদ্ধি কৰে।সু-ব্যক্তিত্ব সম্পন্ন জনে কেরল পাবলৈ আশা নকৰে তেওঁ একেদৰে প্রদানো কবে।