বিশেষণে বলাব নোৱৰা অসমীয়া মানুহৰ সংখ্যা তেনেই কম। চুকাফা, শংকৰদেৱ, মাধৱদেৱ, লাচিত, চিলাৰায়, বা আধুনিক সময়ত লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণু ৰাভা আৰু ড° ভূপেন হাজৰিকাক সেইখন তালিকাত তর্কাতীতভাৱে ৰাখিব পাৰি। আৰু ৰাখিব পাৰি জ্যোতিপ্ৰসাদ আগৰৱালাক। উদাৰ অসমীয়া সত্তাটোৰ বহল হৃদয়খনত এইজনা পুৰুষৰ স্থান কেন্দ্রবিন্দুত। তেওঁৰ সৃষ্টিৰ মাজেদি ধ্বনিত হয়, স্পন্দিত হয় সেই অসমীয়া সত্তাটোৰ মাজত নিহিত হৈ থকা নজহা-নপমা উপাদানবোৰ। জ্যোতিৰ সৃষ্টিৰাজিয়ে জাতিটোক কেৱল বৌদ্ধিক বা সাংস্কৃতিক ভাৱে প্রাণসঞ্চাৰ কৰিয়েই ৰৈ যোৱা নাই, বৰং লৈ গৈছে নন্দনতাত্ত্বিক উচ্চতাৰ এক অসামান্য শীর্ষবিন্দুলৈ। লাজৰ কথা আৰু দুখৰ কথা যে বহু আত্মবিস্মৃত আৰু চেতনাহীন ‘শিক্ষিত’ অসমীয়া বর্তমান সময়তে সেই শীর্ষবিন্দুটোৰ প্রতি অনুৰক্ত নহয়।
জ্যোতিপ্রসাদ - উদাৰ জাতীয়তাবাদৰ জ্যোতি
সেই বিন্দুটোৰ পৰা বিচ্ছুৰিত হোৱা উজ্জ্বল পোহৰে সেইচাম অসমীয়াক স্পর্শ নকৰে। উদাসীনতাৰ ওৰণি পৰিধান কৰা এইচাম লোকৰ মাজৰ একাংশই বস্তুগত দিশত উন্নয়নৰ মুখ দেখিলেও সাংস্কৃতিকভাবে বিবর্ণ। জ্যোতিপ্ৰসাদৰ কথা ক’বলৈ গৈ এইচাম লোকৰ বিষয়ে আগবঢ়োৱা মন্তব্যৰ প্রয়োজনীয়তাৰ সন্দৰ্ভত কাৰোবাৰ মনত প্রশ্ন উদয় হ’ব পাৰে। আপাত দৃষ্টিত অপ্রাসংগিক যেন লাগিলেও এইখিনি কথাকোৱাৰ প্ৰয়োজনীয়তা আছে। কাৰণ এনে এচাম মানুহে জ্যোতিৰ প্রতিভাক আংশিকভাৱে হৃদয়ংগম কৰিব নোৱাৰিলেও কিন্তু যান্ত্রিক ‘জ্যোতি-বন্দনা’ত বছৰত এবাৰকৈ নামি পৰে। অসুন্দৰৰ পূজাৰী এই চাম লোকক চিনাক্ত কৰাটোও বর্তমান সময়ৰ দাবী। সুস্থ জাতীয়তাবোধক বর্তমান সময়ত আমাৰ ৰাজ্যখনত কেতবোৰ অপশক্তিয়ে টেটুচেপা দিবলৈ ওলাইছে। এই অপশক্তিক বোধ কৰিবলৈ দৰকাৰ জ্যোতিপ্ৰসাদৰ সৃষ্টিসমূহৰ ব্যাখ্যা-বিশ্লেষণৰ। উনৈশ শতিকাৰ সময়ছোৱা অসমীয়া জাতিটোৰ বাবে অত্যন্ত গুৰত্বপূর্ণ বুলি বিবেচিত হৈছে। সেইটো শতিকাৰ আবম্ভণিতে আমি ৰাজনৈতিক স্বাধীনতা হেৰুৱাইছিলোঁ। তাৰ কিছুদিন পাছতে হেৰুৱালো নিজ মাতৃভাষাকো। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা আমেৰিকান বেপ্তিষ্ট মিছনেৰী সকলৰ কেইজনমান ক্ষণজন্মা পুৰুষৰ বাবে প্ৰথমখন অসমীয়া কাকত ‘অৰুনোদই’ৰ ১৮৪৬ চনত জন্ম হ’ল। নাথান ব্রাউন, মাইলছ ব্রনছন আদি বৰণ্য লোকে আশাশুধীয়া প্রচেষ্টাৰে নতুনকৈ থন ধৰিবলৈ আৰম্ভকৰা আধুনিক অসমীয়া জাতিটোৰ মনলৈ কিছু বল আনিলে। সেই সময়ছোৱাতে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ প্ৰচেষ্টাত পোন প্ৰথম বাৰৰ বাবে অসমীয়া ভাষিক জাতীয়তাবাদৰ বীজটো অংকুৰিত হয়। সেই বীজটোকে লালন-পালন কৰি আগবঢ়াই নিলে জোনাকী যুগৰ ত্রিমূর্তি ক্রমে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্র গোস্বামীয়ে। অৱশ্যে ৰাজনৈতিক স্বাধীনতাৰ কথা সেইসকল লোকৰ কথা-কৰ্মত পৰিলক্ষিত হোৱা নাছিল। বংগীয় নৱজাগৰণৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত আৰু কিছু পৰিমাণে শংকিত হৈ লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ অলেখ সৃষ্টি কৰ্মৰ যোগেদি জাতীয়তাবোধৰ চেতনা শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল। বহু ক্ষেত্রত বেজবৰুৱাই অসমীয়া জাতীয় জীৱনৰ প্ৰাণপুৰুষ তথা ৰূপান্তৰৰ খনিকৰ শ্ৰীমন্ত শংকৰদেৱক লৈয়ে এই যাত্ৰাৰ আৰম্ভণি কৰিছিল। সেই জাতীয়তাবাদী চেতনাৰ অধিক পৰিপূৰ্ণ ৰূপ দেখা পোৱা যায় জ্যোতিপ্ৰসাদৰ কৰ্ম তথা সৃষ্টিৰাজিত। ‘জয়মতী’ ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই বিহুৰ দৃশ্যাংশ প্ৰদৰ্শন কৰা বিষয়টোত বেজবৰুৱাই আগবঢ়োৱা সমর্থনৰ মাজত দুয়োজনা ব্যক্তিৰ চিন্তাৰ একাত্মতা পৰিলক্ষিত হয়। বেজবৰুৱাৰ সামগ্রিক চেতনা জ্যোতিপ্ৰসাদৰ কাম-কাজ-ভাষণ-লেখা সকলোৰে মাজত স্পন্দিত হয় যদিও জ্যোতিৰ স্বকীয়তাৰ তিৰবিৰনিয়ে ইয়াক অধিক প্রাণচঞ্চল আৰু সতেজ কৰি তুলিছিল। সুস্থ অসমীয়া জাতীয়তাবাদৰ শত্রুক বীর্যহীন কৰি তুলিবলৈ হ’লে বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজি মন্থন কৰি হৃদয়ঙ্গম কৰাতো অতিকৈ দৰকাৰ।
আধুনিক অসমৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰাসংগিকতা
কিশোৰ অৱস্থাতে নিজৰ উজ্জ্বল প্রতিভাৰ অস্তিত্বৰ কথা উমান দিব পৰা অসমীয়া সকলৰ মাজতো জ্যোতিপ্রসাদৰ স্থান অগ্রগন্য। এইক্ষেত্রত জ্যোতিক বিজাব পাৰি তেওঁ নিজেই বিপ্লবী আখ্যা দিয়া শংকৰদেৱৰ লগত। আৰু ৰিজাব পাৰি তেওঁৰেই শিষ্য ভূপেন হাজৰিকাৰ লগত। এই তিনিওজন মনীষীয়ে কৈশোৰ কালতে সৃষ্টি আৰম্ভ কৰিছিল। ‘আ’ কাৰ, ‘ই’ কাৰ শিকাৰ আগতেই শংকৰদেৱে ৰচনা কৰা ‘কৰতল কমল’ শীর্ষক পদ্যটো অসমীয়া মানুহৰ বৌদ্ধিক উচ্চতাৰ আলোকস্তম্ভ স্বৰূপ। সেই গুৰুজনাৰ অভ্রভেদী ব্যক্তিত্ব আৰু বিস্ময়কৰ প্ৰতিভাৰ দ্বাৰা আলোড়িত হৈ এঘাৰ বছৰ বয়সতে ভূপেন হাজৰিকাই ৰচিছিল ‘কুসুম্বৰ পুত্ৰ শ্রীশংকৰ গুৰুৱে’ শীর্ষক তেওঁৰ জীৱনৰ প্ৰথমটো গীত। জ্যোতিপ্রসাদেও কেবল চৈধ্য বছৰ বয়সত লিখি উলিয়াইছিল তেওঁৰ প্ৰথম নাটক ‘শোণিত কুঁৱৰী’। সংলাপৰ মাজে মাজে থকা কাব্য-ব্যঞ্জনা ইমানেই মধুৰ যে ই স্রষ্টা জনৰ উজ্জ্বল প্ৰতিভাৰ কথা সোঁৱৰাই দিয়ে। এই নাটখনৰ বহুকেইটা গীত আজিও যথেষ্ট জনপ্রিয়। আমাৰ থলুৱা লোকগীতসমূহৰ সুৰ ব্যৱহাৰ কৰি নাটখনৰ গীতবোৰত কিশোৰ জ্যোতিপ্রসাদে এটা সজীর অভিনবত্ব প্রদান কৰিছে। আখ্যান ভিত্তিক নাটক নাটক হোৱা সত্ত্বেও জ্যোতিৰ কল্পনা-শক্তিয়ে ইয়াক প্রদান কৰিছে নতুনত্বৰ কিছু মায়াসনা ৰূপ। সেই মায়াসনা পৰিবেশ আৰু বসঘন হৈ উঠিছে অনিৰুদ্ধ আৰু চিত্ৰলেখা চৰিত্ৰ দুটাৰ মাজেদি ফুটি উঠা সহজাত বর্ণময়তাৰ ছন্দত। সাতে সোতৰই মিলি কিছু দুর্বলতা থাকিলেও জ্যোতিপ্ৰসাদৰ প্ৰথম সৃষ্টিকৰ্মতেই পৰিস্ফুট হৈছে তেওঁৰ সাংস্কৃতিক মনটোৰ পৰিপক্কতা।শংকৰদেৱক অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি অভিহিত কৰা জ্যোতিপ্ৰসাদৰ পৰিয়ালত গুৰুজনাই প্ৰচাৰ কৰা একশৰণ হৰি নাম ধৰ্মৰ গভীৰ প্রভাব আছিল। জ্যোতিপ্ৰসাদৰ ককাদেউতাক হৰিবিলাস আগৰৱালাই পোন প্ৰথমবাৰৰ বাবে ১৮৭৬ চনতে কীর্তন, দশম, নামঘোষা আদি পুথি ছপা কৰি উলিয়ায়। গুৰুদুজনাক নামঘৰৰ মাজৰ পৰা বাহিৰলৈ উলিয়াই অনা কৃতিত্বৰ সিংহভাগ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাপ্য হ’লেও হৰিবিলাস আগৰৱালাৰ ভূমিকাও অনস্বীকার্য। সুদূৰ ৰাজস্থানৰ পৰা ব্যৱসায়ৰ বাবে আহি অসমত থিতাপি লোৱা হৰিবিলাস আগৰৱালাৰ দেউতাক নৱৰংগলাল আগৰৱালই অসমীয়া মনটোক বুজিবলৈ চেষ্টা কৰিছিল। সেই প্রয়াসক অধিক গতিশীল আৰু বর্ণিল কৰি তুলিছিল তেওঁৰ পিছৰ প্ৰজন্মৰ যোগ্য উত্তৰাধিকাৰীসকলে। কোৱা বাহুল্য যে জ্যোতিপ্রসাদ আছিল এইক্ষেত্রত সবাতোকৈ আগৰণুৱা।
অসমীয়া জাতীয়তাবাদ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানৱতাবাদ
‘অসমীয়া স্থাপত্যৰ নৱৰূপ’ শীর্ষক প্রবন্ধটিৰ এঠাইত জ্যোতিপ্রসাদে লিখিছে” এইখিনিতে আৰু এটা কোৱা ভাল হ’ব যে অসমীয়া সংস্কৃতিব প্রাণস্বরূপ শ্ৰীশংকৰদেৱৰ জন্মস্থান বৰদোৱাত যিটো নামঘৰ আছে সি আড়ম্বৰবৰ্জিত আৰু তেনেই সহজ-সৰল, কেৱল মনিকূটৰ ওপৰত দ’ল আৰু নামঘৰটো। দ’লটো বাদ দিলে তাৰ ৰৈখিক ৰূপ বার্লিনত সজা মেক্স বাইনহার্টৰ জনতা থিয়েটাৰ ঘৰৰ লগত মিলাব পাৰি। আমাৰ নামঘৰত থকা সিংহাসনৰ সিংহবোৰ এৰুৱাই পেলালে তাত আজিকালিৰ কিউবিষ্ট পৰিকল্পনা, ডাৱৰ নোহোৱা আকাশৰ জোন জিলিকাদি জিলিকি থাকে। আমাৰ যিবোৰ নামঘৰ এতিয়াও পুৰণি স্থাপত্যৰ আৰ্হিৰে সজা হৈছে সেইবোৰ এনেকুৱাই। তেনেহ’লে অসমীয়া স্থাপত্যৰ এটা প্রধান নিদর্শন বুলি যদি আমি নামঘৰবোৰক ভাবো তেন্তে দেখাতেই সি সহজ-সৰল ৰৌপিক সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত। তাৰ টুপ-টুপলি, অলংকাৰৰ আড়ম্বৰ নাই। অসমীয়া নাম-ধর্ম যেনেকৈ সহজ-সৰল দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত, অসমীয়া নামঘৰৰ স্থাপত্যও তেনেকুৱাই। তেন্তে আজি অসমীয়া স্থাপত্যৰ আদর্শও সেই সহজ-সৰল বৌদ্ধিক সৌন্দর্যত হ’ব লাগিব। অতি আচৰিত কথা যে শ্ৰীশংকৰদেৱৰ এই নামঘৰৰ সহজ-সৰলতাই আজি বিশ্বস্থাপত্যৰ আধুনিক আৰু ভাৱিষ্যিতিক ৰূপৰো আদর্শ। সেই কাৰণেই ৰবীন্দ্ৰনাথৰ উত্তৰায়নক বেলুৰ মঠ বা কাশীৰ হিন্দু বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ নিদৰ্শন অসমীয়া স্থাপত্যৰ আদর্শ হ’বই নোৱাৰে। বিশ্বস্থাপত্যৰ বৰ্তমান আদৰ্শৰ ফালৰ পৰা চাবলৈ গ’লে আমাৰ নামঘৰৰ ৰৌপিক পৰিকল্পনা আজি পাঁচশ বছৰ আগতো আগবাঢ়িহে আছিল। তাৰ মানে আজি আমি হিন্দু বিশ্ববিদ্যালয় বা তেনে ধৰণৰ আলংকৰিক বা অর্ধ-আলংকৰিক স্থাপত্য বিচাৰিলে আকৌ শংকৰীযুগৰ পিছলৈহে যাব লাগিব।” জ্যোতিপ্ৰসাদৰ উপৰোক্ত লেখাখিনিত কোনোবাই আবেগৰ বেশ দেখিব পাৰে। কিন্তু কেইবাবছৰো ইউৰোপত কটাই স্বদেশলৈ ঘূৰি আহি ইউৰোপীয় আৰু ভাৰতীয় (বিশেষকৈ অসমীয়া) স্থাপত্যৰ যি তুলনামূলক বিচাৰ জ্যোতিপ্রসাদে কৰিছে, তাত বস্তুনিষ্ঠতা অন্তনির্হিত হোৱা নাই। কৃষ্টি-সংস্কৃতিৰ বিভিন্ন উপাদানসমূহৰ মাজেদি ৰূপান্তৰৰ সপোন দেখা জ্যোতিপ্ৰসাদৰ শিল্পী মনটোৱে সৰলতাক খুব গুৰুত্ব দিছিল। যিকোনো আন্দোলন বা অভিযানৰ পদ্ধতি আৰু উদ্দেশ্য যদি সৰল নহয়, তেনেহ’লে তেনে আন্দোলন বেছি অর্থপূর্ণ হ’ব নোবাৰে বুলি তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল।
শ্রীকৃষ্ণক মানৱ সংস্কৃতিৰ জীৱন্ত প্রতিমূর্তি বুলি জ্ঞান কৰা জ্যোতিপ্ৰসাদৰ আদর্শক এচাম গোড়া হিন্দুত্ববাদী লোকে কুক্ষিগত কৰিব বিচৰা প্ৰয়াস সাম্প্রতিক সময়ত প্রায়ে চকুত পৰে। শ্রীকৃষ্ণ আৰু শ্রীমন্ত শংকৰদেৱ সম্পৰ্কত তেওঁ পোষণ কৰা মনোভাবৰ বাবে এই চাম চতুৰ লোকে জ্যোতিপ্ৰসাদৰ আদৰ্শক কৌশলেবে বিকৃত কৰিব বিচাৰে। জ্যোতিপ্রসাদক গোড়া হিন্দুত্ববাদৰ প্রতীক সজাবলৈ যোৱাটো নিতান্তই গর্হিত কাম। কিয়নো হিন্দু আধ্যাত্মিক চেতনাৰ কেতবোৰ প্রতিভূ জ্যোতিৰ সৃষ্টিৰ মাজত দৃষ্টিগোচৰ হয় যদিও ইয়াৰ প্ৰয়োগত কোনো ধর্মীয় দৃষ্টিকোণ জড়িত নাছিল। ইছলাম ধর্মক নির্মল বুলি অভিহিত কৰা জ্যোতিপ্রসাদে সেই ধর্ম-সংস্কৃতিৰ মাজৰ যোগাত্মক সমলবোৰৰ কথাও যোগাত্মক ভাবে উনুকিয়াইছে। তেওঁৰ প্ৰখ্যাত কবিতা ‘অসমীয়া ডেকাৰ উক্তি’তো পোৱা যায় ময়েই হিন্দু ময়েই মুছলমান ময়েই ন-জোৱান। মোৰ ভগৱান মন্দিৰে মছজিদে ভগৱান মোৰ নাম ঘৰে ঘৰে অন্তৰে বাহিৰে মোৰ ভগৱান নৈয়ে বনে বনে আকাশে আছমানে
প্রনমিছে মই
প্রার্থনা-নামাজ
লোৱাহে জ্যোতির্ম্ময়।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ চুটি জীবনকালৰ ভিতৰত সৃষ্ট গীত, কবিতা, নাটক সকলোতে এক বর্ণময় আৰু বিশাল মানৱতাবাদী চেতনা ফুটি উঠে। মানুহ হোৱাৰ গৌৰৱ যেন সকলোতে গুঞ্জৰিত। জ্যোতিপ্ৰসাদৰ বিশাল মানৱতাবাদী চেতনাৰ মাজতেই বিৰিঙি উঠে অসমীয়া জাতীয়তাবোধ। জ্যোতিৰ জাতীয়তাবোধত সংকীর্ণতাৰ স্থান নাই, আৰু স্থান নাই গোড়ামি আৰু আৱেগৰ। তন্দ্রাচ্ছন্ন একাংশ অসমীয়াক অপ্রয়োজনীয় দিবানিদ্ৰাৰ পৰা উঠাবলৈ জ্যোতিৰ সৃষ্টিৰ মাজত সকলো আছে। কিন্তু ‘শিল্পী দিৱস’ৰ যান্ত্রিক উদ্যাপনৰ মাজেদি সেই বর্ণিল উপাদানবোৰৰ মহত্ত্ব উপলব্ধি কৰিব নোৱাৰি। এক নিৰন্তৰ বৌদ্ধিক আৰু সাংস্কৃতিক কৰ্ষণৰ জৰিয়তেহে সেই কাম সম্ভৱপৰ। অসমীয়া জাতীয়তাবাদৰ উদাৰতাক অক্ষুণ্ণ ৰাখিবলৈ হ’লে জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনাক আমি কৰিব লাগিব পাথেয়।