CAA আৰু অসমীয়াৰ অস্তিত্ব সংকট অসমীয়াৰ অস্তিত্বৰ ওপৰত এক ‘ছার্জিকেল স্ট্রাইক’

Ahim saikia
9 Min Read

অসমীয়া মানে আমি কেৱল বৰা, শৰ্মা, শইকীয়া, ৰহমান আদি উপাধিধাৰী অসমীয়া ভাষীসকলৰ কথাকে বুজোৱা নাই। এক বহল অর্থত ব্যৱহাৰ কৰিছোঁ অসমীয়া শব্দটো। স্বকীয় ভাষা-সাহিত্য-সংস্কৃতিৰ অমূল্য উপাদানেৰে সমৃদ্ধ আৰু পৰিপূৰ্ণ হৈ থকা অসমৰ প্ৰতিটো জনগোষ্ঠীকে মুখ্য কৰি অসমীয়া ভাষীসকল আৰু অসমীয়া সভ্যতাৰ সোণসেৰীয়া সমলবোৰে যিবোৰ লোকৰ মনত যোগাত্মক খলকনিৰ সৃষ্টি কৰি আহিছে, সেই সকলোকে মই অসমীয়া শব্দটোৰ আউটিলৈ আনিব বিচাৰিছোঁ। বস্তুনিষ্ঠ দৃষ্টিকোণেৰে চালে বুজিবলৈ কঠিন নহয় যে অসম নামৰ ভূখণ্ডটোৰ পশ্চিম দিশত অৱস্থিত ভাৰতবৰ্ষ নামৰ ভূখণ্ডটোৰ লগত বহু মিল আছে, অমিলো আছে। বিশিষ্ট পণ্ডিত ড° নগেন শইকীয়াৰ গৱেষণাধর্মী গ্রন্থ ‘অসমীয়া মানুহৰ ইতিহাস’ত কোনবোৰ বিষয়ত অসমৰ ওপৰত ভাৰতীয় প্ৰভাৱ পৰিছে আৰু কোনবোৰত দাঁতিকাষৰীয়া অঞ্চলৰ জনজাতীয় প্রভাৱ বেছি গভীৰ সেই বিষয়ে বিস্তৃত ব্যাখ্যা আছে।

অসমীয়াৰ মৰ্মস্থলত 'ছার্জিকেল স্ট্রাইক'

সেই দুয়োবিধ উপাদানৰ সমন্বয়ত গঢ় লৈ উঠিছে অসমীয়া জাতি। জাতিটোৰ কেতবোৰ সমূহীয়া কাৰ্যসূচীৰ যোগেদি প্রতিফলিত হৈছে অসমীয়া মন আৰু মানসিকতা। জনজাতীয় প্ৰভাৱৰ গভীৰতাৰ বাবে অসমীয়া মনটোত প্রবল আত্মভিমান এটা পৰ্যায়লৈকে পৰিলক্ষিত হয়। আত্মাভিমানৰ প্ৰচীৰ অতিক্ৰম কৰাৰ পিছত জাতিটো উদাৰ হৈ পৰে। কেতিয়াবা অত্যধিক উদাৰতাই অসমীয়াৰ সামূহিক চিন্তাক চেতনাশূন্যতাৰ গড়খাৱৈতো পেলায়গৈ। আৱেগৰ প্রকোপো জাতিটোৰ মাজত বেছ শক্তিশালী। শ্রমবিমুখ মানসিকতা এটায়ো আমাৰ মন-মননৰ ওপৰত তলসুতীয়া আক্রমণ এটা চলাই থাকে। এনে সকলো বহুমাত্রিক উপাদানৰ হেঁচা-খুন্দাৰ মাজেদিয়েই বৰ্তমানৰ অসমীয়া সত্তাটো ওলাই আহিছে। এই সভাটো নিখুঁত নহয় বুলি আমি জানো। বহু সচেতন অসমীয়াই জাতিটোৰ দুৰ্বলতাৰ কথাবোৰ মুক্ত মনেৰে আঙুলিয়াই দিছে আৰু সমালোচনাও কৰিছে। সেই সত্তাটোক অধিক সুন্দৰ আৰু পৰিপূৰ্ণ কৰিবলৈ বহু দল, সংগঠন, বুদ্ধিজীৱী আৰু সচেতন বাইজে নিৰন্তৰভাৱে প্রয়াস চলাই আহিছে। অপ্রয়োজনীয় আবেগিক আতিশয্য সৃষ্টি কৰি নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে সংগ্ৰামত নিমজ্জিত হোৱা নেতা আৰু সংগঠনকো ৰাইজে চিনাক্ত কৰিছে। সেই ৰাইজৰে ন্যায্য আশা যে অসমীয়া সত্তাটোৰ অস্তিত্ব অক্ষুণ্ণ থাকক আৰু ভবিষ্যতে ই অধিক প্রাণশক্তিৰে উজলি উঠক।

ভাৰতীয় মানসিকতা বনাম অসমীয়া সত্তা

কিন্তু সেই ন্যায্য আশাবোৰে পূর্ণতা পোৱাটো দূৰৰে কথা, বৰং অর্ধবিকশিত অৱস্থাতে বহু প্রত্যাহ্বানৰ সন্মুখীন হৈছে। দুর্ভাগ্যজনকভাবে অধিকাংশ প্রত্যাহ্বান আহিছে একশৈলিক ভাবাদর্শৰে মদমত্ত হৈ থকা ভাৰতীয় মানসিকতাৰ পৰা। ভাৰতীয় মাত্রেই সকলো বেয়া নহয়। ধ্রুপদী সংস্কৃতিৰ সমলৰ পৰা আদি কৰি উচ্চ মানসম্পন্ন ভাষা-সাহিত্যৰ সমলবোৰে ভাৰতীয় সভ্যতাৰ আপেক্ষিক উচ্চতাৰ কথা সোঁৱৰাই দিয়ে। প্রচীন আৰু মধ্যযুগত ভাৰতৰ পৰা অসমলৈ অহা লোকসকলে এক স্থায়ী কৃষিভিত্তিক অর্থনীতিৰ আধাৰো নিৰ্মাণ কৰিছিল। সেই প্ৰব্ৰজিত জনসমষ্টিৰ মাজেদি উচ্চ আধ্যাত্মিক চিন্তা আৰু কচিশীল জীৱনবোধৰ কেতবোৰ নতুন সমলে আহি থলুৱা জনজীৱনক ভিন্ন ৰূপ প্রদান কৰিছিল। অসমীয়া জাতিৰ জনক শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিত ভাৰতীয় সংস্কৃতিৰ সুন্দৰ দিশটো প্রতিফলিত হৈছিল। প্ৰখৰ সামাজিক চেতনাবোধসম্পন্ন আৰু বাস্তৱবুদ্ধিসম্পন্ন মানুহ হিচাপে তেওঁ ভাৰতীয় সভ্যতাৰ নেতিবাচক দিশবোৰৰ বিষয়েও অবগত আছিল। কিন্তু অসমীয়া জনজীৱনক সৰ্বদিশৰ পৰা আলোকিত কৰিবলৈ সমর্পিত সেই মহাপ্রতিভাই বুজিছিল যে ভাৰতীয় সভ্যতাৰ নেতিবাচক দিশবোৰ কেৱল নিজৰ সৃষ্টিৰাজিৰ মাজত উল্লেখ নকৰাকৈ থাকিলেই যথেষ্ট নহ’ব। প্রায়োগিক জীৱনতো তাৰ ভয়ংকৰ কুপ্ৰভাৱৰ পৰা অসমীয়াক বচাই ৰাখিব লগিব। সেয়েহে তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰিনাম ধৰ্মৰ বাণীবোৰৰ আধ্যাত্মিক সাম্যবাদৰ চিন্তাৰে পূৰ্ণ। ভাৰতীয় সমাজৰ অন্যতম ক্ষয়ংকাৰী বৈশিষ্ট্য জাতিভেদ প্রথা আৰু কঠোৰ বৰ্ণাভিমান অসমীয়া সমাজত সোলোক-ঢোলোক ৰূপতহে বর্তি আছে। জনজাতীয় প্ৰভাৱৰ প্রাবল্যৰ লগতে শংকৰদেৱে প্ৰচাৰ কৰা জীৱনাদৰ্শৰ গভীৰতাৰ বাবে অসমীয়া সমাজখন আপেক্ষিকভাৱে উদাৰ আৰু সমদর্শী।

অসমীয়া জাতিৰ গঠন আৰু মানসিকতা

যি ভাৰতীয় মনৰ চিন্তাৰ উচ্চতাক শিক্ষিত অসমীয়াই দীর্ঘদিন ধৰি সম্মান যাচি আহিছে, সেই ভাৰতীয় মানসিকতাই আজি বহু দিশৰ পৰা অসমীয়া সত্তাটোক চেপি-খুন্দি আনিছে। কেবল নির্বাচনৰ প্ৰাকমুহূৰ্তত সৰল অসমীয়া ৰাইজে ভালপোৱা দুটা কথা কৈ নির্বাচনোত্তৰ কালত তাৰ বিপৰীত কাৰ্যৰে জাতিটোৰ বিৰুদ্ধে ষড়যন্ত্র বচনাত লাগি গৈছে। সেই ষড়যন্ত্র ওফৰাই পেলাব নোৱাৰিলে অতি সোনকালেই অসমীয়াৰ অস্তিত্বৰ ওপৰত মাধমাৰ পৰিব। যিকোনো এটা জাতিৰ বাবে নিজৰ সন্মানজনক অস্তিত্বৰ কথাটো আটাইতকৈ গুৰুত্বপূর্ণ। ইয়াত অস্তিত্ব মানে কেৱল পৰমুখাপেক্ষী হৈ কেলঢোপ্ কেলঢোকে জীয়াই থকাৰ কথা কোৱা নাই। লগতে আন জাতিসত্তাক দমন-নিপীড়ন কৰি আধিপত্যশীল মনোভাবৰ প্রয়োজনীয়তাকো দোহাৰিব বিচৰা নাই। যুক্তিসংগত কাৰণতে প্রতিজন অসমীয়াই আশা কৰে তেওঁ যেন নিজৰ ৰাজ্যখনত শিৰ ওখ কৰি আৰু মেৰুদণ্ড পোন কৰি চলিব পাৰে। কিন্তু সেই আশা-প্রত্যাশাক মষিমূৰ কৰিবলৈ ওলাই আহিছে ধৰ্মৰ নামত সমাজক ভাঙি চূর্ণ-বিচূর্ণ কৰিবলৈ কুণ্ঠাবোধ নকৰা হিন্দুত্ববাদী বাহিনীটো। ঘটনাটো ভালদৰে হৃদয়ঙ্গম কৰিবলৈ আমি আঢ়ৈ বছৰমানৰ আগলৈ ঘূৰি যাব লাগিব। সেই সময়ত কেন্দ্র আৰু অসম উভয়তে শাসনৰ বাঘজৰী আছিল কংগ্ৰেছ দলৰ হাতত। পর্বতসম দুর্নীতি আৰু অপশাসনেৰে পূৰ্বৰ সকলো নজিৰ ভংগ কৰা কংগ্ৰেছ দলৰ প্ৰতি অসমীয়া মানুহ কেৱল বিৰক্তই নহয়, বৰং ভীষণভাৱে ক্ষুদ্ধ হৈ পৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে কেৱল সুশাসন আৰু উন্নয়নৰ ওপৰত ভিত্তি কৰি কৌশলেৰে স্থাপন কৰা বান্ধাৰাটোৱে মানুহৰ মাজত অভূতপূর্ব জনপ্রিয়তা লাভ কৰিছিল। এই বান্ধাৰাৰ মূল প্রবক্তা আছিল তেতিয়াৰ গুজৰাটৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোদী। অন্যান্য ভাল কথাৰ লগতে কেন্দ্রত বিজেপিয়ে শাসনভাৰ ল’ব পাৰিলে সকলো অবৈধ বাংলাদেশীয়ে একে ৰাতিৰ ভিতৰতে টালি-টোপোলা বান্ধিব লাগিব বুলি তেওঁ কোৱা কথাষাৰে আৱেগিক অসমীয়াৰ হৃদয় চুই গ’ল। এইবাৰ সকলো সমস্যা সমাধান হ’বই বুলি ভাবি লৈ অসমীয়া মনটো কিন্তু সোনকালে হতাশ হ’ল। কাৰণ ২০১৬ চনৰ আৰম্ভণিলৈকে তেনে ঘটনা নঘটিল। তথাপি সেই বাহিনীটোৰ স্থানীয় নেতাসকলৰ মুখত আখৈ ফুটাদি ফুটা ‘জাতি, মাটি আৰু ভেটি’ ৰ কথাটোৱে বহুতক আকৰ্ষিত কৰিলে। সেই সামূহিক আকৰ্ষণৰ ফলত দিছপুৰত পদুম ফুল ফুলিল। ‘জাতীয় নায়ক’ পদুম ফুলৰ মূল ৰখীয়া হ’ল। অধিকাংশ অসমীয়াই সেইবোৰকে সমর্থন দিছিল একমাত্র ‘পৰিবৰ্তন’ ব স্বার্থত।

অসমীয়া জাতীয়তাবাদ

ইতিবাচক দিশত ‘পৰিৱৰ্তন’ নহা দেখিও সৰল অসমীয়া অধৈর্য হৈ পৰা নাছিল। কিন্তু শেষত বিধ্বংসী ৰূপত সম্পূর্ণ ঋণাত্মকভাবে ‘পৰিৱৰ্তন’ ব উন্মুকনি দৃষ্টিগোচৰ হ’ল। সেই অশুভ পৰিবৰ্তনে অসমৰ অভিকেন্দ্ৰত থাকিবলগীয়া অসমীয়া সত্তাটোৰ গুৰুত্বটোৰ কথা ধ্বংস কৰি কেৱল ক্ষুদ্র ৰাজনৈতিক স্বার্থত এটা ভবিব নোৱৰা ষড়যন্ত্র ৰচনা কৰিলে। সেই ষড়যন্ত্রটোই হ’ল জুলাইত সংসদত উত্থাপন কৰা ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক। এই বিধেয়কখনৰ জৰিয়তে ভাৰতে অসমীয়াৰ মৰ্মস্থলত ছার্জিকেল স্ট্রাইক চলাব বিচাৰিছে। কাৰণ এইখন বিধেয়ক গৃহীত হোৱা মানে অতি কম দিনৰ ভিতৰতে অসমত অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিৱৰ্তিত হৈ বাৰুদ্ধ হৈ পৰিব। অসমৰ বহু বুদ্ধিজীৱী-সাহিত্যিক আৰু আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিকে মুখ্য কৰি বহু দল-সংগঠন এই বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। ইমান দিনলৈকে স্থানীয় বিজেপিৰ জ্যেষ্ঠ নেতাসকলক কিছু ব্যতিক্রমী বুলি ভাবি থকা সকলো আচৰিত হৈছে। কাৰণ অসমীয়াৰ অস্তিত্ব নিঃশেষ কৰিবলৈ ওলোৱা বিধেয়কখনৰ বিৰুদ্ধে শাসকীয় দলৰ কোনোবাই মুখ খোলা পৰিলক্ষিত হোৱা নাই। অর্থাৎ জাতি পাছত, ৰাজনীতিহে আগত- এয়ে হৈ পৰিছে তেওঁলোকৰ মূল উদ্দেশ্য। দলটোৰ উত্তৰ ভাৰতীয় নেতাসকলৰ বাবে অসমীয়া একেবাৰে গুৰুত্বহীন। অসমখনৰ কিছু গুৰুত্ব আছে, কিয়নো লোকসভাৰ ১৪খন আসন ইয়াত আছে। গতিকে ভৱিষ্যতে হিন্দুত্ববাদী দলটোৰ ৰাজনৈতিক প্রতিপত্তি অক্ষুণ্ণ ৰখাৰ বাবে যি চিন্তা, সেই চিন্তাত অসমীয়াৰ সন্মানজনক অস্তিত্ব বজাই ৰখাৰ কোনো প্রয়োজন নাই বুলি তেওঁলোকে ভাবিছে আৰু সেই চিন্তাকে আমাৰ স্থানীয় নায়কসকলে সমর্থন জনাইছে।

এইবোৰ কাৰণতে শ্ৰীমন্ত শংকৰদেৱ এতিয়া শংকৰ বাবা হৈ পৰিছে। লাচিত, চিলাৰায়ৰ পৰিৱৰ্তে আমাৰ উঠি অহা প্রজন্মই শিৱাজী, ৰাণা প্ৰতাপৰ বিষয়ে জানিলেই হ’ব বুলি ভাবি লোৱা এটা নিৰুৎসাহজনক পৰিস্থিতিয়েও চৌদিশৰ পৰা ঘেৰি পেলাইছে। তেওঁলোকে বিচাৰে অসমত অসমীয়াৰ পৰিৱৰ্তে হিন্দু আৰু মুছলমান লোকে বাস কৰক। দুয়ো ধৰ্মৰ মাজৰ সংঘাতে কুটিল ৰাজনীতিকসকলক নিজৰ ৰাজনৈতিক উদ্যোগৰ কেঁচামাল যোগান ধৰিব বুলিও সচেতন মহলে ইতিমধ্যে ঠাৱৰ কৰিব পাৰিছে। শেষত এটা প্রশ্ন অৱধাৰিতভাৱে আহি পৰে। এনে সময়ত আমাৰ কৰণীয় কি? প্রথম কথা নিজৰ আদৰ্শগত আনুগত্য আৰু ব্যক্তিগত ইগ’বোৰক অলপ আঁতৰাই থৈ অসম আৰু অসমীয়াক ভালপোৱা প্রতিটো দল, সংগঠন আৰু ব্যক্তি এখন পতাকাৰ তলত একত্রিত হ’ব লাগিব। দ্বিতীয় কথাটো হ’ল- একত্রিত শক্তিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন সর্বশক্তিৰে বিৰোধিতা কৰিব লাগিব। যদি বাষ্ট্রই বলপূর্বকভাৱে অসমীয়া মনুহৰ অস্তিত্ব বিপন্ন কৰিব পৰা বিধেয়কখন সংশোধন কৰিবলৈ উদ্যত হয়, তেতিয়া অসমীয়াৰ হাতত থাকিব এটাই বিকল্প। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা এজনো বাংলাদেশীৰ অতিৰিক্ত বোজা অসমে বহন নকৰে বুলি ৰাষ্ট্ৰশক্তিক বুজাই দিব পাৰিব লাগিব। অসমৰ বাহিৰে আনসকলো ৰাজ্যতে সেইসকল লোকক ভগাই লওক। এইবাৰ যদি একত্রিত হয়, অসমীয়াই ওফৰাব পাৰিব নিজৰ মৰ্মস্থলত কৌশলেৰে ছার্জিকেল স্ট্রাইক চলাব বিচৰা মূলসূঁতীয়া ভাৰতীয় মানসিকতাক। কিন্তু যদি দল-সংগঠন একত্রিত নহয়, তেনেহ’লে বিপদ সমাগত।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *