২০১৬ চনৰ মে’ মাহত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ শাসনৰ বাঘজৰী লোৱাৰ পাছৰ পৰা বহু সাধাৰণ নাগৰিকৰ চিন্তা-চেতনাব পৰিবৰ্তন দৃষ্টিগোচৰ হৈছে। এইখন চৰকাৰৰ ওপৰত হিন্দু ধর্মাবলম্বী বিভিন্ন অনুষ্ঠান তথা একাংশ সত্ৰাধিকাৰৰ গভীৰ প্ৰভাৱ আছে বুলি ৰাইজে ভাবে। হিন্দু ধৰ্মৰ কথা-বতৰাবোৰে অগ্ৰাধিকাৰ পোৱাৰ লগতে অসমীয়া জাতীয় জীবনৰ জনক শ্রীমন্ত শংকৰদেৱৰ কথাও অৱধাৰিতভাবে আহি পৰে। মুখ্যমন্ত্রীকে ধৰি তেওঁৰ কেবিনেটৰ প্ৰায় সকলো মন্ত্রীয়েই বিভিন্ন প্রেক্ষাপটত মহাপুৰুষজনাৰ কথা উল্লেখ কৰে। বিজেপিৰ ৰাজনৈতিক আৰু সাংস্কৃতিক আদর্শক সদর্থক দৃষ্টিৰে নোচোৱা এচাম সচেতন লোকে ভাবে চৰকাৰখনে গুৰুজনাৰ নামটো ব্যৱহাৰ কৰি সহজ-সৰল অসমীয়া মানুহৰ মনাকাশতো ৰাজত্ব কৰিব বিচাৰে। সাত, আঠ মাহ সময়ৰ ভিতৰত এখন চৰকাৰৰ নিষ্ঠা, দক্ষতা আৰু পাৰদৰ্শিতা সম্বন্ধে বহু কথা ডাঠি কোৱা অসুবিধা। কিন্তু চৰকাৰ এখনৰ আন্তৰিকতাৰ বুজ লোৱাৰ কাৰণে সেইখিনি সময়েই যথেষ্ট।
শংকৰদেৱৰ প্ৰতি চৰকাৰৰ শ্ৰদ্ধা কিমান?
শংকৰদেৱক কেন্দ্ৰ কৰিয়েই চৰকাৰখনৰ আন্তৰিকতাৰ উমান ল’বলৈ বিচাৰিছোঁ। বিজেপিৰ ওপৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰভাৱৰ কথা নতুনকৈ ক’ব লগা নাই। সেই প্রভাৱৰ গভীৰতা প্রায় প্রতিটো ক্ষেত্রতে প্রতিফলিত হৈছে। তাৰ ভাল বেয়া বিচাৰ কৰাটো এইটো প্ৰবন্ধৰ উদ্দেশ্য নহয়। আৰ এছ এছৰ উদ্যোগত অসমত কেইবাশ বিদ্যালয় বহু বছৰ ধৰি চলি আছে। সেই বিদ্যালয়বোৰৰ নামকৰণতো শংকৰদেৱ ব্যৱহৃত হৈছে। এই সন্দৰ্ভত কোনোবা ব্যক্তিয়ে মৃদু আপত্তি কৰিলেও সেই আপত্তি বা বিৰোধিতাই সংহত ৰূপ লোৱা নাই। শংকৰদেৱ শিশু নিকেতনবোৰ অসমৰ শিক্ষা ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। শংকৰদেৱৰ নামত স্থাপিত এই বিদ্যালয়বোৰৰ পাঠ্যক্ৰম আদি বিষযত বহু ক’বলগীয়া থাকিলেও আজি তেনেবোৰ বিষয় মই আনিব বিচৰা নাই। শংকৰদেৱক মূল প্রতীক হিচাপে লৈ চৰকাৰখনৰ গুৰুজনাৰ ভাবাদশৰ প্রতি থকা শ্ৰদ্ধাৰ গভীৰতা জুখিবলৈ যোৱাৰ আঁৰত আৰু এটা কাৰণ আছে। সচেতন পঢ়ুৱৈ ৰাইজৰ নিশ্চয়কৈ মনত আছে কিদৰে ২০১৬ ৰ ফেব্ৰুৱাৰী মাহতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম বিধানসভা নির্বাচনৰ বাবে ৰণশিঙা বজাবলৈ আৰম্ভ কৰিছিল। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে শিৱসাগৰৰ ৰূপহী পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত ভাষণ দিওঁতে প্রধানমন্ত্রী মোদীয়ে এনে বহু কথা গুৰুজনাৰ বিষয়ে কৈছিল, যাৰ ফলত বহুত সৰল অসমীয়াই ভাবিবলৈ লৈছিল যে বিজেপিৰ চৰকাৰ আহিলে মহাপুৰুষজনাৰ কীৰ্তি যুগমীয়া কৰিবলৈ বহু গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব। কিন্তু তেনে কোনো কথাৰ উকমুকনি বর্তমানলৈকে নেদেখি এচাম মানুহৰ মোহভংগও হৈছে। আজিৰ লেখাটোত মই তেনে মোহভংগ হোৱা কথাবোৰকো বেছি গুৰুত্ব দিব খোজা নাই। কাৰণ মোৰ চৰকাৰখৰ প্ৰতি এটা আহ্বান আছে। সেই আহ্বানটোও শংকৰদেৱকেন্দ্রিক। সেইবাবে সাময়িকভাৱে হ’লেও কোনো ঋণাত্মক কথা ননাকৈ মই মুকলিকৈ মোৰ মনৰ কথাটো ক’বলৈ ওলাইছোঁ।
অসম চৰকাৰৰ নৈতিক দায়িত্ব
ডিচেম্বৰ মাহতে অসম চৰকাৰে আহিবলগীয়া নতুন বছৰটোৰ বন্ধ দিনবোৰৰ এখন তালিকা প্রস্তুত কৰে। সাধাৰণভাবে মানুহৰ মনত এইখন ‘হলীডে লিষ্ট’ বুলি জনপ্রিয়। দৰাচলতে এখন তালিকা বুলি ক’লে ভুল হ’ব। চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে দুখন তালিকা প্রস্তুত কৰে। প্ৰথমখন তালিকাৰ বন্ধবোৰ ৰাজ্য চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠান আৰু কাৰ্যালয়বোৰৰ ক্ষেত্ৰত প্রযোজ্য। সেইখন তালিকাৰ বন্ধ সংখ্যা বেছি আৰু সেইটো কাৰণৰ বাবে চৰকাৰখনক বহু লোকে সমালোচনাও কৰে। দ্বিতীয়খন তালিকাৰ বন্ধ সংখ্যা আপেক্ষিকভাবে কম। এইখন তালিকা প্রস্তুত কৰি চৰকাৰে ঘোষণা কৰে এখন বিশেষ আইনৰ অধীনত। সেইখন আইনৰ নাম হৈছে Negotiable Instruments Act। এইখন আইনৰ অধীনত দিয়া বন্ধবোৰ ৰাজ্যখনত অৱস্থিত বেংক আৰু অন্যান্য বিত্তীয় সংস্থানবোৰৰ ক্ষেত্রত প্রযোজ্য হয়। যোৱা কেইবছৰমানৰ অসম চৰকাৰৰ এইখন বন্ধৰ তালিকাত চকু ফুৰালে যিকোনো আত্মসম্মান থকা অসমীয়া মানুহেই ক্ষুব্ধ হৈ পৰিব। কিয়নো অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰাণপুৰুষ (ধৰ্মৰ কথাতকৈ মই এইবোৰ দিশক অধিক প্রয়োজনীয় বুলি ভাবোঁ) শংকৰদেৱৰ জন্মোৎসৱ বা তিৰোভাৱ তিথিৰ দিনা অসমৰ কোনো বেংক বা বিত্তীয় প্রতিষ্ঠান বন্ধ নাথাকে। বহুতে হয়তো ভাবিব পাৰে সন্ত পুৰুষসকলৰ আবির্ভার বা তিৰোভাৱ তিথিত বন্ধ পালন কৰি যান্ত্রিকভাবে নামঘৰলৈ গৈ নাম-প্ৰসংগ কৰি মাহ-প্রসাদ খালেনো জাতিটোৰ কি লাভ হ’ব? এইক্ষেত্রত মোৰ মতামত স্পষ্ট। বন্ধ পালনৰ জৰিয়তে কোনো মহাপুৰুষ বা বীৰ-বীৰাংগনাৰ অবদানক প্রকৃত ৰূপত বিশ্লেষণ কৰাটো কঠিন বুলি মই জানো। কিন্তু সেই বন্ধৰ তালিকাখনত যেতিয়া বৈষম্যমূলক সিদ্ধান্তৰ প্রতিফলন দেখোঁ, তেতিয়া তাৰ বিৰোধিতা কৰাটো আৱশ্যকীয় বুলি ভাবোঁ। বৈষম্যৰ কথাটো অত্যন্ত দৃষ্টিকটুভাবে এই কাৰণেই আহি পৰিছে, কিয়নো সেইখন ‘হলীডে লিষ্ট’ত গুৰু নানকৰ আবিৰ্ভাৱৰ দিনটো বন্ধ হিচাপে বহু বছৰ ধৰি উদ্যাপিত হৈ আহিছে। তাতো মোৰ আপত্তি নাই। কিন্তু মোৰ আপত্তি হৈছে আমাৰ বেংকসমূহ গুরুনানক দিৱসত বন্ধ থাকে, কিন্তু শংকৰদেৱৰ আবিৰ্ভাৱৰ বা তিৰোভাৱ তিথি দুয়োদিনাই খোলা থাকে। এইধৰণৰ গুৰুতৰ বৈষম্য অসমৰ মাটিত কেনেদৰে চলি আছে, সেয়া ভাবি মই পাৰাপাৰ নাপাওঁ। মই নিশ্চিত একমাত্র অসমতহে এইবোৰ কথা সম্ভব। ২০১৫ চনত এই কথাটো মোৰ দৃষ্টিগোচৰ হওঁতে মই লগে লগে বাতৰিকাকতত নিজৰ ভাষ্য প্রদান কৰিছিলোঁ আৰু তদানীন্তন তৰুণ গগৈ চৰকাৰক ২০১৬ চনৰ পৰা সেই বিসংগতি আঁতৰাবলৈ আহ্বান জনাইছিলোঁ। ‘নিয়মীয়া বার্তা’ কাকতখনতে মই এই বিষয়ে এটা প্রবন্ধও লিখিছিলোঁ। বৈদ্যুতিন মাধ্যমত মোৰ কথাক সম্পূর্ণ সমর্থন কৰিছিল আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। বৰ্তমানৰ মন্ত্ৰী আৰু তেতিয়াৰ বিধায়ক ড° হিমন্ত বিশ্ব শর্মায়ো শুৱালকুছিত ৰাইজৰ আগত প্রতিশ্রুতি দিছিল যে বিজেপি ক্ষমতালৈ আহিলে গুৰুজনাৰ তিৰোভাৱ তিথিটো এন আই এক্টৰ অধীনত বন্ধ ঘোষণা কৰিব। এতিয়া ডিচেম্বৰ মাহ আৰু কেইদিনমানৰ পিছতে ২০১৭ চনৰ ‘হলীডে লিষ্ট’ প্রকাশ হ’ব। সেয়েহে এইখিনি কথা ৰাজহুৱাকৈ ক’বলৈ মন গ’ল।
শংকৰদেৱৰ নাম আৰু ৰাজনীতি
মুকলিকৈ আজি লিখিছোঁ যদিও চৰকাৰৰ লগত জড়িত দুজন বিশেষ ব্যক্তিক মই টেলিফোনযোগেও এই বিসংগতি আঁতৰোৱাৰ কথা কৈছিলোঁ। এইবাৰৰ শংকৰ জন্মোৎসৱৰ দিনাই মই সেই দুজন ব্যক্তিক জনাইছিলোঁ। প্রথমজন ব্যক্তি হ’ল অসম বিধানসভাৰ অধ্যক্ষ বঞ্জিত দাস। ৰাজনীতিলৈ অহাৰ আগতে দাস যিহেতু সাংবাদিকতাৰ লগতো জড়িত আছিল, সেয়েহে তেওঁ কথাটোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিছে বুলি মোৰ ধাৰণা। তদুপৰি তেওঁক আজিকালি প্রায়ে গুৰুজনাৰ নামত স্থাপিত অনুষ্ঠানৰ লগতে বিভিন্ন নামঘৰ আদিতো দেখা পাই থাকো। দাসৰ নিশ্চয়কৈ মনত থাকিব যে ২০১৬ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে অৰ্ণৱ গোস্বামীয়ে অসমৰ নতুন বিধায়কসকলক উদ্দেশ্যি ভাষণ দিয়াৰ পিছতে তেওঁক মই পুনৰ শংকৰদেৱৰ তিৰোভাৱ তিথিত বন্ধ ঘোষণা কৰা প্ৰয়োজনীয়তাৰ বিষয়ে কৈছিলোঁ। তেবোঁ হয়ভৰ দি একাষাৰতে মানি লৈছিল। মই অনুৰোধ কৰা দ্বিতীয়জন ব্যক্তি আছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বন্ধু তথা প্রেছ উপদেষ্টা হৃষীকেশ গোস্বামী। সেই বিসংগতিত আচৰিত হৈ গোস্বামীয়ে সেইটো কাম কৰিমেই বুলি মোক কথা দিছে। আজি অলপ দিনৰ আগতে দ্বিতীয়বাৰ ফোন কৰি অনুৰোধ কৰোঁতেও তেওঁ অতি আন্তৰিকতাৰে কৈছিল যে ইয়াত অনুৰোধৰ কোনো কথাই আহিব নালাগে। সেই কামটো কৰাটো আমাৰ নৈতিক কর্তব্য বুলিও গোস্বামীয়ে কয়। শেষত কথাটো হ’ল- মই এই বিষেয়ে এতিয়াই কিয় লিখিলোঁ? লিখাৰ অৰ্থ এইটো নহয় যে ৰঞ্জিত দাস আৰু হৃষীকেশ গোস্বামীৰ কথাৰ ওপৰত মোৰ আস্থা নাই। কিন্তু পিছত ভাবিলোঁ ৰাজহুৱা কথাবোৰ সচেতন ৰাইজৰ লগত ভগাই লোৱাতনো কিয় আপত্তি থাকিব লাগে? মহাপুৰুষ শংকৰদেৱৰ প্ৰতি পোষণ কৰা শ্ৰদ্ধাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ যে পূৰ্বৰ তৰুণ গগৈৰ চৰকাৰতকৈ বেছি আন্তৰিকতা আছে সেই কথা প্রমাণ কৰিবলৈ সময় সমাগত? যদি কৰে আমি বুজিম নিৰ্বাচনৰ পূৰ্বৰ তেওঁলোকৰ ভাষণবোৰৰ কিছু অর্থ আছে। আৰু যদি এইবাৰো শংকৰদেৱৰ তিৰোভাৱ তিথিৰ বন্ধ এন আই এক্টৰ অধীনত ঘোষণা নহয়, তেনেহ’লে বুজিম অসমীয়া সন্তপুৰুষ আৰু বীৰ-বীৰাংগনাক তেওঁলোকে কেৱল ৰাজনৈতিক পাশাখেলৰ অস্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰে।