অতীতৰ দুৱাৰত হঠাৎ আহি থিয় হোৱা দুটা চিনাকি নাম

Mirnal Gogoi
35 Min Read

অদিতি চৌধুৰী আৰু অলকেশ হাজৰিকাৰ পুৰণি সম্পৰ্ক

বহুত সময় ধৰি চেলফোনটো বাজি থকা দেখি নিজৰ টেবুলৰ পৰা উঠি আহিল প্রবক্তা জয়শ্রী বৰা। সহকর্মী অদিতি চৌধুৰীৰ চেলফোন। নিজৰ টেবুলত এবি থৈ গৈছে। অদিতি চৌধুৰীৰ টেবুলৰ ওচৰত এখন্তেক দ্বিধাগ্রস্ত হৈ থিয় হৈ থাকি কৌতূহল সামৰিব নোৱাৰি জয়শ্রীয়ে ফোনটো তুলি ল’লে। ‘অদিতি।’ এটা গম্ভীৰ পুৰুষকণ্ঠ ভাহি আহিল। ‘মই অদিতি নহয় তেওঁৰ কলীগে কৈছোঁ। অদিতি ক্লাছলৈ গৈছে।’ ‘অহ- ঠিক আছে। মই পিছত কৰিম তেনেহ’লে। ক্লাছটো কেতিয়া শেষ হ’ব?’ ‘আৰু হাফ্ এন আ’ব লাগিব।’ ‘কাইগুলি তেওঁক অলকেশ হাজৰিকাই ফোন কৰা বুলি ক’ব।’ ‘ভাল।’ ধন্যবাদ জনাই অলকেশ হাজৰিকা নামৰ লোকজনে ফোনটো কাটি দিলে। ফোনটো টেবুলত থৈ জয়শ্রী বৰা নিজৰ টেবুললৈ উভতি আহিল। পিছৰ ক্লাছটোৰ বাবে উলিয়াই লোৱা নোটছখিনি সামৰি একাষে থৈ কিতাপ এখন মেলি ল’লে। তেওঁৰ কপাল কোঁচ খাই গৈছে। অশান্তি অশান্তি লাগিছে মনটো। কোন হ’ব পাৰে মানুহজন? কি সম্পর্ক অদিতিৰ লগত? অলকেশ হাজৰিকা বুলি কৈছে। কথাৰ ধৰণতেই বুজা যায় কোনোবা অভিজাত মানুহ। বয়স ধৰিব পৰা নগ’ল। কলেজীয়া বয়সৰ যে নহয় এইটো খাটাং। অলকেশ হাজৰিকা নামৰ এজন মানুহক জয়শ্রী বৰাই অৱশ্যে চিনি পায়। চিনি পায় মানে নামটো জানে। পেপাৰ, টিভি-ত মাজে মাজে দেখা পায়। বৰ ধুনীয়া মানুহ। জার্নালিষ্ট, লেখক, সমাজকৰ্মী ধৰণৰ বিখ্যাত মানুহ। এইজন অলকেশ হাজৰিকা জয়শ্রী বৰাই নাম শুনাজন হ’ব পাৰেনে? প্রান্তীয় এখন পাহাৰীয়া কলেজৰ পৰা সৌ সিদিনা গুৱাহাটীৰ এইখন কলেজলৈ চাকৰি কৰিবলৈ অহা অদিতি চৌধুৰীৰ লগত বিখ্যাত অলকেশ হাজৰিকাৰ সম্পর্ক থাকিব পাৰেনে? এনে এজন অভিজাত পুৰুষৰ লগত আভিজাত্যহীন অদিতি চৌধুৰীৰ সম্পৰ্ক? প্রায় অসম্ভর কথা। নাই- নহয়। এইজন অন্য কোনোবা অলকেশ হাজৰিকা। ভাবি লাভ নাই। কিন্তু কোন হ’ব পাৰে? নাভাবে বুলিও প্রশ্নটোৱে আমনি কৰি থাকিল জয়শ্রীক। কাৰণ আছে। অদিতিৰ কাৰণে। অদিতিব অসহজ জীৱনৰ কাৰণে। আলোচনা কৰি দস পাব পৰা এটা অন্য ধবণর অতীত আছে অদিতিব। জয়শ্রীহঁতে অলপ-অচৰপ জানে। অদিতিয়ে এইখন কলেজও জইন করাদ পিছত জয়শ্রীহঁতৰ গ্ৰুপটোৰ মাজত ‘অদিতিক লৈ কিছুদিন বেছ সবস আলোচনা চলিছিল। অদিতিক লৈ তেওঁলোকৰ কৌতূহলব সীমা নাছিল। এতিয়া অবশ্যে কৌতূহল পাতলি আহিছে।

Contents
অদিতি চৌধুৰী আৰু অলকেশ হাজৰিকাৰ পুৰণি সম্পৰ্কঅদিতিৰ ফোনলৈ অলকেশ হাজৰিকাৰ ফোনজয়শ্রী বৰাৰ কৌতূহল আৰু সন্দেহঅদিতিৰ অতীতক লৈ সহকৰ্মীসকলৰ আলোচনাজয়শ্রীৰ ঈৰ্ষা আৰু হীনমন্যতাঅদিতিৰ নিঃসংগ জীৱন আৰু ব্যক্তিত্বসহকৰ্মীসকলৰ আড্ডা আৰু কলেজৰ পৰিৱেশঅদিতিৰ শিক্ষাগত সফলতাঅদিতিৰ কলেজলৈ উভতি অহাঅলকেশ হাজৰিকাৰ পৰিচয় প্ৰকাশঅসম আন্দোলনৰ সময়ত অদিতি আৰু অলকেশৰ পৰিচয়অসম আন্দোলনৰ সময়ত অদিতি আৰু অলকেশৰ পৰিচয়অলকেশৰ বিদেশত থকা আৰু অদিতিৰ সৈতে যোগাযোগঅদিতিৰ মনত জাগি উঠা পুৰণি স্মৃতিপ্ৰভাকৰৰ কলেজলৈ আগমনপ্ৰভাকৰ আৰু অদিতিৰ অসম আন্দোলনৰ সম্পৰ্কঅদিতি আৰু প্ৰভাকৰৰ পুনৰ সাক্ষাৎকস্তুৰী আৰু সুকন্যাৰ বন্ধুত্বসুকন্যাৰ চঞ্চল স্বভাৱকাজৰি আৰু কস্তুৰীৰ ভিন্ন ব্যক্তিত্বঅদিতিৰ পৰিয়ালৰ ভিতৰৰ সম্পৰ্কFrequently Asked Questions (FAQs)1. অলকেশ হাজৰিকাই অদিতি চৌধুৰীক কিয় ফোন কৰিছিল?2. অলকেশ হাজৰিকা আৰু অদিতি চৌধুৰীৰ সম্পৰ্ক কি আছিল?3. অলকেশ হাজৰিকা ক’ত থাকে আৰু কি কাম কৰে?4. অদিতি আৰু অলকেশৰ মাজত কিয় যোগাযোগ বিচ্ছিন্ন হৈছিল?5. জয়শ্রী বৰাই অলকেশৰ ফোনক লৈ কিয় কৌতূহলী হৈছিল?6. প্ৰভাকৰ কোন আছিল?7. প্ৰভাকৰে অদিতিক কিয় বিচাৰিছিল?8. অদিতিয়ে ৰাজনীতিত যোগদান নকৰাৰ কাৰণ কি?9. কস্তুৰী আৰু শুকন্যাৰ মাজত কি পাৰ্থক্য দেখা যায়?10. কাজৰীয়ে শুকন্যাক কিয় ভাল নাপায়?11. অদিতিয়ে কস্তুৰী আৰু কাজৰীৰ সম্পৰ্কত কি লক্ষ্য কৰিছিল?12. অদিতিয়ে শুকন্যা, কস্তুৰী আৰু কাজৰীক ক’লৈ লৈ যাব বিচাৰিছিল?

অদিতিৰ ফোনলৈ অলকেশ হাজৰিকাৰ ফোন

পাতলি আহিছে বিদ্রূপাত্মক দৃষ্টিৰ তীক্ষ্ণতা। অদিতির অন্তর্মুখী আৰু শান্ত আচৰণৰ কাৰণে। এনে হ’ব বুলি জয়শ্রীহঁতে ভবা নাছিল। ভাবিছিল অদিতি নিশ্চয় চঞ্চল আৰু উদ্ধত ধৰণৰ হ’ব। কিন্তু কলেজত যোগ দিয়াব পৰাই অদিতিয়ে নিজক একাষৰীয়া কৰি ৰাখিছে। কোনো কথাত আগ-ভাগ নলয়। কোনো কথাত মন্তব্যও নিদিয়ে। কাবো কথাত কোনো কৌতূহলো নেদেখুৱায়। তাইৰ সম্পর্কে আনে কোনো কৌতূহল প্রকাশ কৰিলেও কৌশলেৰে এৰাই যায়। অদিতিৰ লগত বাহ্যিকভাবে জয়শ্রীব সু-সম্পর্কই আছে। তেওঁলোকৰ মাজত এতিয়ালৈকে কোনো তিক্ততাৰ সৃষ্টি হোৱা নাই। কিন্তু কিয় জানো জয়শ্রীয়ে তেওঁৰ প্রতি কোনো আন্তৰিকতা অনুভৱ নকৰে। অদিতিক নিজষ শ্ৰেণীৰ মানুহ বুলি গণ্য নকৰে জয়শ্রীয়ে। সম্মান দিয়াৰ উপযুক্ত বুলিও নাভাবে। তাইৰ লগত কথা পাতোঁতে জয়ন্ত্ৰীৰ জিভাত পুতৌ আৰু বিদ্রূপৰ সুবে জান-নেজানকৈ খেলা কৰি থাকে। অদিতিৰ জীৱনটো জয়শ্রীহঁতৰ দৰে সহজ, সাবলীল আৰু সর্বাংগসুন্দৰ নহয়।

জয়শ্রী বৰাৰ কৌতূহল আৰু সন্দেহ

দিতি বিচিত্র জীৱনৰ অধিকাৰী। অপযশব অনেক ঘটনাবে আকীর্ণ। অৱশ্যে বিদ্যায়তনিক ক্ষেত্রত অদিতিৰ নাম আছে। আন্তর্জাতিক জার্নালবোৰত অদিতিৰ কেইবাখনো পেপাৰ প্ৰকাশ পাইছে। কেইবাখনো টেক্সটবুকো লিখিছে। পিএইছ ডি-ও কৰিছে গুৱাহাটীলৈ অহাৰ আগতেই। তথাপি জয়শ্রী ব্ৰাহঁতৰ লগত অদিতিৰ তুলনা নহয়। জয়শ্রীব স্বামী ডাঙৰ ব্যবসায়ী। গুৱাহাটীত দুই পুৰুষৰ বাসিন্দা। জয়শ্রীহঁতৰ ডাঙৰ ল’ৰাটোৱে বাংগালোৰত কম্পিউটাৰ ইঞ্জিনীয়াৰিং পঢ়ি আছে। ছোৱালীজনীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি দিল্লীন কলেজত বি এ-ত নাম লগাইছে। সকলো ফালৰ পৰাই সফল সংসাৰ জয়শ্রীৰ। অভাৱ বুলিবলৈ একোৱেই নাই। বিভি নামী ক্লাব আৰু সংগঠনৰ লগত জড়িত হৈ থকা জয়শ্রীৰ চেলফোনটো ইমান সঘে বাজি থাকে যে কেতিয়াবা জয়শ্রীৰ মিঠাকৈ বিৰক্তিয়েই লাগি যায়। নিজৰ উচ্চাং পৰিচিতিৰ গৰ্বৰ পৰা জন্ম হোৱা সুমিষ্ট বিৰক্তি।

অদিতিৰ অতীতক লৈ সহকৰ্মীসকলৰ আলোচনা

অদিতিয়েও অলপতে চেলফোন এটা লৈছে। অৱশ্যে জয়শ্রীটোৰ লগত তুলন নহয়। জয়শ্রীৰটোত নাই কি? অদিতিয়ে ফোনটো লোৱা দেখি মনে মনে বিদ্রূপৰ হাঁ মাৰিছিল জয়শ্রীয়ে। ‘দেখাক দেখি গা উঠিল বুজিছা। হাঁহিয়েই উঠে। আজিলৈকে এবাৰো ম’বাইলন বজা নুশুনিলো। আছেনো কোন ফোন কৰিবলৈ।’ গিৰীয়েকক কৈছিল জয়শ্রীয়ে। কিন্তু গিৰীয়েকৰ গম্ভীৰ মুখখন দেখি আলোচনা সিমানতে সামৰিবলৈ বাধ্য হৈছিল। গিৰীয়েকে তাইৰ কথা শুনি বিৰক্ত হ’ব পাৰে, কিন্তু জয়শ্রীয়ে একো ভুল কথা কোৱা নাছিল। অদিতিৰ ফোনটো আজিৰ আগতে এদিনো বজা শুনা নাই জয়শ্রীয়ে। অদিতিক বিচাৰি এতিয়ালৈকে ডিপার্টমেন্টলৈও কাকো অহা দেখা নাই। পুরা ন বজাৰ পৰা দুই-তিনি বজালৈকে ডিপার্টমেন্টতেই থাকে জয়শ্রী। থাকি ভাল পায়। ঘৰলৈ গৈনো কৰিব কি। ল’ৰা-ছোৱালী বাহিৰত পড়ে। গিৰীয়েকো যথেষ্ট ব্যস্ত। ব্যস্ততো ব্যস্তই, ব্যস্ততা নাথাকিলেও খুচুৰা কথা পাতি সময় নষ্ট কৰিব নোখোজে। পঢ়া-শুনা নহ’লে কম্পিউটাৰত ব্যস্ত হৈ থাকে। সেই কাৰণে মাজে মাজে খুব বিৰক্ত হয় জয়শ্রী। ক’বলৈ কত কথা থাকে, নুশুনে। যেন জয়শ্রীৰ কথাবোৰ শুনিবলগীয়া কথাই নহয়। সেয়েহে সভা-সমিতি বা অন্য কোনো কাম নাথাকিলে বেছিভাগ ডিপার্টমেন্টতেই থাকে জয়শ্রী। কথা পাতি মচগুল হৈ থকাৰ সুবিধা আছে। মনে মিলা সহকর্মীও কেইবাজনো আছে। ক্লাছ নথকা সময়খিনিত আড্ডা জমি থাকে। বেছিভাগেই জয়শ্রীব ওচৰলৈয়ে আহে। জয়শ্রীক কেন্দ্র কৰিয়েই গঢ়ি উঠিছে বিভিন্ন বিভাগৰ সহকৰ্মীৰব বন্ধুদলটো। ডিপার্টমেন্টটোত অধিকাংশ সময় কোনোবা নহয় কোনোবা এজন অন্য বিভাগৰ প্রবক্তা বহি থাকেই। কেতিয়াবা আটাইবোৰ আহি গোট খায়। আড্ডা জমি উঠে। নজমে মাত্ৰ অদিতিৰ লগত।

জয়শ্রীৰ ঈৰ্ষা আৰু হীনমন্যতা

এক অদ্ভুত গাম্ভীর্য আৰু নীৰৱতাৰ চাদৰেৰে গা ঢাকি যেন চাকৰি কৰি গৈছে অদিতিয়ে। অলপ যেন উদাসীন। অলপ যেন অন্যমনস্ক। ক্লাছ নথকা সময়খিনিত আড্ডাত অংশ লয় যদিও তাইৰ ভূমিকা শ্রোতাৰহে। সুবিধা পালেই আড্ডা এৰি কিতাপত ডুবি থাকিব খোজে নহ’লে গুচি যাব খোজে। নামহীন বিদ্বেষত গা জ্বলি যায় জয়শ্রীব। বেছি ইন্টেলেকচুরেল দেখুৱায়। যেন আন কোনেও পিএইছ ডি কৰাহে নাই। জার্নালত যেন তেওঁৰ পেপাৰহে পারিছড হৈছে। ইচ্ছা কৰিলে কোনেনো নোৱাৰে। জয়শ্রীয়েও ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰিছেই। কাম অবশ্যে আগবঢ়া নাই। সময়েই নাপায়। ঘৰ-সংসাৰ, সমাজ, বন্ধু-বান্ধৱ আছে। আলহীৰে ঘৰ ভৰি থাকে। অদিতিৰ দৰে কেও-কিছু নোহোৱা নহয় নহয়। অদিতিয়ে নপচি কৰিব কি? তাইৰ বন্ধুৱেই আছে নে সমাজেই আছে। সংসাৰো যিহে সংসাৰ। তথাপি- নিজকে অদিতিতকৈ সকলো ফালৰ পৰা উচ্চ পৰ্যায়ৰ বুলি জনা সত্ত্বেও কিয় জানো ঈৰ্ষাৰ কাঁইট এডালে বিন্ধি থাকে জয়শ্রীক। একো নাথাকিলেও অদিতিব মাজত যেন এনে কিবা এটা আছে যিটো জয়শ্রীৰ নাই। কোনো নির্দিষ্ট কাৰণ নথকা সত্ত্বেও একধৰণৰ হীনমন্যতাত ভোগে জয়শ্রী। কোনেও গম নাপায় সেই কথা। হাঁহি-ধেমালি, আলোচনা, সম্ভ্রান্ত চাল-চলনেবে নিজৰ হীনমন্যতা ঢাকি ৰাখে জয়শ্রীয়ে। অদিতি জয়শ্রীতকৈ বয়সত বেছি সৰুও নহয়, কিন্তু লাহী আৰু আটিল হৈ থকা কাৰণে, বয়সৰ সাঁচ নবহা সুগঢ়ী মুখখনৰ কাৰণে সৰু যেন লাগে। ডিপার্টমেন্টব পুরুষ সহকর্মীকেইজনৰ চকুত যেন মাজে মাজে মুগ্ধতা জিলিক মাৰি উঠা দেখা পায় জয়শ্রীয়ে। দেখিলেই গা-জ্বলি যায়। নিজৰ মেদবহুল বয়সাক্রান্ত গাটোৰ কথা মনত পৰি দহি যায় বুকুখন।

অদিতিৰ নিঃসংগ জীৱন আৰু ব্যক্তিত্ব

তাইকনো সকলোৱে চকু নিদিব কিয়? যি বেক্সাউণ্ডৰ মানুহ। আমালৈ চোৱাৰ জানো কলিজা আছে? নিজকে নিজে সান্ত্বনা দিয়ে জয়শ্রীয়ে।

‘কি ভাবি আছা?’ সহকর্মী প্রশান্ত ভাগৱতীয়ে সোমাই আহি সুধিলে।

‘কি ভাবিম আৰু ক্লাছ আছে, পঢ়ি আছোঁ। তুমি দেৰি কৰিলা যে?’

‘আহিলো কেতিয়াবাই। অদিতিৰ লগত ফৰ্মৰ কাম কৰি কফি খাবলৈ ওলাই গ’লো।’

‘আদিতিও গৈছিল নেকি?’

‘নাই- মই অকলে। অদিতি বোধহয় ক্লাছত আছে।’

‘অ’ তাইৰ ক্লাছ আছিল।’

‘মই অলপ প্রিলিৰ তাৰ পৰা আহোঁ ব’বা। বুঢ়াই মাতিছিল।’

‘ৰ’বা- যাবা ৰ’বা। অকলে ব’ৰ হৈ গৈছোঁ। বহা না।’

‘ক্লাছ আছে বোলে?’

‘এহ্- ক্লাছ আৰু কি। নোহে দিম। দিনো লাভ কি? স্টুডেন্টে আমি দিয়া নোটছ পঢ়ে জানো? এটেন্ডেন্সৰ লিমিট উঠাই দিয়াচোন- কম্পাল্ল্গুন নাথাকিলে ক্লাছত মাখি এটাও নাথাকে। হয় হোটেল, বজাৰ, নহয় তোমাৰ আৰু আৰ-তাৰ তাত টিউচন কৰিবলৈ দৌৰিব।’

সহকৰ্মীসকলৰ আড্ডা আৰু কলেজৰ পৰিৱেশ

‘এহ্, নহয় দেই- তোমাৰ ক্লাছৰ গুৰুত্বই বেলেগ। স্টুডেন্টে কয় নহয়। মইতো তেনেকৈ আজিকালি টিউচনেই নকৰোঁ। দুই-এটা এভইড কৰিব নোৱৰাক অলপ দেখুৱাই দিওঁ আৰু। গার্জেনবোৰেও বৰ দিগদাৰ দিয়েছে। কিন্তু মইতো জানো, তোমালোকে পড়ুওৱাৰ পিছত সিহঁতে আচলতে ঘৰত নপঢ়িলেও হয়। টিউচন দূৰৰ কথা।’ প্রশান্ত ভাগৱতীৰ তোষামোদ শুনি জয়শ্রীৰ মুখখন সন্তুষ্টিত উজ্জ্বলি উঠিল।

‘আমাৰ কথা স্টুডেন্টে কি কয় কোৱাচোন প্রশান্ত। তোমাৰ লগততো তেওঁলোকৰ খুব ভাল সম্পর্ক।’ আগ্রহেৰে সুধিলে জয়শ্রীয়ে।

‘ভালেই কয়। খুব ঘৰুৱা যেন লাগে বুলিও কয়। ভাল পড়ুওৱা বুলিও কয়। তুমি কিন্তু দিনে দিনে বেছি পপুলাৰ হৈ যাব ধবিছা। অবশ্যে নহ’বানো কিয়। যিমান মৰম কৰা স্টুডেন্টক। ক্লাছৰ পিছতো ডিপার্টমেন্টলৈ আহিলেও সহায় কৰা। মইতো এভইড কৰোঁ। ভাল পাৰা কিন্তু তুমি। দিনটোত কিমান যে ষ্টুডেন্ট আহে।’

‘মোক বহুতে নিজৰ কথা খুলি কয় জানা। সিহঁতৰ প্ৰেম-চেমৰ কথা শুনিলে আচৰিত লাগে। ইমান সাহসী। মইতো প্রেমনো কি জানিবলৈকে নাপালো। হাই ষ্টেটাছৰ মানুহৰ ছোৱালীৰ এইটোৱেই প্রব্লেম বুজিছা! ভাল ছোৱালী হৈ থাকিবলৈ যাওঁতে আচল দিনবোৰ এন্‌জয় কৰাই নহ’ল। ইমান ছেপেক্টেৱল ফেমিলিৰ ছোৱালী হৈ অর্ডিনাৰী মানুহৰ দৰেতো চলিব নোৱাৰি। মাজে মাজে বেয়াই লাগে জানা। মই আচলতে খুব ৰোমাণ্টিক মানুহ। কিন্তু মোৰ মিষ্টাৰ যে কি খালী বিজনেছ, খেলাৰ পে’জ, টিভি, ক্রিকেট লৈয়ে মজি থাকে। যি ব্যস্ত!’

অদিতিৰ শিক্ষাগত সফলতা

‘আৰে, ইমান ডাঙৰ বিজনেজমেন, ব্যস্ততো হ’বই। তুমি নিজেও জানো কম ব্যস্ত? দেখি আছোঁ নহয়। সকলোফালে যে কেনেকৈ মিলোৱা ভাবিলে আচৰিত লাগে।’ এনেকৈ খুচুৰা তোষামোদেৰে জয়শ্রীক সন্তুষ্ট কৰি ৰাখে ভাগৱতীয়ে। প্রয়োজনৰ সময়ত কামত খটুৱাবলৈ সহজ হয়। ভাগৱতী ৰাজনীতিৰ লগত সম্পর্ক থকা মানুহ। মানুহক বশ কৰাৰ কৌশল তেওঁৰ আয়ত্তত আছে। পইচা তেওঁৰ ওচৰলৈ মাজে মাজে বানপানীৰ দৰে আহে। ডিপার্টমেন্টৰ সহকৰ্মীয়ে মানি চলে। কলেজ এডমিনিস্ট্রেচন হাতব মুঠিত। চৰকাৰৰ লগত সম্পর্ক ভাল। ঢৌ নথকা নৈৰ ভটিয়নী সোঁতত উটি যোৱা প্রমোদতৰীৰ দৰে মসৃণভাৱে চলি আছে প্রশান্ত ভাগৱতীৰ জীবন। মাত্র এঠাইত আহি সদায় উজুটি খায় প্রশান্ত ভাগৱতীয়ে। অদিতি চৌধুৰীৰ ওচৰত। অদিতি চৌধুৰীক আজিলৈকে বলাব পৰা নাই প্রশান্ত ভাগৱতীয়ে। বহুত ধৰণে চেষ্টা কৰি চাইছে, কিন্তু অদিতিৰ মনলৈ প্ৰৱেশ কৰাৰ বাট এতিয়ালৈকে বিচাৰি পোৱা নাই। ইমান ধুনীয়া মানুহ। শৰীৰৰ বান্ধ এতিয়াও অলপো ঢিলা হোৱা নাই। গিৰীয়েকৰ লগত এৰা-এৰি হোৱা বহুত বছৰ হ’ল। প্রশান্ত ভাগৱতীয়ে খবৰ লৈছে, বর্তমান অদিতি চৌধুৰীৰ এজনো পুৰুষ বন্ধু নাই। বিয়াৰ পিছত অৱশ্যে বহুত কিবাকিবি হোৱা বুলি শুনিছে। গিৰীয়েকৰ লগত এৰা-এৰি হোৱাৰ পিছত আৰু একো গণ্ডগোল শুনা নাই। অন্য মানুহ হোৱা হ’লে প্রশান্ত ভাগৱতীয়ে জোৰদাৰ চেষ্টা চলালেহেঁতেন। কিন্তু অদিতিব ক্ষেত্ৰত বেছি কৰিবলৈ সাহস নহয়। ৰাজনীতিকৰ পত্নী আছিল। ডাঙৰ মন্ত্রী আছিল গিৰীয়েক। এতিয়াও ডাঙৰ নেতা। অদিতিক পাবলৈ বেছিকৈ লাগিলে সমস্যাত পৰিও যাব পাৰে। অদিতিৰ সঁহাৰি পালেও কথা নাছিল। প্রশান্ত ভাগবতীৰ জিভাত যাদু আছে। কাক ক’ত কেতিয়া কি ক’ব লাগে তেওঁ ভালকৈ জানে। কিন্তু কিয় জানো অদিতিৰ ওচৰত বাৰে বাৰে উজুটি খায়। আগবাঢ়িবলৈ সাহস নহয়।

অদিতিৰ কলেজলৈ উভতি অহা

‘এই অনন্ত ভাই, চাহ দিয়া।’ কৈ কৈ সোমাই আহিল ডেকা প্রবক্তা মানরেন্দ্র ডেকা। ৰেজিষ্টাৰখন ভৰাই থৈ চকী এখন টানি আনি বহি ল’লে।

‘আজি পাঁচ মিনিট আগতে ওলাই আহিলা দেখোন?’ জয়শ্রীয়ে সুধিলে।

‘এই ছেকেণ্ড ইয়েৰ মেজৰটো কৰিবৰ মন নাযায় বাইদেউ। মহা ব’ৰিং। গোটেই ক্লাছটো ব্রেংক হৈ বহি থাকে। এনেকৈ চাই থাকে যেন মই মেজিকহে দেখুৱাই আছোঁ। এইটি পার্চেন্ট অসমীয়া মিডিয়াম। ইংৰাজী ফল ‘ই কৰিব নোৱাৰে। দুটামান অট ‘নমাছ এৰিয়াৰ পৰা আহিছে, না অসমীয়া জানে- না ইংৰাজী জানে। এনিচিটি ৰক্ষা কৰিবলৈ গৈ দুৱাৰ-খিৰিকী বন্ধ কৰি বহি আছে। অসহ্য।’

‘আৰু কিবা কাৰণ আছে নেকি?’ কৌতুকেৰে সুধিলে ভাগৱতীয়ে। হাঁহি উঠিল মানরেন্দ্রই।

‘কিয় হাঁহিছা?’ কৌতূহলত চঞ্চল হৈ উঠিল জয়শ্রী।

‘নাহাঁহিবা? আচল কাৰণটো বেলেগতো।’ ভাগৱতীয়ে হাঁহিলে।

‘কিনো, কোৱানা।’

‘ভাগৱতীদাই ধেমালি কৰিছে বাইদেউ।’ মানরেন্দ্রই ক’লে।

‘তথাপি কোৱাচোন কোৱা।’

অলকেশ হাজৰিকাৰ পৰিচয় প্ৰকাশ

‘ময়েই কওঁ, ই ক’ত ক’ব? আচলতে ছেকেণ্ড ইয়েৰ মেজৰত এটাও থৌগা আপী নাইতো। ব’ৰ হৈ যায়।’ ভাগৱতীয়ে ক’লে। সমস্বৰে তিনিও হাঁহি উঠিল। হাঁহিৰ মাজতে অদিতি চৌধুৰী সোমাই আহিল।

‘অদিতি, পাঁচ মিনিট এক্সট্রা পড়ুৱালা। ইমাননো কি পঢ়ুৱাহে?’ জয়শ্রীয়ে ক’লে।

‘সময়তেই ওলালো। ইকনমিক্সৰ নম্রতাৰ লগত কথা পাতি আছিলো। থার্ড ইয়েৰৰ ক্লাছ আছিল নেকি কাৰোবাৰ?’ অদিতিয়ে ক’লে।

‘ময়ূৰাক্ষীৰ আছিল। তাইতো লীভত আছে।’ ভাগৱতীয়ে ক’লে। ৰেজিষ্টাৰখন ভৰাই থৈ, দাস্তাৰ আৰু চক দুডাল ট্রেত থৈ দুহাতেৰে হাতৰ চকগুডি জোঁকাৰি জোঁকাৰি নিজৰ চকীত বহিল অদিতি।

‘তোমাৰ এটা ফোন আহিছিল অদিতি। বাজি থকা দেখি ময়েই ধবিলো।’ জয়শ্রীযে ক’লে।

‘হয় নেকি? কোনে কৰিছিল?’

‘অলকেশ হাজৰিকা বুলি ক’লে।’

অসম আন্দোলনৰ সময়ত অদিতি আৰু অলকেশৰ পৰিচয়

‘অলকেশ হাজৰিকা?’ অদিতি থমক্ খাই ব’ল। পিছ মুহূৰ্ততে তেওঁৰ মুখখন আনন্দত উদ্ভাসিত হৈ উঠিল। আটায়ে তেওঁৰ মুখলৈ চাই আছিল। তেওঁৰ ভাবান্তৰ বুজিব পৰাকৈ স্পষ্ট হৈ উঠিছিল। কৌতূহলত অস্থিৰ হৈ পৰিল জয়শ্রী। ৰেজিষ্টাৰখন লৈ ক্লাছলৈ যাবলৈ ওলায়ো যাও নাযাওঁকৈ ৰৈ থাকিল।

‘তেওঁ কিবা কৈছিল নেকি?’ অদিতিয়ে আগ্ৰহেৰে সুধিলে।

‘নাই। আকৌ ফোন কৰিব বুলি কৈছে। তোমাৰ খুব আপোন মানুহ যেন পাইছোঁ।’ জয়শ্রীয়ে হাঁহিলে।

‘আঁ। মোৰ পুৰণি বন্ধু।’

‘ফেমাছ অলকেশ হাজৰিকা নেকি?’ মানৱেন্দ্রই সুধিলে।

‘আঁ’

‘ইমান বন্ধু হ’বলৈ তেওঁক পালা ক’ত? তেওঁতো ইয়াত নাথাকে।’ জয়শ্রীয়ে ক’লে।

‘অসম আন্দোলনৰ সময়ত লগ পাইছিলো। তেওঁ তেতিয়া নেচনেল পেপাৰৰ জার্নালিষ্ট আছিল।’

‘এতিয়াতো তেওঁ হিউমেন বাইছৰ কিবা কামত জেনেভাত থাকে নহয়?’ মানরেন্দ্রই সুধিলে।

‘জেনেভাতো থাকে। আৰু বহুত ঠাইত কিবা-কিবি প্রজেক্টত জড়িত হৈ আছে। মই ভালকৈ নাজানো।’

অসম আন্দোলনৰ সময়ত অদিতি আৰু অলকেশৰ পৰিচয়

‘তোমাৰ লাইফটো কিন্তু বৰ বেলেগ দেই অদিতি। কেতিয়াবা ক’বাচোন, শুনিম। মইতো তেতিয়া বিয়া হৈ বান্ধনিশাল পাইছিলোগৈ। যি কাঢ়া শশুৰবাড়ী। ছাত্ৰ সন্থাৰ ল’ৰাই শিল মাৰিব বুলিহে দুদিন নে এদিন পিকেটিঙলৈ যাবলৈ দিছিল। ব্লেক আটউ হ’লে মানিছিলো। ড’নেচন দিছিলো। ইমানেই। ইমান ডাঙৰ আন্দোলনটোত পার্টিচিপেট কৰিবই নোৱাৰিলো। আগতেও মাহঁতে ওলাই যাবলৈ নিদিছিল। বোলে সম্ভ্রান্ত পৰিয়ালৰ ছোৱালী হৈ ডেকা ল’ৰাৰ লগত বনবনাই ঘুৰি ফুৰাৰ দৰকাৰ নাই। ছোৱালীৰ এবাৰ বদনাম হ’লে কাললৈ থাকি যায়। কি কৰিম আৰু ঘৰতে সোমাই থাকিলো। এই, মই যাওঁ দেই, দহ মিনিট পাৰেই হ’ল।’ ৰেজিষ্টাৰ হাতত লৈ খৰ খোজেৰে গুচি গ’ল জয়শ্রী। অদিতিক খোঁচ এটা মাৰিবলৈ পাই অলপ হ’লেও ভাল লাগিছে। জয়শ্রী ওলাই যোৱাৰ পিছতেই বিভাগীয় মুৰব্বী চিৰঞ্জিৎ মহন্ত সোমাই আহিল। আটাইবোৰ চকী এৰি থিয় হ’ল। নিজৰ চকীত বহি চিগাৰেট এটা জ্বলাই হাতত লৈ মহন্তই ক’লে- ‘তোমালোক আছা ভালেই হ’ল। আজি ফৰ্মৰ কামখিনি শেষ কৰি পেলাব লাগিব। প্রশান্ত, তুমি গোটেই কামটো চাবা।’

‘মই আৰু অদিতিয়ে কিছু কাম আগবঢ়াই থৈছোঁবেই। দুঘণ্টামান বহিলেই হৈ যাব।’

অলকেশৰ বিদেশত থকা আৰু অদিতিৰ সৈতে যোগাযোগ

‘পৰহিলৈ এডমিছনৰ সময়ত আটাইবোৰ থাকিব লাগিব। ময়ূৰাক্ষীয়েও কাইলৈ জইন কৰিব। বাচ্ছাটোৰ জুৰ কমিছে বোলে।’ পিয়ন অনন্তই সকলোৰে কাৰণে চাহ লৈ আহিছিল। চাহ খাই বিভিন্ন কথাত ব্যস্ত হৈ পৰিল আটাইবোৰ। অন্যমনস্ক হৈ বহি থাকিল অদিতি। মনৰ ভিতৰত তোলপাৰ লাগি আছে। অনামী আৱেগত আন্দোলিত হৈ উঠিছে অদিতি। অলকেশে ফোন কৰিছিল। অত বছৰ পিছত! ফোন কৰাৰ কথাতো নাছিল। সিতো অদিতি আৰু চন্দনৰ লগত কোনো যোগাযোগ নৰখাৰ শপত খায়েই অসম এৰি গুচি গৈছিল। শপত ৰক্ষা কৰি অতবোৰ বছৰত এবাৰো উভতি অহা নাছিল। অসমলৈ আহিছিল যদিও অদিতিৰ লগত যোগাযোগ কৰা নাছিল। এটা ফোনো কৰা নাছিল। কিয় ফোন কৰিলে অলকেশে? কিয় ভাঙিলে শপত? ক’ৰ পৰা ফোন কৰিছিল সি? গুৱাহাটীৰ পৰা? নে জেনেভা বা বিদেশৰ অন্য ক’ৰবাৰ পৰা? ম’বাইলত নম্বৰটো চালে অদিতিয়ে। বৰ দীঘলীয়া নম্বৰ। কোডটো ক’ৰ ধৰিব নোৱাৰিলে। ক’ত পালে অলকেশে অদিতিৰ চেলফোনৰ নম্বৰ? কেনেকৈ জানিলে সি অদিতি যে গুৱাহাটীলৈ উভতি আহিছে? ড্ৰয়াৰ বন্ধ কৰাৰ শব্দ শুনি অদিতি সচকিত হৈ উঠিল। জয়শ্রী উভতি আহিছে।অদিতি উঠিল। এইছ এছ ছেকেণ্ড ইয়েৰৰ ৰেজিষ্টাৰখন লৈ হেডক মাত লগাই ওলাই গ’ল। অদিতি ওলাই যোৱাৰ অলপ পিছতেই এজন মধ্যবয়স্ক মানুহ সোমাই আহিল। মধ্যবয়স্ক যদিও মধ্য বয়স্কৰ আলস্য নাই। ডেকা ল’ৰাৰ দৰে জীনছ, জোতা, টি চার্ট পিন্ধা। সপ্রতিভ খোজেৰে সোমাই আহি পোনে পোনে বহি থকা হেডৰ মুখলৈ চাই সুধিলে-

‘অদিতি ফুকনক লগ পাম নেকি?

‘অদিতি ফুকন? এইটো ডিপার্টমেন্টত এই নামৰ লেকচাৰাৰ নাই।’ হেডে গম্ভীৰভাবে ক’লে। প্রশান্ত ভাগৱতী ব্যস্ত খোজেৰে উঠি আহি চকী এখন আগবঢ়াই দিলে। প্রশান্তই চিনি পাইছে। আঞ্চলিক দলৰ ডাঙৰ নেতা। প্রশান্ত ৰাজনীতিৰ খবৰ ৰখা মানুহ। জড়িতও। অৱশ্যে পোনপটীয়াভাৱে নহয়। চকীত বহি মানুহজনে ক’লে-

‘মোক দেখোন হিষ্ট্ৰিৰ লেচাৰাৰ বুলিহে কৈছিল।’

অদিতিৰ মনত জাগি উঠা পুৰণি স্মৃতি

‘আমাৰ ইয়াত অদিতি চৌধুৰী নামৰ এগৰাকী অৱশ্যে আছে। আপুনি তেওঁৰ কথাই কোৱা নাইতো?’ প্রশান্তৰ আচৰণ দেখি ডাঙৰ মানুহ বুলি বুজি পাই হেডে নমনীয় সুৰেৰে সুধিলে।

‘অ’, আঁ, হয়, তেৱেঁই। অদিতি চৌধুৰী। চৌধুৰী লিখে বুলি ভবা নাছিলো। এতিয়া নাই নেকি?’

‘আছে, ক্লাছলৈ গৈছে। আধা ঘণ্টামান লাগিব। বহক।’ অনন্তক চাহ কৰিবলৈ ইংগিত দি হেডে ক’লে।

‘নহয়, মই এতিয়া নবহোঁ। কাম এটা আছে। এইখিনি সময়তে কৰি লওঁ। অদিতি আহিলে অলপ সময় বহিবলৈ ক’ব। ক’ব- প্রভাকৰ আহিছিল।’

প্রভাকৰ। চিৰঞ্জিৎ মহন্ত শিহৰিত হৈ উঠিল।

‘জানো। জানো। আপোনাক কোনে নেজানে!’ মহন্তই ক’লে। যাবলৈ ওলাই থমকি ৰৈ প্ৰভাকৰে হাঁহি হাঁহি ক’লে-

‘অদিতি আৰু আমি একেলগে অসম আন্দোলন কৰিছিলো বুজিছে। ইচ্ছা কৰা হ’লে অদিতিও ৰাজনীতিলৈ আহিব পাৰিলেহেঁতেন। নাহিল। বৰ বেলেগ ছোৱালী। ঠিক আছে। আহিছোঁ। তাইক ক’ব।’

‘ক’ম। ক’ম। নিশ্চয়।’ হেডে ক’লে। প্রভাকৰ ওলাই গ’ল। আটাইবোৰে প্ৰভাকৰক কেন্দ্ৰ কৰি ৰাজনৈতিক আলোচনাত ব্যস্ত হৈ পৰিল। অদিতি অহাৰ কিছু সময় আগতেই প্রভাকৰ উভতি আহিছিল। অনন্তই দিয়া চাহ-বিস্কুট খাই শেষ কৰে মানে অদিতি ক্লাছৰ পৰা উভতি আহিল। প্রভাকৰক লক্ষ্য নকৰি তাই ড্ৰয়াৰ খুলি ৰেজিষ্টাৰখন থ’লে।

‘এখেতে তোমাক বিচাৰি আহিছে অদিতি।’ হেডৰ কথা শুনি অদিতিয়ে প্রভাকৰলৈ উভতি চালে। মুহূর্তলৈ থমক খাই ৰ’ল অদিতি। তাৰ পাছত তেওঁৰ মুখৰ পৰা অজানিতে সৰি পৰিল এটা বিস্ময়াভিভূত শব্দ-

‘তুমি??’

প্ৰভাকৰৰ কলেজলৈ আগমন

‘ক-স্তু-বী’ দূৰৈৰ পৰা ভাহি অহা চিঞৰটো শুনি কস্তুৰীৰ তন্ময়তা ভাগি গ’ল। বিছনাত পেট পেলাই কিতাপ পঢ়ি আছিল তাই। পঢ়ি থকা পাতখিলাত আঙুলি এটা থৈ, কিতাপখন জপাই হাতত লৈ তাই উঠি আহিল। বেলকনিত থিয় হৈ তললৈ চালে- ঠিকেই ধৰিছে। সুকন্যা। এপার্টমেন্টৰ কেম্পাছৰ বাহিৰত, স্কুটিৰ ওপৰত বহি দুহাতেৰে মুখখন চোঙাৰ দৰে আঁৰ কৰি চিঞৰি আছে সুকন্যাই। কন্তুৰীক দেখা পাই তাই হাত জোঁকাৰিলে। কস্তুৰীয়ে ইংগিতেৰে জনালে- তাই গৈ আছে। ৰুমলৈ উভতি আহি, কিতাপখন বিছনাত দলিয়াই থৈ, লং-স্কার্টটোত টপটো গুজি গুজি তাই খৰধৰকৈ তললৈ নামি আহিল। মাক অলপ আগেয়ে কলেজৰ পৰা আহি পাইছে। বাথৰুমত আছে। সেয়েহে কস্তুৰীয়ে চিঞৰা শুনা নাই। কস্তুৰীহঁতে চিঞৰি কথা নকয়। মাকৰ প্ৰশিক্ষণ। এতিয়া অভ্যাস হৈ গৈছে। আনে এনেকৈ চিঞৰিলেও অস্বস্তি লাগে। কিন্তু এই সুকন্যাজনীও যে- কৈয়ো একো লাভ নাই। চিঞৰিবই। বাধা দিলে হাঁহে। কয়- কি হয় চিঞৰিলে? ভাল ছোৱালীৰ ৰিপ’ৰ্ট বুকত ৰেডমার্ক পৰি যায় নেকি? মই তহঁতৰ দৰে এইটি পার্চেন্ট পাছ মাকৰ পিছত নদৌৰোঁ বুজিছ। মোৰ স্কুলৰ ৰিপ’ৰ্ট বুক চাবিচোন- ডিপার্টমেন্ট প’ৰ, কনডাক্ট ফেয়াৰ, এপ্লিকেচন প’ৰ- এটেন্ডেন্স ইৰৰেণ্ডলাৰ- মোৰ মামী-পাপাই সুকন্যা নামটো মিছাকৈ ৰাখিলে বুজিছ- একদম ৱাটাৰত পৰিল।’অদ্ভুত কথা কয় ছোৱালীজনীয়ে। অদ্ভুত কথা চিন্তা কৰে। কম্ভৰীয়ে কেনেকৈ প্রতিক্রিযা প্রকাশ কৰিব ভাবিয়েই নাপায়। কেম্পাছৰ সমনীয়া ছোৱালীবোৰে দুয়োজনীৰ বন্ধুত্ব দেখি আচৰিত হৈ যায়। কয়-

‘ইমান অপ ‘জিট নেচাৰৰ কেনেকৈ ইমান ফ্রেন্ডশিপ হ’ল তহঁতৰ?’ তাইক কিন্তু কেম্পাছৰ সকলো ছোৱালীয়েই ভাল পায়। কেম্পাছৰ বাহিৰৰ ছোৱালী হ’লেও ‘জোনা পেলেচ’ত ঘৰুৱা হৈ পৰিছে সুকন্যা। তাইক কস্তুৰীৰ মাকেও কিজানি বৰ বেয়া নাপায়। আচাৰ-ব্যৱহাৰ সমর্থন নকৰিলেও মাকে যে তাইক মৰমৰ চকুৰে চায় সেই কথা কস্তুৰীয়ে জানে। সেই বিশ্বাসতে কস্তুৰীয়ে সুকন্যাৰ লগত সম্পৰ্ক ৰাখিব পাৰিছে। অৱশ্যে সুকন্যাহঁতৰ ঘৰৰ লগত কস্তুৰীহঁতৰ সৰুৰে পৰাই আহ-যাহ আছে। গুৱাহাটীৰ বাহিৰত থকা কাৰণে আগতে বেছি লগ নাপাইছিল। গুৱাহাটীলৈ অহাৰ পিছত আৰু সুকন্যাহঁতৰ ঘৰটো ওচৰতে হোৱা বাবে মাজে মাজে অহা-যোৱা হয়। সুকন্যাক ভাল নাপায় একমাত্র কাজৰিয়ে। কস্তুৰীৰ বায়েকে। সুকন্যা আহিলেও বৰ বেছি মাতবোল নকবে। কেতিয়াবা দেখদেখকৈ অৱজ্ঞা কৰে। কস্তুৰীৰ বেয়া লাগে। কিন্তু তাই কেতিয়াও প্রতিবাদ নকৰে। প্রতিবাদ কৰা, তর্ক-বিতর্ক কৰা, অশান্তি-অসন্তোষ কৰাটো কস্তুৰীৰ স্বভাৱবিৰুদ্ধ। সেই কাৰণে পৰাপক্ষত তাই সুকন্যাক ঘৰলৈ নামাতে। সুকন্যাও নাহে। বোধকৰোঁ তাই কাজৰিৰ মনোভাব বুজে। সেয়েহে এতিয়াও সুকন্যাক ঘৰলৈ আহিবলৈ নিদি নিজেই নামি আহিছে কস্তুৰী। গেটৰ বাহিৰলৈ।

প্ৰভাকৰ আৰু অদিতিৰ অসম আন্দোলনৰ সম্পৰ্ক

‘ইমান সোনকালে আহিলি যে?’ কস্তুৰীয়ে সুধিলে। কস্তুৰীক দেখি সুকন্যা স্কুটিৰ পৰা নামি আহিল। তাইৰ পিন্ধনত চমকাচমক বগা দাগ থকা, সেউজীয়া আৰু মটীয়াৰ মিশ্রিত বঙৰ জীন্‌হু আৰু বগা শ্লিভলেছ টপ। কান্ধলৈকে পৰা চুটি চুলিকোছা ওখকৈ বন্ধা। মিহি মিহি কেইকোছামান চুলি কাণ আৰু কপালৰ কাষেৰে ওলাই আছে। হাতত এটা সৰু চাৰিকোণীয়া ঘড়ী, আনখন হাতত এপাট সেউজীয়া বঙৰ ব্ৰেচলেট। লেটেষ্ট ক্রেজ। কন্তুৰীৰ প্ৰশ্নটো আওকাণ কৰি সুকন্যাই তাইৰ ভৰিৰ পৰা মুৰলৈ চালে-

‘কিতাপৰ শ্রাদ্ধ চলিয়েই আছে নেকি? ভূত হৈ আছ যে?’

‘তোৰো যে কথা- আমি তিনি বজাতহে যোৱাৰ কথা। ওলাওঁতে কিমান সময় লাগিব?’

‘অ’- তোৰতো সময় নালাগে। মেকআপ-ফেক্‌আপৰ ঝামেলা নাই- হেয়াৰ স্টাইলৰ প্রব্লেম নাই! পনিটেইল। বচ। যা-যা ওলা এতিয়া একচক্কৰ পাণবজাৰ ঘূৰি মাষ্টৰৰ ঘৰলৈ যাম।’

‘আহ- ভিতৰত বহহি। মই ওলাই লওঁ।

‘আন্টি আছে?’

‘আঁ।’

‘তয়ে যা। ফটাফট বেডী হৈ আহ। মই তেওঁলোকৰ লগত এক বাউণ্ড চেনি খাওঁ।’ ফিল্ডত ক্রিকেট খেলি থকা ল’ৰাবোৰলৈ আঙুলিয়াই সুকন্যাই ক’লে। কস্তুবী বঙা-চিঙা পৰি গ’ল। মাতটো সৰু কৰি ক’লে-

‘এই- সিহঁত আমাতকৈ সক।’ কন্তুৰীৰ প্রতিক্রিয়াক গুরুত্ব নিদি বীবদর্পে গুচি গ’ল সুকন্যা। যাবৰ পৰত প্রয়োজনতকৈ ডাঙৰকৈ কৈ থৈ গ’ল-

অদিতি আৰু প্ৰভাকৰৰ পুনৰ সাক্ষাৎ

‘মাদাৰৰ পাৰমিছন লওঁতে বেছিটাইম নল’বি। মাষ্টৰ বুঢ়া। বিভিলিং কাপোৰৰ দৰকাৰ নাই।’ লাজত মূছকছ যাব খোজা কস্তুৰীয়ে আঁৰ চকুৰে ল’ৰাবোৰলৈ চালে। শুনিলে নেকি। নাই- শুনা নাই। কোনেও ঘুষি চোৱা নাই। কস্তুৰী উভতি আহিল। বৃহৎ ‘জোনা পেলেচ’ব থার্ড ফ্ল’ৰৰ বি ব্লকত থাকে কস্তুৰীহঁত। উঠা-নমা কৰোঁতেই আমনি লাগি যায়। ছেভেন ফিফটি স্কোৱাৰফিটৰ ফ্লেট। ফ্লেটটো পশ্চিমমুৱা আৰু থার্ড ফ্ল’ৰত হোৱা বাবে কিছু কম দামত পাইছে। লিফ্ট এতিয়ালৈকে নাই। প্রভিজন আছে। লাহে-ধীৰে হ’ব। তাৰবাবে আৰু টকা দিব লাগিব। কন্তুৰী উঠি আহি মাকৰ ওচৰলৈ গ’ল। পঢ়া টেবুলত চাহ খাই মাকে কাগজ এখিলা পঢ়ি আছিল। কস্তুৰীক দেখি মুৰ তুলি চালে-

‘তোমাৰ ফৰ্মখন আজি ফিল্ম কৰিব লাগিব মাজনী। মই জেৰক্স কৰি আনিছোঁ। নিজেই ফিলআপ্ কৰিবা। মই চাই দিম। তাৰ পিছত অৰিজিনেলখন কৰিবা।’

‘ভুল হৈ যায় যদি?’

‘মই চাম নহয়। নিজে কৰিলেহে শিকিবা।’

‘এতিয়াই কৰিব লাগিব?’

‘নালাগে। পিছত কৰিলেও হ’ব।’

‘মা, সুকন্যা আহিছে। মই যে কৈছিলো টিউচনৰ কথা, আজি মাতিছে। যাওঁনে?’

‘এডমিছন হোৱাই নাই দেখোন?’

‘সুকন্যাই কৈছে- আগতীয়াকৈ ঠিক কৰি নথ’লে পিছত পোৱা নাযাব। ফিজিক্স, কেমিস্ট্রি, ম্যাথ তিনিওটাই পঢ়ায়। বহুত সুবিধা।’

‘জীমনিকো-লৈ যোৱা।’

‘কিন্তু সুকন্যাই যে স্কুটি লৈ আহিছে। ইমানকৈ ক’লো নানিবলৈ চোৱানা।’

‘স্কুটিত যাবা জানো?’

‘কি কৰোঁ এতিয়া?’

‘তাই ক’ত?’

‘বাহিৰত। ক্রিকেট খেল চাই আছে।’

‘নামাতিলা কিয়?’

‘মাতিছিলো। নাহে বোলে। তাইৰ কথাতো জানাই।’ অদিতি অলপ সময় মনে মনে থাকিল। সুকন্যাৰ সমস্যা ক’ত অদিতিয়ে জানে। তাইৰ ওপৰত অদিতিৰ বেয়া ভাব নাই। বৰঞ্চ কিছু প্রশ্রয়হে আছে। অলপ ভাবি অদিতিয়ে ক’লে-

‘যোৱা তুমি ওলোৱাগৈচোন। জীমণিকো জগাই দিয়াগৈ। শোৱা বহুত সময় হ’ল। মই মাতিছোঁ বুলি কোৱাগৈ।’

কস্তুবী ওলাই আহিল।

কাজৰিয়ে তেতিয়া গাৰু এটা সাবটি শুই আছিল। ওচৰত বহি গাত হাত দি লাহে লাহে মাতিলে কস্তুৰীয়ে-

‘বা- এই বা।’

শুই থকা মানুহক ঘকৈ মাতিব নাপায় বুলি মাকে কষ। চক্ খাব পাৰে।

‘উঃ- কি হ’ল নো, ইমান ডিষ্টাৰ্ব কৰা- শুই আছোঁ দেখা নাই?’ বিৰক্তিৰে ক’লে

কাজৰিয়ে।

‘মায়ে মাতিছে।’

‘মায়ে?’ লাহেকৈ চকু মেলি চালে কাজৰিয়ে। বিৰক্তিৰে উঠি বহি সুধিলে- ‘কিয়?’

‘নাজানো।’

কাজৰি বিছনাৰ পৰা নামিল। তাৰ পিছত এলাহ এলাহ খোজেৰে চেণ্ডেল চোঁচৰাই

চোঁচৰাই ওলাই গ’ল।

‘মোক মাতিছিলা মা?’

কাপোৰ সলাই ওলাই যাবলৈ প্রস্তুত হৈ থকা অদিতিয়ে ক’লে-

‘আজিকালি দুপৰীয়া বেছিকৈ শুবলৈ লৈছা। গা বেয়া লাগে নেকি জীমণি?’

‘নালাগে। এনেই শোওঁ। ক্লাছ-চাছো নাই। বাতি দেৰিলৈকে কম্পিউটাৰত বহোঁ যে।’

‘টোপনি ক্ষতি নকৰিবা। দুপৰীয়া কৰিবা।’

‘দিনত ছার্ভাৰ ডাউন হৈ থাকে। ৰাতিয়েই সুবিধা। ব্রডবেন্ড লগাব পাৰিলে ভাল আছিল।

লেন্ড লাইনো চলি থাকে। নে’টো চলি থাকে। স্পীড বেছি। খৰচো কম্পাৰেটিট্লি কম।’

‘হয় নেকি? লগাওঁ দিয়া তেনেহ’লে।’

‘মই পাৰিম। কাইলৈ যাম ৰ’বা।’

‘ঠিক আছে।’

‘মই তোমাক এটা কথা সুধিবলৈ মাতিছিলো। ফুৰিবলৈ যাবা জীমণি?’

‘তোমাৰ লগত?’

‘আঁ।’

‘সুকন্যাহঁতৰ ঘৰলৈ নাযাওঁ।’

‘মই তালৈ সদায় যাওঁ নেকি?’ অদিতিয়ে হাঁহি পেলালে।

‘নোযোৱা অৱশ্যে। তেওঁলোকক মোৰ ভাল নালাগে। তুমি আকৌ গ’লে আমাকো

লৈ যোৱা নহয়। তোমাৰ লগত কেনেকৈ ফ্রেন্ডশিপ হ’ল ভাবিয়েই নাপাওঁ। কেনেকুৱা ক্রুড। বিশেষকৈ খুড়ীজনী।’

‘আওকাণ কৰিবা। লোকৰ ভাল-বেয়া লৈ চিন্তা কৰি সময় অপচয় কৰিব নাপায়। তুমিতো সেই ধৰণৰ নহয়ো।’ অদিতিয়ে ধীৰভাৱে ক’লে।

‘ভাবি নাথাকোঁ। কিন্তু অপিনিয়ন থাকিব নোৱাৰে নেকি? তোমাক বুলিহে কৈছোঁ। তোমাকো নক’ম নেকি?’

‘ক’বা। সেইবোৰ বাদ দিয়া। ওলাই যাবানে?’

‘আৰু কোন যাব?’

‘মাজনী আৰু সুকন্যা।’

কাজৰিৰ মুখখন এক মুহূৰ্তলৈ এন্ধাৰ হৈ গ’ল। নিজক সংযত কৰি তাই লাহেকৈ ক’লে- ‘হ’ব। মই ওলাওঁগৈ।’

কস্তুৰী আৰু সুকন্যাৰ বন্ধুত্ব

‘মন নাই যদি যাব নালাগে।’ কাজৰিৰ মাতত ফুটি উঠা অনাগ্রহলৈ মন কৰি অদিতিযে ক’লে- নাই, যাওঁ ব’লা। তুমি নাথাকিলে ভাল নালাগে।’ কাজৰি গ’লগৈ। অদিতিৰ মুখত চিন্তাৰ ছাঁ পৰিল। অদিতিয়ে মন কৰিছে- জীমণিয়ে কৈছে ‘তুমি নাথাকিলে’, ‘তোমালোক নাথাকিলে’ বুলি কোৱা নাই। আজি কিছুদিন ধৰি অদিতিয়ে লক্ষ্য কৰিছে কাজৰিয়ে কস্তুৰীক এৰাই চলে। সৰুতেও তাই কস্তুৰীক বৰ বেছি ভাল নাপাইছিল। সেই সময়ত কথাটোত অদিতিয়ে বৰ বেছি গুৰুত্ব দিয়া নাছিল। সৰু ল’ৰা-ছোৱালীৰ স্বাভাবিক জেদ বুলি কথাটো উলাই কৰিছিল। লাহে লাহে যেন কথাবোৰ বেলেগ হৈ আহিব ধৰিছে। বাই-ভনীৰ মাজৰ সাধাৰণ মনোমালিন্য বুলি উপেক্ষা কৰিব পৰাকৈ লঘু হৈ থকা নাই বিষয়টো। আজিকালি তেওঁলোকৰ মাজত অৱশ্যে কাজিয়া নালাগে। খুব বেছি তর্কাতর্কিও নালাগে। কাজৰি কিছু আঁকোৰগোজ আৰু অভিমানী ধৰণৰ। কস্তুৰী তাৰ সম্পূৰ্ণ বিপৰীত। তাই বৰ শান্ত। বৰ বাধ্য। অন্তর্মুখী। মৰমিয়াল। অদিতিৰ প্ৰতি, বায়েক কাজৰিৰ প্ৰতিও তাইৰ মৰমৰ সীমা নাই। কাজৰিয়ো বাধ্য। ভদ্র। মার্জিত। মৰমিয়াল। কিন্তু কস্তুৰীৰ প্ৰতিহে যেন কোনোবাখিনিত বিদ্বেষ লুকাই আছে- মাজে মাজে তেনে যেন লাগে অদিতিৰ।

সুকন্যাৰ চঞ্চল স্বভাৱ

‘মা- তুমিও যাবা বোলে? বাই ক’লে।’ উদ্ভাসিত মুখৰে কস্তুৰীয়ে সুধিলেহি। প্রায় লগে লগেই কাজৰিও ওলালহি।

‘আঁ, ব’লা, আটাইবোৰ একেলগে ওলাই যাও। মোৰো কাম এটা আছে।’

‘ভালেই হ’ল। মই তললৈ যাওঁ মা। সুকন্যা ৰৈ আছে। কওঁগৈ।’

‘যোৱা। আমি গৈছোঁ। পাঁচ মিনিট লাগিব।’ অদিতিয়ে ক’লে। কন্তুৰী নামি গ’ল। কাজৰি বেলকনিলৈ ওলাই আহিল। গোটেই বেলকনিখনৰ চাৰিওফালে ফুলৰ টাব থোৱা আছে। কিবাকিবি ফুল নথকা গছো আছে। কস্তুৰীৰ চখ। তাই এইবোৰেই ভাল পায়। হয় ফিচন পঢ়িব, নহয় ফুলৰ টাব খুঁচৰিব, নহয় ঘৰৰ কাম কৰিব। কাজৰিয়ে এইবোৰ অকণো ভাল নাপায়। অপচয় যেন লাগে। তাইৰ এক নির্দিষ্ট লক্ষ্য আছে। বহুত ওখত- আকাশৰ সমান উচ্চতাত আছে সেই লক্ষ্য বিন্দু। ‘স্কাই ইজ দ্য লিমিট।’ নিজৰ কমৰ বেৰত এই কথাষাৰ লিখা থকা এখন ডাঙৰ পোষ্টাৰ লগাই থৈছে তাই। আৰু দুই-এখন তেনে কথা লিখা পোষ্টাৰো আছে। কিতাপেৰে ঠাহ খাই আছে কমটো। কিন্তু সেই কিতাপবোৰৰ মাজত ফিকচন এখনো নাই। গল্প-উপন্যাস পঢ়ি লাভ কি? অন্যৰ জীৱনৰ হাঁহি-কান্দোনৰ ঢৌত উটি-ভাহি ফুৰাৰ দৰকাৰ কি? জীৱনক জানিবলৈ-বুজিবলৈ চকু, কাণ আৰু মগজুটোৱেই যথেষ্ট। সময়ক অর্থহীনভাবে ব্যয় কৰাব পক্ষপাতী নহয় কাজৰি। খুব সাৱধানে, খুব হিচাপ কবি তাই জীৱনটো ব্যয় কৰিব খোজে। এই সাতশ পঞ্চাছ স্কোৱাৰফিটৰ ফ্লেটটোত সীমাবদ্ধ হৈ থাকিব নোখোজে কাজৰিয়ে। থাকিব লাগিব বুলি ভাবিলেই তাইৰ উশাহ বন্ধ হৈ যাব খোজে। ভাগ্য ভাল, মাকে তাইক কম্পিউটাৰ কিনি দিছে। ইণ্টাৰনে টৰ কানেকচনো লৈ দিছে। টেন বাই টেন কমটোত বহি বহিয়েই তাই সংযোজিত হৈ থাকিব পাৰে বিশাল পৃথিৱীখনৰ সৈতে।

কাজৰি আৰু কস্তুৰীৰ ভিন্ন ব্যক্তিত্ব

‘ব’লা জীমণি।’ মাকৰ মাত শুনি বেলকনিৰ পৰা উভতি আহি কাজৰি তললৈ নামি আহিল। স্কুটিৰ ওপৰত ভৰি নচুৱাই বহি ক্রিকেট খেল চাই থকা সুকন্যাই অদিতিক গাড়ী লৈ ওলাই অহা দেখি জাঁপ মাৰি নামি আহিল-

‘হাই আন্টি।’

‘তুমি বহুদিন হ’ল অহা নাই দেখোন। অদিতিয়ে হাঁহিলে।

‘আহোঁতো। ফ্লেটলৈহে নাযাওঁ। ইয়াৰ পৰাই পলাওঁ।’

‘কিয়?’ কথাৰ ধৰণ দেখি হাঁহি পেলালে অদিতিয়ে।

‘আপোনাৰ কাৰণে। ভয়েই লাগে। যি স্ট্রিক্ট।’

‘মই ষ্টিক্ট? তুমি কেনেকৈ জানিলা? মই কেতিয়াবা তোমাক ভয়-চয় খুৱাইছিলো নেকি?’

‘নাই- খুওৱা নাই। এইক দেখিয়েই বুজিছোঁ। খালী ইটো নকৰিবি, সিটো নকৰিবি, চিঞৰি কথা নক ‘বি, জোৰকৈ নাহাঁহিবি- মাই এইটো কৰিলে বেয়া পায়, সেইটো কৰিলে বেয়া পায়- মাই গুড়নেছ খালী মা-মা-মা-‘ কল্পলাই কথা কৈ থকা সুকন্যালৈ এক দৃষ্টিৰে চাই থাকিল অদিতিয়ে। কিছু অবাক, কিছু বিৰক্ত, কিছু দ্বিধাগ্রস্ত হৈ। সুকন্যাই একো গম পোৱা নাই। তাই কথা কৈ গৈছে। গম পাইছে কাজৰি আৰু কস্তুৰীয়ে। কাজৰি বিৰক্ত হৈ উঠিছে। কুণ্ঠিত হৈ পৰিছে কস্তুৰী।

অদিতিৰ পৰিয়ালৰ ভিতৰৰ সম্পৰ্ক

লাহে লাহে অদিতিৰ মুখখন কোমল হৈ গ’ল। লাহেকৈ হাঁহি সুধিলে-

‘বুজিছোঁ। কিন্তু তোমাৰ স্ট্রিক্ট আল্টিয়ে যদি তোমাক আইচক্রীম খুৱায়, খাবানে নাই?’

‘আইচক্রীম? অফকোর্ড খাম! ক’ত খুৱাব?’

‘ক’ত খাবা?’

‘বাছকিন ৰবিনছ হ’লে মজা হ’ব। দাম কিন্তু বেছি। ৰ’লিক, কোৱালিটিতকৈ ডাবল।’

‘হ’ব বাৰু। ব’লা মোৰ লগত। প্রথমে তোমালোকৰ টীচাৰৰ ঘৰ, তাৰ পিছত পাণবজাললৈ যাম। মোৰ কাম এটা আছে। ঘুৰি আহোঁতে বাছকিন ৰবিন্‌ছ। হ’ব?’

‘ৰ’ব- মই স্কুটিখন ভিতৰত থৈ আহোঁ।’ স্কুটিখন ষ্টার্ট কৰি চলাই লৈ গৈ কেম্পাছত থৈ দৌৰি দৌৰি ওলাই আহিল সুকন্যা। গাড়ীত বহি ধাকৈ দুৱাৰখন বন্ধ কৰি ক’লে-

‘ব’লক আন্টি।’ অদিতিয়ে গাড়ী চলাইছে। মাৰুতি এইট হান্ড্রেড। পূৰণি গাড়ী। ড্রাইভাৰ ৰখা নাই। নিজেই চলায়। ওচৰৰ ছীটত কাজৰি গম্ভীৰভাৱে বহি গৈছে। পিছৰ ছীটত কস্তুৰী আৰু সুকন্যা। সুকন্যাই যাবৰ পৰত ক্রিকেট খেলি থকা ল’ৰাবোৰলৈ চাই হাত জোঁকাৰি চিঞৰি কৈ গ’ল-

‘বা-ই। কাইলৈ আহিম।’

‘বা-ই।’ ল’ৰাবোৰে সমস্বৰে চিঞৰিলে। কন্তুৰী লাজত ৰঙা-চিঙা পৰি গ’ল। তাই সুকন্যাক চিকুটি দি ইংগিতেৰে নিচিঞৰিবলৈ

ক’লে।

‘ঐ, চিকুটিছ কিয়? কাইলৈ ক্লাবলৈ মাতিছে। মই যাম নে নেযাম ইমান সময় সিহঁতক কোৱা নাছিলো। কৈ দিলো। কিনো বেয়া হ’ল? উঃ ইমান জোৰকৈ চিকুটিছ কিয় অ’?’ কন্তুৰীয়ে একো নক’লে। বায়েক আৰু মাকৰ আগত অন্তৰংগ বান্ধৱীৰ স্বৰূপ প্রকাশ পোৱা দেখি লাজত বঙা-চিঙা পৰি খিৰিকীৰে বাহিৰলৈ চাই থাকিল। সুকন্যা তেতিয়া অন্য প্রসংগলৈ গুচি গৈছিল। ডাঙৰ ডাঙৰকৈ কল্কলাই কথা ক’বলৈ আৰম্ভ কৰিছিল। কোনো বিৰক্তি প্রকাশ নকৰি, কোনো মন্তব্য নিদি মনে মনে গাড়ী চলাই গৈছিল অদিতিয়ে। সুকন্যাৰ কথাবোৰে অদিতিৰ মনত একধৰণৰ অস্বস্তিৰ সৃষ্টি কৰিছে। একেটা সময়তে অদিতিৰ মনত পাকঘূৰণি খাবলৈ আৰম্ভ কৰিছে দুটা নামে- অলকেশ আৰু প্ৰভাকৰ।

Frequently Asked Questions (FAQs)

1. অলকেশ হাজৰিকাই অদিতি চৌধুৰীক কিয় ফোন কৰিছিল?

অলকেশ হাজৰিকাই অদিতি চৌধুৰীক ফোন কৰিছিল। বহু বছৰৰ পিছত তেওঁৰ ফোন অহাত অদিতিৰ মনত পুৰণি স্মৃতি আৰু অনুভূতি জাগি উঠে।

2. অলকেশ হাজৰিকা আৰু অদিতি চৌধুৰীৰ সম্পৰ্ক কি আছিল?

অলকেশ হাজৰিকা অদিতি চৌধুৰীৰ পুৰণি বন্ধু আছিল। দুয়োৰে পৰিচয় অসম আন্দোলনৰ সময়ৰ পৰা।

3. অলকেশ হাজৰিকা ক’ত থাকে আৰু কি কাম কৰে?

অলকেশ হাজৰিকা জেনেভাত থাকে আৰু মানৱ অধিকাৰ সম্পৰ্কীয় প্ৰকল্পত কাম কৰে।

4. অদিতি আৰু অলকেশৰ মাজত কিয় যোগাযোগ বিচ্ছিন্ন হৈছিল?

অলকেশে অদিতি আৰু চন্দনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ কথা কৈছিল। সেইবাবে বহু বছৰ ধৰি তেওঁলোকৰ মাজত যোগাযোগ নাছিল।

5. জয়শ্রী বৰাই অলকেশৰ ফোনক লৈ কিয় কৌতূহলী হৈছিল?

জয়শ্রী বৰাই অলকেশ হাজৰিকাৰ নাম শুনি অদিতিৰ সৈতে তেওঁৰ সম্পৰ্ক জানিবলৈ আগ্ৰহী হৈছিল। অদিতিৰ অতীতৰ বিষয়ে জয়শ্রীৰ মনত বহু প্ৰশ্ন আছিল।

6. প্ৰভাকৰ কোন আছিল?

প্ৰভাকৰ অদিতিৰ অসম আন্দোলনৰ সময়ৰ এজন পুৰণি সহকৰ্মী আৰু আঞ্চলিক ৰাজনীতিৰ সৈতে জড়িত এজন বিশিষ্ট নেতা আছিল।

7. প্ৰভাকৰে অদিতিক কিয় বিচাৰিছিল?

প্ৰভাকৰে অদিতিক লগ কৰিবলৈ আহিছিল, কাৰণ তেওঁলোকৰ মাজত অসম আন্দোলনৰ দিনৰ পুৰণি সম্পৰ্ক আছিল।

8. অদিতিয়ে ৰাজনীতিত যোগদান নকৰাৰ কাৰণ কি?

অদিতিৰ ৰাজনীতিত যোগদান কৰাৰ সুযোগ আছিল যদিও তেওঁ সেই পথ বাছি লোৱা নাছিল। পোষ্টটোত ইয়াৰ সম্পূৰ্ণ কাৰণ স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই।

9. কস্তুৰী আৰু শুকন্যাৰ মাজত কি পাৰ্থক্য দেখা যায়?

শুকন্যা চঞ্চল, কথকী আৰু আত্মবিশ্বাসী স্বভাৱৰ। তাৰ বিপৰীতে কস্তুৰী শান্ত, নম্ৰ আৰু সংযত স্বভাৱৰ।

10. কাজৰীয়ে শুকন্যাক কিয় ভাল নাপায়?

কাজৰীয়ে শুকন্যাৰ পৰিয়ালক পছন্দ নকৰে। তথাপি অদিতিৰ অনুৰোধত তেওঁ শুকন্যা আৰু কস্তুৰীৰ সৈতে যাবলৈ সন্মতি দিয়ে।

11. অদিতিয়ে কস্তুৰী আৰু কাজৰীৰ সম্পৰ্কত কি লক্ষ্য কৰিছিল?

অদিতিয়ে দুয়োগৰাকী ভনীয়েকৰ মাজত এক ধৰণৰ টানাপোড়েন আৰু লুকাই থকা অসন্তুষ্টি লক্ষ্য কৰিছিল।

12. অদিতিয়ে শুকন্যা, কস্তুৰী আৰু কাজৰীক ক’লৈ লৈ যাব বিচাৰিছিল?

অদিতিয়ে তেওঁলোকক শিক্ষকক লগ কৰিবলৈ আৰু পানবজাৰলৈ লৈ যাব বিচাৰিছিল। তাৰ পিছত Baskin-Robbins-ত আইচক্ৰীম খোৱাৰ কথাও কৈছিল।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *