লর্ড মাউন্টবেটেনৰ আঁচনি কংগ্ৰেছ আৰু মুছলিম লীগে গ্রহণ কৰিলে। ভাৰতীয় স্বাধীনতাৰ খচৰা বিধিখন ১৯৪৭ চনৰ ৪ জুলাই তাৰিখে হাউচ অব্ কমনচত উপস্থাপন কৰিলে আৰু ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে হাউচ অব্ কমনচে এই খচৰা বিধিখন গৃহীত কৰে। ১৯৪৭ চনৰ ১৬ জুলাই তাৰিখে হাউচ অব্ লৰ্ডয়ে খচৰা বিধিখন পাছ কৰে আৰু ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বৃটিছ বজাই স্বাক্ষৰ দান কৰি আইনত পৰিণত কৰে। স্বাধীনতাৰ পাছত কিন্তু ভাৰতৰ সংবিধানৰ সূত্রপাত হোৱাৰ আগতে তলত উল্লেখ কৰা উচ্চ ন্যায়ালয় সেইখন প্রতিষ্ঠা কৰা হয়।
১। পাঞ্জাৱ উচ্চ ন্যায়ালয়:
দেশ বিভাজনৰ পাছত লাহোৰ উচ্চ ন্যায়ালয়খন পাকিস্তানৰ সীমাৰ ভিৰতত পৰিল। সেয়েহে, ১৯৪৭ চনৰ ১১ আগষ্ট তাৰিখে গৱৰ্ণৰ জেনেৰেলৰ নিৰ্দেশ জাৰীৰ আধাৰত পাঞ্জার উচ্চ ন্যায়ালয়খন চিমলাত স্থাপন কৰে। ১৯৫৫ চনত এই উচ্চন্যায়ালয়ৰ আসনখন চণ্ডিগড়লৈ স্থানান্তৰিত কৰে। ১৯৬৬ চনত পাঞ্জার ৰাজ্য পুনৰ গঠন হয় আৰু পুনৰ গঠনৰ পাছত এই উচ্চ ন্যায়ালয়খন পাঞ্জার, হাৰিয়ানা আৰু কেন্দ্রীয় শাসিত চণ্ডিগড়ৰৰ উমৈহতীয়া উচ্চ ন্যায়ালয় ৰূপে কাৰ্য্য নির্বাহ কৰে। এইখন উচ্চ ন্যায়ালয়ক পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ খিতাপ দিয়া হয়।
২। অসম উচ্চ ন্যায়ালয়:
১৯৪৮ চনৰ ১ মার্চ তাৰিখে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ অধিসূচনাৰ আধাৰত ১৯৪৮ চনৰ ৫ এপ্রিল তাৰিখে গুৱাহাটীত অসমৰ উচ্চ ন্যায়ালয়খন স্থাপন কৰে। ১৯৭১ চনত এন ই এ পুনৰ গঠন আইনখন গৃহীত হোৱাৰ পাছত এই উচ্চ ন্যায়ালয়খনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰ) হিচাপে খিতাপ দিয়া হয়।
৩। উৰিষ্যা উচ্চ ন্য্যায়ালয়:
১৯৪৮ চনৰ ৩০ এপ্রিল তাৰিখে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলে কৰা অধিসূচনাৰ আধাৰত কটকত উৰিষ্যাৰ উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰা হয়। পাটনা উচ্চ ন্যালয়য়ে উপভোগ কৰা এক্তিয়াৰ, ক্ষমতাৰ দৰেই উৰিষ্যা উচ্চ ন্যায়ালয়কো একেধৰণৰ ক্ষমতা প্রদান কৰা হৈছে।
৪। ৰাজস্থান উচ্চ ন্যায়ালয়:
১৯৪৯ চনৰ ২১ জুন তাৰিখে ৰাজস্থানৰ ৰাজপ্ৰমুখ্যে উচ্চ ন্যায়ালয়ৰ অধিসূচনা অনুসৰি যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰে।
৫। ত্রিভানকোৰ কোচিন উচ্চ ন্যায়ালয়:
ইৰাণকুলামত ত্রিভানকোৰ কোচিন উচ্চ ন্যায়ালয় স্থাপন হয়। ই ১৯৪৮ৰ অধিসূচনাৰ অধীনত প্রতিষ্ঠিত। ত্রিভানবোৰ কোচিন উচ্চ ন্যয়লয়ৰ আইন, ১৯৪৮ৰ আইনখনৰ দ্বাৰা আগৰ অধিসূচনাখন বাতিল কৰে। পিছত এই ৰাজ্যখনৰ নাম কেৰেলা কৰা হ’ল। সেই কাৰণে, এই খন ন্যয়লয়ক কেৰেলা উচ্চ ন্যায়ালয় বুলি জনাজাত হয়। ১৯৫৮ চনত কেৰেলা উচ্চ ন্যায়ালয় আইন পাছ হয় আৰু উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰ আৰু ক্ষমতা পায়।
৬। মহিশূৰ উচ্চ ন্যায়ালয়:
মহিশূৰ উচ্চ ন্যায়ালয়খন ভাৰতবৰ্ষ স্বাধীন হোৱা আগৰে পৰা আছে। ১৮৮৪ চনত মহিশূৰ উচ্চ ন্যায়ালয় আইন পাছ হয় আৰু এই আইনৰ আধাৰতে উচ্চ ন্যায়ালয়খন প্রতিষ্ঠা কৰা হয়। স্বাধীনতাৰ পাছত উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰ আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰা কাৰণে ১৯৬১ চনত মহিশূৰ উচ্চ ন্যায়ালয় আইন গৃহীত হয়।
৭। জন্ম আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়:
এই খন উচ্চ ন্যায়লয়ে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰা কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৪৩ চনৰ ২৮ আগষ্ট তাৰিখে সেই ৰাজ্যৰ মহাৰজাই বিশেষ ক্ষমতা পত্র (Letters of Patent) জাৰী কৰা আধাৰত উচ্চ ন্যায়ালয়খন স্থাপন কৰা হয়। জন্ম আৰু কাশ্মীৰৰ সংবিধানৰ অধীনত ন্যয়ালয়খন পৰিচালিত আছিল।
ভাৰতৰ সংবিধানৰ অধীনত উচ্চ ন্যায়ালয়
ভাৰতীয় সংবিধান পৰিষদৰ সভাপতি ডাঃ ৰাজেন্দ্ৰ প্ৰসাদে ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে নতুন সংবিধানখন গ্রহণ আৰু স্বাক্ষৰ কৰি চূড়ান্ত ৰূপ দিয়ে। কিন্তু এই সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনা বলবৎ হয়। কাৰ্যৰ্যনিৰ্বাহ কৰি থকা ভাৰতবৰ্ষৰ সকলো উচ্চ ন্যায়ালয়ক ভাৰতৰ সংবিধানে স্বীকৃতি প্রদান কৰে লগতে উচ্চ ন্যায়ালয়ৰ সম্পর্কত বহুতো ব্যৱস্থা সংবিধানখনত সন্নিবিষ্ট কৰা হৈছে। সংবিধানৰ ব্যৱস্থা অনুসৰি ভাৰতৰ প্ৰতিখন প্ৰদেশতে একোখনকৈ উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰিব পাৰিব। কিন্তু ভাৰতীয় সংসদে দুখন বা অধিক প্ৰদেশৰ মাজত এখন উমৈহতীয় উচ্চ ন্যায়ালয় স্থাপন কৰিবৰ কাৰণে আইন প্রণয়ন কৰিব পাৰে। ভাৰতৰ সংবিধানে এই ব্যবস্থা দিছে। সংবিধান অনুসৰি প্ৰতিখন উচ্চ ন্যায়ালয়তে একোজনকৈ মুখ্য ন্যায়ধীশ থাকিব আৰু বাকী ন্যায়ধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে নিয়োগ কৰিব। কেনেধৰণৰে আৰু কি নিয়মৰ মাজেদি মুখ্য ন্যায়ধীশ আৰু ন্যায়ধীশসকলক নিযুক্তি দিয়া হয় তাক ভাৰতৰ সংবিধানৰ ২১৭ (১) অনুচ্ছেদত ভালদৰে সন্নিবিষ্ট কৰিছে। ন্যায়ধীশৰ অৰ্হতা আদি সম্পর্কেও সংবিধানৰ ২১৭(২) দফাত বিতংভাবে সন্নিবিষ্ট কৰা আছে। সেইদৰে তেওঁলোকৰ কাৰ্য্যকালৰ সমন্ধেও সংবিধানৰ ১২৪ অনুচ্ছেদত কোৱা হৈছে যে, তেওঁলোক নিৰাপদ যাতে তেওঁলোকে পক্ষপাতী নকৰাকৈ নির্ভয়ে তেওঁৰ কাৰ্য্যসম্পাদন কৰিব পাৰে তেওঁৰ ৬২ বছৰ বয়সলৈকে। কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোক সম্পূর্ণভাবে স্বতন্তৰীয়া। ভাৰতৰ সংবিধান গৃহীত হোৱাৰ পাছত ভাৰতবৰ্ষত কেইবাখনো উচ্চ ন্যায়ালয় স্থাপন হয়। সেই কেইখন হ’ল, অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়, গুজৰাট উচ্চ ন্যায়ালয়,দিল্লী উচ্চ ন্যায়ালয় আৰু হিমাচল প্রদেশ আৰু ঝাৰখণ্ড উচ্চ ন্যায়ালয়।
উচ্চ ন্যায়ালয় নথিপত্ৰৰ আদালত। আদালতক অবজ্ঞা কৰা অপৰাদত অপৰাধীক শাস্তি প্রদান কৰোতে দণ্ডবিধি আইন প্রযোজ্য নহয়। উচ্চ ন্যায়ালয়ৰ নিজা বিধি-বিধান, নিয়ম-নীতি মতে শাস্তি প্রদান কৰিব পাৰে। অৱশ্যে, অভিযোগ বিলাক প্ৰতিৰোধ কৰিবৰ কাৰণে অপৰাধীক প্রয়োজনীয় সময় দিব লাগে। প্রিভি কাউন্সিল বা কেন্দ্রী আদালতে (federal court) উচ্চ ন্যায়ালয়ৰ ওপৰত দিয়া সিদ্ধান্তসমূহ বাহাল থাকিব যেতিয়ালৈকে উচ্চতম ন্যায়লয়ে সেই সিদ্ধান্তৰ বিপৰীতে প্ৰতিকুল সিদ্ধান্ত নিদিয়ে। ভাৰতৰ সংবিধানৰ ২২৫ অনুচ্ছেদত কোৱা হৈছে যে, সংবিধান গৃহীত হোৱাৰ আগতে উচ্চ ন্যায়লয়ে যি এক্তিয়াৰ, ক্ষমতা আৰু আদালত পৰিচালনা কৰিবলৈ যি যি নিয়ম-নীতি প্রণয়ন কৰিছিল সেই সকলোবোৰ একেই থাকিব।
ভাৰতৰ উচ্চতম ন্যায়ালয়
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত ভাৰতীয় সংবিধানে দিয়া ব্যৱস্থা অনুপাতে কেন্দ্ৰীয় আদালতৰ ঠাইত দিল্লীত উচ্চতম ন্যায়ালয় এখন স্থাপন কৰা হয়। এইখন আদালত দেশখনৰ ভিৰত সৰ্বোচ্চ আদালত। এজন মুখ্য ন্যায়ধীশ আৰু অতি বেছি ২৫ জন ন্যায়ধীশক লৈ উচ্চতম ন্যায়ালয়খন গঠিত হৈছে। ১৯৬০ চনৰ আগলৈকে ন্যায়ধীশৰ সংখ্যা আছিল মাত্র সাতজনহে। ১৯৭৭চনৰ সংশোধন আইনে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ লগত আলোচনা কৰি ন্যায়ধীশসকলক নিযুক্তি দিয়ে। মুখ্য ন্যায়ধীশকে আদি কৰি সকলো ন্যায়ধীশে তেওঁলোকৰ ৬৫ বছৰ বয়সলৈকে কাৰ্যৰ্যনিৰ্বাহ কৰিব পাৰে। অৱশ্যে ইয়াৰ আগতেও তেওঁলোকে ইচ্ছা কৰিলে পদত্যগ কৰিব পাৰে আৰু সংবিধানৰ ১১৪ (৪) অনুচ্ছেদ অনুসৰি তেওঁক বৰ্খাস্তও কৰিব পাৰে। প্রয়োজন অনুপাতে আদালত সুচাৰুৰূপে পাৰিচালনা কৰিবৰ বাবে ৰষ্ট্ৰপতিৰ অনুমতি সাপক্ষে মুখ্য ন্যায়ধীশে তদর্থ বা সাময়িকভাবে ন্যায়ধীশ নিযুক্তি দিব পাৰে। কিন্তু তেওঁৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হোৱাৰ যোগ্যতা আৰু অৰ্হতা থাকিব লাগিব। এইদৰে মুখ্য ন্যায়ধীশ গৰাকীয়ে ৰাষ্ট্ৰপতিৰ অনুমতিৰ সাপেক্ষে অৱসৰপ্ৰাপ্ত ন্যায়ধীশকো সাময়িকভাৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশক নিযুক্তি দিব পাৰে। ভাৰতৰ উচ্চতম ন্যায়লয়ে সংবিধানৰ অভিভাৱক হিচাপে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। গুৰুত্ব ভূমিকা পালন কৰিছে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষাকবচ আৰু জামিনদাৰ হিচাপে। এইখন আদালত পূৰ্বৰ কেন্দ্ৰীয় আদালত আৰু প্রিভি কাউন্সিলতকৈ অধিক শক্তিশালী আৰু ক্ষমতাসম্পন্ন। ই নাগৰিকৰ সামাজিক স্বাধীনতা সুনিশ্চিত কৰিব বিচাৰে। লগতে ই আদি মূল, আপীল সমন্ধীয়, সংশোধনী আৰু পৰামৰ্শক ক্ষমতা, এক্তিয়াৰ প্ৰয়োগ কৰিব পাৰে।
- (১) ভাৰত চৰকাৰ আৰু এখন বা অধিক ৰাজ্যৰ ভিতৰত বিবাদ হ’লে,
- (২) ভাৰত চৰকাৰ আৰু যিকোনো এখন বা অধিক ৰাজ্য এফালে আৰু এখন বা অধিক ৰাজ্য আনফালে গৈ বিবাদ কৰিলে,
- (৩) দুখন বা অধিক প্ৰদেশৰ মাজত বিবাদ হ’লে আৰু যদি বিবাদত আইনৰ প্ৰশ্ন সোমাই পৰে য’ত বাদানুবাদ আইনগত অধিকাৰৰ ওপৰত নিৰ্ভৰ কৰে।
ভাৰতীয় সংবিধানৰ ৩২ অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে নাগৰিকৰ সংবিধানগত মৌলিক অধিকাৰ বলবৎকৰণৰ বাবে আদেশ, নির্দেশ, হুকুমনামা জাৰী কৰিব পাৰে। উচ্চ ন্যায়ালয়ক এনেধৰণৰ পূৰ্ণ সংবিধাননীক ক্ষমতা আৰু এক্তিয়াৰ দিয়া হৈছে। বন্দী প্রত্যক্ষীকৰণ (Habeas Corpus), উচ্চ আদালতৰ হুকুম (Mandamus), নিষেধাজ্ঞা (Prohibition), কতৃত্ব সন্ধান বা সঠিক বিৱৰণ নির্দেশনা (Quo-warranto) আদি হুকুমনামা জাৰী কৰিবৰ বাবে উচ্চ ন্যায়ালয়ে পূৰ্ণ অধিকাৰ, এক্তিয়া আৰু ক্ষমতা ভাৰতীয় সংবিধানৰ পৰা পাইছে। ইয়াৰোপৰি সংবিধানৰ ১৩৯ দফাই উচ্চ ন্যায়ালয়ক বিশেষ ধৰণৰ হুকুমনামা জাৰী কৰা বাবে ক্ষমতা অপর্ণ কৰিছে।
উচ্চ ন্যায়ালয়ৰ পৰা কোনো ৰায়, আদেশ-নির্দেশৰ বিপৰীতে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰিব যদিহে উচ্চ ন্যায়ালয়ে প্রমাণপত্র দি কয় যে, গোচৰটোত যথেষ্ট আইনৰ প্ৰশ্ন জড়িত হৈ আছে আৰু তাৰ উপযুক্ত ব্যাখ্যাৰ প্রয়োজন আছে। যদি উচ্চ ন্যায়ালয়ে তেনেধৰণৰ প্ৰমাণপত্ৰ নিদিয়ে তেতিয়া আপীল কৰিব পাৰিব যদিহে উচ্চতম ন্যায়লয়ে বিবেচনা কৰে যে গোচৰটোত যথেষ্ট আইনৰ প্ৰশ্ন অৱতাৰণ হৈছে আৰু তাৰ ব্যাখ্যাৰ প্ৰয়োজন আছে আৰু তাৰ পাছত অনুমতি প্রদান কৰিলে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰিব।
উচ্চ ন্যায়ালয়ৰ পৰা অহা দেৱানী আৰু ফৌজদাৰী গোচৰৰ আপীল সংবিধানৰ ১৩৩ আৰু ১৩৪ দফাত উচ্চতম ন্যায়ালয়ৰ এক্তিয়া আৰু ক্ষমতা সম্পর্কে কোৱা হৈছে। মনত ৰখা দৰকাৰ যে, ভাৰতৰ সংবিধান প্ৰৱৰ্তন হোৱাৰ আগতে দেৱানী আৰু ফৌজদাৰী গোচৰৰ আপীল কেৱল উচ্চ ন্যায়ালয়তে কৰিব পাৰিছিল। আৰু উচ্চ ন্যায়ালয় আছিল আপীলৰ অন্তিম প্ৰাধিকাৰী। প্রিভি কাউন্সিলৰ যদিও বিশেষ অনুমতিৰ সাপেক্ষে আপীল গ্রহণ কৰা ক্ষমতা আছিল বিশেষকৈ ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত কিন্তু এই ক্ষমতা আছিল অতি সীমিত আৰু এই ক্ষমতা গতানুগতিক ক্ষেত্ৰতহে প্রয়োগ কৰিছিল। বর্তমান ভাৰত সংবিধানৰ অধীনত উচ্চতম ন্যায়লয়ে উচ্চ ন্যায়ালয়ৰ যিকোনো দেৱানী বা ফৌজদাৰী গোচৰৰ ৰায় বা আদেশৰ বিপৰীতে আপীল গ্রহণ কৰিব পাৰে
- (১) ফৌজদাৰী গোচৰত তলৰ আদালতে অপৰাধীক প্ৰদান কৰা শাস্তি যেতিয়া উচ্চ ন্যায়ালয়ে বাতিল কৰি মৃত্যু দণ্ডৰ আদেশ দিয়ে, তেনে আপীল উচ্চতম ন্যায়লয়ে গ্ৰহণ কৰিব পাৰে
- (২) যেতিয়া উচ্চ ন্যায়ালয়ে তলৰ আদালতত চলি থকা ফৌজদাৰী গোচৰ তুলি আনি নিজে বিচাৰ কৰি অপৰাধীক মৃত্যু দণ্ডৰ আদেশ দিয়ে, তেনে ধৰণৰ আপীল উচ্চতম ন্যায়লয়ে গ্রহণ কৰিব পাৰে।
- (৩) যেতিয়া উচ্চ ন্যায়লয়ে ফৌজদাৰী গোচৰ আপীলৰ সম্পৰ্কর্কত প্রমাণপত্র দি কয় যে নির্দিষ্ট গোচৰটোত আইন ব্যাখ্যাৰ প্ৰয়োজন আছে আৰু ই আপীলৰ উপযুক্ত, তেনেধৰণৰ গোচৰ উচ্চতম ন্যায়ালয়ত আপীল হ’ব পাৰে।
১৯৩৫ৰ ভাৰত চৰকাৰ আইনৰ ২১৩ অনুচ্ছেদত দিয়া ব্যৱস্থা ভাৰতৰ সংবিধানৰ ১৪৩ দফাত হীন দেৰি নোহোৱাকৈ সন্নিবিষ্ট কৰা হৈছে। এই ব্যৱস্থা অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি বিবেচনা কৰে যে তেওঁৰ সন্মুখত দেখা দিয়া আইনৰ প্ৰশ্ন বা তেনে সমস্যা উদ্ভৱ হয় য’ত জনসাধাৰণৰ স্বাৰ্থ জড়িছ আছে, তেতিয়া ৰাষ্ট্ৰপতিয়ে তাৰ ওপৰত উচ্চতম ন্যায়ালয়ে বিষয়টোৰ ওপৰত শুনানি কৰি যদি উচিত বুলি বিবেচনা কৰে তেতিয়া আদালতৰ মতামত হিচাপে ৰাষ্ট্ৰপতিলৈ প্রতিবেদন পঠায়। সংবিধানৰ ১৪৩ (১) অনুচ্ছেদে এইটোকো আভাষা দিছে যে যদি উচ্চতম ন্যায়ালয়ে বিবেচনা কৰে যে বিষয়টোৰ ওপৰত মতামত দিয়া উচিত নহয় তেতিয়া কোনো প্রতিবেদন নপঠাবও পাৰে। অনাহাতে, ৰাষ্ট্ৰপতিয়েও উচ্চতম ন্যায়ালয়ৰ মতামত মানিবলৈ বাধ্য নহয়।
সংবিধানৰ ১৩৭ অনুচ্ছেদৰ অধীনত উচ্চতম ন্যয়লয়ে আগতে দিয়া ৰায় বা আদেশ ন-কৈ বিচাৰ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ বিধিৰ xxxviil ধাৰা মতেও আগতে দিয়া ৰায় বা আদেশক পুনৰ বিচাৰ কৰি চোৱাৰ ক্ষমতা প্রদান কৰিছে। উচ্চতম ন্যায়ালয় নথি-পত্র আদালত হিচাপে তলৰ আদালতৰ কাম-কাজৰ ওপৰত চকু-কাণ দিয়া, তদাৰক কৰাৰ এক্তিয়াৰ আছে। ইয়াৰোপৰি সুদক্ষ ন্যায় বিচাৰৰ বাবে বা উচিত ন্যায় প্রদান কৰিবলৈ যদি সংসদে প্রয়োজন অনুভৱ কৰে তেতিয়া আইন প্রণয়ন কৰি উচ্চতম ন্যায়ালয়ক অতিৰিক্ত ক্ষমতা বা এক্তিয়াৰ অপৰ্ণ কৰিব পাৰে। মিলিটেৰী ট্রিবুনেলৰ বাহিৰে বাকী ভাৰতৰ যিকোনো আদালত বা ট্রিবুনেলত পাছ কৰা ৰায় বা আদেশৰ বিপৰীতে উচ্চতম ন্যায়ালয়ত আপীলৰ বাবে বিশেষ অনুমতি দিবলৈ ন্যায়ালয়খনৰ অ-বাধিত ক্ষমতা আছে। ইয়াৰ উপৰিও নথি-পত্ৰৰ আদালত হিচাপে আদালতক অৱজ্ঞা কৰা অপৰাধত শাস্তি বিহিৰ ক্ষমতা উচ্চতম ন্যায়ালয়ে উপভোগ কৰিছে। সংবিধানৰ ১৪১ অনুচ্ছেদত কোৱা হৈছে যে, উচ্চতম ন্যায়লয়ে কোনো আইন ঘোষণা কৰিলে সি তলৰ সকলো আদালতকে বান্ধি পেলায়। বহলাই ক’বলৈ গ’লে, যেতিয়া উচ্চতম ন্যায়লয়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক বাতিল কৰি দিয়ে তেতিয়া সি দেশৰ আইন হৈ পৰে। এনে সিদ্ধান্ত উচ্চতম ন্যায়লয়েও মানিবলৈ বাধ্য-অবজ্ঞা কৰিব নোৱাৰে। কিন্তু উচ্চতম ন্যায়লয়ে নিজে দিয়া নিজৰ আগৰ সিদ্ধান্ত মানি ল’বলৈ বাধ্য নহয়। ইয়াৰ ব্যাখ্যা বেঙ্গল ইমিউনিটি কোঃলিঃ বনাম বিহাৰ প্ৰদেশ (AIR 1955 SC 661) গোচৰটোত ভালদৰে বুজাই দিছে। এইটো স্পষ্ট হৈ আছে যে প্রিভি কাউন্সিল আৰু কেন্দ্রীয় আদালতে দিয়া সিদ্ধান্ত সমূহে উচ্চতম ন্যায়ালয়ক বান্ধোনত ৰাখিছে যেতিয়ালৈকে উচ্চতম ন্যায়লয়ে সেই সিদ্ধান্ত বিলাক অসঙ্গত বা অমূলক বুলি সিদ্ধান্ত লৈ বাতিল নকৰে। উল্লেখযোগ্য যে কেন্দ্রীয় আদালতে (Federal Court) ১৯৫০ চনৰ ২৬তাৰিখলৈকে কাৰ্যৰ্যনিৰ্বাহ কৰি আছিল।