ভাৰতীয় উচ্চ ন্যায়ালয় আইন, ১৮৬১

Mirnal Gogoi
11 Min Read

১৮৬১ চনৰ ৬ আগষ্ট তাৰিখে বৃটিছ সংসদত ভাৰতীয় উচ্চ ন্যায়ালয় আইনখন গৃহীত হয়। প্রতিখন প্রেচিডেন্সি চহৰত উচ্চ ন্যায়ালয় প্রতিষ্ঠিতা কৰিবলৈ আইনখনে বৃটিছ চৰকাৰক কর্তৃত্ব প্রদান কৰে। এই কর্তৃত্বৰ আধাৰত বৃটিছ চৰকাৰে ১৮৬২ চনৰ মে’ মাহত এখন চনদ জাৰী কৰে কলিকতাত উচ্চ ন্যায়ালয় স্থাপন কৰিবৰ কাৰণে। সেই একে বছৰৰ জুন মাহত বৃটিছ চৰকাৰে পুনৰ আন এখন চনদ জাৰী কৰে মাদ্রাজ আৰু বোম্বাইত উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰিবৰ বাবে। ফট উলিয়ামত (কলিকতা) উচ্চ ন্যায়ালয়খন স্থাপন কৰা ফলত উচ্চতম ন্যায়ালয়খন, সদৰ দেৱানী আদালত আৰু সদৰ নিজামত আদালত বাতিল হয়। এই কেইখন আদালতৰ সকলো কাৰ্য্য, এক্তিয়াৰ, ক্ষমতা আদি নতুনকৈ সৃষ্টি কৰা উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰা হয়।

প্রতিখন উচ্চ ন্যায়ালয়ৰ এজন মুখ্য ন্যায়ধীশ আৰু সৰ্বাধিক ১৫জন অনুজ ন্যায়ধীশক লৈ গঠন কৰা হয়। ইয়াৰে অতি কমেও এক তৃতীয়াংশ পাঁচবছৰীয়া ওকালতি কৰা অভিজ্ঞ বেৰিষ্টাৰ হ’ব লাগিব। আৰু এক তৃতীয়াংশ কোম্পানীৰ অ-সামৰিক সেৱাৰ সদস্য যাৰ অতি কমেও তিনি বছৰ জিলা আদালতৰ ন্যায়ধীশৰ অভিজ্ঞতা বা অতি কমেও দহ বছৰৰ ওকালতি কৰা অভিজ্ঞতা থাকিব লাগিব। বাকী ন্যায়ধীশসকলক বাৰৰ পৰা অৰ্থাৎ উকিলসকলৰ পৰা বা অ-সামৰিক বিষয়াৰ পৰা যি সকলৰ সদৰ আদালত বা উচ্চতম ন্যায়ালয়ত অতি কমেও দহ বছৰ ওকালতি কৰা অভিজ্ঞতা থাকিব লাগিব বা প্রধান সদৰ আমিন বা সৰু আদালতৰ ন্যায়িক বিষয়া যাৰ অতি কমেও পাঁচ বছৰ কাৰ্য্য সম্পাদন কৰা অভিজ্ঞতা আছে। তেনে ব্যক্তিক উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ পদত নিযুক্তি দিয়া হয়। আদালত দুখন একত্ৰিকৰণ কৰোতে দুয়োখন আদালতৰ ন্যায়ধীশসকল আপোনা-আপুনি নতুনকৈ সৃষ্টি কৰা উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ হয়। তাৰ বাবে বিশেষ নিযুক্তিৰ প্রয়োজন নাই। সেয়েহে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ গৰাকী কলিকতাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ হয়। ন্যায়ধীশসকলে বৃটেইনৰ ৰাণীৰ ইচ্ছাধীনত কাৰ্য্যনির্বাহ কৰিব লাগে।

উচ্চ ন্যায়লয় হ’ল নথি-পত্ৰৰ আদালত। দেৱানী, ফৌজদাৰী, নৌকাধিকৰণ, উইল, বিবাহ সমন্ধীয় উইলৰহিত বা ইচ্ছা পত্রহীন সংক্ৰান্তৰ মূল আৰু আপীল সমন্ধীয় গোচৰ লোৱাৰ ক্ষমতা আৰু এক্তিয়াৰ উচ্চ ন্যায়ালয়ক দিয়া হৈছে। ইয়াৰোপৰি, উচ্চন্যায়লয়ে তলৰ সকলো আদালতৰ কাম-কাজ চোৱা-চিতা বা তদাৰক কৰা অধিকাৰ পাইছে।

উচ্চ ন্যায়ালয় প্রতিষ্ঠা হোৱাৰ আগলৈকে যি ধৰণৰ এক্তিয়াৰ ক্ষমতা উচ্চতম ন্যায়লয়ে প্রয়োগ কৰিছিল, সেই একেধৰণৰ এক্তিয়াৰ ক্ষমতা উচ্চ ন্যয়ালয়ক আইনখনে অপর্ণ কৰিছে। কলিকতা প্রেচিডেন্সি চহৰৰ অন্তৰগত সকলো ধৰণৰ বাসিন্দাৰৰ ফৌজদাৰী গোচৰৰ মূল বিচাৰ কৰা এক্তিয়াৰ উচ্চ ন্যায়ালয়ক দিয়া হৈছে। কলিকতা চহৰৰ বাহিৰত বাস কৰা বৃটিছ আৰু ইউৰোপীয়ান লোকসকল উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰত ধৰা হৈছে। ইয়াৰোপৰি, তলৰ আদালতৰ এক্তিয়াৰৰ সকলো বাসিন্দাৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত এক্তিয়াৰৰ অন্তৰগত বুলি আইনখনে ব্যৱস্থা দিছে। আইনগত ভাৱে উচ্চ ন্যায়ালয় আপীল শুনাৰ বাবে ক্ষমতা সম্পন্ন। ফৌজদাৰী আৰু দেৱানী দুয়োবিধ গোচৰৰ আপীল শুনাৰ অধিকাৰ উচ্চ ন্যায়ালয়ক দিয়া হৈছে। ইয়াৰোপৰি, ই এখন চুপাৰিচ আৰু সংশোধন কৰা অধিকাৰ প্ৰাপ্ত আদালত। তলৰ আদালতৰ আদেশ-নির্দেশ, সিদ্ধান্ত আদি উচ্চ ন্যায়ালয়ে চুপাৰিচ আৰু সংশোধন কৰা ক্ষমতা পাইছে। ইয়াৰ বাহিৰেও উচ্চ ন্যায়ালয়ে এখন আদালতৰ পৰা আন এখন আদালতলৈ ফৌজদাৰী গোচৰ বদলি কৰিব পাৰে।

উচ্চ ন্যায়লয়ে অধিবক্তাক ন্যায়ালয়ত নাম লিপিবদ্ধ কৰি ওকালতি কৰিবলৈ অনুমতি প্রদান কৰে আৰু তেওঁলোকৰ ওপৰত অনুশাসনমূলক ব্যৱস্থাও গ্রহণ কৰা অধিকাৰ দিয়া হৈছে।

আপীল আৰু প্ৰণালী:

ফৌজদাৰী গোচৰৰ আপীলৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত হ’ব শেষ সিদ্ধান্ত। এই সিদ্ধান্তৰ বিপৰীতে কোনো আদালতত আপীল কৰিব নোৱাৰিব। কিন্তু দেৱানী বা অ-সামৰিক গোচৰৰ আপীলৰ ক্ষেত্ৰত উচ্চ ন্যায়লয়ে দিয়া সিদ্ধান্তৰ বিপৰীতে ৰাজ আদালতত অর্থাৎ পি ভি কাউন্সিলত আপীল কৰিব পাৰিব যদিহে গোচৰ মূল্য ১০,০০০/- হাজাৰ টকাতকৈ কম নহয় বা উচ্চ ন্যায়ালয়ৰ পৰা আপীলৰ বাবে উপযুক্ত গোচৰ বুলি এখন প্রমাণপত্ৰ ল’ব পাৰে বা উচ্চ ন্যায়লয়ে তেনে প্রমাণ পত্র জাহীৰ কৰে। আদালতত গোচৰ নিয়াৰিকৈ পৰিচালনা কৰা বাবে উচ্চ ন্যায়লয়ে প্রয়োজন অনুসৰি বিধি-বিধান বা নিয়ম-নীতি প্রণয়ন কৰিব পাৰে। ১৮৫৯ চনৰ আৰু ১৮৬১ চনৰ ফৌজদাৰী দণ্ডবিধিৰ আধাৰত উচ্চ ন্যায়লয়ে প্রয়োজন অনুসৰি বিধি-বিধান আদি প্রণয়ন আৰু প্ৰযোজ্য কৰিব পাৰে।

মাদ্রাজ আৰু বোম্বাইত উচ্চ ন্যায়ালয় স্থাপন:

১৮৬১ৰ উচ্চ ন্যায়ালয় আইনৰ অধীনত বৃটিছ চৰকাৰে ১৮৬২ চনৰ ২৬ জুন তাৰিখে এক বিশেষ পত্র যোগে বোম্বাই আৰু মাদ্রাজত উচ্চ ন্যায়ালয় স্থাপন কৰিবলৈ অনুমতি প্রদান কৰে। আৰু এক বিশেষ পত্র যোগে ১৮৬৬ চনৰ ১৭ মার্চ তাৰিখে আগ্ৰাত উচ্চ ন্যায়ালয় প্রতিষ্ঠান কৰিবলৈ অধিকাৰ দিয়ে। ১৮৭৫ চনত আগ্ৰাৰ পৰা এলাহাবাদলৈ উচ্চ ন্যায়ালয়খন স্থানান্তৰিত কৰে। ১৯১৬ চনত পাটনাত আৰু লাহোৰত উচ্চ ন্যায়ালয় স্থাপন কৰে।

১৯১১ চনৰ উচ্চ ন্যায়ালয় আইন:

উক্ত পৰ্য্যায়ৰ পাছত ১৯১১ চনত বৃটিছ সংসদে আন এখন উচ্চ ন্যায়ালয় আইন পাছ কৰে। এই আইনখনে প্রতিখন উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশৰ সংখ্যা ১৬ জনৰ পৰা ২০ জনলৈ বৃদ্ধি কৰে। এই আইনে অতিৰিক্ত উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰিবৰ বাবে আৰু অতিৰিক্ত ন্যায়ধীশ নিযুক্তি দিবৰ বাবে গৱৰ্ণৰ জেনেৰেলক ক্ষমতা প্রদান কৰে।

১৯১৫ৰ ভাৰত চৰকাৰ আইনৰ অধীনত উচ্চ ন্যায়ালয়

বৃটিছ সংসদে ১৯১৫ চনৰ ২৭ জুলাই তাৰিখে ‘ভাৰত চৰকাৰ আইন’খন পাছ কৰে। এই আইনখন উচ্চ ন্যয়ালয় সংক্রান্তত আগতে যিমানবিলাক আইন গৃহীত কৰিছিলন, সেই সকলোবিলাক আইন বাতিল কৰি নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰে। ১৯১৫ৰ ভাৰত চৰকাৰ আইন অনুসৰি প্ৰতিখন উচ্চ ন্যায়ালয়ত এজন মুখ্য ন্যায়ধীশ আৰু অতি বেছি ২০ জন ন্যায়ধীশ থাকিব। ইয়াৰ উপৰিও দুবছৰৰ বাবে প্রয়োজন সাপক্ষে অতিৰিক্ত ন্যায়ধীশ নিযুক্তি দিবৱৈ গৱৰ্ণৰ জেনেৰেলক ক্ষমতা প্রদান কৰে।

  • (১) ব্যক্তিগৰাকী বেৰিষ্টাৰ বা অধিবক্তা হ’ব লাগিব আৰু তেওঁ গ্রেইট বৃটেইনত অতি কমেও পাঁচ বছৰ ওকালতি কৰা অভিজ্ঞতা থাকিব লাগিব।
  • (২) ভাৰতীয় অ-সামৰিক সেৱাৰ সদস্য এজনকো ন্যাধীশ পদত নিযুক্তি দিব পাৰিব যদিহে তেওঁৰ অতি কমেও দহ বছৰৰ অভিজ্ঞতা আৰু তিনি বছৰৰ জিলা ন্যাধীশৰ অভিজ্ঞতা থাকে।
  • (৩) ওপৰ আদালতে কাৰ্যৰ্যনিৰ্বাহ কৰা ন্যায়িক বিষয়াকো ন্যায়ধীশৰ পদত নিযুক্তি দিব পৰিব যদিহে তেওঁৰ অতি কমেও পাঁচ বছৰৰ অভিজ্ঞতা আছে।
  • (৪) দহ বছৰতকৈ অধিক কাল উচ্চ ন্যায়ালয়ত ওকালতি কৰা অভিজ্ঞ অধিবক্তাক ন্যায়ধীশ পদত নিযুক্তি দিব পাৰিব।

ভাৰত চৰকাৰ আইন অনুসৰি অতিৰিক্ত ন্যায়ধীশক বাদ দি এক তৃতীয়াংশ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ বেৰিষ্টাৰ বা অধিবক্তাৰ অভিজ্ঞতা থাকিব লাগিব আৰু বাকী ন্যায়ধীশ এক তৃতীয়াংশ ভাৰতীয় অ-সামৰিক সেৱাৰ বিষয়া হ’ব লাগিব। ন্যায়ধীশসকলে বৃটিছ ৰজাৰ ইচ্ছাৰ সাপেক্ষে কাৰ্য্যনিৰ্বাহ কৰিব পাৰিব।ভাৰত চৰকাৰ আইন অনুসৰি অতিৰিক্ত ন্যায়ধীশক বাদ দি এক তৃতীয়াংশ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ বেৰিষ্টাৰ বা অধিবক্তাৰ অভিজ্ঞতা থাকিব লাগিব

উচ্চ ন্যায়লয় এক নথি-পত্র আদালত। ‘ভাৰত চৰকাৰ আইন’খন পাছ হোৱাৰ লগতে উচ্চ ন্যালয়ে যি ক্ষমতা, এক্তিয়াৰ আৰু অধিকাৰ উপভোগ কৰি আছিল, সেই একেই ক্ষমতা, এক্তিয়াৰ আৰু অধিকাৰ উপভোগ কৰিব পাৰিব। এইখিনিতে উল্লেখ থকা দৰকাৰ যে ৰাজহ বা ৰাজহ সংক্রান্ত বিষয়ৰ ওপৰত উচ্চ ন্যায়ালয়ক কোনো এক্তিয়াৰ বা ক্ষমতা দিয়া হোৱা নাই। এই আদালতে তলৰ আদালতৰ কাম-কাজত চকু-কাণ দিব আৰু আদালতৰ কাম-কাজ সুচাৰুপে পৰিচালনা কৰিবৰ কাৰণে প্রয়োজন সাপেক্ষে বিধি-বিধান, নিয়ম-নীতি প্রণয়ন কৰিবলৈ অধিকাৰ পাইছে। যদি বাদী আৰু বিবাদী একেটা গোট, ধর্ম বা সম্প্ৰদায়ৰ হয় তেতিয়াহ’লে উত্তৰাধিকাৰীৰ মাটিৰ স্বত্ব, মাটিৰ উত্তৰাধিকাৰী, ভাৰা বা চুক্তি আদি গোচৰ বিচাৰ কৰোঁতে উচ্চ ন্যায়ালয়ত পৰিয়াল আইন (Personal Law) বা থলুৱা দেশবাসীৰ প্ৰচলিত নিয়ম নীতি প্রযোয্য হ’ব। যদি দুয়োটা দল অর্থাৎ বাদী আৰু বিবাদীৰ বেলেগ পৰিয়াল আইন আৰু প্ৰচলিত নিয়ম-নীতি আছে তেনে ক্ষেত্ৰত গোচৰ বিচাৰ কৰি সিদ্ধান্ত কৰিব বিবাদীৰ পৰিয়াল আইন আৰু ৰীতি-নীতি অনুসৰি।

১৯১৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত গৱৰ্ণৰ জেনেৰেল, গৱৰ্ণৰ, মুখ্য কমিচনাৰ আৰু চৰকাৰৰ কাৰ্য্যকাৰী পৰিষদৰ সদস্যসকল উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰৰ পৰা মুক্ত। তেওঁলোকৰ কাৰ্যকালত পদক্ষমতাৰে কিবা আদেশ, নির্দেশ বা কাৰ্য্য কৰে, তেনে ক্ষেত্ৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰু আদালতে গোচৰো ল’ব নোৱাৰিব। কিন্তু ৰাজদ্রোহ, মাহাপাপ বা গুৰুত্ব অপৰাধতহে তেওঁলোক অপৰাধী হ’ব আৰু সেইদৰে বিচাৰৰ সন্মুখীনো হ’ব লাগিব।

১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত উচ্চ ন্যায়ালয়

১৯১৫ চনৰ ভাৰত চৰকাৰ আইনখন ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনৰ দ্বাৰা বাতিল কৰা হ’ল। ১৯৩৫ৰ ভাৰত চৰকাৰ আইনৰ অধীনত প্ৰতিখন উচ্চ ন্যায়লয়ে নথি-পত্র আদালত হিচাপে কার্যনির্বাহ কৰাৰ অধিকাৰ পায়। মুখ্য ন্যায়ধীশৰ বাহিৰে বাকী কিমানজন ন্যায়ধীশ উচ্চ ন্যায়ালয়ত থাকিব তাক আইনখনে স্পষ্টকৈ কোৱা নাই। কিন্তু এইটো কৈছে যে আদালতৰ লগত আলোচনা কৰি অৰ্থাৎ মুখ্য ন্যায়ধীশ গৰাকীৰ লগত আলোচনা কৰি কেইজন ন্যায়ধীশৰ প্ৰয়োজন হ’ব তাক ৰাজ পৰিষদে (King in-council) নির্ধাৰণ কৰিব আৰু তেওঁলোকক ৰজাই নিযুক্ত দিব। লগতে আইনখনে এইটোও স্পষ্ট কৰি দিছে যে ন্যায়ধীশসকলে তেওঁলোকৰ ৬০ বছৰ বয়সলৈকে কার্য্যনির্বাহ কৰি থাকিব পাৰিব। অৱশ্যে তেওঁলোকে ইচ্ছা কৰিলে পদত্যাগ কৰিব পাৰিব আৰু বেয়া ব্যৱহাৰৰ অভিযোগত বা মানসিক ভাৰসাম্য হেৰুৱালে প্রিভি কাউন্সিলৰ অনুমোদন সাপেক্ষে তেওঁলোকক বৰ্ষক্তও কৰিব পাৰিব।

এক তৃতীয়াংশ বেৰিষ্টাৰ অধিবক্তা আৰু ভাৰতীয় অ-সামৰিক সেৱাৰ সদস্যৰ পৰা ন্যায়ধীশ নিযুক্তি দিয়াৰ যি ব্যৱস্থা আছিল তাক ১৯৩৫ৰ ভাৰত চৰকাৰ আইনে বাতিল কৰে। কিন্তু অৰ্হতা সম্পৰ্কত আগত ব্যৱস্থাকে বাহল ৰাখিলে। মুখ্য ন্যায়ধীশজন ইংলেণ্ড, ইৰালেণ্ড বা স্কটলেণ্ডৰ বেৰিষ্টাৰ হ’ব লগা যি আইন আছিল তাক বাতিল কৰি ভাৰতীয়কেই এই পদত নিযুক্তি দিব পৰা ব্যৱস্থা দিয়ে। মুখ্য ন্যায়ধীশ পদত নিযুক্তি পাবলৈ তেওঁ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ পদত অতি কমেও তিনি বছৰ কাৰ্য্যনিৰ্বাহ কৰা অভিজ্ঞতা থাকিব লাগিব। অধিবক্তাৰ মাজৰ পাৰাও এই পদত নিযুক্তি দিব পাৰিব যদিহে বাকী প্রয়োজনীয় অর্হতা থাকে। ন্যায়ধীশৰ মাহিলি দৰমহা আৰু অৱসৰ পোৱাৰ পাছত পেনচন আদি ৰজাই নির্ধাৰণ কৰিব। ৰজাই দৰমা আৰু পেনচন নির্ধাৰণ কৰি দিয়াৰ পাছত কোনো ধৰণৰ ওজৰ-আপত্তি নেখাতিব।

১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন প্ৰৱৰ্তন হোৱাৰ আগতে উচ্চ ন্যায়ালয়ে যি যি এক্তিয়াৰ ক্ষমতা আৰু অধিকাৰ উপভোগ কৰিছিল সেই একে ধৰণৰ এক্তিয়াৰ ক্ষমতা আৰু অধিকাৰ উপভোগ কৰিব পৰা ব্যৱস্থা দিয়ে।

১৯৩৫ চনৰ ভাৰত আইনে ৰাজহ বিশেষ পত্ৰ জাৰী কৰিবলৈ ক্ষমতা অর্পণ কৰে আৰু সেই ক্ষমতাৰ আধাৰত ৰজাই উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰিবলৈ বিশেষ পত্র বা চনদ জাৰী কৰে। সেয়েহে তলত উল্লেখ কৰা উচ্চ ন্যায়ালয়সমূহ প্রতিষ্ঠা কৰা হয়।

১৯৩৫ চনত নাগপুৰ উচ্চ ন্যায়ালয় স্থাপন হয়। নাগপুৰ মহাৰাষ্ট্ৰৰ লগত চামিল হোৱাত জব্বপূৰত মধাপ্ৰদেশৰ উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰে। ১৯৪৮ চনত গুৱাহাটীত অসমৰ উচ্চ ন্যায়ালয় স্থাপন কৰে। কলিকতা উচ্চ ন্যায়ালয়ৰ দৰে একেই এক্তিয়াৰ ক্ষমতা আৰু অধিকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়কো দিয়া হৈছে।

১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত কেন্দ্রীয় ন্যায়ালয় (Fedaral Court) প্রতিষ্ঠা কৰা হয়। উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিপৰীতে কেন্দ্রীয় ন্যয়ালয়ত আপীল কৰিব পাৰিব যদিহে উচ্চ ন্যায়লয়ে প্রমাণ পত্র দি কয় যে গোচৰটোত যথেষ্ট প্ৰশ্নৰ অৱতাৰণা আছে য’ত উপযুক্ত ব্যাখ্যাৰ প্ৰয়োজন আছে। কিন্তু এক বিশেষ পৰিস্থিতিত উচ্চ ন্যায়ালয়ৰ পৰা প্ৰমাণ পত্র নোলোৱাকৈও কেন্দ্রীয় আদালতত আপীল কৰিব পাৰে যদিহে দেৱানী গোচৰ মূল্য ৫০,০০০/- হাজাৰ টকা হয় বা দাবী কৰা সম্পত্তিৰ মূল্য গোচৰ মূল্যৰ সমান হয় বা কেন্দ্রীয় ন্যায়লয়ে এনে নির্দিষ্ট গোচৰত অনুমতি প্ৰদান কৰে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *