জীৱ মানৱ শৰীৰৰ হৃদয় কমলত থাকে। মানৱ শৰীৰত ত্ৰিকুটিৰ আগলৈ পেটৰ ফালে মেঝদণ্ডৰ লগতে সমান্তৰালভাৱে পাঁচটা কমল (চক্র) নির্মিত কৰা আছে।
- ১/ মূল কমল- ইয়াত গণেশ দেৱৰ বাসস্থান।
- ২/ স্বাদ কমল- ইয়াত সাবিত্রী তথা ব্রহ্ম দেৱৰ বাসস্থান।
- ৩/ নাভি কমল- ইযাত লক্ষ্মী তথা বিষ্ণুদেবৰ বাসস্থান।
- ৪/ হৃদয় কমল ইয়াত পার্বতী তথা শিৱৰ বাসস্থান।
- ৫/ কণ্ঠ কমল – দুর্গা দেবীৰ নিবাস।
অবিনাশী পৰম ধামলৈ যোৱাৰ আগেয়ে সর্বপ্রথমে আমি এই কমল সমূহৰ দেৱতা সকলৰ পৰা ঋণ মুক্ত হব লাগে। তেওঁলোকৰ নাম মন্ত্র সাধনা কৰিলে আমাক ঋণ মুক্ত কবি আগলৈ যোৱাৰ পথ ওলাব। জীবাআত্মা প্রথমে হৃদয় কমলৰ পৰা মূল কমললৈ যাব। তাব পিছত স্বাদ কমল, নাভি কমল, হহৃদয় কমল আৰু কণ্ঠ কমললৈ যায়। ইয়াৰ পাছত ত্ৰিকুটি কমলত তিনিটা ৰাস্তা আছে ইয়াকে ত্রিবেনী বুলি কোৱা হয়। বহু সাধু সন্তই কয় যে আমি তলৰ দেৱতা সকলক ভক্তি কৰাৰ আৱশ্যকতা নাই আমি পোনে পোনে ত্রিবৃটিত ধ্যান দিওঁ। এনে কথা কোৱাটো সৰু লৰা ছোৱালীয়ে কোৱাৰ দৰে হয়। ত্ৰিকুটি বৰবালাৰ বাচষ্টেও নহয় যে খোজ কাঢ়ি বা চাইকেলেৰে গৈ পাম। ত্রিকুটলৈ যোৱাৰ আগেয়ে বহুটো ঘাট প্রতিঘাট অতিক্রম কৰিব লাগে। সেই খিনি পাৰ হলেহে ত্রিকূটিলে যাব পাৰি কেৱল ধ্যান কৰিলেই ত্রিবৃটিলৈ যাব নোৱাৰি। তাৰ কাৰণে সব কমলৰ দেৱতা সকলৰ যোগেদি যাব লাগিব তেতিয়াহে ত্রিকূটিলৈ যাব পৰা হব। যদি ধ্যান কবিলেই দিল্লী, পঞ্জার পায়গৈ বুলি ভাবে সেইটো ভুল হব। দিল্লীলৈ যাবলৈ যেনেকৈ প্রথমে বায়ু যানৰ বা বেলৰ টিকেট কৰিব লাগিব। অর্থাৎ এঠাইৰ পৰা আন ঠাইলৈ গৈ দিল্লী পাব লাগিব। অন্য ভাগে ত্রিকূটী আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰ হয়। যেনেকৈ এখন দেশৰ পৰা আন এখন দেশলৈ গলে N.O.C চার্টিফিকেট লাগে। আন দেশৰ পৰা নিজৰ দেশলৈ আহিবলৈ বিচাৰিলে সেই দেশৰ চৰকাৰৰ পৰা কোনো ধাৰ বাকী নোহোৱা চার্টিফিকেট লব লাগিব। প্রত্যেক বিভাগৰ পৰা লেনদেন নাথাকিলে সোনকালে NOC চটিফিকেট পোৱা যাব। পুনৰ আকৌ পাছপর্টব প্রযোজন হব। তেতিয়াহে আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰৱেশ কৰিবলৈ দিব। ঠিক সেইদৰে এই সর্ব কমলৰ কাৰ্য্যালয়ত থকা দেৱতা সকলৰ পৰা কোনো ধাৰ বাকী নথকা প্রমাণ প্রত্র পালেহে জীৱাত্মা ত্রিবুটীলৈ যাব পৰা হব। ত্রিবেনীৰ পৰা আগলৈ যাবলৈ “সত্যনাম” জপ কৰা সাধনাৰ অথশাক। সত্যনাম দুটা আখৰৰ এটা হ’ল ঔম (ওঁ) নামব জপ কৰা ক্ষদ পুৰুষব, দ্বিতীয়টো তত্ মন্ত্র। এইটো সাংকেতিক যিটো উপদেশ বা দীক্ষা লোবা ভকতকহে দিয়া হয়।
সন্তৰ বাণীত কোৱা হৈছে-
সোই গুৰু পুৰা কহাবৈ জো দো অক্ষৰ কা ভেদ বর্তাবে।
এক চুবাবে এক লাখাবে, তো প্রাণী নিজ ঘৰ কো জাবৈ।।
শিখ গুক, গুৰু নানক দেরে কৈছে যে-
জে তু পঢ়ায়া পণ্ডিত, বিন দো অক্ষৰ বিন দোয় নাবা।
প্রণরতি নানক এক লংঘারে জেকৰ সচ্চ সমাবা।
পৰমেশ্বৰ কৰীৰ দেৱৰ বাণী গুৰু গ্রন্থত আছে
কহ কবীৰ অক্ষৰ দোয় ভাখ, হোগা খচম তো লেগা বাখ।
যেতিয়া সাধকে ত্রিবুটি গৈ পায় তাত গুৰুদেৱৰ ৰূপত পৰমাত্মা পরমেশ্বৰক লগ পাব। তেওঁ গুৰু ৰূপত সাধকক ধৰ্মৰাজৰ দৰবাৰলৈ লৈ যাব, ত্রিকূটৰ পৰা বাওঁফালে বাস্তায়ে য’ত কাল ব্ৰহ্মৰ ন্যায়ধীশ ধৰ্মৰাজৰ দৰবাৰ আছে। ন্যায়ধীশৰ ওচৰত পৰমেশ্বৰে গুৰু ৰূপত উকিলৰ ভূমিকাত কাম কৰে। আমাৰ প্ররিত্র শাস্ত্র বেদ আৰু গীতা হৈছে পৰমাত্মাৰ সংবিধান। পৰমেশ্বৰ ন্যায়াধীশে (ধর্মৰাজক) গীতা অধ্যায় ১৮ শ্লোক ৬৬ ত গীতা জ্ঞান দাতাই কৈছে-
সর্ব ধৰ্ম্মান পৰিত্যজ মাম, একম শৰণ ব্রজ।
অহম ত্বা সর্ব পাপেভ্যঃ মোক্ষয়িষ্যামি মা শুচ।।
সৰলাৰ্থ হৈছে – কাল ব্রহ্মই কৈছে তেওঁৰ ওঁ নামৰ পৰা আৰ্জন কৰা সকলো ভক্তি তেওঁক অর্পন কৰি তুমি সেইজনা একম (যি জনৰ সমান অন্য কোনো নাই) পৰমেশ্বৰৰ শৰণত যোৱা। মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম, তুমি শোক নকৰিবা। গীতা অধ্যায় ১৮ শ্লোক ৬৬। সত্যনামৰ দুটা আখৰ আছে। এটা হ’ল ওঁ নাম, ওঁ নামৰ ভক্তি ধন ধৰ্মৰাজৰ ওচৰত জমা থাকিব। পুনৰ ধৰ্মৰাজৰ আদালতৰ পৰা ঘূৰি ত্রিবেনীলৈ আহি তাৰ পৰা আগলৈ যাব লাগিব। ত্রিবেণীৰ মাজেৰে যোৱা পথটো হৈছে ব্রহ্মান্ধ। সত্যনামৰ অন্য মন্ত্ৰৰ দ্বাৰাহে ব্ৰহ্মাঞ্জ দুৱাৰ খুলে। সত্যনামৰ পাছত সাৰনামও সাধক সকলক প্ৰদান কৰা হয়। সাৰ নাম পৰম অক্ষৰ ব্রহ্মা অর্থাৎ সত্য পুৰুষৰ মন্ত্র হয়। গীতা অধ্যায় ১৭ শ্লোক ২৩ ত কোৱা হৈছে সচ্চিদানন্দ ধন ব্রহ্ম অর্থাৎ পূৰ্ণ পৰমাত্মাক লাভ কৰিবলৈ তিনি আখৰ নাম মন্ত্র আছে। ওঁ তৎ সৎ।
“ওঁ” নাম ব্রহ্ম অর্থাৎ ক্ষৰ পুৰুষৰ
“তৎ” এই মন্ত্র সাংকেতিক, অক্ষৰ পুৰুষৰ নাম জপ
“সৎ” সাৰ নাম কোৱা হয়। সংকেতত আছে। পৰম অক্ষৰ পুৰুষৰ।
উপদেশ গ্রহণ কৰা সাধকক বুজোৱা হয়। পৰম অক্ষৰ ব্রহ্ম অর্থাৎ সত্য পুৰুষৰ নাম মন্ত্র। জীবাত্মাই ২১ খন ব্রহ্মাণ্ড পাৰহৈ যাব তেতিযা পৰমেশ্বৰ নিজৰ গুৰুদেৱৰ ৰূপত (ৰামপাল দাস) থাকিব, তাত ১১ নং দৰ্জাৰ দুৱাৰ আছে। সেই দর্জা তত নামেৰে অৰ্থাৎ তত নামৰ মন্ত্ৰৰেহে খুলে। পুনৰ অক্ষৰ পুৰুষৰ ৭ শংখ ব্রহ্মাণ্ড প্ৰৱেশ কৰি সত্য নামৰ তত মন্ত্ৰৰ ভক্তিৰ ধন তাৰ ন্যায়াধীশ সভাত জমা কৰি সাৰ নামৰ (সৎ নামব) শক্তিৰে ১২ নং দর্জা খুলি সত্যলোকত অবিনাশী পৰম ধামত জীবাত্মাক লৈ যাব। সৎ নামৰ ভক্তি শক্তি অনন্তগুণ অধিক হয় সৎ লোকত। তাত পৰমাত্মাৰ কৃপা সকলো সময়তে পায়। আমাৰ সকলোৰে নিজৰ পৰিয়াল ঘৰ সংসাৰৰ পুনৰ মিলন ঘটিব, যেনেকৈ এই সংসাৰত আছে। তাত কোনো বৃদ্ধ অবস্থা নাপাব কেতিয়াও মৃত্যু নহয় আৰু কোনো বস্তুৰ অভাৱ নাই। গীতা অধ্যায় ১৮ শ্লোক ৬২ তথা গীতা অধ্যায় ১৫ শ্লোক ৪ ত ভগৱানে কৈছে হে অর্জুন তুমি সর্বভাবে সেইজন পৰমেশ্বৰৰ চৰণত যোৱা, তেওঁৰ কৃপাত হে তুমি পৰম শান্তি আৰু কেতিয়াও বিনাশ নোহোৱা স্থান পৰম সনাতন ধাম অর্থাৎ সত্যলোক প্রাপ্তি কৰিবা। তৎদর্শী সন্ত প্রাপ্তিৰ পাছত পৰমেশ্বৰৰ সেই স্থানৰ সন্ধান কৰিব লাগে যি ঠাইত গৈ পোৱাৰ পাছত প্রাণী পুনৰ সংসাৰলৈ ঘূৰি আহিব নালাগে। (গীতা অধ্যায় ১৫ শ্লোক ৪) ভক্তিৰ পৰা ভগবানক পাবলৈ মধ্যস্থতাকাৰীৰ প্রয়োজন হয়। যাক পথ প্রদর্শক বা সৎগুৰু বোলা হয়।
প্রশ্নঃ- গুৰু অবিহনে ভক্তি কৰিব নোৱাবে নে?
উত্তৰঃ- ভক্তি কৰিব পাৰে কিন্তু ব্যর্থ প্রচেষ্টা হব।
প্রশ্নঃ- কাৰণ কি হব পাৰে?
উত্তৰঃ- পৰমাত্মাৰ বিধান সুক্ষ্ম বেদত কৈছে-
কৰীৰ গুৰু বিন মালা ফেৰতে, গুৰু বিন দেতে দান।
গুৰু বিন দোনো নিষ্ফল হে, পুচো বেদ পুৰা
কবীৰ ৰাম কৃষ্ণ সে কৌন বড়া ওণ হৌ ভী গুৰু কিস্থা
তিন লোক কে রে ধনী, গুৰু আগে আধীন।।
কবীৰ ৰাম কৃষ্ণ বড়ে তিনহো পূর্ব বাজা।
তিন গুৰু বন্দ কিনহ, নিজ কাজা।।
ভাৱাৰ্থ হৈছে – গুৰু নোহোৱাকে যদি মালা আৰু নাম জপ কৰা হয়, দান দক্ষিণা দিয়া হয়। সকলো বার্থ বুলি কৈছে। যদি ইয়াত সন্দেহ আছে নিজৰ ‘বেদ তথা পুৰাণত প্ৰমাণ লিষ আছে।
শ্রীমৎভাগৱত গীতা চাৰিখন বেদৰ সাৰাংশ। গীতা অধ্যায় ২ শ্লোক ৭ত অর্জুনে শ্রীকৃষ্ণক কৈছে মই তোমাৰ শিষ্য তোমাৰ চৰণত আছো। গীতা অধ্যায় ৪ শ্লোক ৩০ শ্রীকৃষ্ণ শৰীৰত কাল ব্রহ্মা প্রবেশ কৰি অর্জুনক কৈছে তুমি মোৰ ভক্ত। পুৰাণত আছে শ্রীবামে বশিষ্ঠ ঋষিৰ পৰা দীক্ষা গ্রহণ কৰিছিল আৰু নিজৰ ৰাজ কাৰ্য গুৰু বশিষ্ঠৰ আজ্ঞা অনুসৰি পৰিচালনা কৰিছিল। শ্রীকৃষ্ণই ঋষি সন্দিপনী পৰা শিক্ষা গ্রহণ কৰিছিল আৰু তেওঁৰ আধ্যাত্মিক গুক দুর্বাসা ঋষি আছিল। পৰমেশ্বৰ কবীৰদেৱে আমাক বুজাব বিচাৰিছে যে আমি শ্রীৰা ম চন্দ্র তথা শ্রীকৃষ্ণ দেৱৰ বাদে আন কাকো ভগৱান বুলি নামানো। এওঁলোক তিনিখন স্থানৰ স্বামী হয়। তেওঁলোকেও গুৰু ওচৰত শৰণ লৈ ভক্তি কৰিছিল। ইয়াৰ পৰা সহজে বুজিব পাৰি যে অন্য ব্যক্তি সকলেও গুক বিনা ভক্তি কৰাটো কিমান সত্য। অর্থাৎ বিনা গুৰুত ভক্তি কৰাটো কোনো কামৰ নহয়। গুৰু বিনা দেখা দেখি বা কৰবাত দেখি শুনি কৰা ভক্তিক লোক বেদ অনুসৰি ভক্তি কৰা বুজায়। লোক বেদৰ অৰ্থ হ’ল কোনো ক্ষেত্ৰত প্রচলিত ভক্তি জ্ঞান অর্থাৎ মুখে মুখে প্রচলিত ভক্তি জ্ঞান যিটো তত্বজ্ঞানৰ সম্পূৰ্ণ বিপৰীত লেখকে এনে লোক বেদৰ আধাৰত ভক্তি কৰিছিল, শ্রীহনুমান, বাবা শ্যাম দেৱ দেৱতাৰ ভক্তি কৰিছিল। হনুমান জীৰ ভক্তিত মঙ্গলবাৰ ব্রত পালন কৰিছিল। বুনিয়া লাডু প্রসাদ হিচাবে বিতৰণ কৰিছিল। দেশী ঘিউৰে বনোৱা খুড়মা খাইছিল। বাবা হনুমানৰ পূজাত বনস্পতি ঘিউৰে বনোৱা পায়স ব্যৱহাৰ কৰিছিল। হবে বাম হবে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হবে হৰে মন্ত্র জপ কৰিছিল। কোনোবাই কলে
ঔম নাম সবসে বড়া, ইসমে বড়া ন কোই ‘৫’ নাম কা জপ করে, তো শুদ্ধ আত্মা হোয়।। ঐ নামৰ কথা শুনি লেখকে ঐ নামৰ জপ আৰম্ভ কৰিছিল। ঔম নমো শিৰা য়, ঔম নমো ভগবতে বাসুদেবায় নমঃ ইত্যাদি নাম জপ কৰিছিল। তীর্থ কৰিবলৈ গলে দান কৰা ম্লান কৰা এই সকলোবোৰ লোক বেদৰ মতে কৰিছিল। ঘৰৰ অলপ সুখ শান্তি হলে এনে বিলাক ভক্তি কর্মৰ ফলতে হোৱা বুলি আত্ম এ সন্তুষ্টি লভিছিল। পৰামেশ্বৰ কৰীৰদেৱে এই বিষয়ে সুক্ষ্মবেদত কৈছে- কবীৰ পীছে লাগযা জাও থা. মে লোক বেদকে সাথ বাক্তে মে সৎগুৰু মিলে, দীপক দীস্থা হাথ। ইয়াৰ ভাৱাৰ্থ হৈছে- সাধকে লোকবেদৰ অনুসৰি অর্থাৎ মুখে মুখে চলি অহা জ্ঞানৰ জৰিয়তে ভক্তি কৰি আহিছিল। সাধকে শাস্ত্ৰ বিপৰীত সাধনাৰে গৈ থাকোতে ভক্তি পথত এদিন তত্বদর্শী সন্তক লগ পালে। তত্বদর্শী সন্তৰ পৰা শাস্ত্র বিধি অনুসৰি শাস্ত্র প্রমাণিত সাধনা কৰিলে, গোটেই জীৱন শাস্ত্ৰনুকূল ভক্তিৰ পোহৰ পালে। অমূল্য মানর জীবন অথলে যোৱাৰ পৰা ৰক্ষা হল। কাৰণ তত্বদর্শী সাধুৱে তেওঁৰ সত্য ভক্তি পথ দেখুৱাই দিলে। তত্বদর্শী সাধুৰ পৰা তত্বজ্ঞানৰ পোহৰ লাভ কৰাৰ পাছত হে অনুভৱ হল যে তেওঁ পূৰ্বতে ভুল সাধনা কৰি আছিল। মানর সমাজে মিছা ভক্তিত লিপ্ত হৈ নিজৰ জীবন টো বিপথে পৰিচালিত কৰিছে। শ্রীমৎভাগবত গীতাৰ অধ্যায় ১৬ শ্লোক ২৩-২৪ ত কৈছে যে শাস্ত্রবিধি ত্যাগ কৰি যি সাধকে নিজৰ ইচ্ছাকৃত ভক্তি সাধনা কৰে তেওঁৰ কেতিয়াও সুখ নহয়, সিদ্ধি নহয় আৰু কোনো গতি প্রাপ্তি নহয়। অর্থাৎ জীৱনত কৰা সকলো অর্থহীন হয়। পুনৰ গীতা অধ্যায় ১৬ শ্লোক ২৪ ত কৈছে যে হে অর্জুন ভক্তি সাধনাত কি কর্ম কৰিব লাগে আৰু কি কর্ম কৰিব নালাগে এই সকলো প্রমাণ শাস্ত্রতে আছে। লেখক ৰামপাল দাসে উক্ত ভক্তি সাধনা কৰিছিল। হিন্দু সমাজত যি বোৰ ধৰ্মৰ নামত কৰা হৈছে সেই সকলো গীতা, বেদ শাস্ত্ৰৰ বিপৰীত হোৱা কাৰণে সকলো সাধনা ব্যর্থ হৈছে।
কৰীৰ গুৰু বিন কাই ন পাযা জ্ঞানা জ্যো থোথা ভুস চৰে মূঢ় কিসানা।
কবীৰ গুৰু বিন বেদ পঢ়ে জো প্রাণী, সমঝে ন সাৰ বহে অজ্ঞানী।।
কবীৰ গুৰুদেৱৰ বাণীত কৈছে গুৰু বিনে ক’তো জ্ঞান পোৱা নাযায়। কৃষকে পতানকে খেতি পথাৰত শস্য বুলি সিচাৰ দৰে গুৰুৰ অবিহনে বেদ শাস্ত্র পঢিলে কোনো ফল নধৰে বৰঞ্চ অজ্ঞানী হৈয়ে ৰব। গুৰুদেৱৰ পৰা দীক্ষা লৈ ভক্তি কৰিলে সফল হয়, গুৰু অবিহনে ভক্তি কৰিলে কোনো লাভ নহয়। উদাহৰণ স্বৰূপে-
এজন বজাৰ বাণী গৰাকী বৰ ধাৰ্মিক আছিল, তেওঁ পৰমেশ্বৰ কৰাৰ দেৱন। ওচৰত দীক্ষা গ্রহণ কৰিছিল। তেওঁ সদায় গুৰু দর্শনৰ কাৰণে গুৰু ওচৰলৈ গৈছিল, বজাই এই কথাত ভাল নাপাইছিল। কিন্তু তেওঁ নিজৰ পত্নীক গুৰুৰ ওচৰলৈ যোৱা বাবে মানা কৰিব পৰা নাছিল। কাৰণ হল ৰাণী আছিল এজন শক্তিশালী ৰজাৰ জীয়েক দ্বিতীয়। কথা হ’ল ৰজাই তেওঁৰ পত্নী সদায় মন প্রসন্ন হৈ থকাটো বিচাৰিছিল। এদিন ৰজাই নিজৰ পত্নীক বিনম্রভাবে কলে যে তুমি বেয়া নাপাবা, মই তোমাক এটা কথা কওঁ, কথা হ’ল তুমি গুৰুদেৱৰ ওচৰলৈ নোযোৱাকৈ ঘৰতে ভক্তি কৰিব পাৰা। গুৰু বিনাও ভক্তি কৰিব পাৰি, ৰাণীয়ে কলে গুৰু দেরে কৈছে গুৰু বিনা ভক্তি কৰিলে ভক্তি সফল নহয়। বজাই তেতিযা কলে যে মই কালিলৈ এই কথা স্পষ্ট কৰিবলৈ যাম। ৰজাই সন্তক প্রশ্ন কৰিলে যে আপুনি সমাজক মুর্খ সজাইছে, গুক বিনা ভক্তি নহয় বুলি কৈছে। গুৰু বিনা ভক্তি কিয় সফল নহব? নাম মন্ত্র জপ কৰিব লাগে। এজনে আনজনৰ লগত সোধ পোছ কৰিলেই যথেষ্ট। গুৰুদেবে তেতিয়া কলে যে আপোনাৰ কথাৰ গুৰুত্ব আছে। মই আপোনাৰ ৰাজদৰবালৈ যাম, তাত এই কথাৰ উত্তৰ দিম। নির্ধাৰিত দিনত এদিন গুৰুৱে ৰাজদৰবাৰলৈ গ’ল, ৰজা ৰাজ আসনত বহি আছিল। ওচৰে পাজৰে চিপাহী সকল নিজ কর্ত্তব্যত আছিল। গুৰুজনা দৰবাৰত বহিবৰ বাবে বেলেগ আসন ৰখা আছিল। গুৰুৱে ৰাজ দৰবাৰত সোমাইয়ে চিপাহী সকলক ৰজাৰ ফালে দেখাই আদেশ দিলে যে ৰজাক গ্ৰেপ্তাৰ কৰাঙ্গ চিপাহী সকল এই কথাত মান্তি নহল। সন্ত গুৰুরে তিনিবাৰ একেৰাহে এই আদেশ জাৰি কৰিলে, কিন্তু ৰজাৰ চিপাহীয়ে ৰজাক গ্ৰেপ্তাৰ নকৰিলে। এই কথাত ৰজাৰ তেতিয়া সন্তৰ ওপৰত খং উঠিল আৰু কলে মোৰ ৰাণীক প্রলোভন দি মোৰ ৰাজ্যখন লোৱাৰ চক্রান্ত কৰিছে। বজাই চিপাহী সকলক এবাৰেই মাত্র আদেশ দিলে সম্ভক গ্ৰেপ্তাৰ কৰা। ৰজাৰ আদেশ পোৱাৰ লগে লগে সম্ভক গ্রেপ্তাৰ কৰিলে। তেতিয়া সন্তই কলে মোক আপুনি ঘৰত মাতি আনি এনে অপমান কৰিছে। এনে ব্যৱহাৰ উচিৎ হোৱা নাই, বজাই কলে আপুনি এইবোৰ কি প্রলাপ বকিছে? আপুনি ৰজাক গ্রেপ্তাৰ কৰিবলৈ কিয় আদেশ দিছিল। সন্তই কলে যে আপোনাৰ প্ৰশ্নটোৰ মই উত্তৰ দিছিলো যে গুকৰ ওচৰত দীক্ষা লৈ ভক্তি কৰিলে লাভ হয়। চিপাহী সকলৰ পৰা মোক মুক্ত কৰি দিলে তাৰ উত্তৰ মই দিম। বজাই চিপাহী সকলক সপ্তক এৰি দিবলৈ আদেশ দিলে। উপাহীয়ে সপ্তক মুক্ত কৰি দিলে। মুক্ত হোৱাৰ পাছত সন্তই ৰজাক কলে যে মই চিপাহী সকলক তিনিবার আদেশ দিয়াৰ পাছতো বজাক গ্ৰেপ্তাৰ কৰা নাছিল অথচ তুমি এবাৰ আদেশ দিয়াৰ লগে লগে মোক গ্ৰেপ্তাৰ কৰিলে। তোমাৰ মুখৰ কথাত যেনেকৈ বাজ শক্তি আছে মোৰও মুখৰ কথাত আধ্যাত্মিক শক্তি আছে। আপুনি সেই নাম জপ বা ভক্তি কাৰণে অন্যক কলে সেই নাম জপে আনক প্রভাৱ পেলাব নোৱাৰে। যদি সেই নাম ভক্তি মই দিওঁ তেন্তে লগে লগে সাধক বা ভকত সকলৰ ওপৰত প্ৰভাৱ পৰিব। সেয়েহে তত্বদর্শী সন্তৰ পৰা দীক্ষা লোৱা ব্যক্তি সকলৰ আধ্যাত্মিক প্রক্রিয়া আৰম্ভ হয়। তেওঁৰ আত্মাত ভক্তিৰ গজালি মেলে।
সুক্ষ্ম বেদত কৈছে-
সৎগুৰু পশু মানুষ কৰি ডাৰে, সিদ্ধি দেয় কৰ ব্ৰহ্ম বিচাৰে ভাবার্থ হৈছে- সৎগুকরে পশুকো মানুহ কৰি তুলে। সৎ গুৰুৱে প্রথমে মানুহক সৎসঙ্গব বাণী শুনাই প্রকৃত মানুহ কৰি গঢ় দিয়ে। নিজৰ ভক্তিৰ সিদ্ধি কৰিবলৈ অন্তঃ কৰণে পৰমাত্মা সাধনা কৰিবলৈ প্রবল ইচ্চা শক্তি দিনে দিনে বৃদ্ধি কৰে। সেইবাবে কবীৰদেৱে কৈছে- কৰীৰ গুৰু বিন মালা ফেৰতে, গুৰু বিন দেতে দান গুৰু বিন দোনো নিষ্ফল হে, চাহে পুচৌ বেদ পুৰাণ।। যোগ যজ্ঞ তপ দান কৰাৱে, গুৰু বিমুখ ফল কভী নহী পারৈ।। ভাৰা র্থ গুৰু বিনে নাম জপ, মালা জপ আৰু দান সকলো ব্যর্থ। বেদ আৰু পুৰাণতো ইয়াৰ প্ৰমাণ আছে। গুৰুদেৱৰ পৰা দীক্ষা লৈ পুনৰ গুৰুদেৱক এৰি মন্ত্র জপ কৰিলেও বা নযজ্ঞ, দান যজ্ঞ কৰিলেও কোনো ফল নাপায়, এই বিলাকৰ পৰা কোনো লাভ নহয়। কৰীৰ তাতে সৎগুৰু শৰণা লীজে, কপট ভাব সৰ দূৰ কৰিজে।
অন্য প্রমাণঃ
কবীৰ গৰ্ভযোগেশ্বৰ গুৰু বিনা, কৰতে হৰি কী সেব কহে কবীৰ বৈকুণ্ঠ সে, ফেৰ দিয়া সুখদেব।। ৰাজা জনক গুৰু কিয়া, ফিৰ কিন্থী হৰ কী সেব। কহে কবীৰ বৈকুণ্ঠ মে, চলে গয়ে সুখদের। ইয়াৰ ভাবার্থ হৈছে ঋষি বেদব্যাসৰ পুত্ৰ সুখদেৱে নিজৰ পূৰ্ব জন্মৰ ভক্তি শক্তিৰ দ্বাৰা নিজব ইচ্চা মতে উবি গৈ স্বর্গ পাইছিল। এদিন তেওঁ শ্রীবিষ্ণুদেৱৰ স্থানলৈ গ’ল। বিষ্ণুদেৱৰ স্বর্গদুবাৰত উপস্থিত হোৱাৰ লগে লগে তাৰ কৰ্মচাৰী সকলে ঋষি সুখদেৱক সুধিলে ঋষিবৰ আপোনাৰ গুৰুদেৱৰ নাম কওক, সুখদেরে কলে যে। যে গুৰুৰ কি আৱশ্যকতা আছে? অন্যগুক। ধাৰণ কৰি ইয়ালৈ আহিছে। মোৰ ওচৰত এনেকুৱা শক্তি আছে যে মই বিনা গুৰু শক্তিবে আর্থাৎ কোনো গুৰু নোহোৱাকৈ ইয়ালৈ আহিছো। দ্বাৰপালে তেতিয়া ক’লে এইয়া পূর্ব জন্মাব ভক্তি শক্তি। পুনৰ এই জন্মত গুৰৰ পৰাদীক্ষা লৈ ভক্তি নকৰিলে পূৰ্বৰ ভক্তি শক্তি কিছুদিনৰ পিছত সমাপ্ত হব আৰু আপোনাৰ মানৱ জীৱন অথলে যাব। যেনেকৈ উদাহৰণ স্বৰূপে – ইনভার্টার বেটেৰী লগাই চার্জ কৰা হয়। ইনভার্টাৰ
পবা বেটেৰী টো আঁতৰাই দিলেও ইনভার্টার টোরে কিছু সময়লৈকে নিজৰ কাম কবি থাকিব কিয়নো তাত পূর্বে সংগ্ৰহ কৰা চার্জ জমা হৈ থাকে। কিছু সময় পাছত ইনভাৰেটৰ টোরে কোনো কাম নকৰা হব, টিউব লাইট পাংখা একো নচলা হব। ইনভাৰেটৰ পুনৰ চাজ কনা প্রয়োজন হব। আধ্যাত্মিক জ্ঞানৰ বাবে গুৰুব দীক্ষা যেনেকৈ প্রয়োজন বিজুলী ৰূপত পরমেশ্বর দিয়া শক্তির প্রয়োজন, ঋষি সুখদেবে নিজব ভক্তি সিদ্ধিৰ বাবে আত্ম গর্বী আছিল তেওঁ এইবোৰ মানা নাছিল, এই বিষয়ে বাদ বিবাদ সৃষ্টি হোৱাত ভগবান বিষ্ণুরেও কথাটো গম পালে। শ্রীবিষ্ণুররেও ঋষিক কলে যে প্রথমে গুৰু ওচৰত দীক্ষা লোৱা তাৰ পাছত ইয়ালৈ আহিবা। সুখদেরে কলে যে হে ভগবান, পৃথিৱীত মোৰ সমান আৰু কোনো নাই, কাৰ ওচৰত দীক্ষা লম। আপুনি অনুগ্ৰহ কৰি কওক, মই কাৰ ওচৰত দীক্ষা লও? শ্রীবিষ্ণবে বাজা জনকৰ ওচৰত দীক্ষা লবলৈ কলে। সুখদের ঋষিয়ে পুনৰ পৃথিৱীলৈ ঘূৰি আহি ৰজা জনকৰ পৰা দীক্ষা লৈ নিজৰ জীৱন সফল কৰিলে আৰু তেওঁক স্বর্গত থাকিবলৈ দিযা হল। সেইবাবে গুৰু দীক্ষা বিনে ভক্তি কৰাটো ব্যর্থ হয়। যিকোনো গুৰুৰ ওচৰত দীক্ষা ললে নহব, মিছা গুৰুৰ পৰা কোনো সফল নহয়। প্রশ্ন হলঃ- পূর্ণ গুৰুক কোনেকৈ চিনি পাম? আমি যিকোনো গুৰৰ জ্ঞান পালেই তেওঁক সৎ গুৰু বুলি ভাবো।
উত্তৰঃ- সুক্ষ্মবেদত গুৰুৰ লক্ষণ সমূহৰ কথা উল্লেখ কৰিছে। গৰীব, সৎগুৰুৰ কে লক্ষণ কই, মধুর বেন বিনোদ চাৰ বেদ ছয় শাস্ত্র, কহ অঠাবহ বোধ।
সন্ত গরীব দাস দেৱক (চুৰানী গাৱঁ, ঝবাৰ জিলা, হাৰিয়ানা) পৰমেশ্বৰ কৰীৰ চাহেবে নিজে সাধু ৰূপত আহি লগ কৰিছিল। তেওঁৰ আত্মাটো সত্যলোকৰ অৰ্থাৎ সনাতন পরম ধামলৈ লৈ গৈছিল। তাত সকলো দেখাই পুনৰ পৃথিৱীলৈ আনি এৰি দিছিল। তেওঁক সম্পূর্ণ আধ্যাত্মিক জ্ঞান বুজাই দিছিল। গৰীব দাসক পৰমেশ্বৰ কবীৰ চাহাবে সম্পূর্ণ আধ্যাত্মিক জ্ঞান বুজাই দি তেওঁৰ জ্ঞানৰ চকু খুলি দিলে। সেই জ্ঞানৰ আধাৰতে সন্ত গৰীব দাসে গুৰু চিনাকী কৰণ কেনেদৰে হয় তাৰ বিষয়ে কয় যে যি জন সৎ গুৰু অর্থাৎ প্রকৃত গুৰু তেওঁ এনেকুৱা প্রকৃত জ্ঞানৰ কথা সমাজক বুজাই কয়, যি জ্ঞানৰ কথা শুনিলে আত্মাক আনন্দিত কৰি তুলে। হৃদয় মধুৰতাৰে ভৰি পৰে, কাৰণ সেই মংগল বাণী সত্যৰ ওপৰত আধাৰিত। সেই বাণীবোৰ আমৰ প্ৰবিত্র শাস্ত্ৰত, ধৰ্ম গ্ৰন্থত বিস্তাৰভাৱে লিখা আছে। পূর্ণগুৰুৱে চাৰি বেদৰ তথা সৰ্ব শাস্ত্ৰৰ জ্ঞান বিস্তাৰিত ভাবে বুজাই কয়। ইয়াৰ প্ৰমাণ পৰমেশ্বৰ কবীৰ চাহাৰে সুক্ষ্ম বেদত কৈছে-গুৰুকে লক্ষণ চাৰ বাসানা, প্রথম বেদ শাস্ত্রকো জ্ঞানা দুজে হৰি ভক্তিমন কর্ম বাণী, তীজে সম দৃষ্টি কৰি জানি।। চৌথে বেদ বিধি সব কর্মা, যে চাৰি গুৰু গুণ জানো মর্মা।। ইয়াৰ সৰল অর্থ হৈছে কবীৰদেৱে কৈছে যে যি জন প্রকৃত গুৰু হব, তেওঁৰ চাৰিটা মুখ্য লক্ষণ থাকিব।
- ১/ সকলো বেদ আৰু শাস্ত্ৰৰ বিষয়ে ভালদৰে জানে।
- ২/ তেওঁ নিজে ভক্তি কৰ্ম মন, কর্ম, বচনেৰে কৰে আৰু শিষ্য সকলকো কৰোৱাই অর্থাৎ তেওঁৰ কথা আৰু কৰ্মৰ মাজত কোনো পার্থক্য নাই।
- ৩/ তেওঁ সকলো শিষ্যকে সমান চকুৰে চায় আৰু সমান ব্যৱহাৰ কৰে। কাৰো প্ৰতি ভেদভার নাবাখে।
- ৪/তেওঁ যি ভক্তি কৰোৱাই চাৰিবেদৰ অনুসৰি কৰে। (ঋক বেদ, যজুবেদ, অথর্ববেদ সামবেদ পঞ্চম বেদ হৈছে সুক্ষ্ম বেদ) চাৰিখন বেদৰ উপৰি পঞ্চম বেদ সুক্ষ্মবেদ) এই সকলো বেদৰ মতে কৰে।
সকলো বেদৰ মতে
“ঔম” শব্দটোৱেই উল্লেখ আছে। প্রমাণ হৈছে যজুর্বেদ অধ্যায় ৪০ মন্ত্র ১৫ তথা ১৭ ত আছে। মন্ত্র ১৫ ত কৈছে “ঔম” নামৰ স্মৰণ দৈনন্দিন কাম কৰাৰ সময়ত কৰা। বিশেষ ভাবে কৰা, মনুষ্য জীৱনৰ পৰম কৰ্ত্তব্য হিচাবে স্মৰণ কৰা। “ঔম” নামৰ জপ মৃত্যু পর্য্যন্ত কৰিলে সিমান অমৰত্ব প্রাপ্ত হব যিমান ওঁ নামৰ স্মৰণত হয়। যজুর্বেদ অধ্যায় ৪০ মন্ত্র ১৭ বেদর জ্ঞান দাতা ব্রগাই কৈছে প্রকৃততে যি পূর্ণ পৰমাত্মা তেওঁ সকলোৰে অগোচৰ, তেওঁ কাকো দেখা নিদিয়ে। বেদ কোৱা ব্রহ্মাই নিজে সবিশেষ একো নাজানো বুলি কয়। যজুর্বেদৰ অধ্যায় ৪০ মন্ত্র ১০ উল্লেখ কৰিছে পূর্ণ পৰমাত্মাৰ সবিশেষ জ্ঞান তত্বদশী সন্তই জানে। অধ্যায় ৪০ মন্ত্র ১৭ ত কৈছে মই ব্রহ্ম ক্ষৰ পুৰুষ, কাল ব্রহ্ম, মোৰ ভক্তি মন্ত্র ওঁ, দিব্য আকাশত থাকো (ব্রহ্ম লোকত) এই একে প্রমাণ শ্রী দেবী পুৰাণ (গীতা প্ৰেচ গৌৰখপুৰ, হিন্দীত প্রকাশিত) সাত নং স্কন্ধ ৫৬২, ৫৬৩ পৃষ্ঠাত আছে। শ্রীদুর্গাদেবীয়ে হিমালয় ৰজাক কৈছে যদি আত্মা কল্যাণ বিচাৰিছা তেন্তে তুমি মোৰ ভক্তি ত্যাগ কৰি আন সকলো কথা বাদ দি কেৱল “ত্ত” নামৰ জপ কৰা, ব্ৰহ্ম প্রাপ্তি উদ্দেশ্য আগত ৰাখা, ইয়াৰ পৰা তুমি ব্রহ্মক পাবা, তেওঁ দিব্য আকাশত থাকে। ইয়াৰ পৰা জানিব পাৰি যে বেদত “ওঁ” নামৰ বাদে অন্য কোনো নাম মন্ত্র নাই। শ্রীমৎ ভাগবত গীতা শাস্ত্ৰত চাৰিখন বেদৰ সাৰাংখ খিনি আছে। গীতা অধ্যায় ৮ শ্লোক ১৩ ত কৈছে।
ঔম ইতি একাক্ষৰম, ব্রহ্ম ব্যাহৰণ মাম অনুস্মৰণ
যঃ প্রয়াত তৎজম, দেহম, সঃ যাতি পৰমাম গতিম।
অনুবাদ- গীতা জ্ঞান দাতা ব্রহ্মাই অর্জুনক কৈছে যদি তুমি মোক লাভ কৰিব বিচৰা তেনে কেবল “ওঁ” নাম এক আখৰ জপ কৰা। যি ব্যক্তিয়ে জীবনৰ শেষ সময়লৈকে “ও” নামৰ স্মৰণ কৰি নিজ দেহ ত্যাগ কৰে সেই ব্যক্তিয়ে দিব্য আকাশত ব্রহ্ম লোক প্রাপ্তী হয়া
শ্রীমৎ ভাগৱত গীতা তথা বেদত “ওঁ” নামৰ বাদে অন্য কোনো নাম ব্রহ্ম সাধনাৰ উল্লেখ নাই। ইয়াৰ দ্বাৰা প্ৰমাণ হল যে “ওঁ” নামৰ মন্ত্র জপ কৰাটো শাস্ত্র অনুকূল সাধনা। গীতা জ্ঞান দাতা ব্রহ্মই অর্জুনক স্পষ্ট কৈ কৈছিল যে তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈছে আৰু আগলৈও হব। মোৰ উৎপত্তি কোনো ঋষি তথা দেৱতাইও নাজানে। গীতা অধ্যায় ২ শ্লোক ১২ অধ্যায় ৪ শ্লোক ৫ আধ্যায় ১০ শ্লোক ২ ত কৈছে। ইয়াৰ পৰা বুজা গল যে গীতা জ্ঞান দাতা ব্ৰহ্মৰ জন্ম আৰু মৃত্যু হয়। এওঁব পূজাৰী তথা উপাসক সকলৰো জন্ম মৃত্যু হয়। সেইবাবে গীতা অধ্যায় ৮ শ্লোক ১৬ত কোৱা হৈছে যে ব্রহ্ম লোকলৈ যোৱা সাধক সকলৰ ও জন্ম মৃত্যু হয়। গীতাৰ অধ্যায় ১৮ শ্লোক ৬২ ত কোৱা হৈছে যে অর্জুন তুমি একাগ্ৰতাভাৱে সেইজন পৰমেশ্বৰ চৰণত যোৱা তেওঁৰ কৃপাত তুমি পৰম শান্তি তথা সনাতন পৰম ধাম লাভ কৰিব পাৰিবা। গীতা অধ্যায় ১৫ শ্লোক ৪ ত জ্ঞান দাতাই অর্জুনক কৈছে তত্বদর্শী সন্তৰ পৰা চবজ্ঞান লাভ হোৱাৰ পাচত তত্বদর্শী সন্তই দিয়া দীক্ষা অনুসৰি ভক্তি সাধনা কৰিহে পরমেশ্বৰৰ সেই পদ সন্ধান কৰা উচিৎ যাতে তালৈ যোৱা সাধক সকল পুনৰ ঘূৰি আহিব ললাগে। কেবল সেই পৰমেশ্বকেহে ভক্তি কৰা। গীতা অধ্যায় ৭ শ্লোক ২৯ ত গীতা জ্ঞান দাতাই কৈছে-
জবা মৰণ মোক্ষায় মাম আশ্রিত্য য়তন্তি য়ে।
তে তত্ব্রহ্মা বিদুঃ কৃতস্নম অধ্যাত্মম কর্ম চ অখিলম – এবার্থ হৈছে গীতা জ্ঞান দাতাই কৈছে যে যিজনে তেওঁৰ কোৱা জ্ঞানৰ আশ্ৰয় কৰি ৰ্থোৎ তত্বদর্শী সম্ভৰ ওচৰত শৰণাগত হৈ তত্বজ্ঞান গ্রহণ কৰে সেই ব্যক্তিয়ে বৃদ্ধ অবস্থা মাক মৃত্যু হোৱা কষ্টৰ পৰা মুক্ত পাৱলৈ যত্ন কৰে। সংসাৰত কোনো মূল্যবান বস্তুৰ ইচ্ছ। চক্তিৰ বিনিময়ত নিবিচাৰে। তেওঁ পূর্ণ পৰমাত্মাক, সকলো আধ্যাত্মক আৰু ভক্তি সাধনা কি ভালদৰে বুজি পায়। অর্জুনে গীতা অধ্যায় ৮ শ্লোক ১ ৩ সুধিছে তত ব্রহ্ম মানে কি? ইয়াৰ উত্তৰ গীতা জ্ঞান দাতা ব্রহ্মই অধ্যায় ৮ ৰ শ্লোক ৩ ত কৈছে “পৰম অক্ষৰ ব্ৰহ্ম”। গীতা অধ্যায় ৮ শ্লোক ৫ তথ্য ৭ ত গীতা জ্ঞান দাতাই নিজৰ ভক্তি সাধনাৰ কথা কিছে আৰু অর্জুনক বিশ্বাস কৰাইছে যে মোক ভক্তি কৰিলে মোৰ স্থান প্রাপ্ত হব অর্থাৎ এথা লোক প্রাপ্তী হব। কিন্তু জন্ম মৃত্যু হৈয়ে থাকিব, যুদ্ধও কৰিব লাগিব, পৰম শান্তি লাভ নহব। পুনৰ গীতা জ্ঞান দাতাই অধ্যায় ৮ শ্লোক ৮, ৯, ১০ ত কৈছে যে তত্ ব্রহ্ম অর্থাৎ “গৰম অক্ষৰ ব্ৰহ্ম” ক ভক্তি কৰা সাধক সকলে সচ্চিদানন্দ ঘন ব্রহ্মক, মোতকৈ বেলেগ এজন দিবা পৰমেশ্বৰৰ প্ৰাপ্ত হব। এইদৰে পৰম অক্ষৰ ব্ৰহ্মৰ মহিমা গীতা অধ্যায় ১৫ শ্লোক ১৭ ত কৈছে। গীতা অধ্যায় ১৫ শ্লোক ১৬ ত দুজন পুৰুষৰ কথা কৈছে। এজন ক্ষৰ পুৰুষ গীতা জ্ঞান দাতা ২১ নব্ৰহ্মাণ্ডৰ স্বামী, আনজন অক্ষৰ পুৰুষ সাত (৭) শংখ ব্রহ্মাণ্ডৰ স্বামী। এই দুয়ো বিনাশী অর্থাৎ মৃত্যু হয়।