এসময়ত বংগালৰ উপকূলত মার্কেণ্ডেয় ঋষিয়ে তপস্যা কৰি আছিল। স্বৰ্গৰ বজা ইন্দ্ৰৰ পদত থকা ব্যক্তিৰ ক্ষেত্ৰত এটা চর্ত আছে যে যদি তেওঁৰ শাসন কালত কোনো ব্যক্তিৰ ইন্দ্ৰ পদবীৰ যোগ্য হয় তেন্তে তেওঁক সেই পদবী এৰি দিব লাগিব। সেইবাবে স্বৰ্গৰ ৰজা ইন্দই সদায় ভয় কৰি থাকে যাতে তেওঁৰ ৰাজত্ব কালত অন্য কোনো ব্যক্তিয়ে তপ বা ধর্ম যজ্ঞ সাধনা যাতে সম্পূর্ণ কৰিব নোৱাৰে তাৰ প্ৰতি সদায় সজাগ থাকে। দূতৰ পৰা ইন্দ্ৰই খবৰ পালে যে মার্কণ্ডেয় ঋষিয়ে বংগালৰ উপকূলত তপস্যা কৰি আছে। ইন্দ্ৰই ঋষিৰ তপস্যা ভংগ কৰিবৰ বাবে ইন্দ্ৰ পত্নী উর্বশীক ধুনীযা সাজ পাৰ পিন্ধাই বসন্ত ঋতুৰ দৰে অনুকূল পৰিবেশ সৃষ্টি কৰিবলৈ শক্তি দি ঋষি ওচৰলৈ পঠালে। ঋষিৰ তপস্যা ভংগ কৰিবৰ বাবে নাচ গান কৰিলে, মার্কাণ্ডেয় ঋষিয়ে উর্বশীৰ কোনো মধুৰ সংগীত, দেহৰ অংগী ভংগিৰ প্ৰতি ভ্ৰক্ষেপ নকৰিলে। শেষত উপায়হীন হৈ উর্বশীয়ে গাৰ কাপোৰ খুলি উলংগ হৈ নাচিবলৈ ধৰিলে। তেতিয়া ঋষিয়ে অপেশ্বৰীক কলে, হেৰা ছোৱালী হেৰা ভনী বুলি সম্বোধন জনাই কলে এইবোৰ তুমি কি কৰিছা এই ঘন অৰণ্যৰ মাজত তুমি অকলে কিয় আহিল। উর্বশীয়ে কলে মোব ৰুপ লাবন্য দেখি এই অৰণ্যত থকা সকলো সাধকৰে নিজৰ ভাৰ সাম্যতা নাইকীয়া হৈ যায় কিন্তু আপুনি অলপো বিচলিত ন’হল, আপোনাৰ ধ্যান ক’ত আছে? দয়া কৰি আপুনি মোৰ লগত ইন্দ্ৰ লোকলৈ বলক, নহলে মোকেই ইন্দ্ৰই দণ্ড দিব পৰাজিত হৈ ঘূৰি যোৱা বাবে। মার্কণ্ডেয় ঋষিয়ে তেতিযা কলে, যে মোৰ ধ্যান মহাস্বৰ্গত থকা অপেশ্বৰীযে কৰি থকা নৃত্যৰ ওপৰত আছিল, যাৰ তোমাৰ দৰে সাত সাত গৰাকী চাকৰণী আছে। সেইবাবে মই তোমাক চাই আসক্ত হোৱা নাই যদি তোমাতকৈ আৰু কোনোবা সুন্দৰী আছে তেওঁক লৈ আহা। তেতিয়া অপেশ্বৰীয়ে কলে যে ইন্দ্ৰৰ মুখ্য বাণী উর্বশী মইয়ে হওঁ। মোতকৈ আৰু এই স্বৰ্গত সুন্দৰী কোনো নাই, তেতিযা মার্কাণ্ডেয় ঋষিয়ে সুধিলে ইন্দ্ৰৰ মৃত্যুৰ পিছত তুমি কি কবিবা? উর্বশীয়ে কলে ইন্দ্ৰৰ মৃত্যুৰ পাছত মই ১৪ জন ইন্দ্ৰৰ লগত ভোগ কৰিম। অর্থাৎ ব্ৰহ্মাদেৰব জীবন কাল ১ দিনত ১০০৮ চতুযুগ হয়। এজন ইন্দ্ৰই ৭২ চতুর্যুগ স্বৰ্গ ৰজা পদ ভোগ করে ১৪ জন ইন্দ্ৰ মৃত্যু পর্যন্ত ইন্দ্ৰৰ ৰাণী জীৱায়াই জীয়াই থকি সুখ ভোগ কৰে। সেই জীৱায়াই মানব জীবনত কিমান যে পুণ্য আর্জন কৰি আজি সেই পদত আছে। মার্কণ্ডেয় ঋষিয়ে কলে ১৪ ইন্দ্ৰও যদি মৰি শেষ হয় তেতিয়া তুমি কি কৰিবা? উর্বশীয়ে কলে মই পুনৰ মৃত্যুলোকত গাধনী হৈ জন্ম হম। আৰু যিকেইজন ইন্দ্ৰ মোৰ স্বামী আছিল তেওঁলোকও পৃথিবীত গাধ হৈয়ে জন্ম লাভ কৰিব। উর্বশীয়ে খাষিক অনুৰোধ জনাইছিল যে ঋষিয়ে যেন উর্বশীৰ লগত স্বৰ্গলৈ যায়। তেতিয়া ঋষিয়ে কৈছিল তেনেকুৱা এখন স্বর্গলৈ কিয় যাব যি খন স্বৰ্গৰ ৰজাই গাধ হৈ আৰু ৰাণীয়ে গাধনী হৈ জন্ম লব। ৰাণীয়ে তেতিয়া কৈছিল নিজৰ সন্মান ৰক্ষা কৰিবলৈ ঋষিক লগত নিব বিচাৰিছিল। নহলে যে ইন্দ্ৰ ৰাণীৰ সন্মানেই নাথাকিব আৰু ভাবিব যে তুমি পৰাজিত হৈ স্বৰ্গলৈ ঘুৰি আহিছা। মার্কণ্ডেয় ঋষিয়ে তেতিয়া কৈছিল গাধনিৰ সন্মান ক’ত আছে, তুমি বর্তমানেও গাধনিৰ কাম কৰিছা। ১৪ জন ইন্দ্ৰৰ পত্নী হৈও মৃত্যুৰ পাছত গাধনি জন্ম পাম বুলি স্বীকাৰ কৰিছা। তেনে সমযতে ইন্দ্ৰ বজা আহি উপস্থিত হ’ল আৰু ঋষিক কলে যে বিধান অনুসৰি আপুনি জয় হৈছে আমি পৰাজয মানি স্বৰ্গৰাজ আপোনাক সমর্পন কৰিছো। ঋষিয়ে তেতিয়া কলে যে ইন্দ্ৰ তোমাৰ পদবী মোৰ কোনো কামৰ নহয়, স্বৰ্গৰ ৰজাৰ পদবী মোৰ বাবে কাউৰীৰ বিষ্ঠাৰ।মলৰ) সমান। তুমি মই কোৱা মতে যদি ভক্তি কৰা ব্ৰহ্মলোকত যাব পাৰিবা গতিকে ইন্দ্ৰ পদ এবি ভক্তি কৰিবলৈ লোৱা। তুমি পুনৰ গাধ জন্মৰ পৰা মুক্ত হবা। ইন্দ্ৰই কলে ঋষিবৰ এতিয়া মোক স্বৰ্গৰ ৰাজ ভোগ কৰিবলৈ দিয়ক, পাছত কেতিয়াবা কৰিম।
পাঠক সকল এতিয়া বিচাৰ কৰক-
ইন্দ্ৰই মৃত্যুৰ পাছত গাধ জনম পাব ভালদৰে জানিছিল। তথাপিও খন্তেকীয়া সুখক এৰিবলৈ অলপো চেষ্টা কৰা নাছিল, কেবল কৈছিল যে পিছত দেখা যাব। মৃত্যুৰ পাচত গাধ দেহ পাব, গাধৰ পিঠিত বোজা দি কুমাৰে কোবাই কোবাই বস্তু অনা নিয়া কৰিব। ঠিক এইদৰে যি সকল লোক ডাঙৰ বা সক পদত আছে (যেনে মন্ত্রী, উদ্যোগ পতি, চৰকাৰী কৰ্মত উচ্চ পদবী, ধনী লোক) তেওঁলোক সকলোকে পৰমাত্মাৰ ভক্তি সাধনা কৰিবলৈ কোৱা হয়। যদি নকৰে পৰবৰ্তী জনমত মহাকষ্ট ভোগ কৰি গাধৰ জীবন পাব। বহুতে হয়তো খঙতে প্ৰতিবাদ কৰিব পাৰে কোনে দেখিছে গাধ হোৱা, কিয় অন্য দেহ পাম, এনে কথা কোৱা সকলক পুনৰ নকবলৈ কয়, অলপ সভ্য জনে কয় কোনে দেখিছে গাধ হোৱা ইত্যাদি। তথাপি তেওঁলোকক কোৱা হয় যে এই কথা মহাপুৰুষ সকলে প্ৰবিত্ৰ গ্ৰন্থত উল্লেখ কৰিছে। তেতিয়া তেওঁলোকে পাছত দেখা যাব বুলি তাৰ পৰা আঁতৰি যাব বিচাৰে। লেখকে নিবেদন জনাইছো যে মৃত্যুৰ পাছত গাধ হৈ জনম লোৱাৰ পাছত মহা দুখ কষ্ট ভোগ কৰা বাদে আন একো চাবলৈ কৰিবলৈ নাথাকে। কিবা চাবলৈ কৰিবলৈ আছে যদি এতিয়াই চাওক। বেয়া খিনি এৰি শাস্ত্ৰনুকুল সাধনা কৰক যি বৰ্ত্তমান কেৱল মোৰ ওচৰত আছে অর্থাৎ লেখকৰ ওচৰত হে আছে। আহক গ্ৰহণ কৰক আৰু জীৱৰ কল্যাণ কৰাওক।
ওপৰত লিখা ৩ নং বাণীত কৈছে যে ইন্দ্ৰ কুবেৰ (ধনৰ গৰাকী) আৰু ঈশ পদবী প্রাপ্ত ব্ৰহ্মা, বৰুণ, ধৰ্মৰাজৰ পদ লাভ কৰা পাচতও জনম মৰণৰ চকৰিতে ঘূৰি আছে।
স্বর্গ লোকত ৩৩ কোটি দেৱতাৰ পদ আছে। যি দৰে ভাৰতৰ সংসদত ৫৪০ জন সংসদৰ পদত আছে বাক্তি বদলি হয়, সেই সাংসদ বিলাকৰ ভিতৰত প্ৰধান মন্ত্রী তথা অনা কেন্দ্রীয় মন্ত্রী আদিও নিয়োগ হয়। এইদৰে ৩৩ কোটি দেৱতাৰ মাজৰ পৰাই কুবেৰৰ পদ অর্থাৎ ধনৰ দেৱতাৰ পদ প্রাপ্ত হয়, যেনে বৃত্ত মন্ত্রী, ঈশ পদবী অর্থ তিনিজন দেৱতাক ভগৱানৰ পদ বুলি মনা হয়। শ্রী ব্ৰহ্মা, শ্রী বিষ্ণু আৰু শ্রী শিৱ।
বৰুণদেৰ হৈছে জলৰ দেৱতা, ধর্মবায় মুখ্য ন্যায়াধীক্ষ যি সকলো জীৱক কর্ম অনুসৰি ফল দিয়ে, তেওঁকে ধর্মবাজ বুলিও কোৱা হয়। এই সকলো কাল ব্ৰহ্মৰ ভকতি সাধনা কুৰি এনে পদ লাভ কৰে। পুণ্য শেষ হোৱা পাছত সকলো দেৱতাৰ পদৰ পৰা মুক্ত হৈ সংসাৰত পণ্ড পক্ষী ইত্যাদি ৰূপত ৮৪ লাখ প্ৰকাৰৰ প্ৰাণী দেহত জন্ম লাভ কৰে আৰু পুনৰ নতুন ব্ৰহ্মা, বিষ্ণু তাথা মহেশ্বৰ পদত বিৰাজমান হয়।
এই সকলো দেৱী দেৱতাৰ জন্ম-মৃত্যু আছে, এই সকলো অবিনাশী নহয়। এই বিষয়ে “সৃষ্টি ৰচনাত” এই পৃথিতে জানিব পাৰিব, কোন কিমান ভগৱান? কাৰ পুত্ৰ কোন মাতৃ ইত্যাদি।
আন এটা প্ৰমাণ হ’ল- শ্রীদেবী পুৰাণৰ (হিন্দীত অনুবাদ, গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত) তৃতীয় স্কন্ধ পৃষ্ঠা ১২৩ ত লিখা আছে তুমি শুদ্ধ স্বৰূপা, এই সংসাৰ তোমাৰ পৰা উৎপত্তি হৈছে। ব্ৰহ্ম। বিষ্ণু মহেশ তোমাৰ আৰ্শীবাদত বিদ্যমান। আমাৰও জন্ম তথা মৃত্যু হয়। এই সকলোৱে মূলতে তুমি, তুমিয়েই প্ৰকৃতিব দেবী।
শঙ্কৰ ভগৱানে কৈছে হে দেবী বিষ্ণুৰ পাছত জন্ম হোৱা ব্ৰহ্মা যদি তোমাৰ পৰা উৎপত্তি তেন্তে তম গুণৰ লীলা কৰা শঙ্কৰ তোমাৰ সন্তান নহয় নেকি? অথার্ৎ মোৰ জন্মদাত্রীও এক আপুনি। আমি মাত্ৰ নিয়মিত কার্যহে কৰিব পাৰিম, অৰ্থাৎ যাৰ ভাগ্যত যি আছে তাকেই দিব পাবো। ইয়াতকৈ বেছিও কৰিব নোৱাৰো কমও কৰিব নোৱাৰো।
পাঠক সকল দেৱী পুৰাণত উল্লেখ আছে যে ব্ৰহ্মা বিষ্ণু আৰু মহেশৰ জন্ম মৃত্যুৰ এ মূলতে মাতৃ শ্রীদুর্গা দেরী। অধিক বছল ভারে জানিবলৈ “সৃষ্টি বচনা” অধ্যায়ৰ পৰা এই পৃথিতে পাব। এই সকল হৈছে প্ৰধান দেৱতা, বাকী দেৱতা সকল নিম্ন স্তৰৰ। এই সকলোবে জন্ম হয়, মৃত্যুও হয় অবিনাশী ৰাম নহয়, অবিনাশী পৰমাত্মা নহয়।
শ্রীমৎভাগবত গীতা অধ্যায় ১০ শ্লোক ২ ত উল্লেখ আছে যে গীতা জ্ঞান দাতা কাল ব্ৰহ্মাই কৈছে মোৰ উৎপত্তি কোনো দেৱ দেৱতা মহর্ষিয়েও নাজানে। কাৰণ সকলোৰে আদি কাৰণ মইয়ে। এই সকলো মোৰ পৰাই উৎপত্তি হৈছে। গীতা অধ্যয় ১৪ শ্লোক ৩ ত গীতা জান দাতাই কৈছে যে হে অর্জুন মোৰ প্ৰকৃতি অর্থাৎ দুর্গাৰ গৰ্ভত মইযে বীজ স্থাপন কৰিছে৷ যাৰ দ্বাৰা সকলো প্রাণী উৎপত্তি হৈছে।
গীতা অধ্যায় ১৪ শ্লোক ৪ ত কৈছে যে হে অর্জুন নানা প্ৰকাৰৰ যোনীত যিমান শৰীৰ ধাৰী প্ৰাণী জন্ম হৈছে এই সকলোৰে গৰ্ভ ধাৰণ কৰোৱা মাতৃ একমাত্ৰ দুর্গা, বীজ স্থাপন কৰা পিতা ব্ৰহ্মা মইয়ে হওঁ।
গীতা অধ্যায় ১৪ শ্লোক ৫ গীতা জ্ঞান দাতাই স্পষ্ট কৰি কৈছে যে অর্জুন সত্ব গুণী বিষ্ণু, বজগুণী ব্ৰহ্মা আৰু তুম গুণী শিৱ এই সকল দুর্গাৰে সৃষ্টি। এই তিনি গুণৰ দেৱতাই অবিনাশী জীরাত্মক কর্ম অনুসৰি শৰীৰত আৱদ্ধ কৰি ৰাখে। পুত্ৰ। উপৰোক্ত প্ৰমাণৰ পৰা এইটো স্থিৰ হ’ল যে দেৱতা সকল নাশবান আৰু কাল ব্ৰহ্মৰ উপৰত উল্লেখ কৰা ৩ নং বাণীৰ সৰলাৰ্থ হৈছে ইন্দ্ৰ, কুবেৰ, ইশ (ধৰ্মৰাজ আৰু বিষ্ণু স্থানব প্রাপ্তী আত্মা পুনৰ জন্ম মৃত্যু চক্ৰত আবদ্ধ হৈছে। মার্কণ্ডেয় ঋষিয়ে ব্ৰহ্ম সাধনা কৰিছিল, তেওঁকেই সর্বোত্তম বুলি ভবিছিল সেইবাবে ইন্দ্ৰক কৈছিল আহা তুমিও ব্ৰহ্ম সাধনাৰ জ্ঞান গ্ৰহণ কৰাহি। ব্ৰহ্ম লোকৰ তুলনাত ইন্দ্ৰৰ স্বর্গ ৰাজ্য কাউৰীৰ মলৰ তুলা। পাঠক সকল আপোনালোকে ব্ৰহ্ম সাধনা কৰা চুনক ঋষি, দুর্বাসা ঋষি তথা কপিল মুনিব দশাৰ বিষয়ে জানি আহিছে। তেওঁলোকৰ সাধনাক গীতাৰ জ্ঞান দাতাই গীতা অধ্যায়। ৭ শ্লোক ১৮ ত অনুত্তম বা অতি বেয়া বুলি কৈছে। সেই শ্ৰেণীৰ সাধনা মার্কণ্ডেয় ঋষিয়েও কৰিছিল। যাক অতি উত্তম বুলি ভাবি স্বৰ্গৰ ৰজা ইন্দ্ৰকও ব্ৰহ্ম সাধনা কৰিবলৈ কৈছিল।
সুক্ষ্ম বেদত আছে一
ঔবৌ পথ বতাৰহী আপন জানে বাহ
মোতী মুক্তা দর্শন নাহী, ৰহ জৱ হেই সব অন্ধৰে।
দিখত কে তো নৈন চিসম সেই, ফিবা মোতিয়া বিন্দৰে।
বেদ পড়ে পৰ ভেদ না জানে, বাঁচে পুৰাণ অঠাবা।
পথৰ কী পূজা কৰে, ভুলে সিৰ জন হাৰা।
প্ৰথম বাণীৰ ভাবার্থ হৈছে আনক ভক্তিৰ ৰাস্তা দেখাইছে অথচ নিজেই ভক্তি পথত জ্ঞান হীন।
২য় বাণীব ভাবার্থ হৈছে তত্ত্বদর্শী সাধুৰ সন্তৰ অভাৱৰ কাৰণে প্ৰকৃত তত্বজ্ঞান পোৱা নাই।
গোটেই সংসাৰৰ এই সকলো-আধ্যাত্ম জ্ঞান চকু নাইকীয়া সংস্কৃতৰ শ্লোক মুখেৰে ফব ফবালেও সংগ্ৰন্থৰ গভীৰ ৰহস্য কিন্তু নাজানে। তেওঁকে অজ্ঞানৰূপী চকুত চানি পৰা ৰোগী বুলি কৈছে।
৩ নং বাণীৰ ভাৱাৰ্থ হৈছে বেদ পঢ়ি মুখস্থ কৰা জনে বেদৰ অৰ্থ একো নাজানে আৰু একো নুবুজা বাবে প্ৰকৃত সাধনাৰ পৰা বিপৰীত কৰিছে আৰু কৰাইছে। বেদত পাথৰ, মূৰ্ত্তি পূজাৰ কথা ক’তও উল্লেখ নাই। বেদৰ বিধান বুলি কোৱা সকলেহে পাথৰ পূজা কৰাইছে। বেদত উল্লেখ থকা প্ৰকৃত ভক্তি জ্ঞানৰ কথা পাহৰাই তুলিছে।
গীতা অধ্যায় ৪ শ্লোক ২৫ ৰ পৰা ২৯ লৈকে ইয়াত কৈছে যিজন সাধকে যি ভাবে ভক্তি সাধনা কৰিছে তেওঁ তাকে উত্তম বুলি ভারে। সকলো সাধকে নিজৰ নিজৰ ভক্তি সাধনাৰ দ্বাৰা পাপ নাশ হয় বুলি ভাবে।
ভাৱৰ অর্থ আনক মার্গ (পথ) দেখুৱাই নিজৰ হলে ভক্তি পথৰ জ্ঞান নাই।
গীতা অধ্যায় ৪ শ্লোক ৩২ ত কৈছে, ধার্মিক অনুষ্ঠানৰ সবিশেষ জ্ঞান সচ্চিদানন্দ ঘন ব্ৰহ্মাই নিজৰ মুখ কমলৰ বাণীত ধাৰ্মিক অনুষ্ঠানৰ বিস্তাৰিত ভাৱে দিযা জ্ঞানেই হৈছে তত্ত্বজ্ঞান যি খিনি জানিলে সাধকে সকলো পাপৰ পৰা মুক্ত হয়।
গীতা অধ্যায় ৪ শ্লোক ৩৪ ত কৈছে যে সেই জ্ঞান তত্ত্বদর্শী সপ্তহে জানে সেই জনাক দণ্ডৱত সেৱা কৰি নম্ৰভাবে প্ৰশ্ন কৰিলে তত্বজ্ঞানী মহাত্মাই তোমাক তত্বজ্ঞানৰ উপদেশ দিব।
ওপৰত যি অমৃত বাণী প্ৰসংগ কৰি অহা হৈছে সকলো তত্বজ্ঞানৰ বাণী। তত্বজ্ঞান নোপোৱা বা নোলোৱা সাধক সকল জন্ম মৃত্যুৰ চক্ৰতে আবদ্ধ আছে। মার্কণ্ডেয় ঋষি ব্ৰহ্ম সাধনা কৰি আছিল শ্রীমৎভাগবত গীতা অধ্যায় ৮ শ্লোক ১৬ ত কৈছে যে ব্ৰহ্ম লোকলৈ যোৱা সাধক সকলেও পুণ্য শেষ হলে পুনৰ ঘূৰি আহি সংসাৰত জন্ম মৃত্যুৰ চক্ৰতে পৰে।
অসংখ্য জন্ম তোহে মৰতাং হোগে, জীবিত ক্যোন মৰেৰে দ্বাদশ মধ্য মহল মঠ বোৰে, বছৰন দেহ ধৰেৰে।
সবল অর্থ হৈছে।- মানবক উদ্দেশ্য কৰি কৈছে আমি অসংখ্য জনম মৃত্যু হৈ আহিছো, সত্য ভক্তি সাধনা কৰা আৰু জীৱন্তে মৰা। জীৱন্তে মৰণ অর্থাৎ যি সকল প্ৰকৃত ভকত তেওঁলোকে জানে এই সংসাৰৰ সকলো বস্তু ক্ষণস্থায়ী, এই শৰীৰটোও স্থায়ী নহয়। জন্ম মৃত্যুৰ জঞ্জালটোবে ভয়ঙ্কৰ এই সংসাৰৰ দুখৰ বিনে একো নাই মানৰ দেহ পাওতেই আমি মোক্ষ লাভ নকৰিলে পশুৰ দৰে জীৱন হব। গীতা অধ্যায় ৭ শ্লোক ২৯ ত কৈছে যি সাধকে কেৱল বৃদ্ধ অৱস্থাৰ কষ্ট আৰু মৃত্যু দুখৰ পৰা পৰিত্ৰান পাবলৈ ভক্তি সাধনা কৰে তেওঁলোকে তৎব্ৰহ্মক আৰু সম্পূর্ণ আধ্যাত্মিক কর্মক ভালদৰে জানে।
এইদৰে তত্বজ্ঞান লাভ কৰা পাচত মানব সামজে অনাবশ্যক বস্তু আশা নকৰে। জীৱন আৰু দেহৰ অপকাৰী বস্তু যেনে ধপাত, মদ, মাংস আদি সেৱন নকবে। নাচ গান আদি মুর্খৰ কাম বুলি ভাবে। যিকোনো খাদ্য পালে তাতেই সন্তুষ্ট থাকে, আত্ম কল্যাণ পাবৰ কাৰণে সাধক সকলে বিচাৰ কৰে যে যদি মই সৎসঙ্গত নাজাও তেন্তে গুৰুৰ দৰ্শন নাপাম। সৎসঙ্গব প্ৰকৃত বিচাৰ নুশুনিলে মনত নান প্ৰকাৰৰ বিকাৰে বেৰি ধৰিব। সেই বাবে সাধকে সকলো কর্ম এৰি সৎসঙ্গ শুনিবলৈ আগবাঢ়ি যায়। আমি সদায়ে দেখিছো শুনিছো যে কন কন লৰা ছোৱালী এৰি পিতৃ মাতৃ এই সংসাৰৰ পৰা আতৰি গৈছে। সকলো সা সম্পত্তি এৰি গুচি গৈছে কিন্তু পুনৰ তেওঁলোকে এই সম্পত্তি চলাই খাবলৈ ঘূৰি নাহে। মৃত্যুৰ আগেয়ে তেওঁলোকে ধন সম্পত্তি ঘটা কামৰ পৰা এদিনো বিৰতি নলয় কিন্তু শেষত চিৰদিনৰ বাবে এই কর্ম এৰি গুচি যায়।
এজন ভকতে সৎভক্তি সাধনালৈ যাব ধৰিলে, দীক্ষা ললে, জ্ঞান শুনিলে আৰু ভক্তি কৰিবলৈ ধৰিলে। নিজৰ বন্ধুকো ভক্তি সৎসঙ্গলৈ যাবৰ বাবে অনুৰোধ কৰিলে। কিন্তু বন্ধুরে সময়ৰ নাটনি দেখুৱাই কয় যে ঘৰত সৰু সৰু লৰা ছোৱালী পালন পোষন নকৰাকৈ কাম এবি সৎসঙ্গলৈ গ’লে সকলো জীবন যাপনত বাধা আহিব।
সৎসংগলৈ যোৱা জনে যেতিয়াই সৎসঙ্গলৈ যাবলৈ বন্ধুক লগ ধৰিলে সদায়ে অজুহাত দেখায়। এবছৰৰ পাছত বন্ধুৰ মৃত্যু হ’ল তেওঁৰ শৱটো ওচৰ চুবুৰীয়া ৰাইজে শ্মশানলৈ লৈ গ’ল। অসংখ্য লোকে শাশানলৈ গৈ থকা অৱস্থাত ৰাম নাম সত্য হে, সত্য বোলে গত হে বুলি চিঞৰি গৈছিল। অর্থাৎ বাম নামে সত্য, সৎ নাম ললে গতি হয়।
উক্ত বাণী কৈ সকলো গৈ থকা অৱস্থাত ভকত জনে কৈছিল যে এতিয়াহে ৰাম নাম সত্য বুলি কবলে সময় পালে। তেতিয়া শৱ লগত যোৱা আন ব্যক্তি সকলে সেই ভকত জনক কৈছে যে তেনেকৈ নকবা তেওঁৰ ঘৰৰ মানুহে বেয়া পাব। তেতিয়া ভকতে কৈছে যে মই এই বুলিয়েই কম, যিহেতু এই মুর্খক মই হাত যোৰ কৰি প্ৰাৰ্থনা কৰিছিলো সৎসঙ্গলৈ ব’লা অলপ ভক্তি কৰি লোৱা। তেওঁ বাৰে বাৰে এতিয়া সময় নাই বুলি কয়। আজি চিৰদিনলৈ সময় পালে, সৰু সৰু লৰা ছোৱালীকো এৰি, যাৰ প্ৰলোভনত সত্য বিচাৰ নুশুনি, ভক্তি নকৰি পৰমাত্মাৰ পৰা আঁতৰি গ’ল। ভক্তি কৰা হলে খালি হাতে নগল হেতেনঙ্গ ভক্তি ধন অন্ততঃ হাতত লৈ গ’ল হেতেন। কন কন সন্তানৰ পালন পোষন পৰমাত্মাই কৰে, ভক্তি সাধনা কৰা হেতেন পৰমাত্মাই আয়ুস বঢাই দিলে হেতেন। ভক্ত সকলে এই বিচাৰ কৰিয়েই অন্য কর্ম এবি সৎসঙ্গ শুনিবলৈ যায়। ভকতে এইটোবে কৈছে যে পৰমাত্মাই যাতে তেওঁৰ মৃত্যু হোৱাটো নিবিচাৰে। যদি মৃত্যু হওঁ তেন্তে এই কামবোৰ কোনে কৰিব। আমি এইটো ভাবিব লাগিব যে আমাৰ মৃত্যু হৈ গ’ল আমি তিনিদিনৰ বাবে কাম এৰি মৰি গলো আৰু সেই সময়খিনি সৎসঙ্গলৈ গলো। পৰমাত্মাই কেতিয়াও ভক্তৰ কৰ্মত বাধা নিদিয়ে। আমি কর্ম নকৰা কেইদিন যি কাম পিছ পৰি যায় জীয়াই থাকিলে সেইখিনি পূৰণ কৰিব পাৰিম যদি মৃত্যুৱে হৈ যাওঁ তেন্তে চিৰদিনলৈ সেয়া কেতিযাও পূৰণ কৰিব নোৱাৰিম। এই স্থিতিটোকে জীৱন্তে মৰা বুলি কৈছে।
এই বাণীৰ শেষৰ সৰলাৰ্থ হৈছে-
দ্বাদশ মধ্য মহল মঠ বৌৰে, বহৰন দেহি ধৰে ৰে শ্রীমৎভাগবত গীতা অধ্যায় ১৫ শ্লোক ৪ তকৈছে যে তত্বজ্ঞান প্রাপ্ত হোৱাৰ পাচত পৰমেশ্বৰৰ সেই পৰমপদৰ অনুসন্ধান কৰা উচিৎ য’লৈ যোৱাৰ পাছত প্রাণীয়ে (সাধকে) কেতিয়াও সংসাৰলৈ ঘূৰি নাহে অৰ্থাৎ জন্ম মৃত্যুৰ পৰা চিৰদিনলৈ ৰক্ষা পোৱা যায়, যাতে পুনৰ জন্ম নহয়। সুক্ষ্মবেদত এই বাণীক স্পষ্ট কৰিছে যেসেই পৰম ধাম দ্বাদশ অর্থাৎ ১২ নং দুৱাৰে পাৰ হৈ সেই পৰম ধামলৈ যাব পৰা হয়। বর্তমান সময়লৈকে সকলো ঋষি মহর্ষী, সন্ত মণ্ডলেশ্বৰে কেৱল ১০ নং দুৱাৰৰ কথাকে কৈ আহিছে। কিন্তু পৰমেশ্বৰ কবীৰ দেৱে নিজৰ স্থান প্রাপ্তিৰ সৎপথ, সত্য স্থানৰ বিষয়ে স্বয়ং কৈছে যে ১২ নং দুৱাৰ পাৰ হলেহে পৰম পদৰ স্থান পায়। এই কথাও স্পষ্ট হল যে আজিলৈকে ২০১২ চনৰ পূর্বলৈকে সকলো ঋষি সন্ত, সাধুরে কাল ব্ৰহ্মকে ভক্তি কৰিছিল। যি কাৰণত প্রাণীয়ে জন্ম মৃত্যুৰ পৰা পৰিত্ৰান পোৱা নাই।
দোজখ বহিস্ত সভী তে দেখে, বাজপাতকে বসিয়া।
তীন লোক সে তৃপ্ত নাহী, য়হ মন ভোগী খসিয়া।।
এই বাণীৰ সৰলাৰ্থ হৈছে – তত্বজ্ঞানৰ অভাৱত পূর্ণমোক্ষ পথ নজনা কাৰণে নৰকত পৰে, কেতিয়াবা স্বৰ্গলৈ যায় কেতিয়াবা ৰজা হৈ আনন্দ লভে। যদি এই সকলক তিনিলোক (স্বর্গ, পাতাল আৰু পৃথিবী) স্থানৰ ৰজা হিচাবে দিলেও এওঁলোকৰ মনৰ তৃপ্তি ইচ্চা শেষ নহয়।
উদাহৰণ – যদি কোনো ব্যক্তি গাঁৱৰ পঞ্চায়তৰ মুখিয়াল হয় তেওঁ আকৌ বিধায়ক হবলৈ ইচ্চা কৰে। বিধায়ক হোৱাৰ পাছত আকৌ মন্ত্রী হবলৈ হাবিয়াস কৰে। মন্ত্ৰী হোৱাৰ পাছত মুখ্যমন্ত্রী হবলৈ বিচাৰে। মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰধান মন্ত্রী হলে জীৱন সার্থক হব বুলি ভাবে, এইদৰে জীৱনৰ সমাপ্তি ঘটে। পাচত গাধ জীৱন লৈ জন্ম হৈ কুমাৰৰ হাতত এচাৰিৰ কোব খাব লগা হয়। তত্বজ্ঞানত বুজাইছে যে কাল ব্ৰহ্ম দ্বাৰা নিৰ্মিত স্বৰ্গ, নৰক, ৰাজপাট প্রাপ্তিৰ বাবে গোটেই মানৰ জীবন ব্যর্থ হয়, অথলে যায়। শেষত ক’তো সন্তুষ্ট নহয়।
বলখ চহৰত আব্রাহিম চুলতান অধম নামৰ এজন বজা আছিল। তেওঁ পূর্ব জন্মবে পৰা ভকত আছিল। কিন্তু ৰজা হৈ ভোগ বিলাসত মত্ত হোৱা হেতুকে পৰমাত্মাৰ কথা পাহৰি গৈছিল। ৰাজ মহলত আনন্দ উপভোগ কৰি থকা সমযত এদিন পৰমাত্মাই এজন যাত্রী বেশত আহি ৰজাক কলে মোক এটা কোঠা ভাড়ালৈ দিয়ক এটা ৰাতি কটাম, কিমান টকা দিব লাগিব। বজাই যাত্রীক কলে, তুমি এইটো ধর্মশালা বুলি ভাবিছা ছাগে? মই ৰজা হও এইটো মোৰ ৰাজমহল। তেতিয়া যাত্ৰী ৰূপত পৰমাত্মাই কলে তোমাৰ আগেয়ে ইযাত কোন আছিল? বজাই তেতিয়া ক’লে মোৰ পিতৃ, মাতৃ, ককা, আজু ককা আছিল। পৰমাত্মাই আকৌ প্ৰশ্ন কৰিলে তুমি এই ৰাজ মহলত কিমান দিন থাকিবা ৰজাই কলে এদিন মইও গুচি যাম পৰমাত্মাই তেতিয়া কলে যে এইটো অতিথি ঘৰ বা ধৰ্মশালা নহয় যদি কি হয়? এইটো অতিথি ঘৰেই হয়। যিদৰে তোমাৰ পূৰ্বপুৰুষ সকলে জিৰণি লৈ গল আৰু এদিন তুমিও শুচি যাবা। সেইবাবে এই মহলটোক মই অতিথি শালা বুলি কৈছো। এই কথা শুনি ৰজাই বুজি পালে আচল সত্য কি’ৰজাই ৰাজপাট এৰি নিজৰ আত্ম কল্যাণৰ বাবে তেওঁৰ পৰা দীক্ষা গ্ৰহণ কবি আজীৱন সত্য ভক্তি কৰি মানৱ জীৱন সফল কৰ
সৎগুক মিলে তো ইচ্ছা মেটে পদ মিল পদে সমানা।
চল হংসা ওস লোক পঠাওঁ জো আদি অমৰ অস্থানা।।
ইয়াৰ সৰলাৰ্থ অর্থ হৈছে-
তত্বদর্শী সন্ত লগ পালে তেওঁ উপৰোক্ত জ্ঞানৰ কথা কৈ কাল ব্ৰহ্মৰ লোকৰ সকলো
ভক্তিৰ পৰা ভগবানলৈ
বস্তু আৰু পদবীধ প্ৰতি আসক্তি শেষ কৰি দিয়ে। “পদ মিল পদে সমানা” সকলো বস্তু আৰু ইয়াত এটা “পদ” ব অর্থ হল “পদ্ধতি” অর্থাৎ শাস্ত্ৰবিধি অনুসৰি সাধনা। আনটো “পদ”ব অর্থ হল “পৰম পদ” অর্থাৎ “পদবী”। সদ গুৰুরে শাস্ত্ৰবিধি অনুসবি পদ্ধতি কৈ পৰমেশ্বৰৰ সেই পৰম পদব প্রাপ্তি কৰোৱায় যত যোৱাৰ পাছত সাধক আকৌ উভতি কেতিয়াও সংসাৰত নাহে। হে ভকত, আঁহা, তোমাক সেই লোকত পঠাই দিওঁ যিখন আদি অমৰ স্থান হয় অর্থাৎ গীতা অধ্যায় ১৮ শ্লোক ৬২ ত বর্ণিত সনাতন পৰম ধাম হয় যত পৰম শান্তি আছে।
চাৰ মুক্তি জঁহা চম্পী কৰতী, মায়া হো বহী দাসী। দাস গৰীব অভয় পদ পৰচৈ, মিলে ৰাম অবিনশী।।
সৰলাৰ্থ হৈছে সেই সনাতন পৰম ধামত পৰম শান্তি তথা অত্যাধিক সুখৰ বাদে একো নাই।
কাল ব্ৰহ্মলোকত চাৰিটা মুক্তি মানা হয়, ইয়াক লাভ কৰা সাধক সকলে নিজকে ধন্য মানে, কিন্তু সেয়া স্থায়ী নহয়। সাধকৰ পুণ্য খিনি থকা লৈকেহে, পুণ্য শেষ হলে পুনৰ ৮৪ লাখ যোনীত জন্ম লৈ কষ্ট ভোগীব লাগে। কিন্তু সেই চাৰিমুক্তি সনাতন পৰম ধামত সদাযে বিৰাজমান। মায়া সাধক সকলৰ চাকৰণী হৈ কাম কৰিব। সন্ত গৰীবদাসে কৈছে অমৰলোকত যোৱাৰ পাছত প্রাণী নির্ভয় হৈ যায়, কোনো ভয় নাথাকে, সেই পৰম ধামত অবিনাশী বাম অর্থাৎ পৰমেশ্বৰক লাভ কৰিব। সেইবাবে পূর্ণ মোক্ষ পাবৰ বাবে শান্তনুকূল ভক্তি কৰা উচিৎ যাৰ দ্বাৰা সেইজনা ভগৱানৰ ওচৰলৈ যাব পৰা যায়।