তুলি দেখিলে চোতালৰ পৰা বাপেকে নির্ণিমেষে চাই আছে। প্রাণহীন পাথৰৰ মূৰ্তিৰ দৰে বেচাৰী যেনেভাৱে আছিল তেনেভাবেই ব’ল। অজানিত ভয়ত দুই চকুৱেদি অসহায় শিশুৰ কৰুণ আর্তনাদ মূর্ত হৈ উঠিল। পাছ মুহূৰ্ততে ধৰণী মাষ্টৰে প্ৰকৃত অৱস্থাৰ উমান পালে। সস্ত্ৰস্ত আৰু অস্পষ্ট কণ্ঠেৰে তগৰক মাত লগাই, তাতশালৰ পৰা আঁতৰিবলৈ উপক্ৰম কৰিলে। চোপ লৈ থকা বাঘৰ দৰে, বাপুৰাম ধৰণীৰ পিছে পিছে বাজলৈ ওলাল। ধৰণীয়ে বেগাবেগিকৈ আগ চ’ৰাৰ খটখটি পাৰ হ’বৰ চেষ্টা কৰা দেখি বাপুৰামে আদেশৰ সুৰত ক’লে, “ৰ’বা, ক’লৈ যাবলৈ ওলাইছা? কথা আছে।” তলৰ খটখটিত পেলাব খোজা ভৰিটো পিছলৈ টানি আনি বাপুৰামৰ সমুখত ধৰণীয়ে তলমূৰ কৰি হতভম্বৰ দৰে থিয় দি ব’ল। অকস্মাত মান-সম্ভ্রমৰ অগ্নিপৰীক্ষাত থিয় দিব লগা হোৱাত গাৰ কঁপনি উঠিল, নিশ্বাস পেলাবলৈকো ভয় হ’ল। নিশ্বাসৰ বায়ু গোট খাই বুকুত ধুমুহাৰ সৃষ্টি কৰিলে। দুই চকুত অনিশ্চিত সংশয়, বিস্ময়, ভয় মূর্তমান হৈ উঠিল। “তুমি এনেভাৱে মোৰ সর্বনাশ কৰিবা বুলি ভবা নাছিলোঁ।” কঠোৰ কণ্ঠস্বৰ আৰু কঠোৰ কৰি ক’লে, “নিজৰ ল’ৰাৰ দৰে তোমাক মৰম-চেনেহ কৰিছিলোঁ। তাৰ বেচ প্রতিদান দিলা।” লাজ-অপমানত ধৰণীৰ মাটিৰ লগত মিহলি হৈ যাবৰ ইচ্ছা হ’ল। কপালৰ শিৰ ফুটি ঘাম ব’বলৈ ধৰিলে। মিছা অপবাদৰ প্ৰতিবাদ কৰিবলৈকো শক্তি নোহোৱা হ’ল। ঘোৰ খাব নোখোজা জিভাক অগত্যা জোৰ কৰি ঘোৰ খুৱাই ক’লে, “আপুনি মিছা সন্দেহ কৰিছে।” “মোৰ চকুৰ আগতে আজি যি দৃশ্য দেখিলোঁ, তাৰ পাছতো মিছা সন্দেহ বুলি কোৱানে?” বিদ্রূপৰ ভংগিমাবে ধৰণীলৈ চালে। “কি কুক্ষণতেই তোমাৰ লগত আমাৰ পৰিচয় ঘনিষ্ঠতা ঘটিছিল।” কান্দো কান্দো হৈ ধৰণীয়ে আকৌ ক’লে, “আপুনি মোক ভুল বুজিছে, মোৰ প্রতি অন্যায় বিচাৰ কৰিছে। তগৰৰ লগত মোৰ সম্বন্ধ নিষ্পাপ।” মুখৰ কথা মুখতেই অস্পষ্ট হৈ ৰ’ল। দুই-চকুৱেদি বাৰিষাৰ বানপানী ব’বলৈ ধৰিলে। ধৰণীৰ অসহায় কৰুণ চাৱনিত দয়া জন্মি বাপুৰামে আগৰ সুৰ সলাই কোমলাই ক’লে, “ভুল কাৰ নহয়? মানুহ মাত্ৰৰে ভুল হয়। কিন্তু ভুলৰ অস্বীকাৰ কৰি তাৰ পৰা হাত সাৰিব নোৱাৰি। ভুলক সংশোধন কৰাতহে পুৰুষৰ পুৰুষালি।” ধৰণীয়ে হাতেৰে চকুহাল মচি বাপুৰামলৈ মূৰ তুলি চালে। “ইমান দিনে যি কৰিলা, কৰিলা। এতিয়া আৰু তুমি তগৰক বিয়া কৰাব লাগিব। তগৰৰ দৰে ছোৱালী পোৱাটো তোমাৰ সৌভাগ্যহে বুলি ধৰিবা।” বিচাৰকৰ মুখৰ পৰা ‘খালাচ’ শব্দ শুনা, মৃত্যুদণ্ড নিশ্চিত দোষীব দবে বিস্ময়-পুলকত ধৰণী স্তব্ধ হ’ল। বিনা চেষ্টাই ভিকহুৱে পৰ-আর্জিত সম্পত্তি লাভ কৰিলে। অকস্মাতে বাজ-ঐশ্বর্য লভি ধৰণীৰ চকু ফুটি কান্দোন ওলাল। ৰ লাগি থকা শংকাকুল দৃষ্টিয়ে অনন্ত কৃতজ্ঞতা, অফুৰন্ত শ্রদ্ধা নিবেদন কৰিলে। তগৰৰ যৌৱনৰ অপৰিমিত ঐশ্বৰ্যৰ প্ৰতি ধৰণী মাষ্টৰৰ মোহ জন্মা অস্বাভাবিক নহয়। তগৰক লাভৰ কামনাই কল্পনা আৰু সপোনত মাজে মাজে উকি মাৰিছিল। কিন্তু হ’ব খোজা হাকিমক বাদান কৰা ছোৱালীৰ প্ৰেমাকাংক্ষী হ’বলৈ ধৰণীৰ অৰ্থ আৰু মর্যাদা ক’ত? “কিন্তু তগৰক নোসোধাকৈ।” নিজব অজ্ঞাতসাবেই ধৰণীৰ মুখৰ পৰা ওলাল। “ছোৱালীৰ মত লৈ বিয়া দিয়াব প্রথা আমাৰ সমাজত এতিয়াও চলা নাই। তগৰে আপত্তি কৰিবৰো কোনো কাৰণ নেদেখো।” “কমলাকান্তই-।” ধৰণীৰ আচল ভয় ক’ত বাপুৰামে উপলব্ধি কৰিব পাৰি উৎসাহেৰে ক’লে, “সেই বিষয়ে তুমি নিশ্চিত থাকা। মনৰ মিল হৈছে যেতিয়া মই তগৰক তোমালৈকে দিম। আঘোণৰ ভিতৰতে বিয়া পাতিমেই। কমলাকান্তলৈ ছোৱালী নিদিওঁ বুলি আজি বাতিয়েই চিঠি লিখিম। নেলাগে মোৰ ছোৱালী হাকিমনী হ’ব।” কেনেবাকৈ মহীকান্তব চিঠি জেপ ফাটি মাটিত ওলাই পৰে বুলি চোলাব জেপত হাত সুমুৱাই বাপুৰামে লেফাফাটো টানকৈ খামুচি ধৰিলে। অসহায় মানুহৰ অকলুষ চৰিত্ৰ অৱস্থাৰ কঠিন পাথৰত হঠাতে খুন্দা খাই এনেকৈয়ে চূৰমাৰ হয়। বোৱাৰী হ’বলৈ লাগে কত বেলি?
গাঁৱৰ দহজনে অভাব-অনাটনক অৱহেলা কৰি হাঁহিমুখে যেনেকৈ জীৱন কটায়, ধৰণীৰ পিতাক মোহন বায়নেও সুখে-দুখে তেনেকৈ প্রবর্তিছিল। দদায়েক-ককায়েকহঁতৰ লগত ভাগ-বাটোৱাৰা কৰি যি দুই-চাবি ডৰা পৈত্রিক মাটি পাইছিল, তাকে চলাই-মেলি দুবেলা দুমুঠি খাই লৈ আছিল। বহল সন্তুষ্টিয়ে গাঁৱলীয়া মানুহৰ মোহটো চিৰদিন চেপা মাবি বাখিছে। পতিত মাটিক উদ্ধাৰ কৰিবলৈ অসমীয়া খেতিয়কৰ দেহত ক্ষত্রিয় শক্তিও নাই, বামুণীয়া তেজৰো অভাব। ক’লাজ্বৰে নগাঁৱক উছন কৰি গৈছে। গাঁৱত এঘৰ মানুহ নাই, যাৰ ঘৰত ক’লাজ্বৰে ক’লা চিন ৰাখি যোৱা নাই। ধৰণীৰ পাঁচ বছৰ বয়সতে মোহন বায়ন ক’লাজ্ববত ঢুকায়। তেতিয়াৰে পৰা গঞাহঁতৰ সহায়-সহানুভূতিৰ ওপৰত ভাৰসা কৰিয়েই মোহনৰ বাঁৰী-তিৰোতা আহিনী চলি আহিছে। আন নহ’লেও ঘৰখন ধৰি ৰাখি চলিবৰ বুদ্ধি আহিনীৰ আছিল। মাকৰ মৰম-চেনেহে ধৰণীক বাপেকৰ অভাৱ পাহৰাই ৰাখিলে। চৰকাৰী চাকৰিত নোসোমালে টকা-কড়ি আৰ্জিব নোৱাৰি। মণ্ডলৰ পৰা মুনচুপলৈকে সকলো হৈছে ধন ঘটাৰ বাট। আন নহ’লেও পুতেকক মণ্ডল কামত দিবলৈ আহিনীয়ে মনে মনে প্রবল আশা পুহিছিল। পঢ়া-শুনাত সৰুৰে পৰা ধৰণী আছিল তিখৰ।
পাঠশালাত বৃত্তি পাই মাইনৰত উঠিছিলগৈ। মাইনৰত বৃত্তি পোৱা হ’লে হাইস্কুলত পঢ়াৰ কথা উঠিলহেঁতেন। কিন্তু সেয়ে নোহোৱাত, মাইনৰ পাছ কৰি ধৰণীয়ে দুবছৰ ঘৰতে ধিতিঙালি কৰি বহি থাকিল। সেই সময়ত গুৱাহাটীত গরর্ণমেন্টে নতুনকৈ এটা উইভিং স্কুল খুলিছিল। তাত পঢ়িবলৈ যোৱা ল’ৰাক বাৰ টকাকৈ বৃত্তি দিয়াৰ জাননী সাতদিনীয়া ‘অসমীয়া’ত প্রকাশ হৈছিল। খেতিয়কৰ ল’ৰা খেতিয়ক হ’বলৈ নগৈ, ধৰণীয়ে তালৈকে এখন দর্খাস্ত ফর্মুটিয়ালে। কপালৰ ফেৰ হ’লে আপোনা-আপুনি ঘটনাবোৰ ঘটি যায়। বৃত্তি পাই ধৰণীয়ে গুৱাহাটীত পঢ়িবলৈ গ’ল। আহিনীয়ে পুতেকক গুৱাহাটীত পঢ়িবলৈ পঠোৱা কথাটো ওচৰ-চুবুৰীয়াই ভাল নুবুলিলে। খাবলৈ নোহোৱা বাৰী তিৰোতাৰ ইমান দেমাক বহুতৰে সহ্য নহ’স। বাৰ টকা ৰূপেৰে খাই-বৈ গুৱাহাটীত চলা অসম্ভর। মাজে-সময়ে মাকে কানি-কাপোৰ বৈ-কাটি পুতেকৰ খৰচ যোগোৱাত সহায় কৰিবলৈ বাধ্য হ’ল। দুবছৰৰ পাছত উইভিং পাছ কৰি এতিয়া ধৰণীয়ে গোলাঘাটৰ লোকেল ব’ৰ্ডৰ তলত ডেমনষ্ট্ৰেটৰৰ কামত সোমাইছে। আহিনীয়ে স্বামীৰ আৰু পিতৃ-পুৰুষৰ সম্পত্তি বুলি পূজাৰীৰ বিগ্ৰহৰ দৰে পৰণি ভেটিটোকে আঁকোৰগোজকৈ সাবটি ধৰি বংশৰ অক্ষয় বস্তিগছ জ্বলাই আছে। পুৰণি ঘৰ দুটাক নতুনকৈ সংস্কাৰ কৰিব পৰা নাই। বাৰীৰ বাঁহজোপা থকাত ঘৰকেইটাৰ খুঁটাকেইটা যেনিবা থিয় হৈ আছে, হাউলিটোও আঁৰবেৰেৰে আৱৰি ৰাখিছে। চাৰিওফালৰ আম-কঠাল, তামোল-পাণে ঘৰকেইটাৰ দৈন্য ভালেখিনি লুকুৱাই থৈছে। প্রকৃতিৰ লগত গাঁৱৰ পৰম প্ৰীতি। ঈশ্বৰৰ অংশ ভাবি উদ্ভিদৰ অংগছেদনত হাত নিদিয়াত নাতি-পুতিৰে উদ্ভিদে গাঁৱত আহল-বহল সংসাৰ এখন পাতি বহিছে। ধৰণীয়ে বিয়াৰ বাতৰি মাকলৈ যথাসময়তে দিলে। ছোৱালী ঘৰৰ জাতি-কুল, বিষয় অৱস্থাৰ সম্পৰ্কে বিৱৰি জনালে। পুতেকে ঘৰ পাতিবলৈ দিহা কৰাত আহিনীয়ে বেয়া পোৱা নাই, উপযুক্ত বয়স হৈছে যেতিয়া বিয়া পাতিবই লাগে- সংসাৰৰ ধৰ্ম।
কিন্তু আত্মীয়-স্বজন কাৰো বা-বচন নলৈ ইমান দূৰৈত বিয়া কৰাবলৈ ওলোৱাতহে মাকৰ বেজাৰ। কেনেবাকৈ যদি জাতি-কুল মাৰি ছোৱালী আনিব লাগিল, তেনেহ’লে চিৰদিনলৈ কুলত কুখ্যাতি ৰ’ব- সমাজৰ পৰা এঘৰীয়া হ’ব লাগিব। ইমান দুখ-কষ্টৰ মাজতো আহিনীয়ে বায়নৰ ঘৰৰ এই দুই সম্পদকে আশ্রয় কবি আছে। গাঁৱৰ ভিতৰত পূৰ্বৰে পৰা বায়নৰ ঘৰ বংশ-গৌৰৱত নামজ্বলা। কামৰূপৰ পৰা উঠি অহা প্রাচীন তিনি-চাৰি ঘৰ কলিতা মানুহৰ ভিতৰত বায়নো এঘৰ। এতিয়ালৈকে পূৰ্বৰ নগঞা কলিতা সমাজৰ লগত তেওঁলোকৰ বিয়া বাৰু ছা-ছোৱালী অনা-নিয়া সম্বন্ধ ঘটা নাই। সেই কলিতা ঘৰৰ ল’ৰাই উজনিৰ যাবে-তাৰে ঘৰৰ ছোৱালী আনিব লাগিলে কলংকৰ সীমা নোহোৱা হ’ব। এইবোৰ ভাবি-চিন্তি আহিনীৰ পেটৰ ভোক, চকুৰ টোপনি হৰিল।
ইকাণ-সিকাণ- সহস্র কাণ হৈ গোটেই গাঁৱতে বাতৰিটো বিয়পি পৰিল। আহিনীৰ ওপৰত পোটক তুলিবলৈ সুচল ওলোৱা দেখি কাৰো কাৰো মুখত হাঁহি ওলাল। সমাজৰ বৰমূৰীয়াসকলে কথাটো শুনিয়েই প্ৰতিকাৰ-প্রায়চিত্ত বিধানৰ কথা তুলি সমাজৰ শাসন নমনা উচ্ছৃঙ্খল ডেকাক যথাবিধি শাস্তি বিহিবলৈ উদগ্ৰীৱ হৈ ৰ’ল। দূৰ-সম্বন্ধীয় বৰ পিতাক শুনদৰ লগতে মাটি এডৰাৰ সীমা লৈ বাপেক থকা দিনৰে পৰা ধৰণীহঁতৰ কাজিয়া। মোহন ঢুকুৱাৰ পাছত বাঁৰী তিৰোতাৰ লগত ফেৰ পাতি মেল বহুৱায়ো নিজৰ সুবিধা মতে সীমা ঠেলি শুনদে মাটি বহলাব নোৱাৰিলে। বতৰাটো শুনি শুনদৰ দুই চকুৱেদি প্রতিশোধৰ ফিৰিঙতি উফৰি পৰিল। কথাটোৰ তলানলা ল’বলৈ কান্ধত গামোচাখন পেলাই পুৱাই ধৰণীহঁতৰ চোতালত থিয় দি গহীনাই সুধিলে, “হঁয়ে ধৰণীৰ মাক, কথাটো যে শুনিছোঁ, সঁচা নে মিছা?” মূৰত কাপোৰ একাচল পেলাই, বাহিৰলৈ ওলাই আহি আহিনীয়ে বুজিও নুবুজাৰ ভাও ধবি উত্তৰ দিলে, “কি কথা শুনিছে?” তীক্ষ্ণদৃষ্টিৰে ধৰণীৰ মাকলৈ চাই ক’লে, “অ’ তই হ’বলা এতিয়া ক’বই নোৱৰা হ’লি? পুতেৰে বোলে আহোমনী এজনী আনিব খুজিছে?” “আহোমনী অনাৰ কথা ক’ত ওলাল?” আহিনীৰ বুকু ধান বনাদি বানিবলৈ ধৰিলে। “সেইষাৰ কোনোবা শত্রুবে উলিয়াইছে। ছোৱালী ভাল মানুহৰ ঘৰবে।” হে-হে-হেকৈ বিদ্রূপৰ হাঁহি মাবি শুনদে ক’লে, “ওঁ তই ক’লেই মই পতিয়াম নহয়? উজনিত কলিতা-কায়স্থ কেইঘব আছে আঙুলিৰ মূৰত?” গল হেকাৰি মাৰি কঢ স্বৰেৰে যোগ দিলে, “বতৰৰ বতৰা মই বতৰতে কৈ থ’লোঁ দেই। পুতেৰে কামটো ভাল নকৰিলে একা। পুতেৰৰ লগতে তয়ো ৰাইজৰ দায়-দণ্ডৰ ভাগী হ’বি।” ভৱিষ্যতৰ ভয়ৰ আশংকাত ধৰণীৰ মাকৰ বুকু চিৰিং কৰি উঠিল। কূটবুদ্ধিয়া শুনদক আহিনীয়ে ভালকৈ চিনি পায়। গাঁৱৰ তিৰোতাৰ বাদ-অপবাদ খুঁচৰি ফুৰাত শুনদ আগৰণুৱা। পুতেকৰ বিয়াৰ কথা লৈ সমাজ তোলপাৰ কবি শুনদে যে ধৰণীহঁতক জুলুকি-জুলুকিকৈ পানী পিয়াব, বেচাৰীয়ে সেই কথা বঢ়িয়াকৈ বুজি পালে। জুই বেছিকৈ জ্বলিবলৈ দিয়া সমীচীন নহয় ভাবি আহিনীয়ে বিহাৰ আঁচলেৰে চকু পানী টুকি আত্মসমর্পণৰ স্বৰত ক’লে, “আপোনালোকৰে ল’ৰা, আপোনালোকেই চপাই-কোঁচাই বুটলি আনিলেহে হয়।” যাবলৈ খোজ দিয়া শুনদে ধৰণীৰ মাকৰ কথা শুনি ক্ষন্তেক ৰৈ ক’লে, “এবা এতিয়া হ’লে আমাৰ ল’ৰা। এদিনমানলৈ তহঁতে আমাৰ বুধি-পৰামর্শ বিচাৰিছিলিনে? বোলো, বৈদ্য হুৱা মৰে আপুনি বিষে। পুতেৰক যেতিয়া তাঁত বোরা শিকিবলৈ পঠাইছিলি, আমাক তেতিয়া এষাৰ কথা সুধিছিল জানো? মুনিহ হৈ মেখেলা বোৱা শিকিবলৈ গ’ল? সি মতা ল’ৰাটোৱে খেতি-বাতি চলাই চলিব নোৱাৰিলেহেঁতেন নে? বংশত নকৰা নেমেলা কাম এটা কৰিবলৈ গ’ল কিয়? ইমান দিন পুতেৰে অৰ্জা চিকাৰূপৰ মুখ দেখি আমালৈ কেৰাহিকৈ নেচালি। এতিয়া নিজে মৰিবি। গোবে পোৱে তল যাবি একা।” “ল’ৰাই মোৰ কথা শুনাহেঁতেন এইখন হ’বলৈ পায় জানো? সি মোক কুটাগছ হেনো গণ্য নকৰে। এতিয়া পিছে সেইবোৰ কথা আলচিলেনো কি হ’ব? আপোনালোকেই মোৰ আপোন, বুধি ভাৰসাৰ গৰাকী। আপোনালোকেই ভাল বিবেচনা বুজি কিবা এটা নকৰিলে কেনেকৈ হ’ব? দোষ কৰিলেও জানো নিজৰ পুতেকক এবিব পাৰিব? মোৰ হাতত রূপ একুৰিমান আছে, কাৰোবাক পঠিয়াই সময় থাকোঁতেই ল’ৰাটো ওভোতাই আনিবলৈ দিহা কৰক।” ৰূপৰ মোহে কৰিব নোৱাৰা কাম নাই। মুহূর্তৰ ভিতৰতে ভতিজাকৰ ভৱিষ্যতব চিন্তা কৰি শুনদ ব্যাকুল হৈ পৰিল। কান্ধৰ গামোচাখনৰে মুখলৈ অহা মাখিটো খেদি চিন্তিতভাৱে ক’লে, “এৰা, কিবা এটা কৰিব লাগিবই। সেয়েহে কথাটো ভু-পায়ে লবি এইখিনি ওলাইছোঁহি। আমি থাকোঁতেই মোহনৰ ল’বাক এনেকৈ কুল এৰিবলৈ দিলে, তাৰ শাওযে বংশ-পৰিয়ালৰ গোটেইকে পশিব। বাৰু, দুপৰীয়া খোৱা-লোৱা কৰি আমাৰ পিনে পাক এটা মাৰিবিচোন। ভাবি-চিন্তি কিবা এটা উপায় উলিয়ামইক। লাগিলে মায়ঙৰ বেজৰ ওচৰলৈকো মানুহ পঠিয়াম। ঔষধ-আহুদি নকৰিলে ল’বাই বিয়া কৰাবলৈ কিয় ওলাব?” ধৰণীক উজনিব পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি, তাকে ভাবি ভাবি শুনদে বাটলৈ খোজ ল’লে। শুনদব মন পাই আহিনীয়ে ততাতৈয়াকৈ ভাত-পানী খাই তেওঁৰ ওচৰ চাপিল। ৰূপ একুৰি আগবঢ়াই দি, যেনে-তেনে উপায়েৰে পুতেকক ঘৰলৈ ওভোতাই অনাব দিহা কৰিবলৈ শুনদক কাবৌ-কোকালি কৰি ধৰিলে। “এৰা, ভাল ঘৰত যদি সম্বন্ধ পাতিব খুজিছে, তেনেহ’লে কোনো কথাই নাই। লাগি-ভাগি বিয়াখন পাতি দিবহে লাগে। পিছে উজানৰ ফালে যে আমাৰ কুলৰ মানুহ আছে- ওহোঁ, তেনে দেখোন মনে নধবে। সদিয়াৰ পিনে ভৱানীপুৰীয়া আতাই অৱশ্যে নামধৰ্ম প্ৰচাৰ কৰোঁতে তেওঁৰ লগত দুই-চাৰিজন কলিতা মানুহ গৈছিল। সেইসকলৰ পৰিয়াল বা ক’ত ক’ত আছে? তোৰ তাৰ পৰা ওলাই আহি নাওবাম পণ্ডিতকো কথাটো সুধি আহিলোঁ। তেরো একো সঠিক ক’ব নোৱাৰিলে। বিয়াৰ দিন বা কেতিয়া বুলি লিখিছে?”
ধৰণীৰ মাকে চাদৰৰ আঁচলৰ পৰা পুতেকৰ চিঠিখন মেলি শুনদৰ আগত থকা তামোলৰ বটাটোত থ’লে। শুনদে ওপৰে ওপৰে পঢ়ি চাই ক’লে, “ইস্ দেখিছা, বাম নোহোৱাকৈয়ে ৰামায়ণ। ভাল কুলৰ ছোৱালী- ইফালে শহুৰেকৰ নাম-গোন্ধেই দিয়া নাই। আজিলৈকে মৰঙি গাঁৱৰ নামেই নুশুনিলোঁ। অ’ বিয়া দেখোন আঘোণৰ ওঠৰ তাৰিখেই।” আহিনীয়ে মূৰ দুপিয়াই ক’লে, “হয়।”
“জোৰ পুৰি হাত পালেহি। আজি হ’ল আঘোণৰ দহ দিন, আৰু তেও আঠদিনহে বাকী। আজি-কালিতে কোনোবা এটা পঠিয়াব নোৱাৰিলে, তোৰ বোৱাৰীয়েৰ দেখোন ঘৰেই সোমাবহি।” হাঁহি মাবি শুনদে আহিনীলৈ চালে। “সোমাওকহিচোন, মই মাকে বুটী বাচনী ঠিককৈ থ’ম নহয়।” “ল’বাও দেখিছোঁ নোম টেঙৰ। বিয়াত বিধি-পথালি হয় বুলি বাতৰিটোও জনাইছে মূৰকতহে। জানিবি, ছোৱালীঘৰৰো চল-চক্রান্ত আছে। কলিতাত ছোৱালী দি জাতত উঠিবলৈ বিচাৰিছে। তাতে ল’ৰায়ো এতিয়া মাহে দুকুৰি-দেড়কুৰি পোৱা হৈছে নহয়।” পুতেকৰ দৰ্মহাৰ কথা ওলোৱাত আহিনীয়ে উৎসাহেৰে উত্তৰ দিলে, “গ’ল বেলি দেবী পূজাত আহোঁতে একুৰি পোন্ধৰ টকাই পায় বুলি কৈছিল।”