মান-ৰাহুৱে গিলি চেৰাই যোৱাৰ পাচত হোৱা অসম দেশৰ দুৰৱস্থাৰ কথা বর্ণনাতীত, স্বরূপত, দেশখন এখন জনশূণ্য দীঘল-বহল এৰা-বাৰী যেন হৈ পৰিছিল। গোটেই দেশখনৰ জনসংখ্যাৰ অৰ্দ্ধেকৰ অধিক ভাগ ৰণ-বিগ্রহ-বিদ্ৰোহৰ মৰা-কটাত বাদ গৈ, তিনি ভাগৰ এভাগমান মাথোন আদিকা ৰৈছিল, তাৰে আকৌ ডেৰকুৰি হাজাৰৰ ওপৰ সংখ্যক অসমীয়া মুনিহ-তিৰোতা মানে ব্রহ্মদেশলৈ বন্দী কৰি লৈ যায়। তাৰ পাচতো, সদৌ দেশজুৰি আকাল, ডকাইতি আৰু বিবিধ ব্যাধিৰ প্রকোপত ৰব নোৱাৰি গোসাঁই-মহন্ত আৰু ভাল-ভদ্রলোকে উজনি অসম ৰাজ্যৰ ঘৰ-বাৰী এবি নামনি অসমলৈ উঠি যায়, আৰু বহুসংখ্যক সাধাৰণ প্ৰজাই সিবিলাকৰ পিচ ধৰে। বৃটিচৰ সহায়ত, দেশৰ অৱস্থা অলপ ভালমুৱা হ’বলৈ ধৰাত, ওপৰ খাপৰ বুজন লোকজন আকৌ উজনি অসমলৈ উলটি আহিল, কিন্তু সাধাৰণ প্ৰজাবিলাক উলটি নাহি গুৱালপাৰাতে থিতাপিত হৈ ৰ’ল, গুৱালপাৰাৰ পূৰ্বাংশ এতিয়াও সেই মান-ভগনীয়া প্ৰজাবৰ্গৰ সতি-সন্তানেৰে ভৰপূৰ। অসমত বৃটিচ গৱৰ্ণমেন্ট গঠনৰ আদিছোৱাত, আনন্দৰাম ঢেঁকিয়াল ফুকন সবাতোকৈ শ্রেষ্ঠ, ইংৰাজীত উচ্চশিক্ষিত, অসমীয়া চৰ্কাৰী ডাঙৰ বিষয়া আছিল। শাসন-সংক্রান্ত লাগতিয়াল বিষয়ত গৱৰ্ণমেন্টে সততে তেওঁৰে সৈতে পৰামৰ্শ কৰি তেওঁৰ মতামত গ্ৰহণ কৰিছিল, তাৰ নিৰ্দশন বিখ্যাত ‘মিল-ৰিপৰ্ট’ৰ বুকুত অদ্যাপি জিলিকি আছে। (১) বৃটিচে, মানবিলাকক অসমৰপৰা উলিয়াই খেদি পঠিওৱাৰ পাচত, ইয়াণ্ডাবু সন্ধিৰ সূত্ৰ অনুসৰি, গম্ভীৰচিঙ্গক মণিপুৰত নিগাজিকৈ ৰজা পাতিলে, জয়ন্তাৰ ৰজাক তেওঁৰ পৰ্বতীয়া আৰু চুৰমা নৈৰ উত্তৰৰ ভৈয়াম ৰাজ্যখণ্ডত অধিপতি পাতিলে। তাৰ পাচত, সিবিলাক দুইকো কৰ-কাটলীয়া আৰু মিত্ৰৰজাৰূপে ৰাজত্ব কৰিবলৈ সুদিহা কৰি দিয়া হয়। বদৰপুৰ সন্ধি খ্রীঃ ১৮২৪ চনৰ ৬ মাৰ্চ্চত, বৃটিচ “ইষ্ট ইণ্ডিয়া কোম্পানী” আৰু কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰৰ মাজত সন্ধি স্থাপিত হয়। সেই সন্ধিৰ সূত্রমতে, কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰই বৃটিচ-শৰণীয়া ৰজাৰূপে “ইষ্ট ইণ্ডিয়া কোম্পানী”ক বছৰি ১০০০০ টকা কৰ শোধাবলৈ, আৰু অন্যান্য ৰজাৰে সৈতে কেতিয়াবা তেওঁৰ বিৰোধ ঘটিলে বৃটিচ প্রতিধিক মধ্যস্থ মানিবলৈ স্বীকাৰ কৰে, আৰু সেইবাবে বৃটিচ কোম্পানীয়ে কাছাৰৰ ৰজাক বাহিৰৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ প্রতিশ্রুতি দি, কাছাৰৰ শাসনসংক্রান্ত বিষয়ত বজাক স্বাধীন এক্তিয়াৰ দিয়ে আৰু মণিপুৰী উপনিবেশী ৰাজন্যবৰ্গৰ স্বাৰ্থ-চৰ্ত্তাদি অক্ষুণ্ণ ৰ’বলৈ সুব্যবস্থা দান কৰে।
বৃটিচ্ গৱৰ্ণমেন্ট
“মানৰ দিনৰ” পাচত, কি কি চৰ্ত্তেবে ব্রহ্মপুত্র উপত্যক, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য বৃটিচ্ শাসনৰ তললৈ অনা হ’ল, আৰু মণিপুৰ মিত্ৰৰাজ্যৰূপে ৰ’ল, তাৰ আভাস ওপৰত দিয়া হৈছে (১)। এতিয়া অসম উপত্যকাত বৃটিচ শাসন বিস্তাৰৰ বিষয়ে চমুকৈ কোৱা যায়। মিঃ ডেভিড স্কট, কাপ্তান্ আডান্ হোৱাইট্, কাপ্তান নিউভিল্, লেফ্টনেন্ট জেমচ মেথি: মানৰ দিনত অসম উপত্যকাৰ ৰাজকীয় আৰু সামাজিক বান্ধ এনেভাবে শিথিল হৈ পৰিল যে মানে এৰি যোৱাৰ পাচতো অসমৰপৰা বৃটিচ্ সৈন্যবল উঠাই নিয়াটো নিৰাপদ দেখা নগ’ল। সেই কাৰণে, উজনিৰ অতি পূব অঞ্চলত, শদিয়া আৰু মটকৰ ৰাজ্য ক্ৰমে খাস্তিৰ শদিয়াখোৱা গোহাঞি আৰু মটকৰ বৰসেনাপতিৰ জিম্মাত ৰাকি, বাকী গোটেই অসম উপত্যকাৰ শাসনভাৰ ১৮২৬ খ্ৰীষ্টাব্দৰপৰা উত্তৰ-পূব-বঙ্গ দেশৰ অন্তৰ্গত ৰংপুৰৰ কমিচনাৰ, গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট, মিঃ ডেভিড্ স্কট্ চাহাবৰ শাসনত ৰখা হয়। কিন্তু, অকলশৰীয়াকৈ সেই কার্য্য তেওঁৰ পক্ষে দুঃসাধ্য হোৱাত, ১৮২৭ খ্রীষ্টাব্দত কাপ্তান্ আডাম্ হোৱাইটক নামনি অসমত আৰু ১৮২৮ খ্রীষ্টাব্দত কাপ্তান নিউভিলক উজনি অসমত সহকাৰী কমিচনার পাতি দিয়া হয়। উত্তৰপাৰে ভৈৰৱী আৰু দক্ষিণপাবে ধনশিৰী নৈকে মাজসামা পাতি, উজনি অসম আৰু নামনি অসম নামেৰে অসম প্রদেশ দুখণ্ড কৰা হয়, পোনতে উজনি অসমৰ সদৰ ঠাই ৰংপুৰ বা এতিয়াৰ শিৱসাগৰ আছিল, পাচত, খ্রীঃ ১৯১৩ ৮৯৩ যোৰহাটলৈ সেই সদৰ তুলি অনা হয়। ১৮৩০ খ্রীষ্টাব্দৰ ২৬ জুলাইত নিউভিল চাহাবৰ মৃত্যু হোৱাত, তেওঁৰ ঠাইত লেফটেনেন্ট জেমচ মেথি চাহার দূবলায়া কমিচনাৰ নিযুক্ত হয়। বৰ সেনাপতিঃ শদিয়াৰ দক্ষিণে ব্রহ্মপুত্র আৰু বুঢ়ীদিহিঙ্গৰ মাজত কিলাকুটায়া ঠাইডোখবেই মটকৰ ৰাজ্য আছিল, এতিয়া সি বাড়ি-টুটি ডিব্রুগড চহৰখন হৈছে। ইয়াত ঘাইকৈ মোৱামৰীয়াবিলাকে পূর্বে বাস কৰিছিল। এই ৰাজ্যভাগ পূর্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই পতা মটকৰ বৰসেনাপতিয়ে শাসন কৰিছিল। মানব দিনতো তেওঁ সেই দেশ ৰক্ষা কৰি আছিল। গতিকে, বৃটিচ্ গবর্ণমেন্টেও বৰসেনাপতিকে মটক ৰাজ্যৰ গৰাকী পাতি এৰিলে। আৰু, ডিবৰু নৈৰ পাৰত বঙ্গাগড়া নামে ঠাইত তেওঁব বাজধানী আছিল। তাৰ পাচত, বৰসেনাপতিয়ে, ১৮২৬ খ্রীষ্টাব্দৰ সন্ধিমতে গরর্ণমেণ্টক বছবি ১২০০০ টকা কৰ শোধাব লগা হয়। কিন্তু সেই কৰ অত্যধিক হোৱা বুলি তেওঁ আপত্তি কৰাত, তাক ১৮০০ টকালৈ কমাই দিয়া হয়। তাৰ পাচ৩, ১৮৩৫ খ্রীঃ চনব সন্ধিমতে, সেই কৰৰ ওপৰঞ্চিকৈ, লাগ বুলিলেই নিৰ্দ্ধাৰিত সংখ্যক ৰণুৱা মানুহ যোগান দিবলৈ তেওঁ গাত লয়। বৰসেনাপতিৰ ৰাজহ ‘পল টেক্স’ বা পাইকৰ গোট হিচাপে ধবি আদায় কৰা হৈছিল। সেই ‘টেক্স’ পাইকেপতি, কছাৰী আৰু মটকৰ ৩ টকাকৈ সোণাৰি আৰু বিহিয়াৰপৰা ২৫০ টকাকৈ, আৰু সাধাৰণ অসমীয়াৰপৰা ২ টকাকৈ লোৱা হৈছিল। খাস্তি আৰু চিংফৌ মটকৰ দৰেই খামতি আৰু চিংফৌ বিলাককে। নিজৰ নিজৰ শাসনকর্ত্তা দিয়া হৈছিল। সেই সময়ত শদিয়া অঞ্চল গোটেইখন খামতির অধীনত আছিল, মটকৰাজাৰ পূবে ন-দিহিং আৰু টেঙ্গাপানীৰ মাজৰ বাজ্যাংশ চিংফোর দখলত পৰিছিল। খাস্তিৰ শাসনকর্তা শদিয়াখোৱা গোহাঞিয়ে কৰ দিব নালাগিছিল। কিন্তু তেওঁৰ সদৰত ২০০ জন চিপাহীৰে সৈতে এজন বৃটিচ পলিটিকেল এজেন্ট তেওঁৰ খৰচত ৰখাটো স্থিৰ হয়। তেওঁৰ প্ৰজাৰপৰা গাযপতি ১ টকাকৈ পল টেক্স আদায় কৰিছিল। চিংফৌৰপৰাও বৃটিচ্ গৱৰ্ণমেন্টে কৰ বিচৰা নাই কিন্তু সিহঁতৰ গাম বা শাসনকর্তাই গবর্ণমেন্টক লাগিলেই ৮০ জন ৰণুৱা মানুহ দি সহায় কৰিবলৈ, আৰু পাট্কাই দুৱাৰত সততে ৰখীয়া ৰাখিবলৈ গাত লয়।মিঃ ডেভিড স্কট্ চাহাবৰ আমোলত, বৃটিচ্ শাসনাধীনত থকা অসম দেশৰ ফৌজদাৰী আৰু দেৱানী গোচৰৰ সোধ চালিচ বা পঞ্চায়তৰ দ্বাৰাই হৈছিল। কোনো গোচৰৰ আপীল হ’লে, সহকাৰী কমিচনাৰে সুধিছিল। আৰু, তেওঁৰো ওপৰে চূড়ান্ত নিষ্পত্তি হ’বলগীয়া আপীলাদি কমিচনাৰৰ ওচৰলৈ পঠিওৱাৰ নিয়ম চলিছিল। মিঃ ডেভিড স্কট্ চাহাবে বন্দী-বেটী বখাৰ নিয়ম বহিত কৰি, অকল কামৰূপৰপৰাই ১২০০০ বন্দী- বেটীক মুক্তি দিয়ে।
বাজহ-বন্দবস্তী: বাহ্যিক শাসনকাৰ্য্যৰ গঢ় লগোৱাৰ লগে লগে মিঃ ডেভিড
স্কট্ চাহাবে ৰাজহৰ সু-বন্দবস্ত কৰিবলৈকো মনোযোগ দিয়ে। পোনপ্রথমে অসমীয়া ৰায়তে গায়পতি ৩ টকাকৈ ‘পল-টেক্স’ দিয়াৰ নিয়ম চলিছিল, আৰু সেই কৰ প্রত্যেক খেলে সুকীয়াকৈ তুলি গৱর্ণমেণ্টক শোধাইছিল। কিন্তু, তাৰ পৰা ৰাজহ সংগ্ৰহৰ সুচল নেদেখি, গৱর্ণমেন্টে পাচলৈ খেলবিলাক লাট্ কৰি মৌজা বা মহল পাতিলে। সেই মৌজা বা মহলৰ গৰাকী বা ৰাজহ সংগ্ৰহ কৰোঁতাবিলাকক মৌজাদাৰ, বিষয়া, চৌধাৰী, কাকতী, পাটগিৰি ইত্যাদি বিষয়ববীয়া নাম দিয়া হয়। কিন্তু, যেতিয়া দেখা গ’ল যে সেই নিয়মেও ‘পল-টেক্স’ আদায় কৰাত বেমেজালি নুগুচিল, তেতিয়াৰপৰা মাটি পীয়ল কৰাই বস্তী, ৰূপীত আৰু ফৰিঙ্গতি নাম দি মাটি তিনি শ্রেণীত ভগোৱা হয়, ফলত, ৰূপীতৰ পুৰাত ১০ টকাকৈ খাজনা লগাই, আন দুই শ্ৰেণীত পুৰাত ১ টকাকৈ নিৰিখ লগোৱা হয়। দৰঙ্গত ১৮৪১ খ্রীষ্টাব্দলৈকে, খেলোৱাৰী প্রথামতে, হালেপতি ৩ টকাকৈ ‘নাঙ্গল-টেক্স’ ধাৰ্য্য কৰা হৈছিল, ১৮৪২ চনৰপৰাহে সৰ্বসাধাৰণীয়া ৰাজহৰ নিৰিখ লগোৱা হয়। প্রথমতে, মৌজাদাৰবিলাকৰ লগত কেইবাবছৰীয়াকৈ বন্দবস্তী চলিছিল, ইতিমধ্যত ৰায়তৰ সংখ্যা বাঢ়ি ৰাজহৰ যি বেছি উৎপন্ন হৈছিল, সেইটো মৌজাদাৰৰ লাভ হৈছিল। কিন্তু, সেই নিয়মে খাজনা তোলাত গৱর্ণমেন্টে লাভ নেদেখি মৌজা বা মহলৰ বছৰেকীয়া বন্দবস্তীৰ নিয়ম প্রচলন কৰিলে। খেলোৱাৰী প্ৰথামতে, খ্রীঃ ১৮৩২-৩৩ চনলৈকে, কামৰূপ, দৰং আৰু নগাঁৱৰ বাজহ ক্রমান্বয়ে ১১০১৮১ টকা, ৪১০০৬ টকা, ৩১৫০৯ টকা মাথোন উঠিছিল। দহ বছৰৰ পাচত, মাটিৰ ৰাজহ কামৰূপত ২৫২৯৯১ টকা, দৰঙ্গত ১৩৫৪৫৪ টকা, নগাঁৱত ১১০৩১৪ টকা, শিৱসাগৰত ৮০৮৪৩ টকা, লক্ষীমপুৰত ৩৪৭৩০ টকাকৈ তোলা হৈছিল, মুঠৰ ওপৰত, খাচ অসমৰ মুঠ ৰাজহ ৬১৪৩৩২ টকা পোৱা গৈছিল। আৰু দহ বছৰৰ পাচত সেই ৰাজহ ৭৪৩৬৮৯ টকালৈ উঠে (১)। “মানব দিনে” বেমেজালি লগোৱা অসম দেশৰ বাজে ভিতবে গঢ় গতি লগাই, পুনঃ শান্তি স্থাপনৰ চেষ্টা কৰি থাকোঁতেই, ১৮৩১ খ্ৰীষ্টাব্দৰ ২০ আগষ্টত, মিঃ ডেভিড্ স্কট্ চাহাবৰ অকাল মরণ ঘটে, চেৰাপুঞ্জিত তেওঁৰ শৱ-সমাধিস্থ কৰি মৈদাম বন্ধাই তাৰ ওপৰত স্মৃতিফলক প্রতিষ্ঠা কৰা হয়। তেওঁ এজন বিচক্ষণীয়া ৰাজনীতিজ্ঞ কৰ্ম্মচাৰী আৰু প্ৰজাৰঞ্জক শাসনকর্তা আছিল। মিঃ ডেভিড্ স্কট্ট অকাল মৃত্যুত গবর্ণমেন্টে আৰু প্ৰজাই সমানে পূৰাব নোৱাৰা ক্ষতি বোধ কৰিছিল (১)।
মিষ্টাৰ টি চি ববার্টচন্
মিঃ ডেভিড স্কট চাহাবৰ লোকান্তৰ হোৱাত, মিষ্টাৰ টি চি ৰবাৰ্টচনে তেওঁৰ বিষয়বাব লয়হি। তেওঁ আহিয়েই অসম উপত্যকাৰ উজনি খণ্ডত, ডেভিড্ স্কটে এবি যোৱা প্রস্তাবমতে পুবন্দৰসিংহ স্বৰ্গদেৱক পুনঃ ৰজা পাতেহি। সেই অর্থে, ১৮৩২ খ্রীষ্টাব্দত এটা সন্ধি কৰা হয়, সেই সন্ধি মতে মটকৰ ৰাজ্য আৰু শদিয়া অঞ্চল বাজ কৰি, উজনি অসমৰ উত্তৰপাৰে ভৈৰবী আৰু দক্ষিণপাৰে ধনশিৰীৰৰপৰা পূবভাগ ৰাজ্য স্বৰ্গদেৱ পুৰন্দৰসিংহক এবি দিয়া হয়। সেই সময়ত অসমৰ গুৱালপাৰা, কামৰূপ, নগাওঁ আৰু দৰং এই চাৰিখন জিলা মাথোন বৃটিচৰ খাচ দখলত ৰখা হৈছিল। উত্তৰপাবে বিশ্বনাথৰপৰা উজনি অংশ লক্ষীমপুৰ আৰু দক্ষিণপাবে কলিয়াবৰৰপৰা পূৰ্বাংশ শিৱসাগৰ এই দুখন জিলা তেতিয়ালৈকে আহোম স্বৰ্গদেৱৰ দখলত ৰৈছিল।