আহোম-কছাৰী-জয়ন্তীয়াৰ মাজত সবাতোবৰ কছাৰী ৰণ: কছাৰী ৰজা তাম্ৰধ্বজৰ আচৰণত কুপিত হৈ, ১৬২৮ শকত মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেবে কছাৰী ৰাজ্য মাৰি খিলঞ্জীয়া খ্যাতি ৰাখিবলৈ মন মেলিলে। সেই আকাঙ্খাবে স্বর্গদেবে তিনিজনা ডাঙ্গৰীয়াক মুখ্য কৰি, বৰবৰুৱা-বৰফুকন সমন্বিতে সদৌ ফুকন, বাজখোৱা, বৰুৱা বিষয়াসকলৰ মতামত আহ্বান কৰিলে, সকলোৱেই একেমত হৈ স্বৰ্গদেৱৰ প্রস্তাব সমর্থন কৰাত, স্বৰ্গদেবে অনতিপলমে কছাৰী ৰাজধানী মায়বাং আক্রমণ কৰিবলৈ যুগুত ব্যৱস্থাত ধৰিলে। সেই অর্থে, বিশ্বনাথত বাহৰ পতাই লৈ, স্বর্গদেব স্বয়ং তাত থিতাপিত হ’লগৈ। তাৰ পাচত, তালৈকে উজনি আৰু নামনি অসমৰপৰা সসৈন্যে বৰবৰুৱা আৰু বৰফুকন প্ৰমুখ্যে বাছকবনীয়া সেনা-সেনাপতিসমূহক সমবেত কৰোৱা হ’ল, শৰাইঘটীয়া ফুকন, ৰাজখোৱা, বৰুৱা, বিষয়াসকলেৰে সৈতে গুৱাহাটীৰপৰা বৰফুকন, পানী ফুকন আৰু পানীদিহিঙ্গীয়া, তৰুৱাদিহিঙ্গীয়া, বৰ-অভয়পুৰীয়া, পানী-অভয়পুৰীয়া, পানীশলগুৰীয়া, ওপৰ-দয়ঙ্গীয়া, আঠগঞা, ৰাজখোৱা-বিষয়া সকলোকে আদেশ দি অনাই স্বর্গদেরে বিশ্বনাত বাহৰত সমবেত কৰালে। তাতে, স্বৰ্গদেৱে বৰবৰুৱাক ঘাই সেনাপতি পাতি, তেওঁৰ তলে সকলো মেল আৰু খেলৰ সেনা-সেনাপতি সমন্বিতে মুঠ ২৫০৭৭ জন ৰণুৱা মানুহ দি. বিপুল আয়োজনেৰে কছাৰী ৰাজ্য মাৰিবলৈ বণ-যাত্রা কৰালে। পৰ্বতীয়া বাটেদি বৰবৰুৱাৰ যাত্ৰা হ’ল। বাটতে আমলখী টিলাত কোঁঠ বান্ধি খাপ দি থকা কছাৰী বণুৱা কিছুমানৰ লগত এখন ৰণ লাগিছিল, সিহঁতক অনায়াসে ঢলিয়াই মাৰি থৈ, বাটত আৰু কেইখনমান ৰণত জিনি, আহোম সেনা মায়বাং পালেগৈ। আহোম সেনাৰ আক্রোশ, আয়োজন আৰু অবাৰিত গতি দেখি মায়বাঙ্গৰ মানুহে গড় আৰু নগৰ এৰি ভাগিবলৈ ধৰিলে। কছাৰী ৰজা তাম্ৰধ্বজ পলাই খাচ্পুৰত ৰ’লগৈ। নগৰ লৈ. আহোম ৰণুৱাই পালে, হিলৈ ৭০০, তাৰে কিছুমানত পিতলৰ মূৰ্ত্তি খতোৱা, গন্ধক ২২০ মোন, তামৰ কলহ ১০, তামৰ ডাঙ্গৰ দবা ৬, লোহাৰে সজা যুদ্ধৰ সঁজুলি ১২০. হাতী-দাঁত ১২, গডগ ৫০০, ম’ই ৬০, গৰু ৮০০, ডেকা-বুঢ়া, মুনিহ-তিৰোতাবে সৈতে মানুহ পালে মুঠতে ৩২০ টা। এনেতে, তাতে বৰবৰুৱাৰ টান নৰিয়া হ’ল। বৰবৰুৱাৰ নৰিয়াৰ বাতৰি পাই, স্বৰ্গদেবে পানীফুকনৰ তলে মুঠ ৩৪০৫১ জন বন্ধুরা দি, কলীয়াবৰীয়া ফুকন, বৰগোহাঞি ফুকন, নৰা-কোঁৱৰ ফুকন আৰু সলাল গোহাঞি কপিলীৰ বাটেদি বণ-যাত্ৰা কৰালে। পিচে, ইতিমধ্যত আহোম সেনাই মায়বাং দখল কৰাৰ সংবাদ দি, স্বৰ্গদেৱলৈ বৰবৰুৱাই জনালে, বোলে, নতুনকৈ বণ-বল যোগ দিয়াৰ আৱশ্যক নাই আৰু, কিন্তু সেই সংবাদ স্বর্গদেবে পোৱাৰ আগেয়েই পানীফুকন সসৈন্যে মায়বাঙ্গত বৰবৰুৱাৰ কোঁঠ পালেগৈ। তাৰ পাচত, খাপুৰ দখল কৰি তাৰপৰা কছাৰী ৰজা তাম্ৰধ্বজক ধবি আনিবলৈ স্বর্গদেবে বৰবৰুৱাক আদেশ দিলে। পিচে, সেই সময়ত বিবিধ ব্যাধি, আহাৰ-পাটিব নাটনি আৰু বাট-ঘাটৰ দুৰ্গম অৱস্থা হেতুকে স্বৰ্গদেৱৰ আদেশ স্থগিত ৰাখিবলৈ প্ৰাৰ্থনা কৰি, বৰবৰুৱা আৰু পানীফুকনে বিশ্বনাথলৈ সংবাদ পঠিয়ালে, কিন্তু মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেবে, সেই প্ৰস্তাৱত কষ্ট হৈ, আকৌ টানি আদেশ দিয়াত, পানীফুকনৰে সৈতে বৰবৰুৱাই নৰিয়া গাৰেই খাপুৰলৈ মৰোঁ-জীওঁকৈ ৰণ-যাত্ৰা কৰিলে। পিচে, বাটতে নৰিয়া টান হোৱাত বৰবৰুৱা ঢুকাল, পানীফুকনে ঘাই সেনাপতিৰ বাব লৈ ক্ৰমাৎ অগ্রসৰ হ’বলৈ ধৰিলে। ইতিমধ্যত, জয়ন্তীয়া বজা ৰামচিঙ্গে খাপুৰপ্ৰবাসী তাম্ৰধ্বজৰ ওচৰলৈ পুতেকক পঠিয়াই কোৱালে, বোলে, কছাৰী ৰজা লগ হয় যদি, দুয়ো লাগি আহোম ৰজাৰ গড়গাওঁ নগৰ মাৰিবগৈ পৰা যায়, যদি তেওঁ মান্তি হয়, জয়ন্তাৰ ৰজা ৰামচিঙ্গক সাক্ষাৎ কৰকহি। তাম্ৰধ্বজ নগ’ল, বামচিঙ্গকে তেওঁ মাতি পঠিয়ালে। সেই কথাত ৰুষ্ট হৈ, ৰামচিং ৰজাই তাম্রধ্বজক, তেওঁৰ পত্নী মহাদেবী আৰু পুত্র-কোঁৱৰটি সমন্বিতে, ধৰাই নিয়ালে। গতিকে পানীফুকনে তাম্ৰধ্বজক খাচপুৰত নাপালেগৈ। সেই সময়তে জয়ন্তীপুৰত আহোম বৈৰাগী দুজনক লগ পাই, কছাৰী ৰাণী মহাদেবীৰ মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ শৰণ মাগি এখন ভিতৰ-বিশ্বাসৰ পত্ৰ পঠিয়ালে। তাৰ ফল স্বরূপে জয়ন্তা মাৰি, ৰামচিং আৰু তাম্ৰধ্বজ দুইকো ধৰি আনি বিশ্বনাথ বাহৰত উপস্থিত কৰাবলৈ বুলি স্বৰ্গদেৱে পানীফুকন বৰসেনাপতিলৈ আদেশ পঠিয়ালে। সেই আদেশানুসৰি, পানীফুকনে জয়ন্তাৰ ৰজা ৰামচিঙ্গক ৰণত হৰুৱাই বন্দী কৰি, কছাৰী ৰজা তাম্ৰধ্বজৰে সৈতে দুইকো ধৰি নি বিশ্বনাথ বাহৰত মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ চৰণত শোধাই দি সেৱা কৰিলেগৈ। ৰুদ্ৰসিংহ মহাৰজাই বিশ্বনাথত দৰবাৰ পাতি, কছাৰী আৰু জয়ন্তীয়া দুয়ো বজাক আহোম স্বৰ্গদেৱত শৰণ লগোৱাৰ বিষয়ে আহোম ৰাজত্বৰ বৰ্ণনাত বহলাই কোৱা গৈছে। বিশ্বনাথত দৰবাৰ পাতি, কছাৰী আৰু জয়ন্তা বাজ্য আহোম ৰাজ্যৰ চামিল কৰা ৰাজাজ্ঞা ঘোষণা কৰি কদ্রসিংহ স্বর্গদেবে তাম্রধ্বজক মায়বাঙ্গত শৰণীয়া বজা পাতিলে, আৰু ৰামচিঙক লগতে ৰংপুৰলৈ লৈ গ’ল। তাৰপৰা অলপ দিনৰ পাচতে টান নৰিয়াত পৰি তাম্ৰধ্বজৰ মৃত্যু হয়। ইফালে, ৰংপুৰ নগৰত জয়ন্তাৰ বজা বামচিঙবো অকাল মৰণ ঘটে। সুৰদৰ্পনাৰায়ণ: তাম্ৰধ্বজৰ লোকান্তৰ হোৱাত, আহোম ৰাজপ্রতিনিধি গৈ. তেওঁৰ ৯ বছৰীয়া নাবালক পুত্ৰ সুৰদৰ্পনাৰায়ণক মায়বাঙ্গত শৰণীয়া ৰজা পাতি আহে। কিন্তু, আহোম ৰজাৰ তত্ত্বাৱধানত বাৰ বছৰ মাথোন বাজত্ব কৰোঁতেই তেওঁৰ অকাল মৃত্যু হয়।
সন্ধিকাৰী
সুৰদৰ্পনাৰায়ণৰ পাচত হৰিশ্চন্দ্ৰনাৰায়ণ, কীৰ্ত্তিচন্দ্ৰনাৰায়ণ প্রভৃতি কেইজনমান বজাই দুকুৰিমান বছৰ ৰাজত্ব কৰাৰ পাচত, সন্ধিকাৰী নামেৰে এজন ৰজা কছাৰী ৰাজপাটত প্রতাপী হৈ উঠে। প্রচলিত নিয়ম অনুসাবে, ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে তেওঁক ৰংপুৰ নগৰলৈ মাতি পঠিওৱাত সন্ধিকাৰীয়ে সদর্পে আহোম কটকীক খেদি পঠিয়ালে। সেই কথাত ৰুষ্ট হৈ, স্বৰ্গদেৱে বৰবৰুৱাক সসৈন্যে পঠিয়াই সন্ধিকাৰীক ধৰাই আনিলে। পিচে, সন্ধিকাৰীয়ে কাকুতি-মিনতি কৰি আহোম ৰজাৰ শৰণাগত হোৱাত, তেওঁক আকৌ এৰি দিয়া হয়। কিন্তু, তাৰ পাচত, তেওঁ আৰু সৰহদিন ৰাজত্ব কৰিবলৈ নাপালে, ১৭৭১ খ্রীষ্টাব্দত হৰিশ্চন্দ্ৰ ভূপতি নামেৰে এজন কছাৰী কোঁৱৰে তেওঁক ভাঙ্গি নিজে বজা হ’ল।
কৃষ্ণচন্দ্র
১৭৮৫ খ্রীষ্টাব্দত হৰিশ্চন্দ্ৰ ভূপতিক ভাঙ্গি কৃষ্ণকান্ত কছাৰী কোঁৱৰ ৰজা হয়। তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰিয়েই, ভায়েক গোবিন্দচন্দ্ৰৰে সৈতে যথানিয়মে হিন্দুধৰ্ম্ম গ্ৰহণ কৰে। ৰজা কৃষ্ণচন্দ্ৰৰ ৰাজত্বতে আহোম স্বৰ্গদেৱৰ বিদ্ৰোহী প্রজা মোৱামৰীয়া কিছুমানে কছাৰী ৰাজ্যত আশ্ৰয় লৈছিলগৈ। স্বৰ্গদেৱ কমলেশ্বৰসিংহই সেই ৰাজদ্রোহীবিলাকক ৰখীয়া দি আনিবৰ কাৰণে সেনা পাঁচিলে। কিন্তু, কৃষ্ণচন্দ্র তাত অমান্তি হোৱাত, আহোম স্বৰ্গদেরে আকৌ কছাৰী ৰাজ্য আক্ৰমণ কৰিবলগীয়া হয়। এইখন সদৌশেহতীয়া কছাৰী ৰণ ১৮০৩ খ্ৰীষ্টাব্দৰপৰা ১৮০৫ খ্ৰীষ্টাব্দলৈকে চলাৰ পাচত, কছাৰী ৰজাক পৰাস্ত কৰি, আহোম ৰাজদ্রোহীবিলাকক ধৰাই আনি স্বর্গদেরে শাস্তি দিয়ালে। তাৰপৰা আঠ বছৰৰ পাচত, ১৮১৩ খ্রীষ্টাব্দত কৃষ্ণচন্দ্র বজাৰ মৃত্যু হয়।
গোবিন্দচন্দ্ৰ
কৃষ্ণচন্দ্ৰৰ মৃত্যুৰ পাচত, ভায়েক গোবিন্দচন্দ্ৰই কছাৰী ৰাজপাট লাভ কৰে। তেওঁৰ ৰাজত্বৰ আৰম্ভণতে কহিধন নামেৰে বাজ-কৰ্ম্মচাৰীয়ে বিৰুদ্ধাচৰণ উপস্থিত কৰে। কহিধন কৃষ্ণচন্দ্র বজাই পতা এজন বিষয়া। তেওঁ কছাৰী ৰাজাৰ উত্তৰ ভাগ ৰাজ-প্রতিনিধিস্বৰূপে শাসন কৰিছিল। গোবিন্দচন্দ্ৰই বহু প্রবন্ধেৰে সেই উৎপাত থমাই কহিধনক বধ কৰিলে। কিন্তু, তাৰ পাচত, আকৌ কহিধনৰ পুত্ৰ তুলাৰাম সেনাপতিয়ে কছাৰী ৰাজ্যৰ উত্তৰাংশৰ অধিপতি হৈ বিৰোধ-আন্দোলন চলাবলৈ ধৰিলে। এনে বিপদৰ উপৰি, মণিপুৰৰপৰা মাৰ্জিৎচিঙ্গৰ আক্ৰমণ পৰিলহি। গোবিন্দচন্দ্রই উপায় নাপাই মণিপুৰৰ নিৰ্বাসিত ৰজা চৌৰজিৎচিঙ্গৰ সহায় গ্রহণ কৰিলে। কিন্তু, চৌৰজিৎচিঙ্গে সেই আলমতে নিজে কছাৰী ৰাজ্যৰ এক অংশ দখলহে কৰিলেগৈ। তাৰ পাচৰ বছৰত গম্ভীৰচিং নামেৰে আৰু এজন মণিপুৰী কুটুম্ব আহি লগ লাগিল। এইদৰে, কাছাৰ দেশ বা কছাৰী ৰাজ্য দৰাচলতে মণিপুৰী কোঁৱৰৰ অধিকাৰত পৰিল, কছাৰী বজা গোবিন্দচন্দ্ৰলৈ ৰাজ্যৰ ভাগ একো নাথাকিলগৈ। সদৌশেহত, গোবিন্দচন্দ্ৰই ব্ৰহ্মা-বজাৰ ওচৰত সহায় প্রার্থনা কৰিলে। ব্ৰহ্মাৰ ৰজাই সেই অনুসৰি কছাৰী ৰজাক সহায় কৰিবলৈ সৈন্যদল পঠিয়ালে। সেই কথাৰ সম্ভেদ্ পাই বৃটিচ্ গবর্ণমেন্টে ব্ৰহ্মা ৰজাৰ উদ্দেশ্যৰ বিৰুদ্ধে যুগুত ব্যৱস্থা কৰিবৰ অৰ্থে গম্ভীৰচিঙ্গলৈ উপদেশ দি পঠিয়ালে। কিন্তু, তেওঁ বৃদ্ৰিাজৰ পৰামৰ্শ গ্ৰহণ নকবি, তলে তলে ব্ৰহ্মা-বজাৰ সেনাপতিৰে সৈতে সন্ধি পাতি কছাৰী ৰাজ্য ভগাই ল’বলৈ কাৰবাৰ কৰিলে। সেই কথাত বৃটিচ গৱৰ্ণমেন্টে অসন্তুষ্ট হৈ, সেই গণ্ডগোলৰ মাজত ইচ্ছা কৰি সোমাল। পিচে, ব্রহ্মা-বজাৰ সেনাদল বা ‘মান’বিলাক যেতিয়া ৰণত ঘাটি উলটিবলৈ বাধ্য হ’ল, তেতিয়া গম্ভীৰচিঙ্গক ৰাজ্য ভোগৰপৰা বঞ্চিত কৰি, বৃটিচ গবর্ণমেন্টে গোবিন্দচন্দ্ৰক আকৌ কছাৰী ৰাজ্যত বজা পাতিলে। ইমানতো গোবিন্দচন্দ্ৰৰ অশান্তির অন্ত নপৰিল, তুলাৰাম সেনাপতিয়ে বজাৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আন্দোলন তুলি খলক লগাবলৈ ধৰিলে। শেহান্তত, বৃটিচ্ ৰাজৰ সুপৰামৰ্শমতে চলি, গোবিন্দচন্দ্রই তাৰপৰা একপ্ৰকাৰ মুক্তিলাভ কৰিছিল, কিন্তু তেওঁৰ ৰাজত্বৰ শেহছোৱাত তেওঁ অতিকৈ প্রজাপীড়ক হৈ উঠাত, সেই আপাহতে এটা মণিপুৰীয়ে ছেগ চাই, খ্রীঃ ১৮৩০ চনত, তেওঁক বধ কৰে। গোবিন্দচন্দ্র কছাৰী বংশৰ সদৌ শেহতীয়া বজা তেওঁ অপুত্রক আছিল। গতিকে, তেওঁৰ মৰণৰ পাচত, খ্রীঃ ১৮৩২ চনত, বৃটিচ্ গৱৰ্ণমেন্টে কাছাৰ বা কছাৰী ৰাজ্য নিগাজীকৈ নিজৰ খাচ দখলৰ ভিতৰ কৰি লয়। প্রথমতে, কাছাৰ জিলা অসম-কমিচনাৰৰ অধীনে এজন বৃটিচ চুপাৰিণটেনডেন্টৰ শাসনত ৰখা হৈছিল, তাৰ পাচতে, ১৮৩৫ খ্রীষ্টাব্দত কাছাৰ জিলা ঢাকা বিভাগত চামিল কৰি, এজন ডেপুটী কমিচনাৰৰ শাসনত ৰখা হয়।
তুলাৰাম সেনাপতি
কহিধনৰ মৃত্যুৰ পাচতো পুতেক তুলাৰাম সেনাপতিয়ে কছাৰী ৰাজাৰ উত্তৰাংশৰ অধিপতি হৈ, ৰজা গোবিন্দচন্দ্ৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আন্দোলন চলাবলৈ ধৰে। তুলাৰাম এজন বৰ উচ্চাকাঙ্খী, বুদ্ধিমান, তেজীয়ান, বাবলী, প্রজাহিতৈষী পুৰুষ আছিল, অকল আন্দোলন চলাই উদ্দেশ্য সিদ্ধি কৰিব নোৱাৰা যেন দেখি, তেওঁ গোবিন্দচন্দ্ৰৰপৰা কছাৰী ৰাজপাট এদনীয়াকৈ কাঢ়ি ল’বলৈ মনস্থ কৰিলে। সেই অর্থে, তেওঁ ১৮২৮ খ্রীষ্টাব্দত, গোবিন্দৰাম নামেৰে ভতিজাকক এজাক তেজী ৰণুৱাৰ সেনাপতি পাতি গোবিন্দচন্দ্ৰৰ নগৰ আক্ৰমণ কৰিবলৈ পঠিয়ালে। কিন্তু, গোবিন্দবামে গোবিন্দচন্দ্ৰৰ ফৌজক ঘটাই উঠি, উলটি দদায়েক তুলাৰামক আক্রমণ কৰিলেহি। হঠাৎ সেই আত্ম-বিদ্রোহত তুলাৰাম বিচূৰ্ত্তি হৈ জয়ন্তীপুৰলৈ সাম্প্ৰতিকভাৱে আঁতৰি যায়। কিন্তু ঘূৰি বছৰতে, ১৮২৯ খ্রীষ্টাব্দত, তেওঁ মণিপুৰী কোঁৱৰ গম্ভীৰচিঙ্গৰ সহায় লৈ, তেওঁৰ অকৃতজ্ঞ ভতিজাকক আক্রমণ কৰিলেহি। গোবিন্দৰামে বীৰ তুলাৰামৰ সিংহ-বিক্ৰমৰ আঘত তম্ভিব নোৱাৰি, ধৰমপুৰলৈ পলাই গৈ, গোবিন্দচন্দ্ৰৰ লগত যোগ দিলে। এনে অৱস্থাত, তুলাৰাম সেনাপতিক উত্তৰ-কাছাৰৰ স্বাধীন অধিপতি বুলি মানি, তেওঁক শান্ত কৰিবৰ নিমিত্তে বৃটিচ কমিচনাৰ ডেফিড় স্কট চাহাবে গোবিন্দচন্দ্ৰক পৰামৰ্শ দিয়ে। কিন্তু, তেওঁ সেই পৰামৰ্শ নোলোৱাৰ ফলত, স্বদেশহিতৈষী তুলাৰাম সেনাপতিৰ ভীষণ আক্রমণ সহিব লগাত পৰিল। গোবিন্দচন্দ্ৰৰ মৰণলৈকে তুলাৰামে ভীম-পৰাক্ৰমেৰে তেওঁক অস্থিৰ কৰি ৰাখিছিল। গোবিন্দচন্দ্ৰ অপুত্রক অৱস্থাত স্বর্গী হোৱাত, তুলাৰাম সেনাপতিয়ে কছাৰী বাজপাটলৈ উত্তৰাধিকাৰী স্বত্ব আগবঢ়াইছিল, কিন্তু তেওঁ সিৰ-ফুটা কছাৰী ৰাজবংশধৰ নোহোৱা হেতুকে, বৃটিচ গৱৰ্ণমেন্টে তেওঁৰ প্ৰাৰ্থনা গ্রাহ্য নকৰিলে। তথাপি, ‘ৰজা’ খিতাপ দিয়া নহ’ল যদিও, তেওঁক গোবিন্দচন্দ্ৰৰ দিনত ভোগ কৰা ৰাজ্যাংশৰ অধিকাৰী বা জমিদাৰ পতা হ’ল। তেওঁৰ সেই দখল দক্ষিণে মহুৰ নৈ আৰু নগা-পৰ্বত, উত্তৰে যমুনা আৰু দৈয়াং নৈ, পূবে ধনশিৰী নৈ আৰু পছিমে দৈয়াং নৈ, এই চতুঃসীমাৰ ভিতৰত আছিল (১)। অসমত সেয়ে পোনপ্রথম জমিদাৰী। সেই জমিদাৰীৰ ৰাজহস্বৰূপে তেওঁ বৃটিচ গৱৰ্ণমেণ্টক প্রথমে বছৰি ৪ টা হাতী-দাঁত শোধাবলৈ গাত লৈছিল, কিন্তু পাচলৈ তাৰ সলনি ৪৯০ টকা নগদ কৰ শোধাইছিল, আনহাতে, তেওঁ বৃটিচ গৱৰ্ণমেণ্টৰপৰা মাহে ৫০ (আঢৈকুৰি) টকা পেঞ্চন পাইছিল। তুলাৰাম সেনাপতিৰ মৰণৰ সময়ত, খ্রীঃ ১৮৪৪ চনত, তেওঁৰ আবেদন অনুসৰি, তেওঁৰ ৰাজ্য বা জমিদাৰী তেওঁৰ দুই পুতেক নকুলৰাম বৰ্ম্মণ আৰু ব্রজনাথ বৰ্ম্মণক বৃটিচ গৱৰ্ণমেন্টে ভগাই দিয়ে, কিন্তু সিবিলাকৰ ভিতৰত ঘৰুৱা কন্দল আৰু চুবুৰীয়া আঙ্গামী নগাবিলাকৰে সৈতে সততে বিবাদ লগোৱাৰ ফলত, শেহান্তত সিবিলাক অকামিলা হৈ পৰাত, ১৮৫৪ খ্রীষ্টাব্দত, সিবিলাকৰ সেই জমিদাৰী বা তুলাৰাম সেনাপতিৰ সমুদায় ৰাজ্য উত্তৰ-কাছাৰ মহকুমাৰ লগত চামিল কৰি, বৃটিচ গৱৰ্ণমেন্টে সেনাপতিৰ পৰিয়ালক পেঞ্চন দিয়াৰ নিয়ম নিৰ্বন্ধ কৰে (১)। পাচে পাচলৈ নামনি অসমত, ক্রমাৎ বিজনী, মেছপাৰা, চিল্লী, গৌৰীপুৰ, বগৰীবাৰী, চিৰাং, বিষ্ণু, এইবোৰ জমিদাৰী স্থাপিত হয়। খ্রীঃ ১৯১৭ চনৰপৰা মেছপাৰা জমিদাৰী আৰু ১৯২১ চনৰপৰা বিজনী জমিদাৰী বৃটিচ গৱৰ্ণমেণ্টৰ ‘কোর্ট-অব-ওৱাৰ্ড’ৰ তত্ত্বাৱধানত চলিছে। চিল্লী জমিদাৰী গৱৰ্ণমেন্টে চলায়, জমিদাৰে ‘মালিকানা’ বুলি জমাৰপৰা শতকৰা ২০ টকাকৈ ৰাজহৰ ভাগ পায়। গৌৰীপুৰ প্ৰমুখ্যে কেখনমান জমিদাৰী পূৰ্বৰ স্বতন্ত্ৰৰীয়া ব্যৱস্থাতে ৰৈছে। খ্রীঃ ১৯০১ চনৰপৰা গৌৰীপুৰৰ জমিদাৰক ‘বজা-বাহাদুৰ’ আৰু বিজনীৰ জমিদাৰক খ্ৰীঃ ১৯৩১ চনৰপৰা ‘ভূপ-বাহাদুৰ’ খিতাপেৰে বিভূষিত কৰা হৈছে।