চুতীয়াসকলৰ বিষয়ে কিছু কথা

hazarikanikita465@gmail.com
10 Min Read

চুটিয়াবিলাকৰ আদি বসতি ঠাই লক্ষীমপুৰ জিলাৰ অন্তৰ্গত সোণাগিৰি বা বিদর্ভ নগৰ (১) বা কুণ্ডিল্য চহব। সিবিলাকৰ সুকীয়া ভাষা আছিল। এতিয়া চুটিয়া ভাষাক দেউৰী ভাষা বোলে।

ৰত্নধ্বজ

খ্রীঃ ১১৮৯ চনত, ১১১১ শুঁকত, সোৱণশিৰী নৈৰ উৎপত্তিৰ ঠাইত, সোণাগিৰি পৰ্বতৰ নামনিত, ভীৰ্ম্মোক ৰজাৰ বংশৰ নিচেই টোকোনা সৰু পৰিয়াল এটা আছিল। বীৰবল নামেৰে এজন মানুহে সেই পৰিয়ালৰ মূল গৃহস্থ। তেওঁক পাচলৈ বীৰপাল নামেৰেও জনা যায়। ধন-বিত্ নোহোৱা হেতুকে সেই পৰিয়ালত সদায় অশান্তি নুগুচে। পিচে, সেই গৃহস্থই এদিন এটা শুভ সমাজিক দেখিলে। তাৰ ফলত, বীৰপালে এজোপা গছৰ তলত এটা ধন-ৰত্নৰ গাগৰিৰে সৈতে এখন ঢাল, এখন তৰোৱাল, এপাত যাঠি আৰু এটা সোণৰ মেকুৰী পালে। সেই সম্পত্তি লাভ কৰাৰ পাচৰপৰা বীৰপালৰ অৱস্থা দিনকদিনে ভালৰ ফালে আহিল আৰু সেই দৈৱিক দ্রব্য “কুবেৰদত্ত সম্পত্তি” বুলি তেওঁ অতি যতনেবে ৰাখি তাত পূজা দিবলৈ ধৰিলে। তাৰ পাচত, বীৰপালৰ ঘৈণীয়েক ৰূপৱতীয়ে এটা সুলক্ষণীয়া পুত্র-সন্তান প্রসৱ কৰে। ল’ৰাটি সুশ্ৰী আৰু সুলক্ষণীয়া দেখি, বীৰপালে তাৰ নাম গৌৰনাৰায়ণ ৰাখিলে। বয়সৰ লগে লগে গৌৰনাৰায়ণৰ বল সাহ, বুদ্ধি আদিৰ চিনাকি পাই, চুটিয়াবিলাকে তেওঁৰ ওচৰত মূৰ দোৱাবলৈ ধৰিলে, আৰু তেওঁ নিজ বাহুবলেৰে ওচৰৰ পৰ্বতীয়া জাতিবিলাকক (২) তলতীয়া কৰি ল’লে। তাৰ পাচত, ১২২৩ খ্রীষ্টাব্দত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে আহি. ভদ্রসেন নামেৰে ৰজা এজনক যুদ্ধত ঘটায় তেওঁৰ ৰাজাৰ শ্বেতগিৰি পৰ্বতৰ নগৰ মাৰি অনেক দ্রব্য আৰু বিবিধ ব্যৱসায়ী মানুহ পালে, আৰু তাতে এটা দুর্গ স্থাপন কৰিলে। গৌবনাৰায়ণে খ্রীঃ ১২২৩ চনত, বত্নপুৰত নতুনকৈ ৰাজধানী পাতি ৰত্নধ্বজপাল নাম গ্রহণ কৰে। এওঁৱেই চুটিয়াবিলাকৰ প্রথম বজা। ভদ্রসেনক পৰাস্ত কৰাৰ পাচত ৰত্নধ্বজে ন্যায়পাল নামেৰে আৰু এজন ৰজাক আক্রমণ কৰে। তেওঁ যুদ্ধ নকৰাকৈয়ে তেওঁৰ ৰত্নেশ্ববী নামেৰে জীয়েকক ৰত্নধ্বজলৈ বিয়া দি. তেওঁৰে সৈতে মিতিৰ পাতিলে। তাৰ পাচত, ৰত্নধ্বজে নিজৰ ৰাজ্যৰ সীমাই সীমাই এটা বৰ ডাঙৰ গড় বন্ধাই সোণাগিৰীলৈ উলটি আহিলে।

কমতা কুঁৱৰী

ন্যায়পালৰ কন্যা, ৰত্নেশ্বৰী মহিষীৰ গৰ্ভত, ৰত্নধ্বজৰ ঔৰসত, খ্রীঃ ১২২৬ চনত, বিজয়ধ্বজপালৰ জন্ম হয়। পুতেক ডেকা হ’লত, বত্নধ্বজে তেওঁলৈ ছোৱালী বিচাৰি, ওচৰত মিতিৰ পাতিবৰ যোগ্য লোক নেদেখি, কমতাপুৰৰ ৰজা নীলধ্বজৰ কন্যা এটি খুজিবব নিমিত্তে কটকী পঠিয়ায়। কিন্তু, সেই কালৰ মহাপৰাক্ৰমী ৰজা অভিমানী নীলধ্বজে ৰত্নধ্বজৰ প্ৰস্তাৱ সগর্বে দলিয়াই পেলালে। সেই কথাত অপমানিত হৈ, ৰত্নধ্বজে কমতাপুৰ ৰাজ্য আক্ৰমণ কৰিবৰ অর্থে, চুটিয়া ৰাজধানীৰপৰা কমতাপুৰলৈকে আলি বন্ধাই, দিনটোৰ বাটৰ অন্তৰে অন্তৰে কোঁঠ মৰাই লৈ, বিপুল আয়োজনেৰে যুদ্ধযাত্রা কৰি যথাসময়ত নীলধ্বজ ৰজাৰ ৰাজ্যৰ সীমা পালেগৈ। নীলধ্বজে চুটিয়া ৰজাৰ এনে আক্রোশ আৰু আয়োজন দেখি পেটে পেটে শঙ্কা কৰিলে। গতিকে তেওঁ ৰত্নধ্বজৰ লগত যুদ্ধ নাপাতি সন্ধিৰ প্রস্তাৱ কৰিলে। সেই সন্ধিৰ সূত্র অনুসৰি, নীলধ্বজে তেওঁৰ জীয়েক কেইগৰাকীৰ ভিতৰত সবাতকৈ সুন্দৰীটিকে সালঙ্কৃতাকৈ ৰাজযোগ্য যৌতুকেৰে সৈতে ৰত্নধ্বজ বজাৰ পুতেক বিজয়ধ্বজলৈ বিয়া দিলে। গৌৰেশ্বৰৰ লগত মিত্রতাঃ খ্রীঃ ১৩০৪ চনত গৌৰদেশৰ পাৎছাৰে সৈতে “সখি” বন্ধাই ৰত্নধ্বজে মিত্ৰতা কৰে। গৌৰেশ্বৰৰ লগত মিত্ৰতা কৰি, লিখা-পঢ়া শিক্ষাৰ নিমিত্তে তেওঁৰ ঘৰত ৰত্নধ্বজে নিজৰ পুত্র এটি থৈ আহে। কমতাপুৰৰপৰা ৰত্নধ্বজ উলটি নিজৰ ৰাজ্যলৈ অহাৰ কিছুমান দিনৰ পাচতে, গৌৰেশ্বৰৰ ঘৰত থৈ অহা পুত্রটিব মৃত্যু হয়। গৌৰেশ্বৰে সেই বাবে মর্মান্তিক দুখিত হৈ, সেই ল’ৰাটিৰ শৱটি অতি যতনেবে চুটিয়া ৰাজধানীলৈ পঠিয়াই দিয়ে। সেই সময়ত ৰত্নধ্বজে সিন্ধুক্ষেত্রত নতুন নগৰ এখনি পাতিবব অর্থে আয়োজন কৰিছিল। তেনেতে, পুতেকৰ শৱ আহি পোৱাত, বেজাৰৰ সোঁৱৰণী স্বরূপে তেওঁ সেই নগৰত সেই শর-সৎকাৰ কৰি মৈদাম দি, তাৰ চলন্তা নাম ‘পাল-শর-দিয়া’ (অর্থা, পাল বজাৰ শব পোতা ঠাই) বা ‘শব-দিয়াঘাট’ বাখিলে (১)। আজিকালিৰ ‘শদিয়া’ চহৰৰ নামৰ এয়ে আঁতিগুবি, ‘পাল শ দিয়া’ নাম লৰচৰ হৈ বর্তমান ‘শদিয়া’ত ৰৈছেগৈ।

বিজয়ধ্বজ পাল

খ্রীঃ ১৩০৫ চনত ৰত্নধ্বজপালৰ পৰলোক হয়। তেওঁৰ পাচত পুতেক বিজয়ধ্বজপালে বছৰদিয়েক ৰাজপাট খায়। তেওঁকো লেখত লৈ, সেই বংশৰ ক্ৰমান্বয়ে বিক্রমধ্বজপাল, গৰুড়ধ্বজপাল, শঙ্খধ্বজ পাল, মউৰধ্বজপাল, জয়ধ্বজপাল আৰু কৰ্ম্মধ্বজপাল নামেৰে সাতজন বজাই ৰাজত্ব কৰে। সেইসকল ৰজাৰ ৰাজত্বত লেখত লবলগীয়া ঘটনা হোৱা জনা নাযায়। ইবিলাকক ক্রমে শিৱনাৰায়ণ, জগতনাৰায়ণ, প্ৰমতনাৰায়ণ, হৰিনাৰায়ণ, গোলোকনাৰায়ণ, ব্ৰজনাৰায়ণ, সত্যনাৰায়ণ নামেৰেও জনা যায়। (২)

ধৰ্ম্মধ্বজপাল

কৰ্ম্মধ্বজৰ মৃত্যুৰ পাচত, তেওঁৰ পুতেক ধৰ্ম্মধ্বজ ৰজা হয়। এইজনা ৰজা বহুকাললৈকে নিঃসন্তান আছিল। সন্তানৰ মুখ দেখিবৰ হাবিয়াহেবে তেওঁ অনেক দেৱ-দেৱীৰ আৰাধনা আৰু পূজা-সেৱা আদি কৰাৰ পাচত, বুঢ়াকালত তেওঁ এটি কন্যাৰত্ন লাভ কৰে। বহু সাধনাৰ ফলত লাভ কৰাৰ কাৰণে ছোৱালীটিৰ নাম ‘সাধনী’ ৰখা হয়। সাধনী বৰ ৰূপহী ছোৱালী আছিল। বয়সৰ লগে লগে সাধনীৰ ৰূপ-লাৱণ্যৰ জেউতি চৰিবলৈ ধৰিলে। লাহে লাহে সাধনীৰ বিবাহৰ কাল উপস্থিত হ’লহি। কিন্তু কন্যাৰ নিমিত্তে উপযুক্ত পাত্ৰ বিচাৰি নাপাই ধৰ্ম্মধ্বজ ভাবনাত পৰিল। (৩) শেহান্তত, তেওঁ সয়ম্বৰৰ পণ পাতিবলৈ মনস্থ কৰে। সেই ভাব মনত লৈয়ে তেওঁ এদিন অকলশৰে ফুৰিবলৈ যায়। এনেতে, তেওঁ ‘পাল-শর-দিয়া’ মৈদামব ওপৰত এটা কেৰ্কেটুৱা অহা-যোৱা কৰি থকা দেখিলে। খেদি দিলেও কের্কেটুৱাটো নাযায়। ধৰ্ম্মধ্বজে বহু প্রবন্ধেও সেই খৰটকিক খেদিব নোৱাৰি, হঠাৎ এই পণ কৰি উঠিল যে যেয়ে একেপাট কাঁড়েৰে কেৰ্কেটুৱাটো শালি মাটিত পেলাবহি পাৰিব, তাকে তেওঁ সাধনী আইদেউক সম্প্রদান দিব। সেই উদ্দেশ্যে সেই মৈদামৰ টোলতে সাধনীৰ সয়ম্বৰৰ ৰভা সজোৱা হ’ল। অনুপমা ৰূপৱতী আৰু পৰম গুণৱতী সাধনীক লাভ কৰিবৰ অর্থে ভালেমান কৃতবিদ্য ৰাজপুৰুষ কের্কেটুৱা বিন্ধিবলৈ গ’ল। কিন্তু নানা ঠাইৰপৰা গৈ সমবেত হোৱা ভালেমান সিদ্ধহস্ত লোকেও কৃতকার্য্য হ’ব নোৱাৰিলে। সদৌশেহত, নিতাই নামেৰে সামান্য চুটিয়া ল’ৰা এটাই ধৰ্ম্মধ্বজৰ পণ অনুসৰি কেকেটুৱাটো একেপাট কাঁড়েবে শালি মাটিত পেলালেহি। সামান্য। ঘৰৰ ল’ৰা এটাৰ সেই কার্য্য দেখি সভাস্থ সকলোবে বিস্ময় মানিলে। কিন্তু ধর্মধ্বজে নিজৰ প্রতিজ্ঞাৰপৰা পিছলিব নোৱাৰি সেই সামান্য চুটিয়া ল’ৰাটোকে স্বামী বৰণ কৰিবলৈ সাধনীক আদেশ দিলে। সুশিক্ষিতা, সচ্চৰিত্ৰা, পৰম ৰূপৱতী ৰাজকন্যা সাধনীয়ে হর্ষচিতেবে পিতৃৰ আজ্ঞা পালন কৰিলে। তাৰ পাচত, ধৰ্ম্মধ্বজে ভাবি চালে যে তেওঁ অপুত্রক হেতুকে, এনেয়েও তেওঁৰ বংশৰপৰা ৰাজসিংহাসন যাব, এতেকে যেনে তেনে উপায়েৰে তেওঁৰ একেটি মাথোন কন্যা-সন্তান সাধনীক ৰাজ্যব গৰাকিণী পতাই তেওঁৰ লক্ষ্য হোৱা উচিত। এনে ভাবি, তেওঁ ততালিকে নিজৰ মূৰৰপৰা ৰাজমুকুট নিজে খহাই লৈ সেই চুটিয়া ল’ৰাৰ মূৰত পিন্ধাই দি, আৰু ‘কুবেৰদত্ত’ সম্পত্তিখিনি তেওঁৰ হাতত গতাই দি, সমবেত বাইজৰ আগত এই বুলি ঘোষণা কৰিলে যে সেই দিনাৰপৰাই তেওঁ ৰজা ভাগিল, চুটিয়া ৰাজপাটত সাধনীক লাভ কৰা চুটিয়া ল’ৰাৰহে অধিকাৰ হ’ল। তাৰ পাচত, ৰাজপাটত উঠি, নিতায়ে, সেই ৰাজবংশৰ ৰীতি অনুসৰি, নীতিপাল নাম গ্রহণ কৰে।

নীতিপাল

নীতিপালেই চুটিয়াৰ সদৌশেহতীয়া ৰজা। তেওঁ বজা হৈ আগৰ লগৰীয়া সামান্য মানুহবিলাকৰ লগত ঘনিষ্ঠতা ৰাখি সিহঁতক ৰাজ্যৰ ডাঙ্গৰ ডাঙ্গৰ বিষয়-বাব দিবলৈ ধৰিলে। গতিকে, ৰাজ্যত নানা তৰহৰ অন্যায় উপদ্রব আদি বাঢি চাৰিওফালে হাহাকাৰ লাগি উঠিল। প্রজাবিলাকে পাচলৈ তেওঁক নীতিপালৰ সলনি অনীতিপাল নাম দি গৰিহণা দিবলৈ ধৰিলে। তেওঁৰ নীতিহীন শাসনত চুটিয়া ৰাজ্যৰ দুৰৱস্থাৰ সীমা নোহোৱাত পৰিল। পিচে, সেই বাতৰি লাহে লাহে আহোম ৰজাৰ ওচৰ পালেগৈ। সেই সময়ত আহোম ৰাজপাটত স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ বা প্রতাপসিংহ আছিল। এইজনা স্বৰ্গদেৱৰ ৰাজত্বৰ কালত, খ্রীঃ ১৬১৯ চনত চুটিয়া ৰজাক আহোম ৰজাই যুদ্ধত ঘটাই তেওঁৰ ৰাজ্য আহোম ৰাজ্যৰ চামিল কৰি লয়, আৰু শদিয়াত ‘শদিয়াখোৱা গোহাঞি’ খিতাপেৰে শাসনকৰ্ত্তা এজন নিগাজীকৈ পাতি থৈ, চুটিয়াবিলাকক অসমৰ চাৰিওফলে সিঁচৰতিকৈ থিতাপিত কৰি সিবিলাকৰ পুনৰুথানৰ শক্তি নাশ কৰা হয়। সেই বিষয়ে আহোম ৰজাৰ ৰাজত্বত বহলাই কোৱা গৈছে। সেই যুদ্ধতে নীতিপালৰ মৃত্যু ঘটে, আৰু তেওঁৰ সাধনী ৰাণীয়ে, ‘কুবেৰ দত্ত সম্পত্তি’ বুকুত বান্ধি লৈ, চন্দনগিৰি পৰ্বতৰ টিঙ্গৰপৰা তলৰ কুণ্ডলৈ জাপ দি আত্মহত্যা কবে। (১) সাধকনাৰায়ণ: সাধনীক বিয়া দিয়াৰ পাচত, ধৰ্ম্মধ্বজপাল বজাৰ পুত্ৰ এটিও জন্ম হয়। বহু সাধনাৰ ফলত লাভ হোৱাৰ কাৰণে, ল’ৰাৰ নাম ‘সাধকনাৰায়ণ’ বখা হৈছিল। সাধকৰ জন্মৰ পূৰ্বেই ধৰ্ম্মধ্বজে জোঁৱায়েক নীতিপালক বাজপাট এৰি দিয়া হেতুকে, সাধকে পিতৃৰাজ্যত ৰজা হ’ব নোৱাৰিলে, কিন্তু নীতিপালক বধ কৰি আহোম ৰজাই চুটিয়া ৰাজ্য দখল কৰাৰ পাচত, ৫ পাঁচ বছৰীয়া (১) সাধকনাৰায়ণক মাজ-অসমত উত্তৰে কবিৰৰ আলি, দক্ষিণে ব্রহ্মপুত্র, পূবে বৌতা, পছিমে ধনশিৰী এই চতুঃসীমাৰ ভিতৰৰ ৰাজ্যত এখন শৰণীয়া শাসনকর্তা পাতি ৰাখে। চুটিয়া জাতি ঘোৰ শাক্ত ও কালীভক্ত আছিল। সিবিলাকে কেঁচাই খাতী গোসাঁনীক নববলি দি পূজিছিল। আহোম ৰজাই দেশ দখল কৰাৰ পাচতো চুটিয়াৰ পুৰোহিত ‘দেউৰী ‘বিলাকে নৰবলিৰে পূজা দিছিল, কিন্তু পাচলৈ প্রাণদণ্ড হোৱা অপৰাধীকহে বলি দিব পাৰিছিল। শদিয়াৰ কেঁচাইখাতী গোসানীৰ পীঠস্থানত চুটিয়াবিলাকে তামৰ মন্দিৰ সজাই লৈ মহা আড়ম্বৰেৰে কালীপূজা প্ৰৱৰ্ত্তাইছিল।

আগৰদিনৰ বিদর্ভ নগৰ বা এতিয়াৰ শদিয়া অঞ্চলৰ সদৌ শেহতীয়া চুটিয়া বজা নীতিপালৰ পত্নী সাধনী ৰাণীৰে সৈতে পুৰণি ৰাজপুতনাৰ অন্তৰ্গত চিতোৰ ৰাজ্যৰ সদৌশেহতীয়া ৰজা ভীমসিংহৰ পত্নী পদ্মিনী ৰাণীৰ ৰিজনি নিমজকৈ খাটে। সাধনী কুঁৱৰীয়ে কনচেং ডাঙ্গৰীয়াৰ হাত এৰাবৰ উদ্দেশ্যে চন্দনগিৰিৰ টিঙ্গবপৰা কুণ্ডিল কুণ্ডলৈ জাঁপমাৰি পৰি তনুত্যাগ কৰিলে, পদ্মিনী ৰাণীয়ে আলাউদ্দিন চুলতানৰ হাত এৰাবৰ উদ্দেশ্যে চিতাত পৰি তনুত্যাগ কৰিলে। ঘটনা দুটা এটামান শতাব্দীৰ মাথোন ব্যৱধানত। নীতিপালৰ কু-শাসনৰ লগত চেকেণ্ডৰ লোডীৰ পুত্র ইব্রাহীম লোডীৰ সমসাময়িক স্বেচ্ছাচাৰী শাসন ৰিজাব পাৰি। নীতিপালৰ কু-শাসনৰ পৰিণামত চুটিয়া ৰাজ্য আহোম ৰাজ্যৰ বুকুত সোমাল, ইব্রাহীম লোডীৰ কু-শাসনৰ পৰিণামত দিল্লীৰ ৰাজপাটত লোডী বংশ লোপ হৈ মোগল বংশৰ পোন-প্ৰথম ৰজা বাবৰ দিল্লীশ্বৰ হলহি। তাৰ পাচত, ১৫২৬ খ্ৰীষ্টাব্দৰপৰা দিল্লীত মোগলৰ একাধিপত্য চলিবলৈ ধৰিলে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *