কথা পাতি প্রতিপত্তি প্রকাশ কৰাৰ চেষ্টা বহুত মানুহৰে আছে

hazarikanikita465@gmail.com
9 Min Read

হোমৰ গুৰিত দৰাক আগুৰি দৰাঘৰীয়াই থুপ পাতি বহিছে। দৰাৰ সখীয়েক আৰু কেইজনমান ডেকাই ঘনিষ্ঠ আত্মীয়তা প্রকাশ কৰিবলৈ দৰাৰ গাত গা ঘঁহাই বহিছে। সভাই-সমিতিয়ে সভাপতিৰ লগত একে শাৰীতে বহি হোৱাই নোহোৱাই তেওঁৰ লগত দু আষাৰ কথা পাতি প্রতিপত্তি প্রকাশ কৰাৰ চেষ্টা বহুত মানুহৰে আছে। পৰিষদৰ মন্ত্রী নাইবা ডাঙৰ চৰকাৰী বিষয়াৰ লগত সমজুৱাকৈ গা ঘেলাব পৰাটো বহুতে সৌভাগ্য বুলিয়েই ভাবে। দৰাৰ বন্ধু-বান্ধৱেও কন্যাঘৰত নিজৰ সন্মান দৰাৰ লগত গা ঘঁহায়েই প্রতিষ্ঠা কৰিবলৈ বিচাবে। দুয়োঘৰৰ পুৰোহিতে হোমৰ গুৰিত প্রয়োজনীয় বস্তুসমূহ চপাই লৈছে। দৰাঘৰৰ পুৰোহিতে নিজৰ বস্তুৰ মাজত ঘিউব টেকেলিটো বিচাৰি পোৱা নাই। কিজানিবা ভুলতে ঘৰতে ব’ল! দৰাৰ ওচৰত বৰণৰ কাপোৰৰ বাকচটো লৈ বহা দৰাৰ দদায়েকে মাত দিলে, “দেউ, মই আপোনাক দঢ়াই দঢ়াই বস্তুকেইপদ চাই-চিতি আনিবলৈ কৈছিলোঁ নহয়?” কন্যাঘৰীয়া ডেকা পুৰোহিতৰ আগত খং কৰি লঘু কৰাত দৰাঘৰীয়া পুৰোহিতেও উচ্চস্বৰেই উত্তৰ দিলে, “আমি এতিয়া সোপাকে নিজে কান্ধত ভাৰ কবি অনা হ’লেহে হ’লহেঁতেন।” দৰাৰ দদায়েকক ভালৰি লগাবলৈ আৰু লগতে সিপক্ষৰ পুৰোহিতকো খোঁচ এটা দিবলৈ কন্যাঘৰীয়া পুৰোহিতে লাহেকৈ মাত দিলে, “হয়, ডাঙৰীয়াই উত্তম কথাকেই কৈছে। এখেতে মাংগলিক উপচাৰসমূহ তদাৰক কবি আনিব লাগিছিল। দবাঘৰীয়াৰ লগত ওলালে আমি হ’লে নিজেই বস্তুৰ বুজ-বাজ লওঁ।” কুশডালেবে আঙঠি এটা পকাই মুখ ভেঙুচালি কৰি বুঢ়া পুৰোহিতে উত্তৰ দিলে, “থোৱাহে থোৱা, তোমালোকৰ ঘৰেনো কেইদিনৰ পৰা পুৰোহিতালিত ধৰিছা?-তাকে যে যহাবলৈ আহিছা? মুনিনাঞ্চ মতিভ্রম হয়ে!”

ঘিউৰ টেকেলিত কন্দলৰ সৃষ্টি হ’বলৈ দিয়া উচিত নহয় দেখি দৰাৰ কাষতে বহা মৌজাদাৰে মাত দিলে, “দেউসকল, ঘিউৰ টেকেলিৰ ওপৰত এতিয়া আৰু তৰ্ক কৰিলে কি হ’ব? গতসা শোচনা নাস্তি।” হাঁহি এটা মাৰি তৰ্কৰ একেবাৰে ওৰ পেলাবলৈ আৰু ক’লে, “আচুতীয়াকৈ ৰখা গৰুৰ ঘিউ আমাৰ ঘৰতে আছে, তাৰেই নহ’ব জানো? আমাৰ ছোৱালী নিবলৈ ভাল হ’ল যেতিয়া ঘিউকণো পুৰিবলৈ ভাল হ’ব লাগে। সম্প্ৰদানৰ লগ্ন যাতে পাৰ নহয়, তাৰ বাবেহে খৰখেদা কৰক।” আগন্তুক বিপদৰ পৰা হাত সৰাত দৰাঘৰীয়া পুৰোহিতে সোলা দাঁতকেইটা উলিয়াই খেল-খেলকৈ হাঁহি ক’লে, “এ- হে হে, ডাঙৰীয়াই ভাল কথাষাৰ কৈছে। ঘৃত মধু দুগ্ধত কোনোবাই দোষ ধৰিব পাৰেনে? ডাঙৰীয়াই তাৰেই অলপ আনিবলৈ খবৰ দিলে ভাল হয়। আক্রোহীঘৰৰ ভট্টাচাৰ্য য’ত আছে, ত’ত শুভকার্য শুভলগ্নত সমাধা নোহোৱাকৈ থাকিব পাৰেনে? ডাঙৰীয়াই জানো কলিয়াবৰৰ আক্রোহীঘৰক চিনি নাপায় ?” মৌজাদাৰে মূৰ জোকাৰি শলাগিলে। পুৰোহিতে আত্মগৌৰৱৰ হাঁহি মাৰি পুনৰ ক’লে, “এ-হে-হে- কেলৈ নাপাব? আমি কিবা পাবত গজা বামুণৰ ঘৰৰনে? আমাৰ বংশ পৰিয়ালে নগাঁৱত ৰজাদিনীয়া দেৱোত্তৰ ব্রহ্মোত্তৰ মাটি এতিয়াও ভোগ দখল কৰিয়েই আছে।” কথাৰ লগে লগে কুশৰ আঙঠিটো দৰাৰ হাতলৈ আগবঢ়াই দি ক’লে, “ধৰা বোপা এইটি পিন্ধা।” কন্যাঘৰীয়া পুৰোহিতৰ ফালে চাই ক’লে, “আপুনিও চাই থাকিব নালাগে, আপোনাৰ যোগাৰ-পাতিও কৰি লওক।” কন্যাঘৰীয়া পুৰোহিতে তাচ্ছিল্যভাৱে উত্তৰ দিলে, “আমাৰ সকলো ঠিক-ঠাক হৈ আছে। আমাৰ কাৰণে আপুনি ভাবিব নালাগে।” এই বুলি পুৰোহিত দর্পণৰ পাত লুটিয়াই মৌজাদাৰলৈ চাই ক’লে আৰু লগতে হাতেবে ভংগী দেখুৱাই গ’ল- “ওঁ আপুনি এনেকৈ বোলক- ইহা গচ্ছ, ইহা তিষ্ঠ অত্র সন্নিহিতো ভব।” হোমৰ গুৰিলৈ ছোৱালী আনিবলৈ নির্দেশ হ’ল। ভিতৰত শেষবাৰলৈ হৈ-চৈ লাগিল। ছোৱালী কান্দি-কাটি অস্থিৰ। তলৰ পৰা ওপৰ মুখ কৰিবই নোৱৰা হৈছে। তাতে এই তিনিদিন ব্রত, বেজাৰ-উপবাসত তেনেই লেতু-সেতু হৈ পৰিছে। কন্যাতকৈ কন্যাৰ মাকৰ অৱস্থা আৰু দুখলগা। কামে-কাজে লাগি বিয়া ঘৰৰ হুলস্থূলৰ মাজত দিনটো নিজকে পাহৰি আছিল, কিন্তু শুৱাগুৰি তুলি অহাৰ পাছৰ পৰা মাকৰ চকুৰ পানীয়ে বাট নেদেখা হৈছে। দুপৰীয়াও কেবাবাৰো মূৰ আচন্দ্ৰাই কৰি তেওঁ বাগৰি পৰিছিল। চুবুৰীয়া মাধৱৰ বিধৱা আইতাকে দিনটো মৌজাদাৰনীৰ পিছত লাগিয়েই আছে। মাজে মাজে মূৰত তেল-টেঙাকে সানি দিছে। কোনো সময়ত এঢোক গৰুৰ দৈ-পানীকে যাচিছে। মাধৱৰ বিধৱা আইতাকৰ চেনেহে চুবুৰিৰ সকলোকে মেৰাই ৰাখিছে। যাৰে ঘৰতে বিপদ-আপদে দেখা দিয়ে, তাতে সহানুভূতি আৰু সান্ত্বনাৰ বিগ্রহৰূপে এইগৰাকী বিধৱা আৱিৰ্ভূত হয়। তেওঁৰ সংযম শুচিতাৰ আগত গৃহস্থৰ বিপদ-আন্ধাৰ আঁতৰি পৰে। আত্মীয়ৰ শোকত মর্মাহত হোৱাজনেও তেওঁৰ নিস্বার্থ স্নেহৰ পৰশত নতুন প্রাণ পায়। মাধৱৰ আইতাকৰ বৈধব‍্য শোকৰ আগত নিজ শোক স্নান পৰাত গৃহস্থই আপোনা আপুনি সান্ত্বনা লভে।

মৌজাদাৰৰ বিয়াঘৰত তেওঁ কেৱল ছোৱালীৰ মাকৰেই পৰিচৰ্যাত থকা নাই। মৌজাদাৰৰ ঘৰৰ ল’ৰা-ছোৱালীকেইটাৰ খোৱা-বোৱা হৈছেনে নাই সময়ে সময়ে তাৰো বুজ-বাজ লৈছে। মৌজাদাৰক বাহিৰৰ পৰা মতাই এবাৰ চাহ এবাটিকে দিছে; এবাৰ দৈ অকণমানকে খাবলৈ ধৰিছে। বিয়াঘৰৰ হুলস্থূলৰ মাজত যিসকল অতি আত্মীয়ৰ খোৱা-বোৱালৈ মনত নপৰে, তেওঁলোকৰ সোধ-পোছৰ ভাৰ মাধৱৰ আইতাকে স্ব-ইচ্ছাই গ্রহণ কৰিছে। মাধৱৰ আইতাকৰ উপৰি দুই-চাৰিগৰাকী বয়সস্থা তিৰোতাই মৌজাদাৰনীৰ কাষত বহি বুজনি দিছে। লাহে লাহে মূৰত হাত বুলাই এগৰাকীয়ে কৈছে, “কান্দি-কাটি আই কিয়নো বেজাৰ কৰিছ? ছোৱালী কিবা তইহে উলিয়াই দিছনে? এইয়া সংসাৰৰ ধৰ্মই।” আন এগৰাকীয়ে তাতে যোগ দি কেছে, “ছোৱালী ডাঙৰ-দীঘলকৈ উপযুক্ত পাত্রত উলিয়াই দিয়া মাক-বাপেকৰ কৰ্তব্য। গাত টোপ এটা পৰিবলৈ নিদিয়াকৈ ইমানদিনে ছোৱালী তুলি-তালি ডাঙৰ কৰিলা, এতিয়া হৰিষ মনেৰে উলিয়াই দিবহে লাগে।” “উঠ, আই, উঠ, কান্দি-কাটি অমংগলখন নকৰ। তোব কান্দোন দেখিলে ছোৱালীজনীৰ বুকু ফাটি যাব নহয়?” এই বুলি তৃতীয় গৰাকীয়ে মৌজাদাৰনীৰ গালে-মুখে হাত ফুৰাই দিছে। মাধৱৰ আইতাকে বুজনি দিছে, “বৰ জোঁৱাই বৰ পোৰ সমান। তোমালোকৰ এতিয়া পৰিয়াল বাঢ়িল। সি আনন্দৰহে কথা। আপদে-বিপদে সহায়-সাৰথি স্বৰূপে নতুন মিতিৰ পালাহঁক। দৈৱকী গোসাঁনীয়ে শশীপ্রভা মাদৈক জানো কোৱা নাই- ‘তোমাৰেসে জী-জোঁৱাই তোমাৰেসে ঘৰ, তুমিসে আপোন হৈবা, আমি হৈবো পৰ। জমাই পাইলা কৃষ্ণক কতবা পুণ্য ভাগে, আনন্দ উৎসৱৰ আতি কৰিবাক লাগে।” প্রশান্ত স্নিগ্ধ হাঁহি এটাৰে বুজনি দিয়াৰ লগে লগে কন্যাৰ মাকে মূৰ তুলি বহি কাপোৰ-কানি চম্ভালি ল’লে। বিধৱাৰ শাস্ত্ৰৰ বাক্যই ফল ধৰা দেখি দ্বিতীয়গৰাকী তিৰোতাই মাত দিলে, “হয়তো। বিয়াৰ দিনা জোঁৱাই সাক্ষাত দামোদৰ। জী-জোঁৱাইব কেনেকৈ মংগল হয়, তাকেহে চিন্তিব লাগে।”

ছোৱালীক হোমৰ গুৰিলৈ নিব লাগে বুলি নুমলীয়ে ক’লেহি। তাকে শুনি আটাইকেইগৰাকীয়ে ধৰা-মেলা কৰি মাকক ছোৱালীৰ ওচৰলৈ নিলে- ছোৱালীক ৰভাৰ তললৈ নিয়াৰ আগত সেৱা কৰিবলৈ দৰাৰ সম্বন্ধীয়া এজনে হাতত তামোল-পাণৰ শৰাই লৈ তিৰোতাৰ সমাজত সোমাল- মান ধৰিবলৈ। দৰা শিৱসাগৰৰ। বাহী বিয়াৰ দিনাই ছোৱালী উলিয়াই দিয়া হ’ল। ছোৱালীক শাহু-শহুৰেকৰ ঘৰত থ’বলৈ ককায়েক গৈছে। কৃষ্ণদত্ত ঘূৰি নহালৈকে কমলাকান্ত ৰ’ব লগা হ’ল। এই প্রস্তাৱত কমলাকান্তব আপত্তি কৰিবলৈ একো নাছিল। মৌজাদাৰৰ ঘৰত, আত্মীয়তাৰ মৰম-চেনেহৰ মাজত কমলাকান্তই দিনকেইটা বঢ়িয়াকৈ উপভোগ কৰিছিল। চাৰিওফালে ককাইদেউ, মোমাইদেউ আদি চিৰপৰিচিত মধুৰ সম্বোধন শুনি আনন্দ আৰু কৃতজ্ঞতাত কমলাকান্তৰ অন্তৰ উপচি পৰিছিল। এইখনেই আমাৰ চিৰচেনেহী দুখীয়া অসম দেশ, য’ত ঘৰে ঘৰে আই-বাই-ভনীৰ অকৃত্রিম চেনেহ। কৃষ্ণহঁতৰ ওচৰ-চুবুৰীয়া ছোৱালীহঁতে কমলাকান্তৰ ওচৰলৈ আহি নির্ভয় নিঃসংকোচে কথা-বতৰা পাতেহি ঠাট্টা-তামাচা কবে। লাগ বুলিলেই তগৰে আহি কমলাকান্তক ইটো-সিটো বস্তু যোগায়হি। তগৰহঁতৰ ঘৰ মৌজাদাৰৰ হাউলিৰ কাষতে। তগৰৰ দেউতাক বাপুৰাম বৰা খেতি-বাতি চলাই প্ৰৱৰ্তি থকা গাঁৱৰ এজন মুখিয়াল আৰু প্রতিপত্তি থকা মানুহ। মৌজাদাৰনীয়ে জীয়েকৰ অভাৱ কিছু পাতলাবলৈ এইকেইদিন দিনটো তগৰক আনি নিজৰ ঘৰতে বাখিছে।আগফালৰ চ’ৰাঘৰৰ কোঠা এটাত কমলাকান্তই দুপৰীয়া খাই বৈ শুইছে। টোপনি ভালকৈ অহা নাই। চকুহাল মুদিহে আছে। এনেতে দুৱাৰখন মেলা আৰু লগে লগে জপোৱাৰ শব্দ শুনিলে। চকুহাল সৰুকৈ মেলাত দেখিলে যে হাতত সাৰে ভৰিত সাবে গৰ সোমাই আহিছে। কমলাকান্তই পুনৰ টোপনিব ভাও জুৰিলে। বিছনাৰ ফালে চাই কমলাকান্তক গাত এৰীয়া চাদব মেৰিয়াই শুই থকা দেখি তগৰ মূৰ শিতানৰ ফালৰ মেজৰ ওচৰ চাপিল। মেজৰ ওপৰত পানীৰ গিলাচ এটা আৰু কেইখনমান ইংৰাজী কিতাপ আছিল। তগৰে কাষৰ কাঠৰ চকীখনত বস্তুকেইটা থৈ মেজৰ কাপোৰখন জোকাৰি পাৰিলে, আকৌ ওপৰত কিতাপকেইখন ধুনীয়াকৈ সজাই থৈ এখোজ-দুখোজকৈ দুৱাৰৰ পিনে খোজ ল’লে। ঠিক দুৱাব মেলিবলৈ উপক্ৰম কৰিছেহে মাথোন, এনেতে কমলাকান্তই মাত দিলে, “ব’বা, ব’বা, ক’লৈনো যোৱা?”

পিছপিনৰ পৰা হঠাতে মাত শুনি তগৰে চক খাই ঘূৰি চালে। ইতিমধ্যে কমলাকান্ত বিছনাত উঠি বহিল। কমলাকান্তৰ চকুত চকু পৰাত, লাজত বিব্রত হৈ তগৰৰ তলমূৰ কৰাৰ বাহিৰে উপায় নাছিল। “আহিয়েই ওলাই যাব খুজিছিলা কিয়?” “আইতা আমাৰ ফালে ওলাই গৈছে, মোক কৈ গৈছে আপুনি সাৰ পালে চাহ দিবলৈ বুলি। আপুনি শুই থকা দেখি “- লাজত আৰু একো ক’ব নোৱাৰি গাৰ চাদৰৰ আঁচল এটা হাতেবে লিবিকি-বিদাবি তগৰে পকাবলৈ ধৰিলে। “আইতাই জানো তোমাক মেজখন সজাবলৈ কৈছিল?” হাঁহিমুখেৰে কমলাকান্তই তগৰলৈ চালে। তগৰৰ মুখ লাজতে আগতকৈও দুগুণ বঙা পৰিল। “আপোনালৈ চাহ আনোঁগৈ,” বুলি পাছ মুহূর্ততে বিজুলী সঞ্চাৰে তগৰ কোঠাৰ পৰা বাহিৰ ওলাল। আত্মতৃপ্তিত কমলাকান্তই আকৌ গাৰুত মূৰ থৈ দীঘল দিলে। প্রত্যক্ষভাবে যি দেখিলে চকু মুদি কল্পনাৰ মাজেদি তাকে আৰু মনোৰমকৈ পাবলৈ বিচাৰিলে। কণা বিধাতাৰ দৰে কল্পনা কৃপণ নহয়।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *