সোমবাৰ দ্বাদশী তিথি। ৫/২৯/৪৭ যোৱাত নক্ষত্রামৃত যোগ- যাত্রা শুভ

hazarikanikita465@gmail.com
13 Min Read

আন দিনাতকৈ পুৱা কমলাকান্ত সোনকালে শুই উঠিল। কমলাকান্তৰ সংকল্প পুৱা সাত বজাত ঘৰ এৰিব। চাহ-জলপান খাই উঠোঁতেই ছাৰে ছয় হ’ল। কি পিন্ধিব আগদিনা ৰাতিয়েই ঠিক কৰি থৈছিল। ধোৱা ধুতি-কামিজ পিন্ধি ভৰিত নতুন জোতাজোৰ সুমুৱাই ল’লে। অকল কামিজটো পিন্ধি গ’লে ল’ৰা মানুহ যেন দেখিব। বিছনাৰ তলৰ পৰা ছুটকেছটো টান মাৰি একেবাৰে কাপোৰৰ তলত পৰি থকা কোটটো উলিয়াই পিন্ধিলে। দুবছৰৰ আগেয়ে কৰোৱা কোট; চাৰি আঙুল চুটি। কামিজটোৰ ভালেখিনি ওপৰত উঠি থাকে। দুই হাতেৰে আঁজুৰি তললৈ টানেহে টানে, হিমালয়ৰ দৰে কোট অলৰ-অচল। বছৰ যিমানে বাঢ়ে- মানুহ হয় দীঘল আৰু চোলা হয় চুটি। এই তথ্য কমলাকান্তই আজিহে আৱিষ্কাৰ কৰিলে। হাতত বন্ধা ঘড়ীটোলৈ কমলাকান্তই ঘনে ঘনে চাইছে। দহ মিনিট গ’ল কোট পিন্ধা নহ’ল। চোলাটো বিছনাৰ ওপৰত দলিয়াই থৈ ভনীয়েক মাকণিক খুজি চেলেং এখন আনিলে। আগেয়ে গাত চেলেং লোৱাৰ অভ্যাস নাই। মাকণিয়ে ককায়েকক নতুন বেশত দেখি মিচিক মিচিককৈ হাঁহিলে। প্রত্যেক মানুহৰ চলন-ফুৰণৰ দৰে সাজপাৰৰো এটা নিজস্ব ধৰণ আছে। তাৰ পৰা সামান্য ব্যতিক্রম ঘটিলেই অভিনয়। চেলেং গাত লৈ কমলাকান্তৰ নিজৰো হাঁহি উঠিল। মিনিটৰ কাঁটাই চাৰিৰ আঁক চোওঁ চোওঁ হৈছে। চাদৰৰ দৰকাৰ নাই, অকল কামিজটোকেই পিন্ধি কমলাকান্তই নতুন জোতাৰে মেচ মেচ শব্দ কৰি ওলাই গ’ল। কমলাকান্তই ভাবিছিল বায়বাহাদুৰৰ ঘৰ পাবলৈ নাই বুলিও আধাঘণ্টা লাগিব। কিন্তু মনৰ উচ্ছ্বাসে চৰণৰ গতি এনে খৰতৰ কৰিলে যে তেওঁ কোন বাটেৰে কিমান বেগেৰে আহিল নিজেই টলকিব নোৱাৰিলে। ৰায়বাহাদুৰৰ বহল গেটৰ মুখত থমকি বৈ, দেখে যে আঠ বাজিবলৈ তেতিয়াও কুৰি মিনিট বাকী। আঠ বজাৰ আগেয়ে ৰায়বাহাদুৰৰ ব্রেকফাষ্ট শেষ নহয়। গতিকে তাৰ আগেয়ে ভিতৰ সোমাই একো লাভনাই। ইফালে-সিফালে চাওঁতে ইমান দিনে চকুত নপৰা শাল কাঠৰ দুৱাৰখনে কমলাকান্তৰ চকুত নতুন রূপ দেখা দিলে। জপাই থোৱা দুৱাৰখনৰ ফুটাৰ মাজেদি চকু দুটা ভিতৰ সোমাল। গেটৰ পৰা বঙলাৰ দূৰত্ব ভালেখিনি, তাতে সমুখটো গছ-লতাৰে বেঢ়ি আছে। বাৰাণ্ডাত মানুহ ওলাইছেনে নাই সন্ধান পাবৰ উপায় নাই। হাতত থকা মিনিটকেইটা কমলাকান্তই বাটত টহলিয়েই কটাবৰ মনস্থ কৰিলে। প্রয়োজন নহ’লে বুঢ়া গৰুৰ দবে হেঁচুকি ঠেলি দিলেও সময়ে আগবাঢ়িব নোখোজে, পৰীক্ষা ঘৰত কিন্তু এই সময়েই চাওঁতে-নেচাওঁতেই এবোপ্লেনৰ দৰে ঘৰঘৰকৈ উৰি যায়। বাবে বাবে ঘড়ীটোলৈ চাওঁতে চাওঁতে কমলাকান্তৰ আমনি লাগিছে। মিনিটব কাঁটাডাল দেখোন নুঘূৰেই। শুই উঠি চাবি দিবলৈ পাহৰিলে নেকি? হাতখন জোকাৰি ঘড়ীটোৰে সৈতে কাণৰ ওচৰত ধৰিছে,- টিক্ টিক্ টিক্। ঠিক চলি আছে। “নাই, পাঁচ মিনিট নোহোৱালৈকে ঘড়ী নেচাওঁ। সৌ বকুলজোপাৰ ওচৰৰ পৰা ঘূৰি আহোঁগৈ।” বকুলৰ গুৰি পোৱা নহ’লগৈ। পলম হয় বুলি অলপ গৈয়েই তেওঁ ঘূৰিলেই। পাঁচ মিনিটলৈ ঘড়ী নেচাওঁ বুলি মন ডাঠ কৰি থাকিও নিজৰ অজ্ঞাতসাবেই ঘড়ীটোলৈ চালে। পৰীক্ষাৰ পাছত নোযোৱা-নুপুওৱা দিনবোৰৰ দৰেই মিনিটৰ কাঁটাও অতি মন্থৰ গতিত চলিবলৈ ধৰিছে। আও। ইমান পৰে মাত্র তিনি মিনিটহে গৈছে। ওহোঁ, এনেকৈ আৰু কিমান টহলি থাকিবা? আঠ বাজিবলৈ পাঁচ মিনিট বাকী। কমলাকান্তই অতি সন্তর্পণে চকা লগোৱা কাঠৰ গেটখন হেঁচুকি ভিতৰ সোমাল। গেটৰ পৰা বঙলালৈ যোৱা বাটটোৰ দুয়োকাষে দেৱদাৰু আৰু ‘পাম’ গছৰ শাৰী। সমুখত বিবিধ বৰণৰ বিলাতী ফুলেৰে জাতিষ্কাৰ হৈ থকা ফুলনি। হৰিণৰ শিঙৰ সৌন্দৰ্যৰ দৰে শাখা-প্রশাখা প্রযুক্ত নানা তৰহৰ গছ-লতাই বাৰীৰ চাৰিওপিনে আগুবি বঙলাটোৰ সৌন্দৰ্য আৰু গাম্ভীর্য বঢ়াইছে। কমলাকান্তই ভয়ে ভয়ে খটখটি পাৰ হৈ বহল বাৰাণ্ডাত থিয় দিলে। বাৰাণ্ডাৰ চাৰিওকাযে নানা উপাদানেৰে নিৰ্মিত চকী-মেজ পৰিপাটিকৈ সজোৱা আছে। বহিব নে থিয় হৈয়ে থাকিব একো ঠিক কৰিব নোৱাৰি, কমলাকান্ত কিছু সময় থিয় দি থাকিল। কিন্তু আত্মসন্মান লাঘর হয় বুলি পাছ মুহূর্ততে কাষৰ চকী এখনত আলফুলকৈ তপিনাটো পেলাই ভিতৰৰ পৰা কোনোবা ওলাই আহে বুলি উৎকণ্ঠিত অপেক্ষাত ৰ’ল। ধ্যানমগ্ন বুদ্ধমূর্তিৰ দৰে নিশ্চল হৈ কিমান পৰ বহি আছিল কমলাকান্তই নিজেই ক’ব নোৱাৰিলে। হাত তুলি ঘড়ীটো চাবলৈকো সংকোচ কৰিছে। হঠাতে সেই বিৰক্তিকৰ নিঃশব্দতাৰ মাজত ছেণ্ডেলৰ চট্ চট্ মৃদু মধু পদধ্বনি কাণত পৰিল। হবিণীয়ে দূবৈব বাঁহীৰ সুৰ কাণ থিয়কৈ শুনাৰ দৰে কমলাকান্তইও পদধ্বনিৰ আগমন উৎকণ্ঠিতভাৱে প্রতীক্ষা কৰিলে। চাওঁতে চাওঁতেই কাঞ্চনফুল বৰণীয়া চাদৰত ঢৌ তুলি উচ্ছ্বসিত হাঁহি মুখৰ লিচপিচীয়া ছোৱালী এজনী বাবাণ্ডাত উপস্থিত হ’লহি। আকস্মিক দৰ্শনৰ কাৰণে প্রস্তুত নোহোৱাত অভ্যর্থনা আৰু অভিবাদনৰ প্ৰচলিত নিয়ম নেজানি কমলাকান্ত নির্বাক বিস্ময়ত চকীৰ পৰা উঠিল। কমলাকান্তক বাৰাণ্ডাত দেখি বায়বাহাদুৰৰ কনিষ্ঠা কন্যা সুপ্রভা থমকি ৰ’ল। নিজক সংযত কৰি পাছ মুহূর্ততে ক’লে, “আপুনি দেউতাক বিচাৰিছে? বাৰু, ব’ব মই কওঁগৈ। তেখেত এতিয়া ওলাই আহিবই।” বিলাতী চেণ্টৰ সৌৰভৰ অৱশেষ বিয়পাই হেলনীয়া দেহৰ ভংগীৰ মাজেদি সুপ্রভা অন্তর্হিত হ’ল, দুৱাৰৰ পৰ্দাৰ তলেদি কমলাকান্তৰ নিৰীহ চকুকেইটাই হেমেলিনৰ নিগনিৰ দৰে কুমাৰীৰ পদযুগল অনুসৰণ কৰিলে। আঙুলিৰ আগত ভৰ দি, হেলনীয়াকৈ খোজ কাটোতে চম্পা বৰণৰ অসমীয়া পাটৰ মেখেলাখন ওপৰলৈ উজুৱাত ভৰিব গোৰোহা উলংগ হৈ পৰিল। চিকুণ আঙুৰ বৰণীয়া গোৰোহাৰ অপূর্ব সৌন্দর্য কমলাকান্তই লোলুপ দৃষ্টিবে চাই ব’ল। ভাল ছাত্ৰ বুলি কমলাকান্তৰ নাম ডিব্ৰুগড়ৰ ছাত্র-ছাত্রী উভয় সমাজতে জনাজাত। সাহিত্য আৰু সভা-সমিতিৰ প্রতিও কমলাকান্তৰ অনুৰাগ আছে, মাজে মাজে আমোলাপট্টিৰ থিয়েটাৰ ঘৰত বহা এ.এছ.এল, ক্লাবৰ অধিৱেশনত দৰ্শনৰ প্ৰবন্ধ আৰু দেশপ্রেমৰ কবিতাও কমলাকান্তই পাঠ কৰিছে। নাম-যশ প্ৰচাৰ কৰিবলৈ সাহিত্য সাধনাৰ দৰে অন্য সহজ পথ আমাৰ দেশত নাই। গতিকে নিজে চিনি নেপালেও কমলাকান্তক চিনি পোৱা আৰু তেওঁৰ উদ্দেশ্যে নিভৃতে অর্ঘ্য দান কৰা ছোৱালী নাই নাই বুলিও দুকুৰি ডেৰকুৰি ওলাব। বায়বাহাদুৰৰ কনিষ্ঠা কন্যা সুপ্রভাই গাৰ্লছ স্কুলৰ দশম মানত পড়ে। কমলাকান্তক সুপ্রভাই আগেয়ে বহুতবাৰ দেখা মনত আছে। দর্শনত ফার্ট ক্লাছ পোৱাৰ কথা শুনিছে। বি.এ. পাছ কৰা ল’ৰাই দেউতাকৰ ওচৰলৈ চার্টিফিকেট বিচাৰি আহে। কমলাকান্তৰো যে অহাৰ উদ্দেশ্য সেয়ে- আদিপাঠৰ চিত্ৰসংযুক্ত আখৰৰ দৰে সুপ্ৰভাৰ মনত সি সহজ হৈ পৰিল। বায়বাহাদুৰে ব্রেকফাষ্ট শেষ কৰি বাগিছা চাবলৈ যাবৰ বাবে ওলাই আহিল। গেৰেজৰ পৰা ড্রাইভাবে মটৰ গাড়ী উলিয়াই গেটত ‘খাড়া’ কৰিছেনে নাই, তাকে চাবলৈ আইসোণ বাহিবলৈ আহিছিল। মহীকান্ত কেৰাণীৰ পুতেক অহা শুনি জীয়েকক চাহ একাপ বাহিৰলৈ পঠাবলৈ নিৰ্দেশ কৰি বায়বাহাদুৰ ওলাই আহিল। মহীকান্ত কেৰাণীক ৰায়বাহাদুৰে চিনি পায়। তেওঁৰ পুতেকক দেখা নাই যদিও যোৱা সপ্তাহৰ ‘টাইম্ অব আছাম’ কাকতৰ পৰা তেওঁৰ পৰিচয় পাইছে। বিএ পৰীক্ষাত ফার্স্ট ক্লাছ পোৱা কৃতী ছাত্র এজনে বিশ্ববিদ্যালয়ৰ কোনো ডিগ্রী নোহোৱা ৰায়বাহাদুৰৰ সহায় বিচাৰি অহাত আত্মপ্রসাদত তেওঁৰ মন পূৰ্ণ হৈ উঠিল। যাব যিটিবে অভাব, সেইটিৰ প্ৰতিয়েই তাৰ শ্ৰদ্ধা আৰু আকাংক্ষা সৰহ। দেখা কৰিবলৈ অহা বি এ পাছ কৰা ডেকাক “আজিকালি ডিগ্ৰীৰ কি মূল্য? ব্যৱসায়ত লাগা, ধন ঘটা” বুলি বায়বাহাদুৰে আধুনিক শিক্ষাৰ শ্রাদ্ধ কৰিলেও অন্তৰে অন্তৰে কিন্তু তাৰেই সশ্রদ্ধ গুণানুকীর্তন নকৰি নোৱাৰে। জোতাৰ শব্দতে বায়বাহাদুৰৰ আগমনৰ সংকেত পাই দ্বিতীয় ভুল নকৰিবলৈ চকীৰ পৰা থিয় হৈ কমলাকান্তই অভিবাদনৰ কাৰণে সাজু হৈ ৰ’ল। ৰায়বাহাদুৰে পর্দাখন ঠেলি দুৱাৰদলিৰ পৰা ওলাওঁতে নোলাওঁতেই কমলাকান্তই ‘গুড মর্নিং ছাৰ’ বুলি মূৰ দোৱালে। ৰায়বাহাদুবে “কংগ্ৰেচুলেছন্‌দ হেল’ ইয়ং মেন” বুলি হাতখন আগবঢ়াই কৰমৰ্দন কৰিলে, লগতে ‘কাম ইন’ বুলি ওলোৱ। দুৱাবেৰেই ভিতৰ সোমাই গ’ল, কমলাকান্তই পিছ ধৰিলে।

বায়বাহাদুৰ যাৰ ওপৰত প্রসন্ন, তেওঁৰেই ড্রয়িং কমত বহিবলৈ সৌভাগ্য ঘটে। ড্রয়িং কমটোৰ চাৰিওকাষৰ দুৱাৰ খিৰিকীত ৰামধেনু বৰণীয়া পর্দাই জিকমিকাই আছে। মজিয়াত নোমৰ ৰঙা কার্পেট, ভবি দিলেই ওপৰতে আলসুৱাকৈ দাঙি ধৰে। ৰাজসিংহাসনৰ দবে অসংখ্য চকী, চোফা, মেজ-মাচিয়া গোটেই কোঠাতে সুন্দৰভাবে সজোৱা। মাজে মাজে ওপৰত কাঁচ দিয়া টি-পয়। তাৰো কোনোখনত ৰূপালী ফ্রেম বন্ধা ফটোগ্রাফ, কোনোটোত হাতীদাঁত, পিতলৰ চৰাই, পশুৰ প্ৰতিকৃতি, বেৰত অৰা আছে লেণ্ডস্কেপ-অয়েল পেইন্টিং, বাৰাণ্ডাৰ ফালৰ বেৰখনত আছে পূৰণ চিনত সজোৱা দুপাত নগা যাঠি, মাজতে বঙা টুপ লগোৱা, ফুলবচা জাপি এটা। তাৰ উপৰি, উল আৰু সূতাবে কৰা মনমোহা এমব্ৰইডাৰীৰ ফ্ৰেমেৰে সৈতে বেৰত ওলমি শিল্পীৰ সৌন্দর্যপ্রিয়তাৰ পৰিচয় ঘোষণা কৰিছে। নিজে ঘপহ কৰে দীঘল কাউচ এখনত বহি বায়বাহাদুৰে কমলাকান্তক বহিবলৈ নির্দেশ দিলে। কমলাকান্ত দুৱাৰৰ ওচৰৰ চোফাখনতে বহিল। বহল দ চোফাখনত গোটেই গাটো সুমুৱাই দি হুমায়ুনব অনুগ্রহত পানীবালাই ৰাজসিংহাসনত উঠাৰ আখ্যানলৈ মনত পৰি লাজ-সংকোচ উভয়ৰে মাজতো কমলাকান্তৰ মুখত হাঁহিয়ে উকি মাৰিলে।

দুই-চাৰি কথাৰ পাছত প্রথম পৰিচয়ৰ অস্বাভাৱিকতা ভালেখিনি সহজ হ’ল। কমলাকান্তই ৰায়বাহাদুৰক অহাৰ উদ্দেশ্য জনালে। চার্টিফিকেটৰ বাহিৰেও আন প্ৰকাৰেও যেন তেওঁক সহায় কৰে তাৰ নিমিত্তে খাটনি ধৰিলে। বায়বাহাদুৰে সহায় কৰিবলৈ স্বীকাৰ কৰিলে। নিজৰ অঞ্চলৰ মানুহক সহায় কৰা যে অনুগ্রহ নহয়, কর্তব্যহে, তাকো ক’লে। “পিছে, তোমাৰ অনাৰ্ছ ফিল ‘ছফীত নহয়নে?” “হয়।” “ফিল’ছফী আৰু সংস্কৃতৰ মানুহক বেন্টিংক চাহাবে দেখিবই নোৱাৰে। তেওঁ বিচাৰে ইংলিছ আৰু ইক ‘নমিক্স।” “যোৱাবাৰৰ আমাৰ ভেলীৰ দুইজনেই ফিল’ ছফীৰ আছিল।” ক্ষীণ হাঁহি এটা মাৰি ৰায়বাহাদুৰে ক’লে, “শৰ্মা আৰু ডেকাৰ কথা কৈছা? তেওঁলোকৰ নাম পঠাবলৈ যিহে ‘ফাইট’ কৰিব লগা হৈছিল। সি ভেলীৰ মেম্বাৰ দুজনৰ লগত কোনোমতে পেক্ট কৰিহে তেওঁলোকৰ নাম পঠিয়াব পাৰিলোঁগৈ। কমিছনাৰৰ লগত ‘অপন’ মিটিঙতে মোৰ লাগিল। শেহত একেবাৰে ‘হিজ এক্সেলেন্সি’ৰ ওচৰ পাব লগা হৈছিলগৈ।” ৰায়বাহাদুৰে বঢ়িয়াকৈ বুজে যে ফার্স্ট ক্লাছ পাইছে যেতিয়া কমলাকান্তই আনৰ সহায় নোলোৱাকৈয়ে আন নহ’লেও এছ.ডি.চি. এটা হ’ব পাৰিব। যোৱা দুবছৰ ইউনিভাৰছিটিব পৰীক্ষাৰ ফলাফল চায়েই নমিনেছন দিয়া হৈছিল। কিন্তু কমলাকান্তক সেই কথা ক’লে ব’ৰ্ডৰ মেম্বাৰৰ মৰ্যাদা আৰু প্ৰভাৱ ৰক্ষা পৰিব কেনেকৈ? পৰোপকাৰী বায়বাহাদুৰৰে বা সুনাম বক্ষা হয় কেনেকৈ? কমলাকান্তৰ শেঁতা মুখলৈ লক্ষ্য কৰি বায়বাহাদুৰে বুজিলে যে তেওঁৰ ঔষধে গুণ ধৰিছে। নিজৰ অসহায় অৱস্থা উপলব্ধি কৰি কমলাকান্তই মিনতিপূর্ণ দৃষ্টিৰে বায়বাহাদুৰলৈ চাইছে। কি কথাই কোন মুহূর্তত কোন মানুহৰ হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেই বিষয়ে মাণিক হাজৰিকাৰ স্বভাৱপ্রসূত জ্ঞান আছে। বাৰিযাত সিঁচা গুটিৰ দৰে তেওঁৰ প্ৰত্যেক কথাই ফল ধৰে।

অলপ পৰ চিন্তাগ্রস্ত হৈ থাকি, ৰায়বাহাদুৰে ক’লে, “তোমাৰ অৱশ্যে এটা ভাল ক্লেইম আছে। আমাৰ ডিব্ৰু আজি কেইবাবছৰো প্রভিন্সিয়েল ছার্ভিচত আনৰিপ্রেজেন্টেড হৈ আছে। ব’ৰ্ডত এইবাৰ এইটোকে ধৰিব লাগিব। ইতিমধ্যে যদি কমিছনাৰক লগ পাও, তেওঁকো কথাযাব কাণ চুৱাই থ’ম। জানাই নহয়। কমিছনাৰ বৰ গোঁৱাৰ! তেওঁক ‘পাছুঁয়েড’ কৰাইহে টান কথা।” রূপালী ট্রেত দুকাপ চাহ লৈ সুপ্রভা আহিল। দেউতাকৰ ওচৰৰ টি-পয়খনত ট্রেখন থৈ সুপ্রভাই ভিতৰলৈ যাবলৈ পাছ দিছে, এনেতে দেউতাকে ক’লে, “আইসোণ, এওঁক চিনি পাইছনে নাই? এইবাৰ খুব ভালকৈ বি.এ পাছ কৰিছে।” সুপ্রভাই ঘুৰি কমলাকান্তলৈ চাই অপার্থির অধব ভংগিমাৰে অভ্যর্থনা কৰিলে। টি-পযৰ পৰা চাহৰ কাপটো তুলি কমলাকান্তৰ পিনে আগবঢ়াই দিলে। তপিনাটো চোফাখনৰ আগলৈ চোঁচৰাই আনি কাপটো ল’বলৈ কমলাকান্তই হাতখন মেলি দিলে “আপুনি ফার্স্ট হৈছে নহয়?” নাই।” “পজিছন গেজেট ওলালেহে গম পাম। ফার্স্ট হ’ম বুলি মই নিজে আশা কৰা নিজৰ বিনয়ত নিজে লাজ পাই কমলাকান্তই চাহৰ কাপত মুখ দি তলমূৰ কৰিলে। “নিজক আণ্ডাৰৰেট কৰা ভাল ল’ৰাৰ লক্ষণেই।” কথাষাৰ কৈ ওচৰৰে চকী এখনত বহি ছবি থকা কিতাপ এখন মেজৰ পৰা সুপ্ৰভাই হাতত তুলি লৈ কমলাকান্তৰ উপস্থিতি উপেক্ষা কৰি অমনোযোগীভারে পাত লুটিয়াবলৈ ধৰিলে। জীয়েকৰ মন্তব্য শুনি ৰায়বাহাদুৰে গৌৰৱৰ হাঁহি মাৰিলে। সেই অৱজ্ঞাৰ চাৱনিত ফার্স্ট ক্লাছ ফার্স্টব সকলো গৰ্ব দেই পুৰি ছাই হৈ গ’ল। লাজত কমলাকান্তৰ কাণৰ লতি তপত হৈ উঠিল। ছোৱালীজনী সমুখত থকাত কমলাকান্তই বায়বাহাদুৰৰ লগত আৰু কথা পাতিবলৈ সংকোচ কৰিলে। চার্টিফিকেট নিবলৈ কেতিয়া আহিব, ত’কো সুধিবলৈ লাজ পালে। যিমানেই নগণ্য নহওক, নাৰীৰ আগত নিজব দীনতা প্রকাশ কবিবলৈ পুৰুষ সদায় কুণ্ঠিত। তিৰোতাৰ সমুখত পুৰুষব আত্মশক্তি, আত্মসন্মান প্রবলভাবে সজাগ হৈ উঠে। চাহৰ কাপৰ পৰা ওপৰলৈ মুখ তুলিবলৈ কমলাকান্তৰ চকু সুপ্ৰভাৰ মুখলৈ যায়। অপ্রতিভ হৈ অস্বস্তিত কমলাকান্তৰ গালে মুখে ঘাম ওলাইছে। ড্রয়িং কমৰ পৰা সুপ্রভা ওলাই নোযোৱাত কমলাকান্তই পেটে পেটে নাৰী-প্রগতিকে ধিক্কার দিলে। শেষ ঢোক মাৰি চাহৰ কাপটো টি-পয়ত থৈ কমালেৰে আলফুললৈ ওঁঠ দুটা মচি ৰায়বাহাদুৰে সুধিলে, “এতিয়া তুমি এম এ পঢ়িবলৈ নেযাবা জানো ?” “প্ৰফেছাৰ টমাছৰ পৰা চিঠি এখন পাইছোঁ। তেওঁ এম.এ. পঢ়িবলৈ যাবলৈ লিখিছে। পোষ্ট গ্রেজুৱেট স্কলাৰশ্বিপটো পোৱাৰ সম্ভাৱনা আছে।” নিজৰ গৌৰৱ প্ৰকাশ কৰিব পৰা প্ৰশ্ন এটাকে কমলাকান্তই বিচাৰিছিল। উত্তৰ দিয়াৰ লগে লগে হেৰোৱা আত্মবিশ্বাস মনলৈ ঘূৰি আহিল। “এৰা, সদ্যহতে এম.এ. পঢ়িবলৈ যোৱাই ভাল। ইউনিভাৰছিটিৰ নামজ্বলা প্ৰফেছাৰসকলৰ লগত পৰিচিত হ’ব পাৰিবা। কলিকতাত কিছুদিন থকাটোৱেই ডাঙৰ শিক্ষা।” জেপৰ পৰা ছিলভাৰ কেছটো উলিয়াই চিগাৰেট এটা জ্বলাই কাউচৰ পৰা উঠি বায়বাহাদুৰে ক’লে, “তুমি এতিয়া ঘৰলৈহে যাবা? ব’লা মোৰ লগতে। মই তোমালোকৰ ঘৰৰ কাষৰ চাৰি আলিয়েদিয়েই যামগৈ। তোমাক তাতে নমাই দিম।” কথাষাৰৰ লগে লগে বায়বাহাদুৰ বাৰাণ্ডা পালেগৈ।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *