বৃক্ক ভাল কৰা আৰু দুৰ্জনক সজ্জন কৰি তোলা আত্ম কথা
মোৰ নাম ভক্ত জগদীশ, পিতা শ্রী প্রভুৰাম, গাওঁ-পঞ্জাব খোড়, দিল্লী-৮১। জীৱিকা দিল্লী ট্রেন্সপট কর্পোৰেচনত মেকানিক। মদে মোক ৰাক্ষসতুল্য কৰি দিছিল। মোৰ জীৱনত কাম আছিল সুৰাপান, কুকুৰা মাংস খোৱা, চিগাৰেট খোৱা, হোকা খোৱা।
মই চাকৰিৰ পৰা সন্ধিয়া প্রায় ৭-৮ মান বজাত ঘৰলৈ আহিছিলোঁ। বেছিকৈ মদ খোৱা দিনা ঘৰ পাওঁতে ৰাতি ৯-১০ টা বাজিছিল। মাতাল হৈ থৰক বৰক খোজেৰে ঘৰ সোমাইছিলো।
ঘৰত সোমোৱাৰ লগে লগে পত্নী আৰু সন্তানক মাৰপিট কৰি ঘৰখনত অশান্তিৰ সৃষ্টি কৰিছিলোঁ। যি সন্তানক মই মৰমেৰে বুকুৰ মাজত সাবটি ধৰিব লাগিছিল, সিহঁতে মোক দেখা পোৱাৰ লগে লগে বিছনাৰ তলত সোমাইছিল। সন্তানে দেউতা ঘৰলৈ আহিব বুলি বাট চাই থাকে,
ভাবে আমাৰ কাৰণে মিঠাই আনিব, কিন্তু মই খোৱা বস্তু নিযাতো দূৰৈৰ কথা, মদৰ নিচাত পাগল হৈ ৰঙা চকু দেখুৱাই সিহঁতক মাৰপিট কৰিব ধৰিছিলোঁ।
অন্যহাতে মোৰ ধৰ্মপত্নী সুমিত্রা দেৱী নিজৰ এনে দুঃখ পূর্ণ জীৱনৰ লগতে ভয়াবহ বেমাৰৰ সৈতে যুঁজি দিন পাৰ কৰি আছিল। তাইৰ দুয়োটা বৃক্ক বেয়া হৈ গৈছিল। ডাক্টৰে ঔষধ খাই থাকিবলৈ লগতে ছমাহ বেছি জীয়াই নাথাকিব বুলিও জনাইছিল।
অল ইণ্ডিয়া মেডিকেল আৰু ৰাম মনোহৰ লোহিয়া হস্পিতাল, দিল্লীৰ পৰাও একেধৰনৰ ৰিপোৰ্ট আহিছিল। সেই নির্দোষ শিশুৰ কি অৱস্থা হব পাৰে যাৰ দেউতা মদাহী আৰু মা মৃত্যু শয্যাত পৰি আছে। কোনো গধূৰ বস্তু তোলা বা কঠিন কাম কৰিব নোৱাৰিছিল।
লৰা ছোৱালীয়ে যেতিযা গম পালে সিহঁতৰ মা ছমাহৰ বেছি জীয়াই নাথাকে, সিহঁতৰ চকুপানী নুশুকোৱা হল। এফালে দেউতা মদাহী আনফালে মা দূৰাৰোগ্য বেমাৰত ভূগি আছে, সেই সন্তানৰ ভবিষ্যত কি হব? তিনিজন লৰা আৰু এজনী ছোৱালী আটাই মাৰ ওচৰত পৰি কান্দি- কান্দি কব ধৰিলে, “হে ভগৱান আমাকো মাৰ লগতে নিজৰ ওচৰলৈ মাতিব। ইয়াত কাৰ আশ্ৰযত জীয়াই থকিম?
শিশুবিলাকৰ কাতৰ প্ৰাৰ্থনা
পৰমাত্মাই শিশুবিলাকৰ কাতৰ প্ৰাৰ্থনা শুনিলে আৰু আমাৰো শুভ কর্ম উদয় হল। চুবুৰিৰ ভক্তমতি নিহালী দেবীয়ে নিজৰ গুৰুদের সন্ত ৰামপাল মহাৰাজৰ আদেশ অনুসৰি ১ জানুৱাৰী ১৯৯৭ ত শেষ হোৱাকৈ সতগুৰু গৰীব দাস মহাৰাজৰ অমৃতমযী বাণীৰ অখণ্ড পাঠ তিনিদিন ধৰি নিজৰ ঘৰতে কৰোৱালে।
তাত সন্ত বামপাল মহাৰাজে ১৯৯৬ চনৰ ৩১ ডিচেম্বৰৰ ৰাতি ৯ ৰ পৰা ১০ টা বজালৈকে সৎসঙ্গ কৰিলে। মোৰ ধৰ্ম পত্নী সুমিত্রা দেবীও চুবুৰিত সৎসঙ্গ শুনিবলৈ গুছি গল। কিছু সময়ৰ পিছতে মই (জগদীশ) চাকৰিৰ পৰা ঘৰ আহি পালো।
লৰা ছোৱালী হঁতৰ পৰা গম পালোঁ যে মোৰ পত্নী চুবুৰিৰ নিহালী দেবীৰ ঘৰলৈ সৎসঙ্গ শুনিবলৈ গৈছে। কথাটো শুনি খণ্ডত জ্বলি পকি ভণ্ড বিলাকৰ ওচৰলৈ কিয় গৈছে বুলি মই কলোঁ। পত্নীক মাৰপিট কৰি ঘৰলৈ আনিবলৈ বুলি মই ভক্তমতি নিহালী দেবীৰ ঘৰলৈ গলোঁ।
মই মদ খাইছিলোঁ তাত গৈ পাওঁতে সন্ত বামপাল মহাৰাজে সৎসঙ্গ কৰি আছিল। বহু সংখ্যক ভক্তই সৎসঙ্গ শুনি আছিল। তেওঁলোকক দেখি মই একো নকলোঁ আৰু মনে মনে পিছফালে বহিলোঁ। মই সৎসঙ্গ শুনিলোঁ।
সতসঙ্গত মহাৰাজে কই
শৰাব পীবৈ কড়ৱা পানী সত্তৰ জন্ম শ্বান কে জানী।
গৰীব, সৌ নাৰী জাৰী কৰে, সুৰাপান সৌ বাৰ।
এক চিলম হুক্কা ভৰৈ, ডুবৈ কালী ধাৰ।।
কবীৰ, মানুষ জন্ম পায় কৰ, নহী ভজৈ হৰি নাম।
জৈসে কুঁৱা জল বিনা, খুদবাযা কিস কাম।।
মহাৰাজে সৎসঙ্গত কলে যে সন্তানক দেউতাই বুকুত আকোঁৱালি লব লাগে, কিন্তু মদাহী দেউতা ঘৰলৈ অহা গম পালেই সন্তান সকল বিছনাৰ তলত লুকাই থাকে।
মদাহীয়ে নিজেও কষ্ট পায, ধনহানি কৰে, সমাজত মান সম্মান নাইকিয়া কৰে আৰু পৰিয়াল, চুবুৰীয়া আনকি সমন্ধীয় সকলকো কষ্ট দি অভিশাপ গোটাই লয়।
উদাহৰণ স্বৰূপে মদাহীৰ পত্নী আৰু সন্তানৰ অশান্তিৰ সীমা নাথাকে, লগতে পত্নীৰ মা-দেউতা, ভাই-ভনী আদিও দিনে বাতিয়ে চিন্তিত থাকে। সেই নির্বোধ মদাহীৰ মূৰত সকলো পাপৰ বোজা একত্রিত হয়। প্রভুৱে ভক্তি কৰি আত্ম কল্যাণ কৰিবলৈ মানুহ জন্ম দিছে, ইয়াক মদ আদি নিচা সেৱন কৰি নষ্ট কৰিব নালাগে।
উদাহৰণ স্বৰূপে যদি লৰাই স্কুলত নপঢ়ে, ধিতিঙালি কৰিফুৰে, সি শিক্ষাৰ পৰা বঞ্চিত হৈ যায়। পিছত গোটেই জীৱন কষ্টকৰ কাম কৰি জীৱন নিৰ্বাহ কৰে তেতিয়া তাৰ মনত পৰে যে যদি সি এনে নকৰিলে হয়, আজি সিও অন্য সহ পাঠীৰ দৰে উচ্চ বিষয়া হ’ল হেতেন।
কিন্তু এতিয়া ভাবিলে কি হব, এই কথা তেতিয়া ভাবিব লাগিছিল।
কবীৰ পৰমাত্মাই কৈছে
অচ্ছে দিন পীছে গয়ে, গুরু সে কিয়া ন হেত।
অব পছতাৱা ক্যা কৰে, জব চিড়িয়া চুগ গই খেত।।
এইদৰে মানুহৰ জন্মত প্রভুভক্তি নকৰা প্ৰাণীয়ে মৃত্যুৰ পিছত পশু-পক্ষীৰ যোনি লাভ কৰিব। মদ খোৱা ব্যক্তিয়ে মদৰ নিচাত ভোজনৰ কাঁহীত গোৰ মাৰে। ভক্তি নকৰাৰ বাবে বিভিন্ন প্রাণীৰ যোনিত কষ্ট ভোগ কৰে।
কেতিয়াবা কুকুৰৰ যোনি ধাৰন কৰি গোটেই বাতি ঠাণ্ডা বতৰতো ৰাস্তাত পাৰ কৰি দিয়ে। বাৰিষা আৰু শীত কালত কুকুৰে বৰ কষ্ট পায় ৰাতিপুৱাই ভোকত থাকিব নোৱাৰি কাৰোবাৰ ৰান্ধনি ঘৰত সোমাবলৈ চেষ্টা কৰে। ঘৰৰ
মানুহে লাঠীৰে নহলে শিলেৰে মাৰে। মাৰ খাই বহুত সময়লৈকে চিঞৰি থাকে। আকৌ অন্য এঘৰত সোমায়। তাত খাবলৈ কিবা পাবনে নাই, লাঠীও খাব পাবে।
যদি তাতো ভাগ্যত লাঠীয়ে পায়, এতিয়া কুকুৰ হৈ ঘূৰি ফুৰা সেই মদাহীজন গাঁৱৰ বাহিৰলৈ যাব। ভোকত ব্যাকুল হৈ পৰা কাৰণে এতিয়া সি মানুহৰ মল খাব।
যদি সেই নির্বোধ প্রাণীয়ে, মানুহৰ শৰীৰত থকা সময়ছোৱাত, সৎসঙ্গলৈ আহি, ভাল কথা শুনি দুষ্কর্ম এবি নিজৰ কল্যাণ কৰোৱা হলে, আৰু সন্তানক ভাল শিক্ষা আৰু প্ৰভুৰ দীক্ষা দিয়ালে হেতেন, সদায় সুখী হব পাৰিলেহেতেন। মদৰ নিচা ক্ষণস্থায়ী, পৰমাত্মাৰ নাম স্মৰণ, ভজনৰ পৰা হোৱা আনন্দ চিৰস্থায়ী।
ৰামপাল মহাৰাজ
আদৰণীয় সন্ত ৰামপাল মহাৰাজৰ ওপৰোক্ত সৎসঙ্গ শুনি মোৰ মদৰ নিচাৰ নাম-গোন্ধ নাইকিয়া হ’ল। চকুলো বব ধৰিলে। ঘৰলৈ গলোঁ, কিন্তু টোপনি নাহিল। ১৯৯৭ চনৰ ১ জানুৱাৰী তাৰিখে দুপৰীয়া ১-৩০ বজাত পত্নীক লগত লৈ সন্ত ৰামপাল মহাৰাজৰ ওচৰলৈ গলোঁ,
তেওঁৰ পৰা আত্ম কল্যানৰ কাৰনে উপদেশ ললোঁ। তাৰ পিছত আজি (২০০৫) লৈকে মদ, চাদা, মাংস, আৰু অন্য অখাদ্য স্পর্শ কৰা নাই। পত্নীয়েও সতগুৰু ৰামপাল মহাৰাজৰ পৰা উপদেশ ললে। সিদিনাৰ পৰা তাই সম্পূর্ণ স্বাস্থ্যবান হৈ আছে। ডাক্টৰৰ চিকিৎসা আৰু বেমাৰৰ একস্ৰে আদিৰ ৰিপোট আজিও আমাৰ ঘৰত ৰখা আছে। সকলোকে দেখুৱাওঁ।
মই সকলোকে প্রার্থনা জনাওঁ যে আপোনা লোকো প্ৰভুৰ শৰনলৈ আহক। সন্ত ৰূপত অহা পৰমেশ্বৰৰ বার্তাবাহক সন্ত ৰামপাল মহাৰাজক চিনি পোৱাত পলম নকৰিব।
অনুগ্রহ কৰি বিনা খচতে উপদেশ প্রাপ্ত কৰি নিজৰ কল্যান সাধন কৰক। সত সাহেব। ভক্ত জগদীশ দাস।
সতীশ ভকতৰ আত্ম কথা
মই ভকত সতীশ দাস, ১৯৩ চেক্টৰ ৭, আৰ কে. পুৰম নতুন দিল্লীৰ বাসিন্দা হওঁ। ১৯৯৭ চনৰ ডিচেম্বৰ মাহত দিল্লীৰ প্রীতম পুৰাত মুক্তিদাতা সৎগুৰু ৰামপাল মহাৰাজৰ সৎসঙ্গ হৈছিল। এজন বন্ধুৰ অনুৰোধত মই সৎসঙ্গ শুনিবলৈ গলোঁ, কিন্তু পৰম্পৰাগত পূজা-সেৱা এৰিব লাগে বুলি শুনাত সৎসঙ্গত মন নবহিল।
সৎগুৰু জনাই শাস্ত্র পঢ়ি-পঢ়ি আমাক বুজাই আছিল, গতিকে ভাবিলোঁ যে এনেকৈ আমি ঘৰতো কিতাপ পঢ়িব পাৰিম। এনেদৰে জ্যোতি নিবঞ্জনে (কাল) মোৰ বুদ্ধিত তলা লগাই দিলে আৰু মোৰ ভক্তিৰ প্ৰসাৰ তৰঙ্গ (চেনেল) বন্ধ কৰি দিলে।
গুৰুজনাই আমাক বুজনি দি কয় যেঃ-
“গুৰু বিন কিহ্নে ন পায়া জ্ঞানা, জ্যোঁ থোথা ভুস ছড়ে কিসানা শুরু বিন ভৰম না ছুটে ভাই, কোটি উপায় কৰো চতুৰাই।। এনেদৰে মোৰ বুদ্ধি স্তদ্ধ হৈ যোৱাত অলাগতিয়াল কথা পাতি ঘৰলৈ উভতিলো। ১৯৯৯ চনত মোৰ পত্নী শ্রীমতী মঞ্জুৰ মগজুৰ কেন্সাৰ হ’ল।
সফদৰজঙ্গ হস্পিতালত চিকিৎসা, পৰীক্ষা-নিৰীক্ষা কৰি বেমাৰটো ধৰা পৰিছিল। ইয়াৰ পিছত ৰিপোর্ট বিলাক পন্ত হস্পিতাল, এইমচ, নতুন দিল্লী আৰু এপলো হস্পিতাল, নতুন দিল্লীত দেখুৱা হ’ল। সকলো ডাক্টৰে তৎক্ষনাত অপাৰেচন কৰাৰ পৰামৰ্শ দিলে আৰু কলে যে অপাৰেচনৰ সময়ত বেমাৰীৰ এটা হাতত পক্ষাঘাত হব পাৰে।
এপলো হস্পিতালৰ ডাক্টৰে আচৰিত হৈ কলে যে বেমাৰীৰ চকু দুটা এতিয়ালৈকে কেনেকৈ ভালে আছে। লগে লগে চকু বিশেষজ্ঞৰ হতুৱাই পৰীক্ষা কৰাবলৈও কলে। পত্নীৰ চকু দুটা লগে লগে পৰীক্ষা কৰালোঁ। তেতিযা চকু বিশেষজ্ঞ আৰু ন্যুৰো চাৰ্জনে পৰামৰ্শ দিলে যে প্রতি পোন্ধৰ দিনৰ মূৰে মূৰে চকু পৰীক্ষা কৰাব লাগে,
যি কোনো মূহুৰ্ত্তত চকু বেয়া হব পাৰে, কাৰন মগজুৰ টেমুনা টো তেনেই বিশেষ স্থানত আছে। মই আৰু মোৰ পত্নীৰ দুযোজনেৰ ভৰিয়ে কাম নকৰে (বিকলাঙ্গ) আৰু এতিয়া পত্নীৰ হাত আৰু দুয়ো চকু শেষ হোৱাৰ কথা শুনি মোৰ শ্বাস ৰূদ্ধ অবস্থা হ’ল।
শেষত আন উপায় নেদেখি পন্ত হস্পিতাল, নতুন দিল্লীত অপাৰেচন কৰোৱাৰ কথা ভাবিলো আৰু ডাক্টৰে কোৱাত inmas হস্পিতাল, তিমাৰপুৰ দিল্লীৰ পৰা i.r.। আৰু অন্য সকলো পৰীক্ষা কৰালোঁ। মাত্ৰ অপাৰেচনৰ তাৰিখ নির্দিষ্ট কৰিবলৈ বাকী আছিল। পূর্ণ পৰমাত্মা তত্বদশী সন্ত ৰামপাল মহাৰাজৰ সৎসঙ্গত আগতে শুনা কবিতা শাৰীলৈ মোৰ মনত পৰিলঃ-
জিন মিলতে সুখ উপজে, মিটে কোটি উপাধ।
ভুৱন চতুর্দশ টুটিয়ো, পৰম স্নেহী সাধ।।
তেতিয়া মোৰ ভক্তি চেনেল পৰমেশ্বৰে খুলি দিলে আৰু মনত ভাৱ হল যে অপাৰেচনৰ আগতে নাম লৈ চাই লওঁ। আকৌ ২০০১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে বন্ধুৰ লগত প্রীতম পুৰা দিল্লী লৈ গৈ পূৰ্ণ পৰমাত্মাৰ তত্বদর্শী সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলো।
আগৰ সকলো পূজা বাদ দিলোঁ। সতগুৰুৱে অখণ্ড পাঠ কৰোৱাৰ পৰামৰ্শ দি কলে যে পৰমাত্মাৰ ইচ্ছাত অপাৰেচন নকৰিলেও হব আৰু সকলো ভাললৈ আহিব। মই সৎগুৰুৰ আজ্ঞা অনুসৰি ঘৰত তিনিদিনৰ অখণ্ড পাঠ কৰোৱালো আৰু অপাৰেচনৰ তাৰিখ লবলৈ পন্ত হস্পিতাল নতুন দিল্লীলৈ গলোঁ।
যি ডাক্টৰে আগতে অপাৰেচনৰ বাবে পৰামৰ্শ দিছিল, m.r.i ব নতুন ৰিপৰ্ট চাই সেইজন ডাক্টৰে কলে যে অপাৰেচনৰ আৰু
প্রয়োজন নাই। তেতিয়া সৎগুৰুৰ বাণী মনত পৰিল যেঃ-
সৎগুক দাতা হৈ কলি মাহি, প্রাণ উধাৰণ উতৰে সাই।
সৎগুৰু দাতা দীন দয়ালম
সৎগুৰু দাতা দীন দয়ালম, জম কিঙ্কৰ কে তোড়ে জালম।। আৰু মই সৎগুকক মনত পেলাই উচুপি- উচুপি কান্দিব ধৰিলোঁ, মনে মনে কলো, “হে পৰমাত্মাঙ্গ মই আপোনাৰ মহিমা শব্দৰে ব্যাখা কৰিব নোৱাৰোঁ।
এনেদৰে পূৰ্ণ পৰমেশ্বৰ কবীৰ পৰমাত্মাৰ অৱতাৰ তত্বদশী সন্ত ৰামপাল মহাৰাজৰ কৃপাত অপাৰেচন কৰিব লগা নহল আৰু তাৰ পিছত কোনো ঔষধো খাবলগীয়া নহল, এতিয়ালৈকে সুখেৰে জীৱন অতিবাহিত কৰি আছো। আকৌ ২০০৪ চনৰ ২০ নৱেম্বৰৰ ৰাতি কালৰ আক্ৰমণত মোৰ পত্নী মৰাৰ নিচিনা হল, পৰমেশ্বৰৰ অমৃত জলপান কৰাৰ পিছত
চেতনা ঘূৰাই পালে। তেতিয়া তাইক সৎগুৰুৰ ওচৰলৈ লৈ যোৱাত তেখেতে কলে যে আজি তাইৰ মৃত্যু হব লগা আছিল। কবীৰ পৰমেশ্বৰে আয়ুস বঢ়াই দিছে আৰু এতিয়া তাই ভক্তি কৰিব লাগে বুলি কলে। আকৌ ২০০৪ চনৰ ২২ নৱেম্বৰ তাৰিখে সোণীপত সৎসঙ্গ চলি থকা সময়তে মোৰ পত্নীক পক্ষাঘাতৰ লক্ষণে দেখা দিলে,
তাৰ ফলত তাইৰ এটা হাতৰ শক্তি নাইকিয়া হব ধৰিলে, লগে লগে তাইৰ হাতৰ ওপৰত সৎগুৰু দেৱৰ হাত দেখা পালে আৰু প্রায় পাঁচ মিনিট ধৰি এইটো দেখা গল। যেতিযা পক্ষাঘাতৰ প্রভাৱ সমাপ্ত হল তেতিয়া সৎগুৰুদেৱৰ হাতো অদৃশ্য হৈ গল আৰু আজিলৈকে তাই সম্পূর্ণ ভালে আছে।
সৎগুক তত্বদসী সন্ত ৰামপাল মহাৰাজ স্বয়ং কবীৰ পৰমেশ্বৰৰ অৱতাৰ হয। তেখেতে সিদ্ধ কৰি দিলে যে
গৰীব জম জৌৰা জাসে ডৰে, মিটে কর্ম কে অঙ্ক।
কাগজ কীৰে দৰগহ দই, চৌহদ কোটিন চম্প।।
মই ভক্ত সুবেশ দাস, পিতা-শ্রী চাঁদ বাম, গাঁও-ধনানা, জিলা-সোণীপত। বর্তমান সুি মই শাস্ত্রী নগৰ, ৰোহতক (হাৰিয়ানা) ৰ নিবাসী। সণ্ডৰুৰ নাম উপদেশ লোৱাৰ আগতে মোব ঘৰৰ আৰ্থিক অৱস্থা অতি দুৰ্বল আছিল। পৰিয়ালৰ সকলো লোক সদায় বেমাৰত ভূগিছিল।
ভূত-প্রেতে
মোৰ পত্নীক ভূত-প্রেতে সদায় আমনি দিছিল। ইমান কষ্ট পোৱাৰ পিছতো আমি দেৱ দেৱীৰ পূজা বেছিকৈ কৰিছিলো আৰু হনুমানৰ ওপৰত মোৰ বেছি আস্থা আছিল। কিন্তু ঘৰত বিপদ আপদে লগ নেৰিছিল। কোনো কামতেই সফলতা পোৱা নগৈছিল।
পূৰ্ণ পৰমাত্মা সৎগুৰু বামপাল মহাৰাজ আমাৰ পৰিয়ালৰ লোক হোৱা বাবে আমি তেওঁক পূৰ্ণ পৰমাত্মা বুলি মানি লব পৰা নাছিলো। তাৰ কুফল আমি বহু বছৰলৈকে ভূগিব লগা হল। তেতিযা সিংহ পুৰা গাঁও নিবাসী ভক্ত বিকাশে মোক কলে যে আমাৰ ঘৰত পূৰ্ণ পৰমাত্মা জগত গুৰু ৰামপাল মহাৰাজ স্বয়ং বিদ্যমান আৰু আমি গম পোৱা নাই।
তেতিয়া মই কলো যে কালে আমাক ইমান কষ্ট দিছে যে আমি সেই কথাৰ খবৰ লবলৈ আজৰি পোৱা নাই। ডাক্টৰৰ পিছে পিছে দৌৰোতেই আমাৰ সময় শেষ হয় তাৰোপৰি আর্থিক ভাবেও কষ্ট পাই আছো। সেই ভকতজনে মোক বহুতো বুজনি দিলে, পূৰ্ণ পৰমাত্মাইয়ো দয়া কৰিলে।
২০১০ চনৰ অক্টোবৰ মাহত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম উপদেশ লবলৈ পিছত সত্যলোক আশ্রম বৰৱালাত উপস্থিত হলো। নাম উপদেশ লোৱাৰ পিছত গুৰুজনাই তেওঁৰ দয়াৰ পেৰা খুলি দিলে আৰু মই এনে সুখ অনুভৱ কৰিব ধৰিলো যে তাৰ বৰ্ণনা ভাষাৰে কৰিব নোৱাৰোঁ।
মোৰ পত্নীক ভূতে আমনি দি আছিল। সৎগুৰু দেৱৰ দযাত এতিয়া তেওঁ সম্পূর্ণ সুস্থ। ২০১১ চনৰ ৭ ডিচেম্বৰ তাৰিখে মই মোৰ বাৰ বছৰীয়া লৰা মোহিতক মিস্ত্রীক মাতিবলৈ পঠিয়ালো। মোৰ লৰা মিস্ত্ৰীৰ ঘৰৰ চালৰ ওপৰলৈ গৈ ওলমা বাৰাণ্ডাত গল। ওলমা বাবাণ্ডা
(Balcony) ৰ ঠিক ওপৰতে ১১,০০০ ভল্টেজৰ বিজুলী তাঁৰ আছিল। লৰাটো আৰু তাঁৰৰ মাজত মাত্র এক ফুটৰ ব্যৱধান আছিল। লৰাজন তাঁৰৰ ওচৰলৈ যাওঁতেই, তাঁৰে তাক টানি ধৰিলে আৰু লৰাজনৰ মূৰত তাৰ লাগি ধৰাত এক ইঞ্চি ভিতৰলৈ সোমাই পবিল। লগে-লগে ল’ৰা জনৰ মুখ পুৰিল।
গোটেই শৰীৰত বিজুলী প্রবাহিত হ’ল আৰু ভৰিৰ আঙুলিৰ হাড়ৰ মাজেদি বিজুলী ওলাব ধৰিলে। সেই সময়তে সৎগুৰু ৰামপাল মহাৰাজ আকাশ মাৰ্গেৰে আহি মোৰ ল’ৰাক অত্যন্ত উজ্জ্বল (তেজোময়) শৰীৰ ৰূপত দেখাদিলে। তেওঁ শৰীৰৰ উজ্জ্বলতা হাজাৰ হাজাৰ টিউব লাইটৰ প্ৰকাশৰ দৰে আছিল।
আকৌ ল’ৰাজনে সতগুৰুৰ লগত বহু কথা পাতিলে আৰু সতগুৰু দেৱ যাব ধৰাত ল’ৰাই তেওঁ কলৈ গৈ আছে বুলি সুধিলে। সতগুৰুয়ে লৰাজনক নিশ্চিন্ত হৈ থাকিবলৈ দি কলে যে তেওঁ তাৰ লগত আছে। সেই সময়ত মোৰ পত্নীও তাতে আছিল। তেওঁ নিজ চকুৰে এই দৃশ্য দেখি বহুত ভয় খালে।
কাৰণ লৰাৰ শীৰৰৰ পৰা বিজুলী শিখা ওলাই আছিল। তাৰ পিছত আমি ল’ৰাজনক পি.জি আই হস্পিতাল, ৰোহতকত লৈ গলোঁ, হস্পিতালতো গুরুদেৱে লৰাক দেখা দিলে আৰু মোৰ লৰাই কলে যে গুৰু দেৱ তাৰ লগত আছে, আমি চিন্তা কৰিব নালাগে।
যদি আমি গুৰুদেৱৰ শৰণত নথকা হলে, আমাৰ ল’ৰা আজি জীবিত নহল হেতেন আৰু মোৰ পত্নীকো প্রেতে মাৰিলে হেতেন। আমি উছন হোৱাৰ পৰা ৰক্ষা পৰিলোঁ। এই সকলো সতগুৰু ৰামপাল মহাৰাজৰ দয়াৰ বাবেহে সম্ভব হৈছে।
সকলো পাঠকলৈ অনুৰোধ যে মোৰ সত্য কথা পটি আপুনিও সতগুৰু বামপাল মহাৰাজৰ শৰণত আহি সময় থাকোঁতেই নিজৰ কল্যাণ কৰাওক তেতিয়াহে প্ৰাৰন্ধ কৰ্মৰ কাৰণে ঘটিব লগা ঘটনাৰ পৰা সম্পূৰ্ণ ৰূপে ৰক্ষা পাব।
সতগুৰু ৰামপাল মহাৰাজৰ সৎসঙ্গত মই শুনিছিলো পূর্ণ পৰমাত্মা কবীব মুক্তিদাতাই আমাৰ সকলো পাপ নাশ কৰি দিয়ে। ইয়াৰ প্রমান ঋগ বেদ মণ্ডল ১০, সুক্ত ১৬১, মন্ত্র ২ আৰু মণ্ডল ৯ সুক্ত ৮০ মন্ত্র ২ ত লিখা আছে যদি কোনো ৰোগীৰ প্রাণ শক্তি ক্ষীণ হৈ গৈছে আৰু তাৰ আয়ুসো শেষ হৈছে, কবীৰ পৰমাত্মাই তাৰ প্ৰাণ ৰক্ষা কৰিব আৰু তাক এশ বছৰ আয়ুস প্রাদান কৰি অৰ্থাৎ শেষ হব ধৰা তাৰ আয়ুস বৃদ্ধি কৰি সেই সাধকক সকলো সুখ প্রদান কৰিব।
সজ্জন বৃন্দ, সৎগুৰু ৰামপাল মহাৰাজে নিজৰ অমৃত বাণীত এইটোও কৈছে যে প্রত্যেক প্রাণীযে তাৰ নিজৰ কৃত কর্ম অনুসৰি সুখ বা দুখ প্রাপ্ত কৰে। দুখ হ’ল পাপ কৰ্মৰ ফল আৰু সুখ পুণ্য কৰ্মৰ ফল।
এতিয়ালৈকে সকলো সন্ত, আচার্য, গুৰু সকলে এই কথা কৈ আহিছে যে প্রাবন্ধ কৰ্মৰ যি ফল সুখ বা দুখ প্রাণীযে তাক ভোগ কৰি শেষ কৰিব লাগে। হে সভ্য পাঠক বৃন্দঙ্গ সতগুৰু ৰামপাল মহাৰাজে কয় যে পাপ কর্মৰ ফলত দুখ হয়। যদি পাপ কর্মব নাশ হয় তেতিয়া দুখ আপোনা আপুনি নাইকিয়া হব।
যদি ভক্তি কৰি থাকিও পাপ কৰ্মৰ ফল (দুখ) ভোগ কৰিব লাগে তেতিয়া ভক্তিৰ আৱশ্যকতাই নোহোৱা হৈ পৰিব। ২০১১ চনৰ ৭ চেপ্তেম্বৰত আমাৰ প্ৰাৰন্ধ কৰ্মৰ পাপৰ কাৰণে মোৰ পুত্ৰ মোহিতৰ মৃত্যু হব লগা আছিল। আমাৰ সতগুৰু বামপাল মহাৰাজৰ কৃপাত পৰম পূজ্য কবীৰ পৰমেশ্বৰে আমাৰ পাপ নাশ কৰি দি মোৰ সন্তানৰ জীৱন ৰক্ষা কৰি তাৰ আয়ুস বঢ়াই দিলে।
যদি সেই দিনা প্রাবন্ধ কৰ্মৰ ফলস্বৰূপে মোৰ পুত্ৰ মৰি যোৱা হলে আমাৰ পৰিয়ালৰ সকলো সদস্যই ভক্তি ত্যাগ কৰি নাস্তিক হৈ গ’ল হেতেন। কাৰণ সেই সময়ত পৰমাত্মাৰ বিষয়ে আমাৰ পূৰ্ণ জ্ঞান হোৱা নাছিল। এতিয়া ভগৱানৰ ওপৰত অত্যাধিক বিশ্বাস হৈছে। এইটোও বিশ্বাস হৈ গৈছে পৰম পূজ্য কবীবেই পৰমেশ্বৰ হয়। এওঁ পাপ নাশক, সর্ব সুখদাতা আৰু পূর্ণ মোক্ষদায়ক হয়
আৰু সতগুৰু ৰামপাল মহাৰাজ তেওঁৰ দ্বাৰা পঠিওৱা তেওঁৰ অৱতাৰ হয়। গতিকে আপোনা সকললৈ পুনৰ প্ৰাৰ্থনা জনাও যে অবিলম্বে সতলোক আশ্রম, বৰৱলত (হাৰিয়ানা) গৈ উপদেশ লৈ নিজৰ কল্যাণ কৰাওক। মই এনেদৰে প্ৰাৰ্থনা কৰা উদ্দেশ্য হ’ল মোৰ নিচিনা দুখী বহুত আছে। মোৰ ওপৰোক্ত আত্ম কথা পঢ়ি, চিন্তা চৰ্চা কৰি মোৰ দৰে সংকট নিৰাময় কৰি সুখী হব পাৰে।
“ভক্ত দীপক দাসৰ পৰিয়ালৰ আত্ম কথা”
মুক্তি দাতা সতগুৰু ৰামপাল মহাৰাজৰ দয়া।।
মোৰ নাম দীপক দাস, পিতা- শ্রী বলজিত সিংহ, গাওঁ- মহলানা, জিলা- সোনীপত (হাৰিয়ানা)। আমাৰ পৰিয়ালে তিনি প্রজন্ম ধৰি ৰাধাস্বামী পন্থৰ ডেৰা বাবা জয়মল সিংহৰ পৰা নাম উপদেশ লৈ থৈছিল।
সর্ব প্রথমে মোৰ বুঢ়ী আইতাই বাধাস্বামী পন্থৰ পৰা নাম উপদেশ লৈ থৈছিল। তাৰ পিছত মোৰ ককা-আইতা আৰু আকৌ মোৰ মা- দেউতাই ৰাধাস্বামী পন্থৰ সন্ত গুৰুবিন্দ সিংহৰ পৰা উপদেশ লৈছিল। গুৰুবিন্দ মহাৰাজক পূৰ্ণ পুৰুষ বুলি শ্রদ্ধা আৰু এই পন্থক প্ৰভু প্ৰাপ্তিৰ শ্ৰেষ্ঠ পন্থ বুলি শ্রদ্ধা কৰিছিলোঁ আৰু তেখেতৰ বিশাল শিবিৰ আৰু সমাগম দেখি বিশেষ আকর্ষিত হৈছিলোঁ,
লগতে সেৱাৰ বাবে “ডেৰা বাবা জয়মল সিংহ ব্যাস (পঞ্জাব) আৰু ছত্তৰপূৰ, পুসা ৰোড, দিল্লীও গৈছিলোঁ। কিন্তু এই পন্থত এটা নির্দিষ্ট বয়সৰ পিছতহে নাম দিয়া হৈছিল, সেই কাৰণে মই এতিয়াও নাম লোৱাৰ বাবে অযোগ্য আছিলোঁ।
মোৰ মা-দেউতা যিদিনাখন ছত্তৰ পুৰৰ পৰা নাম দীক্ষা লবলৈ গৈছিল, সেইদিনা মোৰ পাঁচ বছৰীয়া ভাইটিয়ে কিবা বস্তু দলিওৱাত চুবুৰিৰ লৰা এটাৰ চকুত পৰিল। জানি শুনি চকুলৈ মৰা নাছিল।
সন্ধিয়া নাম উপদেশ লৈ মা দেউতা উভতি আহিল। সেই দিনাৰ পৰা আমাৰ আৰু চুবুৰিয়াৰ ঘৰখনৰ মাজত শত্রুতাই গা কৰি উঠিল। তেওঁলোকৰ মতে জানি শুনি ভাইটিয়ে আঘাত হানিছিল। সেই দিনাৰ পৰা আমাৰ দুখে কুলাই পাচিযে নধৰা অৱস্থা হ’ল।

সেই সময়তে বেমাৰৰ কাৰণে মোৰ ককাৰ মৃত্যু হ’ল। মোৰ ককাৰ পার্থিব শৰীৰ বেলেগ কোঠা এটাত ৰখা হৈছিল। তেতিয়া বাৰ বছৰ আগতে মৃত্যু হোৱা মোৰ আইতাই মোৰ পেহী প্ৰেমৱতীৰ শৰীৰত প্ৰেতৰ দৰে প্ৰৱেশ কৰি কলে যে আজি মোৰ ককাৰ জীৱন সংস্কাৰ সমাপ্ত হোৱাত তেওঁ মোক চোৱা চিতা কৰিবলৈ আহিছে।
জীবিত থাকোতে মোব আইতাৰ শ্বাসৰ বেমাৰৰ বাবে কাহঁ আছিল আৰু আজি বাৰ বছৰ পিছতো আগৰদৰেই কাহি আছিল। তেতিয়া আমি তেওঁৰ দুখৰ কাৰণ সুধি তেওঁ কিয় সত্যলোকলৈ নগল জানিব বিচাৰিলোঁ। তেতিয়া আইতাই কলে যে ভুল সাধনা কবি তাই অমূল্য মনুষ্য জীৱন ব্যর্থ কৰিলে আৰু মৃত্যুৰ পিছত এতিয়া ভূত যোনিত কষ্ট ভুগি আছে। তেওঁ কলে যে তেওঁ কোনো সত্যলোকলৈ যোৱা নাই।
মোৰ মাযে অতি আচৰিত হৈ আইতাক সুধিলে যে তেওঁৰ গুৰু চৰণ সিংহ মাহাৰাজে চোৱা চিতা নকৰিলে নেকি? তেতিয়া আইতাই অতি দুখেৰে কলে যে গুরু দেৱে তেওঁৰ একো চোৱা চিতা নকৰিলে আৰু আজিও তেওঁ দুখী হৈ আছে।
(মোৰ আইতাই ৰাধাস্বামী পন্থৰ পৰা পোৱা পাঁচটা নামৰ অত্যধিক সাধনা কৰিছিল।
তেওঁ নিয়মিত ভাবে পূরা তিনি বজাত আৰু দিনতো ভজন স্মৰণ কৰিছিল আৰু বহু সময় লৈকে বাধাস্বামী পন্থব পৰা পোৱা নামৰ জপ অভ্যাস কৰিছিল।)
সেই ঘটনাৰ দুবছৰ পিছত এদিনাখন মোৰ অন্য এজনী পেহী কমলা দেৱীৰ ভিতৰত মোৰ ককা প্রেতবৎ প্রবেশ কৰি কলে, “মই বৰ কষ্টত আছোঁ আৰু মোৰ কোনো গতি নহ’ল। মই গা- খুব বিচাৰোঁ। কথা শুনি মোৰ মায়ে দুখেৰে আৰু আচৰিত হৈ কলে “আপুনি সত্যলোকলৈ গৈছিল, তাত কি গা-ধুবৰ বাবে পানীও নাই”?
ককায়ে একো উত্তৰ নিদিলে। তেতিয়া মোৰ মায়ে ককা (অর্থাৎ পেহীৰ গাত প্রেতবত প্রবেশ হোৱা ব্যক্তি)ক গা ধুৱালে, তেতিয়া ককায়ে নিজেই গা ধুম বুলি কলে। ইয়াৰ পিছত মায়ে ককাক পেহীৰ কাপোৰ পিন্ধালে, কাৰণ ককা পেহীত প্রবেশ কৰিছিল। কিন্তু ককায়ে কলে” মোৰ ধুতিখন আনি দিয়া, মই নিজেই পিন্ধি লম”
মোৰ মায়ে এনেই এটা চাদৰ দিয়াত, তেওঁ চাদৰটো পিন্ধা কাপোৰৰ ওপৰতে মেৰিয়াই ললে। আকৌ চাহ কৰিবলৈ কলে আৰু খৰধৰ কৰি চাহ খালে। মই তেওঁক সত্যলোকলৈ কিয় নগল বুলি সোধাত কলে যে তেওঁ বৰ কষ্টত আছে। মোৰ মায়ে সুধিলে যে তেখেতে বাধাস্বামী পন্থৰ চৰণ সিংহ মহাৰাজৰ পৰা নাম উপদেশ লৈছিল , ভক্তিও কৰিছিল,
তেন্তে তেওঁৰ গুৰু দেৱে কিয় চোৱা চিতা নকৰিলে। তেতিয়া মোৰ ‘ককায়ে (যি জন মোৰ পেহী কমলা দেৱীত প্রেতবত প্রবেশ কৰিছিল) কলে, ” তেওঁ মোৰ কোনো ধৰণে চোৱা চিতা কৰা নাই, মই এনেই কষ্টত ঘুৰি ফুৰিছো”।
সেই সময়ছোৱাত মোৰ চকু ইমান বেয়া হৈ গৈছিল যে মই কমকৈ দেখিব ধৰিলো আৰু বাৰে বাৰে চশমা সলনি কৰিব লগা হৈছিল। মই পঢ়িবৰ বাবে বন্ধু এজনৰ তালৈ গৈছিলো।
তাত ভক্ত সন্ত ৰাম দাসে মোক পূর্ণ ব্রহ্মৰ অৱতাৰ সতগুৰু ৰামপাল মহাৰাজৰ মহিমা শুনালে আৰু কলে যে মই সতগুৰু ৰামপাল মহাৰাজৰ পৰা নাম উপদেশ ললে মোৰ চকু ভাল হ’ব আৰু আকৌ কলে যে এনেধৰনৰ দুখ কষ্টৰ পৰা আমি জীৱবোৰক উদ্ধাৰ কৰিবলৈ পৰমেশ্বৰ কবীৰ চাহাবে সন্তৰ ৰূপ লৈ আহে। মই কলো,”
মোৰ মা দেউতাই বাধাস্বামী পন্থৰ পৰা নাম উপদেশ লৈ থৈছে”। ভক্ত সন্তৰামে কলে, “সেইটো পূর্ণ পন্থ নহয়, তেওঁলোকৰ ভক্তি সাধনাৰ পৰা সত্যলোক প্রাপ্তিও নহয় আৰু এই জীৱনতো কৰ্ম কষ্টৰ পৰা ৰক্ষা পোৱা নাযায়, অকল কবীৰ পৰমাত্মাৰ প্ৰতিনিধি পূর্ণ সন্তইহে প্ৰাৰন্ধ কৰ্মৰ পৰা মুক্ত কৰিব পাৰে।
মোৰ দেউতাৰ হাঁপানী ৰোগ আছিল। দহ খোজমান গলেই তেওঁৰ অবস্থা বেয়া হৈ গৈছিল। উশাহ লব নোৱাৰা হৈ পৰিছিল। উচ্চ আৰু নিম্ন ৰক্তচাপৰ দ্বাৰাও আক্রান্ত আছিল। নির্বাচনত কর্তব্যৰ অবস্থাতো দেউতাৰ হৃদয়ঘাত হৈছিল। কর্ম সংস্কাৰৰ ফলত মৃত্য নহল। কিন্তু তেতিয়া আমি ভাবিছিলো ৰাধাস্বামী পন্থী সন্ত গুৰু বিন্দ সিংহ মহাৰাজে হৃদযঘাতৰ পৰা ৰক্ষা কৰিলে, বৰ কৃপা কৰিলে।
কিন্তু তাৰ পিছত শীতকালৰ ৰাতি প্ৰায়েই দেউতাৰ শ্বাসৰুদ্ধ অবস্থা হৈছিল। মৃতপ্রায় হৈ পৰিছিল, ওচৰত বহি কন্দাৰ বাহিৰে আমি একো কৰিব পৰা নাছিলো কাৰণ ঔষধেও কাম কৰা বন্ধ কৰিছিল।
ডাক্টৰে যিমান পাৰে ঔষধৰ মাত্ৰ অধিক কৰি দিছিল। ঔষধৰ মাত্রা আৰু বঢ়াব পৰা নগৈছিল। মায়ে ডেৰা বাব। জয়মল সিংহৰ পৰা অনা প্রসাদ দেউতাক খুৱাইছিল আৰু ৰাধাস্বামী পন্থী গুৰুবিন্দ সিংহ মহাৰাজৰ মূৰ্ত্তিৰ ওচৰত বহি কান্দি কান্দি প্রার্থনা কৰিছিল। সেই সময়তে মোৰ ভাইটিক প্রেতে কষ্ট দিব ধৰিলে।
সি ৰাতি উচপ খাই কৈছিল যে কোনোবাই তাৰ ভৰিত ধৰি টানিছে, আৰু শুব দিযা নাই, লাহে লাহে সিও বেছিকৈ বেমাৰ হব ধৰিলে।
৮-১০-১৯৯৮ তাৰিখে পূৰ্ণ পৰমাত্মা কবীৰ পৰমেশ্বৰৰ দযাত সতগুৰু ৰামপাল মহাৰাজৰ পৰা মই নাম উপদেশ লাভ কৰিলোঁ। সতগুৰু ৰামপাল মহাৰাজৰ অসীম কৃপাত বিশ দিনৰ ভিতৰতে মোৰ চশমা পিন্ধিব নলগা হল আৰু ঔষধ খোৱাও বাদ দিলো। সতগুক ৰামপাল মহাৰাজৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গৈছিল।
ভক্ত সন্তৰাম দাসে আমাৰ ঘৰলৈ আহি মোৰ মা-দেউতাক বুজালে যে তেওঁলোকে পূৰ্ণ পৰমাত্মা কবীৰ চাহেবৰ প্ৰতিনিধি
পূৰ্ণ সন্ত বামপাল মহাৰাজৰ পৰা নাম উপদেশ ললে সকলো কষ্ট দূব হব।
তাৰ পিছত ময়ো মা-দেউতাক বুজানি দিয়াত তেওঁলোকে কলে, “আমি প্রথমতে ৰাধাস্বামী আছিলো, এতিয়া সন্ত ৰামপাল মহাৰাজৰ পৰা নাম উপদেশ ললে মানুহে কি ভাবিব?” তেতিয়া মই কলো, “এজন ডাক্টৰৰ চিকিৎসাত আৰোগ্য লাভ নহলে আমি ডাক্টব সলনি নকৰো জানো?” তেওঁলোক বৰ দুখত আছিল।
কিছুদিনৰ পিছত কবীৰ পৰমেশ্বৰৰ শৰণত আহিল আৰু ৰাধাস্বামী পন্থৰ সেই পাঁচটা নাম ত্যাগ কৰি পূৰ্ণ সন্ত সৎগুৰু ৰামপাল মহাৰাজৰ পৰা নাম উপদেশ ললে।
সতগুৰু কবীৰ চাহেবে কৈছে: “শৰণ পড়ে কো গুৰু সন্তালে জান কে বালক ভোলাবে”। সম্পূৰ্ণ পৰিয়ালে নাম লোৱাৰ লগে লগে আমাৰ শুভদিন উদয় হল। মোৰ ভাইটিৰ প্ৰেত বাধা ভাল হল, দেউতাৰ স্বাস্থ্য সম্পূর্ণ ভাল হল।
আগতে তেওঁ দহ খোজো পেলাব নোৱাৰিছিল, এতিয়া এজন মানুহ লগত লৈ চেনিৰ বস্তা দাঙে। আজি আমাৰ পৰিয়াল পূৰ্ণ পৰমাত্মাৰ অৱতাৰ সৎগুৰু ৰামপাল মহাৰাজৰ শৰণত তেওঁৰ দয়াত সম্পূর্ণ সুখী আছে।
কিন্তু আমাৰ ককা, আইতা আৰু দেউতাৰ আইতাৰ মনুষ্য জীৱনৰ পূৰাব নোৱাৰা হানি হল। যদি কোনো ব্যক্তিৰ জীৱন ৰক্ষাৰ বাবে লাখ কোটি টকা খৰছ কৰাৰ পাছত ব্যক্তিজন বক্ষা পৰে তেতিয়া টকা খৰছ হল বুলি দুখ নালাগে।
জীৱন ৰক্ষা হোৱাত খৰছৰ কথাই আমনি নকৰে। কিন্তু আজি আৰু যিকোনো মূল্যৰ বিনিময়ত শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি সম্পূৰ্ণ ব্যর্থ হোৱা মোৰ ককা আইতাৰ জীৱন ঘূৰি নাহে তেওঁলোকে ভূত আৰু প্ৰেত হৈ কষ্ট ভূগি আছে। চৌৰাশী লাখ যোনি ভোগ কৰাৰ পিছত পূর্ণ পৰমাত্মাক প্ৰাপ্ত কৰাৰ বাবে পোৱা অমূল্য মনুষ্য জীবনক বিপথে পৰিচালিত কৰি আজিৰ নকলী সন্ত আৰু পন্থই সকলো সমাজৰ লগত ঘৃণনীয় খেলা খেলি আছে।
এই মহাক্ষতিৰ ক্ষতিপ্ৰণ কোনো পধ্যেই কৰিব নোৱাৰি, অর্থাৎ যিকোনো মূলাৰ বিনিময়ত এই ক্ষতি পূৰণ নহয়।
হে মুক্তি দাতা সতপুৰুষৰ অৱতাৰ সতণ্ডৰু ৰামপাল মহাৰাজঙ্গ আপুনি আমাৰ নিচিনা তুচ্ছ জীৱক দয়া কৰি নিজৰ সত্যজ্ঞান দি শৰণত ললে, অন্যথাই আমি বহু জন্মলৈকে এই শাস্ত্রবিৰুদ্ধ সাধনাত নিজৰ মনুষ্য জীৱন সমাপ্ত কৰি কৰবাত ভূত,
প্ৰেতৰ যোনি প্রাপ্ত কৰিলো হেতেন আৰু আপোনাৰ এই শাস্ত্র বিধি সম্মত সত্যভক্তিৰ পৰা বঞ্চিত হৈ থাকিলো হেতেন। সকলো বুদ্ধিজীবি সমাজলৈ অনুৰোধ যে শুভ কাম (সত্যভক্তি) ব বাবে উপযুক্ত সময় উদয় হৈছে।
