কমলাকান্তৰ পিতাক মহীকান্ত বৰুৱা ডিব্ৰুগড় কাছাৰীৰ কেৰাণী। ইংবাজ আমোলত অসম দেশৰ ৰূপ আৰু ৰাজধানী সলনি হোৱাৰ লগে লগে মহীকান্তৰ পূৰ্বপুৰুষৰ পদবী আৰু বাসস্থানৰো পৰিৱৰ্তন ঘটিল। দলৈ নোহোৱা পুৰণি দেৱালয়ৰ শিলপাথৰে ভঁৰালৰ গাধৰিৰ তলত ঠাই পোৱাৰ দৰে ৰজা নোহোৱা আহোম পদবীসমূহে যাকে য’তে পালে তাৰ নামৰ লগত সংযুক্ত হৈ পদবীৰ সন্মান নবঢালেও নিজ নামৰ সন্মান বঢ়ালে। তাৰে ভিতৰৰ সাৰ্বজনীন বৰুৱা পদবীটোৰ বিলাই-বিপত্তি নোহোৱা হোৱাত কিছুমানে যেনিবা তাক আশ্রয় দিলে। কমলাকান্তৰ ককাক পদ্মকান্তই নিৰাশ্রয় বৰুৱা পদবীটোক নিজৰ নামত সংযুক্ত কবি ভবিষ্যৎ বংশধৰসকললৈ খ্যাতি বাখি গ’ল। পদ্মকান্ত আছিল পাঠশালাৰ পণ্ডিত। সেইদিনত ছয়টকীয়া দর্মহাবে সসন্মানেৰেই গাঁৱত দিন চলি গৈছিল। সভ্যতাৰ মাপ-কাঠী অভাৱৰ সংখ্যাৰ তালিকা নিজে নিজে দীঘল কৰি তাৰে সমাধানত জীৱনব্যাপি তুমুল সংগ্ৰামৰ প্ৰয়োজন নহৈছিল। পদ্মকান্তৰ পুতেক মহীকান্তই জিলাৰ হাইস্কুলৰ অষ্টম মানলৈকে পঢ়ি প্রথমতে কাছাৰীত নকল-নবিচৰ কামত সোমাল। কিছুদিনৰ পাছত চিৰস্তাদাৰক গাখীৰ গুৰৰ টেকেলিৰে সন্তুষ্ট কৰি কেৰাণী কামত স্থায়ীভাৱেই মকৰল হ’ল। কামত সোমোৱা দিনৰে পৰা লোকৰ বাৰীত জুপুৰি এটা সাজি মহীকান্তই জিলাতে থাকিবলৈ লৈছিল যদিও, মাহেকে-পষেকে চাউলকঠা, খৰিভাৰ আনিবলৈ গাঁৱৰ ঘৰলৈকো অহাযোৱা কৰি ভাই-ককাই বংশ-পৰিয়ালৰ লগত সম্বন্ধটো ৰাখি আছিল। কিন্তু কেৰাণী কামত স্থায়ী হৈয়ে গাঁৱৰ অস্থাৱৰ বিষয়-সুখৰ মায়াজাল কাটি আমোলাপট্টিত নিজাকৈ চূণকাম কৰা ঘৰ-বাৰী পাতি আশাশুধীয়াকৈ বাজসেবাত মন দিলে। মহীকান্ত নিজে মিতব্যয়ী। গাঁৱৰ ছোৱালী কাৰণে ঘৈণীয়েকৰ লগতো চহৰীয়া অপ্রয়োজনীয় ব্যয়ৰ পৰিচয় নঘটিল। দহজন আমোলাৰ দৰে, গুচৰীয়া পদকীয়াৰ পৰা যি দুই চাৰিঅনা দান-দক্ষিণা পায়, মহীকান্তই তাবেই সংসাৰ চলায়। অর্থই মূল ভাবি মাহৰ মূৰত পোৱা টকা আঢ়ৈকুৰি আনৰ হাতলৈ চক্রবৃদ্ধিত এৰি দিয়ে। কমলাকান্তও বাপেক ককাকৰ ফুটতে উঠা ল’ৰা। যোগ আৰু পূৰণৰ নিয়ম নিয়াৰিকৈ আয়ত্ত কৰিলেও বিয়োগ আৰু হৰণৰ অংক পৰিপাটীকৈ নিশিকিলে। মেট্রিকুলেছন পৰীক্ষাত বৃত্তি ধৰি কমলাকান্ত গ’ল গুৱাহাটীৰ কলেজত পঢ়িবলৈ। চাওঁতে চাওঁতে বি.এ. পৰীক্ষা দি কলেজৰ শিক্ষা একৰকম শেষ কৰিলে। ল’ৰাই বি.এ. পাছ কৰিলে স্কুলৰ মাষ্টৰীত কেনেকৈ সমুৱাব পাৰি, মহীকান্তই পেটে পেটে তাকে চিন্তিলে। বি.এ. পৰীক্ষাৰ বাতৰি ওলাল। কমলাকান্তই দর্শনত প্রথম শ্রেণীব অনাৰ্ছ পাইছে। কাছাৰী ঘৰত বাতৰিটো ৰাষ্ট্ৰ হ’বলৈ সৰহ সময় নেলাগিল। বৰৰ পৰা সৰুলৈ সকলো আমোলাই মহীকান্তক ওলগ জনালে। চন্দ্র উকিলো মোকর্দমা এটাৰ নম্বৰ বিচাৰি মহীকান্ত কেৰাণীৰ কাষ চাপিল। দক্ষিণা নহ’লে মহীকান্তৰ পৰা দলিলৰ নম্বৰ উলিওৱা টান। চতুৰ চন্দ্ৰ উকিলে এই সুবিধাতে মুখত এমোকোৰা হাঁহি লৈ মহীকান্তৰ কাষ চাপি ক’লে, “বুজিছে বৰুৱা, এতিয়া হাত সাবটি বহি থাকিলে নহ’ব। কমলাকান্তক চিভিল ছাৰ্ভিচৰ কাৰণে চেষ্টা কৰিবলৈ কওক। আমাৰ জিলাৰ পৰা কেইবাবছৰো হিন্দুৱে চান্স পোৱা নাই, আমি আছোঁ। এইবাৰ ভালকৈয়ে মুভ্ কৰা যাব।”
চন্দ্র উকিল নতুনকৈ স্থাপিত হোৱা সনাতন ধর্মসভাৰ লোকেল ছেক্রেটৰী। ভৱিষ্যতৰ সহায়ৰ আশাত নানা নথি-পত্র ঘাটি-খুঁটি মহীকান্ত কেৰাণীয়ে তেতিয়াই কাগজ এখনত নম্বৰটো টুকি চন্দ্র উকিলক দিলে। পৰাশ কটকীয়ে গ্রেজিঙৰ ফাইলটো আগত মেলি ঢেলা পৰি যোৱা ৰিমৰ চমাযোৰ কপালত তুলি সম্মুখৰ শাৰীত বহা গজেন তামুলীলৈ চাই সুধিলে, “হেবা গজেন, বি.এ. পৰীক্ষাত আকৌ অনাৰ্ছ কিহে?” গজেন তামুলী কামত সোমোৱা সৰহদিন হোৱা নাই। কলেজত আই.এ লৈকে পঢ়িছিল। কলেজব শিক্ষা সম্বন্ধে যথার্থতে একাষাৰ ক’ব পাৰোঁতা বুলি অফিচত আছিল গজেন তামুলীহে। সেই গৌৰৱতে উৎফুল্লিত হৈ লিখি থকা ড্রাফ্টখন ব্লটিঙেবে হেঁচা মাৰি ধৰি গজেন তামুলীয়ে ক’লে, “অনাৰ্ছত এটা বিষয় পঢ়িব লাগে। মেট্রিকুলেছনত এডিছনেল বিষয় লোৱাৰ দবেই।” পৰাশ কটকীয়ে চাদবৰ কোণেৰে চকুৰ কোণৰ ফেঁচকুৰি মচি মূৰ দুপিয়ালে। জীৱন ভূঞাই দলিল এখন কপি কৰিছিল, লাহেকৈ মূৰটো তুলি উৎসুকভাবে গজেন তামুলীক সুধিলে, “অনাৰ্ছত ফার্স্ট ক্লাছ কি দিয়ক তামুলী?”
“ফার্স্ট ডিভিজন।” পৰাশ কটকীয়ে গহীনাই কথাষাৰ কৈ সন্মতিৰ বাবে গজেন তামুলীৰ মুখলৈ চালে।
“ফার্স্ট ডিভিজনকে বুলিব পাৰি। চাৰিখন পেপাৰ। প্রত্যেক পেপাৰত এইটা পাৰচেণ্ট পাব লাগে।”
“এইটা পাৰচেন্ট পোৱাটো সহজ কথা নহয়। বৰুৱাৰ ল’ৰাই বেছ নাম কৰিয়েই পাছ কৰিছে।” জীৱন ভূঞাই ক’লে। মেজৰ তলত মেলি দিয়া ভৰি দুখন জোকাৰি জোকাৰি পৰাশ কটকীয়ে উত্তৰ দিলে, “ক’বহে লাগিছেনে, কলিকতা ইউনিভাৰছিটিত বঙালী ল’ৰাৰ মাজত ফার্স্ট হোৱা মুখৰ কথানে? বৰুৱাৰ এইটি ল’ৰা নহয়, এচপৰা সোণ।” মণ্ডল বিভাগৰ কেৰাণী পীতাম্বৰ তামুলীয়ে দূৰৰ পৰাই কাণ খজুৱাই খজুৱাই শুনি আছিল। কলমৰ আগত অহা কাণৰ মলিখিনি টেবুলৰ ওপৰৰ ব্লটিঙত মচি ক’লে, “চাই থাকিব, বৰুৱাৰ ল’ৰাই আমাৰ আগতে হাকিমৰ চকীত বহিবহি।” ইফালে-সিফালে চাই গজেন তামুলীয়ে ক’লে, “হ’বহে লাগে, এনে ল’ৰাহে হাকিমৰ লায়ক। এতিয়া আমি যি কেইজনহে পাইছোঁ, তিনি চাৰিবাৰ কাটকুট নকৰাকৈ ড্রাফ্ট এখনকে লিখিব নোৱাৰে। জাজমেন্ট ঘৰত লিখি আনিব লাগে।” ভাল ড্রাফ্ট কৰিব পাৰে বুলি তামুলীৰ নাম আছে।
ফাইলটোৰ নথিত চকু ফুৰাই পৰাশ কটকীয়ে ক’লে, “এবা আজিকালি দেখোন গ্রেজুৱেট হে গ্রেজুৱেট। কিন্তু আগৰ দৰে ইংৰাজী লিখিব পৰা ডেকা দেখা নাই। আমাৰ বিদ্যা উকিলে খচাখচ যি ইংৰাজী লিখিব, তেওঁৰ লগত আজিকালিৰ গ্রেজুরেটে কিবা ফেৰ মাৰিব পাৰিবনে? বিদ্যা উকিল তেও মেট্রিক পাছহে।” আটাইকেইজনে কথাটো শলাগিলে। আন বস্তুব দবে বিদ্যাবো দাম পুৰণি হ’লেহে বাঢ়ে- সঁচা কথা। চিৰস্তাদাৰ ধৰণী ফুকন অহাৰ শব্দ হ’ল। প্রত্যেকে নিজৰ কামত লাগিল। পৰাশ কটকীয়ে টেবুলত কিলাকুটিৰ ভৰ দি ভেবা লাগি কথা শুনি থকা মিঠাৰাম পিয়দাক ফাইলটো নি চিৰস্তাদাৰৰ মেজত থৈ আহিবলৈ ক’লে। আগদিনাই বৰ চাহাবৰ ওচৰলৈ যাব লগা ফাইল।
ধৰণী ফুকনে নির্দিষ্ট চকীত বহি দুর্গা দুর্গা স্মৰি মূৰৰ ক’লা কেপটো মেজৰ ওপৰতে থলে। ইটো-সিটো ফাইল লিবিকি-বিদাৰি চাওঁতেই মিঠাৰাম পিয়দাক দেখি মহীকান্ত বাবু আছেনে নাই সুধিলে। ডিঙিবন্ধা কোটটোৰ ডিঙিৰ গুদাম খুলি চিৰস্তাদাৰ থিয় হ’ল। দুয়োফালে থকা কেৰাণীৰ শাৰীলৈ লক্ষ্য নকৰি চিৰস্তাদাৰ পোনে-পোনেই মহীকান্তৰ টেবুলৰ কাষ পালেহি। মাটিৰ ছেটলমেণ্টৰ বিষয়ে ড্রাফট এখন কৰিবলৈ মহীকান্তৰ ওপৰত কালিৰেই নির্দেশ আছিল। পুতেকৰ পাছকৰা টেলিগ্রাম অহাত, কালি চাবি নৌবাজোঁতেই মহাকান্তই অফিচ এৰিলে। আজি আহি লৰালৰিকৈ তাতেই ধৰিছে, কিন্তু আগৰ দৰে সৰসৰকৈ ইংৰাজী ড্রাফ্টৰ গৎটো অহা নাই। ইফালে ইজনে-সিজনে পুতেকৰ বিষয়ে নানা কথা সোধাত ড্রাফ্টৰ ফালে মনোযোগ দিবও পৰা নাই। চিৰস্তাদাবে তাকে বিচাৰি আহিছে বুলি মহীকান্তৰ ভয় হৈছে। কিন্তু আজি বিধি সুপ্রসন্ন। চিৰস্তাদাৰে মহীকান্তক কংগ্রেচুলেছন জনাবলৈ আহিছে। কমলাকান্তই ফার্স্ট ক্লাছ অনাৰ্ছ পোৱাত তেওঁ যে কিমান আনন্দ পাইছে- নিজৰ ল’বায়ো এনে ব্রিলিয়েন্ট ৰিজাল্ট কৰাহেঁতেন চিৰস্তাদাৰৰ সেই আনন্দ নহ’লহেঁতেন। যদিও চাৰিবাৰৰ মূৰতো তেওঁৰ ল’ৰাই আই এ পাছ কৰিব নোৱাৰি এতিয়া ব্যৱসায়ত ধৰিছে।
“তোমাৰ ল’ৰাৰ যে ৰিজাল্ট ভাল হ’ব মই পূর্বেই কৈছিলোঁ। বাপেক চাইহে পুতেক। কেৰাণী হ’লা বুলিয়েই যে তোমালোকৰ বুদ্ধি-সুদ্ধি নাই এনে কথা আছেনে? উকিলসকলে চাওক কেৰাণীৰ ঘৰতো কেনে ব্রিলিয়েন্ট ল’ৰা ওলাইছে। এতিয়া এটা কাম কৰা, ল’ৰাটোৰ হতুৱাই চিভিল ছাৰ্ভিচৰ কাৰণে দৰ্খাস্ত এখন দিয়াওৱা। আমাৰ এই জিমছন চাহাব থাকোঁতেই ভাল ৰিকমেছেন এটা লোৱাওঁ। এওঁ ছুটীত যোৱাৰ কথা উঠিছে, তাৰ আগেয়ে ল’ব লাগিব। সেইটো বাৰু মই কৰাব পাৰিম।” চাহাবৰ অফিচিয়েল আৰু ঘৰুৱা ছিক্রেট সকলো চিৰস্তাদাৰে জানে বুলি প্রবাদ আছে। বৰ চাহাবক চিৰস্তাদাৰে হাতৰ মুঠিত ৰাখিছে- সিয়ো কেৰাণীমহলৰ গল্প। যিজন চিবস্তাদাবে মহীকান্তক “তুমি আণ্ডাৰ মেট্রিক। অফিচৰ কামত সাৱধান
হ’বা। আজিকালি আণ্ডাৰ মেট্রিক কামত নেৰাখিবলৈ গবর্ণমেন্টে চার্কুলাৰ দিছে” বুলি সদায়েই গুজৰি-গুমৰি থাকে, তেঁৱেই উপযাচি কমলাকান্তক বৰ চাহাবৰ ৰিকমেনডেছন দিয়াব বুলি আশ্বাস দিয়াত মহীকান্তই দিঠকতে পুতেক হাকিম হোৱাৰ সপোন দেখিলে। পুতেকৰ প্রতি আনে যে এনে উচ্চ মত পোষণ কৰিছিল, সকলোৱেই যে কমলাকান্তক হাকিম স্বৰূপে পাবলৈ উদগ্রীর হৈ আছে, এই কথা মহীকান্তই সপোনতো ভবা নাছিল-বৰ বেছি, বি এ পাছ কৰি পুতেক কেনেবাকৈ যদি স্কুলত সোমাব পাবে। সুবিধা হ’লে কমলাকান্তক স্কুলত এটা চান্স দিবলৈ সিদিনা জর্জ ইনষ্টিটিউছনৰ হেডমাষ্টাৰ শ্রীযুক্ত ফুকনকো অনুৰোধ কৰিছিল। বাপেক হৈ পুতেকৰ উজ্জ্বল ভবিষ্যত এনেদবে নষ্ট কৰিবলৈ অভিসন্ধি কৰাত মহীকান্তই নিজৰ বুদ্ধিত নিজেই লাজ পালে। নিজৰ ইচ্ছা নহ’লেও হিতাকাঙক্ষীসকলৰ উৎসাহতে কমলাকান্তই চিভিল ছার্ভিচৰ ফর্ম ফিল্-আপ কৰিলে। দর্থাস্তৰ লগত দুই-চাৰিজন গণ্যমান্য লোকব চার্টিফিকেট গাঁথি দিব লাগে। ডিব্ৰুগড়ৰ প্রার্থীৰ নিমিত্তে বায়বাহাদুৰ মাণিক হাজৰিকাৰ চাৰ্টিফিকেট অতি মূল্যবান। কাম পোৱাৰ ভালেখিনি বায়বাহাদুৰৰ চাৰ্টিফিকেটেই থিৰ কৰে। বৰ চাহাব, কমিছনাৰৰ পৰা স্বয়ং লাটবাহাদুৰলৈকে সকলোৰে লগত তেখেতৰ পাৰ্ছনেল পৰিচয় আছে। বায়বাহাদুৰ মাণিক হাজৰিকা নিজৰ অধ্যৱসায়ত চহকী হোৱা মানুহ। মানুহব মুখে শুনা কথা- প্রথম অৱস্থাত মাণিক মহৰী আছিল হিন্দুস্থানী আৱকাৰী মহলদাৰৰ গোমস্তা। হিন্দুস্থানী মহলদাৰ দেশলৈ উভতি যোৱাত সেই মহলদাৰৰে অৰ্থ-সাহায্যত মাণিক মহৰীয়ে পাছলৈ নিজৰ নামতে আফিঙৰ মহল ল’লে। সেই দিনত অসমীয়া মানুহে আৱকাৰী মহল লোৱা অপমানবোধ কবি তাৰ ওচৰকে নাচাপিছিল। কিন্তু চোৰাং কানি বেচাই হৈছে ধনী হোৱাৰ সহজ উপায়। ধন ঘটাৰ উজু উপায়টোৱেই যেতিযা মাণিক মহৰীৰ আয়ত্তলৈ আহিল, ঘোঁৰা দৌৰৰ বেগী ঘোঁৰাৰ দৰে টকাও লৰি আহি তেওঁৰ চন্দুক পূৰাবলৈ সৰহ দিন নালাগিল। যিয়ে ব্যৱসায়ত ধন ঘটে, তেওঁহে সেই ধন ব্যৱসায়ত খটুৱাবলৈ সাহস কৰে। নিজে কেন্দ্রত থাকি মকৰাই চাৰিওফালে জাল বিস্তাৰ কৰাৰ দৰে, হাজৰিকায়ো আৱকাৰীৰ মাজত থাকি বিভিন্ন ব্যৱসায়ৰ জাল তৰিলে। ভাগ্যই মাণিক মহৰীক সদায় অযাচিত অনুগ্রহ কৰি আহিছে। চাওঁতে চাওঁতেই আরকাৰী মহলদাৰ টি প্লেন্টাৰলৈ ৰূপান্তৰিত হ’ল। মানুহক যেতিয়া ধনব সৌভাগ্যই লাগ দিয়ে, মান, যশ, পদৰ গৌৰৱে মাকৰ লগত পোৱালিৰ দৰে আপোনা-আপুনি তেতিয়া কাষ চাপেহি। মিউনিচিপেলিটি, লোকেল ব’র্ড, কাউন্সিল আদিৰ নমিনেটেড মেম্বাৰ হৈ ৰাইজ-বজা দুয়ো ঘৰতে ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ প্রতিপত্তি বাঢ়িল। ঢৌৰ ওপৰত পালতৰা নাৱৰ দৰে মাণিক মহৰী জীবনসমুদ্রত নাচি নাচি ওপঙি গ’ল। ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ-গৌৰৱ, প্রতিপত্তি-চালচলনৰ বিষয়ে কমলাকান্তই সত্য আৰু অতিবঞ্জিত বহুত কথাকে শুনিছে। কিন্তু কেৰাণীৰ ল’ৰা কমলাকান্তৰ সেইবোৰৰ কনটেক্টত আহিবলৈ সৌভাগ্য ঘটা নাছিল। স্কুলত পঢ়া দিনবে পৰা কমলাকান্তই বায়বাহাদুৰৰ ঘৰৰ সমুখেদি নানা সময়ত অহা-যোৱা কৰিছে। কিন্তু সেই বৃহৎ বঙলাব সমুখেদি যাব লগা হ’লে নিজৰ অজ্ঞাতসাবেই নিঃশব্দে অতি সংকোচেৰে তলমূৰ কৰি যায়। কমলাকান্তই নামঘৰৰ চাঙৰ ওপৰত তুলি থোৱা পুথিখন দেখা নাই- তাক মেবাই থোৱা ফুলাম গামোচাখনহে দেখিছে। তেনেকৈয়ে বায়বাহাদুৰৰ ঘৰৰ বাহিৰৰ পকী ‘বাল’কেইখনহে দেখিছে- তাৰ ভিতৰত কি আছে জনা নাছিল আৰু জানিবলৈকো আগ্রহ হোৱা নাছিল। ইজনে-সিজনৰ পৰা কমলাকান্তই জানিলে যে ৰায়বাহাদুৰক পুৱাতে লগ ধৰিব পাৰিলে ভাল। টি মার্কেটৰ উঠা-নমা নাইবা কেৰাণী-মহৰীৰ দোষত্রুটিব সম্বাদে বায়বাহাদুৰক পুৱাতে স্পর্শ নকৰে। গতিকে মেজাজটো সেই সময়ত বৰদা মুদ্রাত থাকে। সোমবাৰ দ্বাদশী তিথি। ৫/২৯/৪৭ যোৱাত নক্ষত্রামৃত যোগ- যাত্রা শুভ। আন দিনাতকৈ পুৱা কমলাকান্ত সোনকালে ওই উঠিল। কমলাকান্তৰ সংকল্প পুরা সাত বজাত ঘৰ এৰিব। চাহ-জলপান খাই উঠোতেই ছাবে ছয় হ’ল। কি পিন্ধিব আগদিনা বাতিয়েই ঠিক কৰি থৈছিল। ধোৱা ধুতি-কামিজ পিন্ধি ভৰিত নতুন জোতাজোৰ সুমুৱাই ল’লে। অকল কামিজটো পিন্ধি গ’লে ল’ৰা মানুহ যেন দেখিব। বিছনাৰ তলৰ পৰা ছুটকেছটো টান মাৰি একেবাৰে কাপোৰৰ তলত পৰি থকা কোটটো উলিয়াই পিন্ধিলে। দুবছৰৰ আগেয়ে কৰোৱা কোট, চাৰি আঙুল চুটি। কামিজটোৰ ভালেখিনি ওপৰত উঠি থাকে। দুই হাতেৰে আঁজুৰি তললৈ টানেহে টানে, হিমালয়ৰ দৰে কোট অলৰ-অচল। বছৰ যিমানে বাঢ়ে- মানুহ হয় দীঘল আৰু চোলা হয় চুটি। এই তথ্য
কমলাকান্তই আজিহে আবিষ্কাৰ কৰিলে।হাতত বন্ধা ঘড়ীটোলৈ কমলাকান্তই ঘনে ঘনে চাইছে। দহ মিনিট গ’ল কোট পিন্ধা নহ’ল। চোলাটো বিছনাৰ ওপৰত দলিয়াই থৈ ভনীয়েক মাকণিক খুজি চেলেং এখন আনিলে। আগেয়ে গাত চেলেং লোৱাৰ অভ্যাস নাই। মাকণিয়ে ককায়েকক নতুন বেশত দেখি মিচিক মিচিককৈ হাঁহিলে। প্রত্যেক মানুহব চলন-ফুৰণৰ দৰে সাজপাৰৰো এটা নিজস্ব ধবণ আছে। তাৰ পৰা সামান্য ব্যতিক্রম ঘটিলেই অভিনয়। চেলেং গাত লৈ কমলাকান্তৰ নিজৰো হাঁহি উঠিল। মিনিটৰ কাঁটাই চাৰিৰ আঁক চোওঁ চোওঁ হৈছে। চাদৰৰ দৰকাৰ নাই, অকল কামিজটোকেই পিন্ধি কমলাকান্তই নতুন জোতাবে মেচ মেচ শব্দ কৰি ওলাই গ’ল। কমলাকান্তই ভাবিছিল ৰায়বাহাদুৰৰ ঘৰ পাবলৈ নাই বুলিও আধাঘণ্টা লাগিব। কিন্তু মনৰ উচ্ছ্বাসে চৰণৰ গতি এনে খৰতৰ কৰিলে যে তেওঁ কোন বাটেৰে কিমান বেগেৰে আহিল নিজেই টলকিব নোৱাৰিলে। বায়বাহাদুৰৰ বহল গেটৰ মুখত থমকি বৈ, দেখে যে আঠ বাজিবলৈ তেতিয়াও কুৰি মিনিট বাকী। আঠ বজাৰ আগেয়ে ৰায়বাহাদুৰৰ ব্রেকফাষ্ট শেষ নহয়। গতিকে তাৰ আগেয়ে ভিতৰ সোমাই একো লাভনাই। ইফালে-সিফালে চাওঁতে ইমান দিনে চকুত নপৰা শাল কাঠৰ দুৱাৰখনে কমলাকান্তৰ চকুত নতুন রূপ দেখা দিলে। জপাই থোৱা দুৱাৰখনৰ ফুটাৰ মাজেদি চকু দুটা ভিতৰ সোমাল। গেটৰ পৰা বঙলাৰ দূৰত্ব ভালেখিনি, তাতে সমুখটো গছ-লতাৰে বেঢ়ি আছে। বাৰাণ্ডাত মানুহ ওলাইছেনে নাই সন্ধান পাবৰ উপায় নাই। হাতত থকা মিনিটকেইটা কমলাকান্তই বাটত টহলিয়েই কটাবৰ মনস্থ কৰিলে। প্রয়োজন নহ’লে বুঢ়া গৰুৰ দৰে হেঁচুকি ঠেলি দিলেও সময়ে আগবাঢ়িব নোখোজে, পৰীক্ষা ঘৰত কিন্তু এই সময়েই চাওঁতে-নেচাওঁতেই এৰোপ্লেনৰ দৰে ঘৰঘৰকৈ উৰি যায়। বাৰে বাৰে ঘড়ীটোলৈ চাওঁতে চাওঁতে কমলাকান্তৰ আমনি লাগিছে। মিনিটৰ কাঁটাডাল দেখোন নুযূবেই। শুই উঠি চাবি দিবলৈ পাহৰিলে নেকি? হাতখন জোকাৰি ঘড়ীটোৰে সৈতে কাণৰ ওচৰত ধৰিছে,- টিক্ টিক্ টিক্। ঠিক চলি আছে। “নাই, পাঁচ মিনিট নোহোৱালৈকে ঘড়ী নেচাওঁ। সৌ বকুলজোপাৰ ওচৰৰ পৰা ঘূৰি আহোঁগৈ।” বকুলৰ গুৰি পোৱা নহ’লগৈ। পলম হয় বুলি অলপ গৈয়েই তেওঁ ঘূৰিলেই! পাঁচ মিনিটলৈ ঘড়ী নেচাওঁ বুলি মন ডাঠ কৰি থাকিও নিজৰ অজ্ঞাতসাৰেই ঘড়ীটোলৈ চালে। পৰীক্ষাৰ পাছত নোযোৱা-নুপুওৱা দিনবোৰৰ দৰেই মিনিটৰ কাঁটাও অতি মন্থৰ গতিত চলিবলৈ ধৰিছে। আও। ইমান পৰে মাত্র তিনি মিনিটহে গৈছে। ওহোঁ, এনেকৈ আৰু কিমান টহলি থাকিবা? আঠ বাজিবলৈ পাঁচ মিনিট বাকী। কমলাকান্তই অতি সন্তর্পণে চকা লগোৱা কাঠৰ গেটখন হেঁচুকি ভিতৰ সোমাল। গেটৰ পৰা বঙলালৈ যোৱা বাটটোৰ দুয়োকাষে দেৱদাৰু আৰু ‘পাম’ গছৰ শাৰী। সমুখত বিবিধ বৰণৰ বিলাতী ফুলেৰে জাতিষ্কাৰ হৈ থকা ফুলনি। হৰিণৰ শিঙৰ সৌন্দৰ্যৰ দবে শাখা-প্রশাখা প্রযুক্ত নানা তৰহৰ গছ-লতাই বাৰীৰ চাৰিওপিনে আগুবি বঙলাটোৰ সৌন্দৰ্য আৰু গাম্ভীর্য বঢ়াইছে। কমলাকান্তই ভয়ে ভয়ে খটখটি পাৰ হৈ বহল বাৰাণ্ডাত থিয় দিলে। বাৰাণ্ডাৰ চাৰিওকাষে নানা উপাদানেৰে নির্মিত চকী-মেজ পৰিপাটিকৈ সজোৱা আছে। বহিব নে থিয় হৈয়ে থাকিব একো ঠিক কৰিব নোৱাৰি, কমলাকান্ত কিছু সময় থিয় দি থাকিল। কিন্তু আত্মসম্মান লাঘর হয় বুলি পাছ মুহূর্ততে কাষৰ চকী এখনত আলফুলকৈ তপিনাটো পেলাই ভিতৰৰ পৰা কোনোবা ওলাই আহে বুলি উৎকণ্ঠিত অপেক্ষাত ৰ’ল।
ধ্যানমগ্ন বুদ্ধমূর্তিৰ দৰে নিশ্চল হৈ কিমান পব বহি আছিল কমলাকান্তই নিজেই ক’ব নোৱাৰিলে। হাত তুলি ঘডীটো চাবলৈকো সংকোচ কৰিছে। হঠাতে সেই বিৰক্তিকৰ নিঃশব্দতাৰ মাজত ছেণ্ডেলৰ চট্ চট মৃদু মধু পদধ্বনি কাণত পবিল। হবিণীয়ে দূৰৈব বাঁহীৰ সুৰ কাণ থিয়কৈ শুনাৰ দবে কমলাকান্তইও পদধ্বনিৰ আগমন উৎকণ্ঠিতভাবে প্রতীক্ষা কৰিলে। চাওঁতে চাওঁতেই কাঞ্চনফুল বৰণীয়া চাদৰত ঢৌ তুলি উচ্ছ্বসিত হাঁহি মুখব লিচপিচীয়া ছোৱালী এজনী বাবাণ্ডাত উপস্থিত হ’লহি। আকস্মিক দৰ্শনৰ কাৰণে প্রস্তুত নোহোৱাত অভ্যর্থনা আৰু অভিবাদনৰ প্রচলিত নিয়ম নেজানি কমলাকান্ত নির্বাক বিস্ময়ত চকীৰ পৰা উঠিল। কমলাকান্তক বাবাণ্ডাত দেখি বায়বাহাদুৰৰ কনিষ্ঠা কন্যা সুপ্রভা থমকি ব’ল। নিজক সংযত কৰি পাছ মুহূর্ততে ক’লে, “আপুনি দেউতাক বিচাৰিছে? বাৰু, ৰ’ব মই কওঁগৈ। তেখেত এতিয়া ওলাই আহিবই।” বিলাতী চেণ্টৰ সৌৰভৰ অৱশেষ বিয়পাই হেলনীয়া দেহৰ ভংগীৰ মাজেদি সুপ্রভা অন্তর্হিত হ’ল, দুৱাৰৰ পৰ্দাৰ তলেদি কমলাকান্তৰ নিৰীহ চকুকেইটাই হেমেলিনৰ নিগনিব দৰে কুমাৰীৰ পদযুগল অনুসৰণ কৰিলে। আঙুলিব আগত ভব দি, হেলনীয়াকৈ খোজ কাটোতে চম্পা বৰণৰ অসমীয়া পাটৰ মেখেলাখন ওপৰলৈ উজুৱাত ভবিব গোৰোহা উলংগ হৈ পৰিল। চিকুণ আঙুৰ বৰণীয়া গোৰোহাৰ অপূর্ব সৌন্দর্য কমলাকান্তই লোলুপ দৃষ্টিবে চাই ব’ল।
ভাল ছাত্র বুলি কমলাকান্তৰ নাম ডিব্ৰুগড়ৰ ছাত্র-ছাত্রী উভয় সমাজতে জনাজাত। সাহিত্য আৰু সভা-সমিতিৰ প্রতিও কমলাকান্তৰ অনুৰাগ আছে, মাজে মাজে আমোলাপট্টিৰ থিয়েটাৰ ঘৰত বহা এ.এছ.এল ক্লাবৰ অধিৱেশনত দর্শনব প্রবন্ধ আৰু দেশপ্রেমৰ কবিতাও কমলাকান্তই পাঠ কৰিছে। নাম-যশ প্রচাৰ কৰিবলৈ সাহিত্য সাধনাৰ দৰে অন্য সহজ পথ আমাৰ দেশত নাই। গতিকে নিজে চিনি নেপালেও কমলাকান্তক চিনি পোৱা আৰু তেওঁৰ উদ্দেশ্যে নিভৃতে অর্ঘ্য দান কৰা ছোৱালী নাই নাই বুলিও দুকুৰি ডেৰকুৰি ওলাব। বায়বাহাদুৰৰ কনিষ্ঠা কন্যা সুপ্রভাই গার্লছ স্কুলব দশম মানত পড়ে। কমলাকান্তক সুপ্রভাই আগেয়ে বহুতবাৰ দেখা মনত আছে। দর্শনত ফার্স্ট ক্লাছ পোৱাৰ কথা শুনিছে। বি.এ. পাছ কৰা ল’বাই দেউতাকৰ ওচৰলৈ চার্টিফিকেট বিচাৰি আহে। কমলাকান্তবো যে অহাব উদ্দেশ্য সেয়ে- আদিপাঠৰ চিত্ৰসংযুক্ত আখৰৰ দৰে সুপ্ৰভাৰ মনত সি সহজ হৈ পৰিল। বায়বাহাদুবে ব্রেকফাষ্ট শেষ কৰি বাগিছা চাবলৈ যাবৰ বাবে ওলাই আহিল। গেৰেজৰ পৰা ড্রাইভাবে মটৰ গাড়ী উলিয়াই গেটত ‘খাড়া’ কৰিছেনে নাই, তাকে চাবলৈ আইসোণ বাহিৰলৈ আহিছিল। মহীকান্ত কেৰাণীৰ পুতেক অহা শুনি জীয়েকক চাহ একাপ বাহিৰলৈ পঠাবলৈ নির্দেশ কৰি বায়বাহাদুৰ ওলাই আহিল।